Friday, February 14, 2014

জীৱনৰ অনুভৱ

মাজুলী মোৰ দ্বিতীয় ঘৰ
অঞ্জল বৰা

বিবাহিত জীৱনৰ এমাহ হোৱাই নাছিল৷ অসমীয়াৰ সুখ-দুখৰ সম্পাদকে লেখা বিচাৰি আৱেদন দিলে৷ লিখিম বাৰু বুলি কোৱাৰ লগে লগে এটা চকু মুদি এটা চকু মেলি থকা সাংকেতিক চিহ্ন এটাৰে টিপ্পনী দিলে "বিয়া পাতি কেনে লাগে লিখক"! বুজি পালোঁ সাংকেতিক চিহ্নটোৱে কি বুজাব বিচাৰিছে৷ নিজৰ জীৱনৰ কথাবোৰ সম্ভৱ সম্পাদকৰ মনত পৰিছিল৷ বাৰু যি হওক অসমীয়াৰ সুখ-দুখত ভাল ভাল খবৰবোৰ ভৰি থকাৰ দৰেই মোৰো বিবাহিত জীৱনলৈ ভাল ভাল খবৰবোৰ পাৰ বাগৰি আহিবলৈ ধৰিলে৷ প্ৰথমতেই একেষাৰে সম্পাদকৰ টিপ্পনীটোৰ উত্তৰ দিবলৈ গ'লে ক'ব লাগিব বিয়া পাতি ভালেই লাগিল৷ তাতে যেতিয়া সাত বছৰৰ পুৰণি বান্ধৱী জীৱনসঙ্গিনী হয়৷ জীৱনটো সুখপ্ৰাচুৰ্য আৰু সম্ভাৱনাৰে ভৰি পৰে৷

ইন্দোৰলৈ যেতিয়া চাকৰি কৰিবলৈ আহিছিলোঁদুবছৰ মান যোৱাৰ পিছতে লগৰবোৰে প্ৰশ্ন কৰিবলৈ ধৰিলে 'বিয়া কেতিয়া পাতিবি?' একেষাৰে কোনো নভবাকৈ কৈ দিওঁ 'এবছৰৰ পিছত'৷ পুনৰ এবছৰৰ পিছত আকৌ সুধে 'বিয়া কেতিয়া পাতিবি?' মোৰো সেই একেই উত্তৰ 'এবছৰৰ পিছত'৷ এনেকৈ চাৰি বছৰমান পাৰ হ'ল৷ সিহঁতৰ প্ৰশ্ন আৰু মোৰ উত্তৰ কিন্তু একেই থাকিল৷ পিছলৈ সিহঁতৰ খং উঠা হ'ল৷ মই বোলো 'মই এবছৰৰ পিছত বুলিহে কৈছিলোঁ৷ কোন চনত পাতিম কোৱা নাই নহয়৷কথাবোৰ এনেদৰে গৈ থাকিলেও সময়বোৰ নিশ্চয় ৰৈ নাথাকে৷ প্ৰথমে ভাবিলোঁ চাকৰি হ'ল যেতিয়া পাতিব পাৰিম৷ কিন্তু আমাৰ দুয়োৰে গৱেষণাৰ কাম আৰম্ভ হ'ল৷ ভাবিলোঁ গৱেষণা শেষ হওক পাতিম৷ নাই তাৰপিচত ভাবিলোঁ অসমত কিবা এটা সংস্থাপন হওক৷ আঁতৰি আঁতৰি থকাটো কেৰেলাতকৈ গুটি দীঘল হ'ব৷ তাতে সংসাৰ নামৰ মিঠৈৰ লাড়ুটো (দিল্লীৰ লাড়ুটো নহয় !!) আলফুলে ৰাখিবলৈ হ'লে চাৰিওখন হাতেৰে সকলো সময়তে তাক ধৰি থাকিব লাগে৷ নহ'লে পিছলি যোৱাৰ ভয় থাকে৷ সেয়ে পুনৰ অপেক্ষা কৰিলোঁ৷

নাই অপেক্ষাৰো এটা সীমা থাকে৷ লগৰ সহকৰ্মী এগৰাকীয়ে আমাৰ দুয়োটাকে আনলাকি বুলি ভাবি প্ৰায়ে কয় 
'বিয়া পাতিলে দুয়োটাৰ আনলাক লাকলৈ সলনি হৈ যাব৷তাই গণিতৰ সূত্ৰৰ দৰে কথাটো বুজাই দিলে 'মাইনাচে মাইনাচে প্লাছহোৱাৰ দৰে৷ দুটামান উদাহৰণো দিলে৷ কথাটোৱে মনত নতুন সাহস দিলে৷ লগতে ঘৰৰ পৰাও মাজে মাজে শুনাই থকা হ'ল৷ শেষত ভাবিলোঁ 'এবছৰৰ পিছতকথাষাৰ এইবাৰ 'এই বছৰেইবুলি কৰিব লাগিব৷

