ৰসাল হিতোপদেশ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰসাল হিতোপদেশ

ৰসাল হিতোপদেশ

Share This
ভেলেণ্টাইন দে'ৰ
বিশেষ ৰসাল হিতোপদেশ
১. হাফিংটন পোষ্টত কৈছে সকলো ছোৱালীৱে ৰঙা ভাল নাপায়। লাফিংটোন মানে লঘু সুৰত কোৱা বুলি, ৰঙা মানে অসমীয়াত সেই পানীবিধ বুলি নাভাবিব! অৱশ্যে সেইবিধ ভাল নাপালে ষ্টেণ্ডাৰ্ড কমি যায় বুলি লিংগ-বৰ্ণ নিৰ্বিশেষে এঘোট দুঘোট মাৰিবলৈ লৈছেই। তথাপি দিনতে  ৰঙা ফুল দিবই লাগিব বুলি কথা নাই, সন্ধিয়ালৈ অৱশ্যে কথাটো সুকীয়া! 

আজি কেৱল গোলাপৰ কলি এটা লৈ গৈ নিজকে আশীৰ দশকৰ হিৰো বনাই নেপেলাব।ফুলৰ থোপা বনাওতে দোকানীৰ পৰামৰ্শ লওক।  দৰদাম নকৰিব, তেওঁৰোতো সংসাৰ আছে, আজি দিল খুলি বিল দিয়ক।

২. বেলেগ দিনা অসমীয়া ষ্টাইলত মুখ ৰঙা কৰি তামোল পকতিয়াই থাকিলেও আজি বৰ্জন কৰক। কণগেলা তামোলৰ গোন্ধে আমাৰ উষ্ণ আৱেগত চেঁচা পানী ঢালিব পাৰে। সেয়ে সুগন্ধি জাতীয় কিবা চোবাওক। (গুটখা নিষিদ্ধ কৰি দিয়াৰ বাবে অভিশাপ দিবলৈ নাপাহৰিব!)

৩. ভালপোৱাৰ হেনো প্ৰথমটো পদক্ষেপ দুচকুলৈ চোৱাতো। তাকে বহুতে লাইন মৰা, ৰেখা টনা বুলি কয়। পিছে যিমানেই ৰেখা নাটানক কিয় হৃদয়ত ৰেখাপাত কৰিব নোৱাৰিলে লাভ নাই। 

আন দিনাৰ দৰে চানগ্লাচ পিন্ধি চৌপাশৰ সুন্দৰীসকলৰ দেহবল্লৰীলৈ সুৰক্ষিত দৃষ্টি দিয়াতো আজিৰ বাবে অন্ততঃ বন্ধ কৰক। নিজৰ 
প্ৰেয়সীৰ দুচকুলৈ খালী চকুৰেই জুমি চাওক, দেখিব তাত আপোনাৰ প্ৰতিচ্ছবি দেখিবলৈ পাইছে। আপুনি যদি প্ৰতিশ্ৰুতিবদ্ধ তেন্তে সেয়াই,  যদি ঠগ, তেন্তে তাৰেই জিলিকনি!

৪. আপুনি কাৰ্ড দিও আজি চমক দিব পাৰে। প্ৰেয়সীয়ে সদায়েই চমক ভাল পায়, তেওঁলোকে সেইটোক চাৰপ্ৰাইজ বুলি মৰমতে মাতে।

তাত ৰোমাণ্টিক কবিতা এটকুৰ লিখি দিব পাৰে। কৰবাৰ পৰা কপি কৰি বা হীৰুদা,  প্ৰণৱ বৰ্মনৰ কবিতাৰ টুকুৰা দি নিদিব। ছোৱালীয়ে প্ৰস্তাৱ পাইয়েই থাকে, মনত ৰাখিব! চিঠিত লিখা কবিতাৰ টুকুৰা কমন পৰিলে হিতে-বিপৰীত হব। হিয়াৰ পৰা আনক, হিয়াৰ পৰা লিখক, লাগিলে এটা বা দুটা শাৰীয়েই হওক। মনত ৰাখিব কবিতাৰেই হওক বা কাপোৰৰেই কোনো নাৰীয়েই শাৰী বেয়া নাপায়!

৫. আপুনি যদি তিনি মূৰ্খৰ চিনেমাখন চাইছে, তেন্তে নাক মাজত আহিবনে নাই তাকে লৈ তৰ্ক নকৰিব। অন্তৰংগ মুহুৰ্তত, অকন নিৰিবিলি ঠাইত নিজেই পৰীক্ষা কৰক। ফলাফল লগৰবোৰৰ আগত ফালি ইজ্জ্বত বঢ়াব পাৰিব!

৬. প্ৰেমৰ দিনটো কেইগৰাকীৰ লগত ঘূৰিলে সেয়া গুৰুত্বপূৰ্ণ নহয়, সংখ্যাগতকৈ প্ৰেমৰ ক্ষেত্ৰত গুণগত মানদণ্ড মানে ক্ষণৰ মানহে আচল!

তেওঁৰ লগত কটোৱা সোণালী সময়কন, স্মৃতিৰ পাপৰিত লাগি থকা সোঁৱৰণীবোৰহে সম্পদ হৈ উঠে। সংখ্যাগত ভাৱে উন্নত কৰিবলৈ ইফালে সিফালে মূৰ মাৰি ফুৰিলে, বুজিব, আচলতে আপুনি প্ৰেমত এজন অতৃপ্ত আত্মাহে! ছলমান খান যেন, অভিষেক বচ্চন কেতিয়াও নহয়!

৭. আজিৰ দিনটোত ভালৰো ভাল সাজপাৰ, আটোমটোকাৰীকৈ পিন্ধক। লাগিলে আনৰ পৰাই খুজি পিন্ধক। পৰিপাটীটো মূল কথা।

পকেট কাঙাল হব পাৰে, কিন্তু হৃদয় যে মৰমে পৰিপূৰ্ণ সেয়া অনুভৱ কৰক, আৰু প্ৰকাশ কৰক।   আপুনি আনৰ কাপোৰযোৰ সলাই পাছত নিজৰ এযোৰ পিন্ধি লবও পাৰিব।  কিন্তু বহুত ধনী মানুহে  কাপোৰ সলোৱাদি প্ৰেমিকা সলায়, কিন্তু প্ৰেমৰ সঁচা অনুভৱখনি লও বুলিলেও লব নোৱাৰে সেয়া মনত ৰাখিব।

৮. স্মাৰ্ট মোবাইল ফোন আছে বুলিয়ে আজিও ঘনাই ঘনাই সেইটিলৈ ভুমুকি মাৰি নাথাকিব। অন্তৰংগ ভাৱে অকন নিৰিবিলি সময় কটাওক। তাতো যদি মোবাইলটো খুঁচৰি থাকে, তেন্তে "বহো তোমাৰ কাষত, মন আলিবাটত" হৈ পৰিব! হিতে বিপৰীত হোৱাতকৈ সমুখত থকা মিঠা পায়স, অহ্ নহয়, প্ৰেয়স/প্ৰেয়সীত মনোনিবেশ কৰক।

৯. ভেলেণ্টাইন ডেটো ৰুমতে উদযাপন কৰিব খুজিলে, প্ৰয়োজনীয় সামগ্ৰী আগতীয়াকৈ বজাৰ কৰি আনক, এইটো আনিবলৈ থাকিল, সিটো লৈ আহো ৰবা আদি ব্যস্ততাই সকলো প্লেন তেল কৰি পেলোৱাৰ সম্ভাৱনা থাকে। যদি কিবা এৰাব নোৱাৰা কাৰণত যাব লগাও হয়, তেন্তে তেওঁলৈ চকলেট আনি কেচটো মিঠা কৰি পেলাবলৈ যত্ন কৰক। আপুনি লোৱা মিনিটৰ বিৰতিৰ সময়ৰ সমানুপাতিক হাৰত চকলেটৰ চাইজ বৃদ্ধি হোৱাটো অতি প্ৰয়োজনীয়।

১০. হঠাত দুয়োৰে ৰোমাঞ্চকৰ দুঃসাহসিক যাত্ৰা কৰিবলৈ মন গ'লেও হেলমেট পিন্ধিবলৈ নাপাহৰিব। মনত ৰাখিব, আজিকালি দিনকাল ভাল নহয়। আপুনি ভাল দৰে চলালেও বা চলিলেও সমুখত থকা জনৰ এখন্তেকৰ অসাৱধনতাৰ ফলতো দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা থাকে। জীৱনলৈ দুৰ্যোগ নামিব পাৰে। সপ্তম স্বৰ্গতেই লাগিলে উঠক, পিছে সাৱধানে।

No comments:

Post a Comment