ঘৰ দুখনৰ আনুষ্ঠানিক চিনাকি নাথাকিলেও 'জব মিয়া-বিবি ৰাজিতো কিয়্যা কৰেগা কাজিবাক্য শাৰী সাৰ্থক কৰি ঘৰ দুখনে হাঁহি হাঁহি  ঐক্যমতত উপনীত হ'ল৷ মধ্যস্থতাৰ ভূমিকা ল'ব লগা হ'ল নিজে৷ দিনবাৰ চোৱা হল৷ বহাগত নোৱাৰি কাৰণ বাৰিষা বতৰ৷ মাঘত বোলে জন্মমাহ৷ ফাগুনত বিয়া নাহে৷ শেষত যেনিবা আঘোণ মাহৰ এটা তাৰিখ ভগৱানে একেবাৰে ষোল্ল অনা পূৰ কৰি আমালৈ থৈ দিছিল৷ গতিকে দেখা গল হাতত সময় কম আনহাতে ছোৱালীৰ ঘৰ সাত-সাগৰতেৰ-নদীৰ সিপাৰে নহ'লেও এখন নদীৰ সিপাৰে৷ সেয়ে যাতায়তৰ কথা ভাবি প্ৰাৰম্ভিক আলোচনা ফোনতে হ'ল৷ পিছত মাথো সামাজিক আনুষ্ঠানিকতা৷

বিয়াৰ আগলৈকে আমাৰ দৰাঘৰীয়া মানুহৰ চিন্তাৰ অন্ত নাই৷ নদী পাৰহৈ কোন পথেৰে গ
'লে সুবিধা হ'কোন পথত নদীৰ দূৰত্ব বেছি'ত কেইটা ঘাট আছেফেৰীত কিমান ডাঙৰ গাড়ী যাবৰাস্তা-পদূলি কেনেকুৱাবতৰ বেয়া হ'লে কি হ'আদি অনেক কথাৰ বাবে মাথো কেৱল আলোচনা৷ শেষত আলোচনা কৰা হ'ল আগতীয়াকৈ এটা দল গৈ আহিব৷ কিছু আনুষ্ঠানিকতাও কৰা হ'ব৷ ঘুৰি আহি সকলোৰে এটাই কথা চহৰৰ ৰাস্তাতকৈ মাজুলীৰ ৰাস্তা ভাল আৰু পৰিষ্কাৰ৷ চহৰৰ মানুহতকৈ মাজুলীৰ মানুহ ভাল৷ গতিকে দুদিনমানলৈ কেৱল প্ৰশংসা শুনিবলৈ পালোঁ৷ তাত বিশেষভাৱে ঠাই পালে দৰাৰ ঘৰৰ পৰা লৈ যোৱা ক্ৰীমতকৈ মাজুলীৰ দৈ বেছি ভালআঠাযুক্ত আৰু সোৱাদ৷ গতিকে ক'বলৈ গ'লে গাখীৰতে ম'হৰ খুটি৷

বিয়া সুবিধা অনুসৰি তিনিদিনীয়া কৰা হ'ল৷ জোৰোণবিয়া আৰু অভ্যৰ্থনা৷ দৰাৰ লগত সীমিত মানুহ ধৰা হ'ল৷ কাৰণ ডাঙৰ গাড়ী যাব নোৱাৰে৷ তাতে জল পৰিবহনৰ কথা৷ দৰা দিনৰ ভাগতে গৈ আবেলিতে কইনাৰ ঘৰৰ ওচৰতে জিৰাই-মেলি ৰাতিৰ আনুষ্ঠানিকতালৈ অপেক্ষা কৰাৰ কথা৷ সেইমতে সকলো হ'ল৷ দৰা গৈ সন্ধিয়া পালেগৈ৷ কইনা ঘৰৰ পৰা সকলো ব্যৱস্থা কৰিলে৷ দৰাঘৰীয়াই উদৰ পূৰাই বিয়া খালে৷ কইনা ঘৰৰ পৰা আনি দিয়া খৰিৰে জুই পুঁৱালে৷ গাড়ীখন লৈ ডেকা ল'ৰাবোৰে এপাক মাজুলী ফুৰি আহিল৷ কইনাৰ ককায়েকৰ তীব্ৰ প্ৰচেষ্টাত ভাবী জোৱাইৰ লঘোনীয়া পেটক আৰু কষ্ট নিদিবলৈ ৯ বজাতে আমি যাব পৰাৰ ব্যৱস্থা কৰি দিলে৷ ৰাতি দৰাঘৰীয়াই সেই পূৰ্বৰ দৈৰ গুণানুকীৰ্তনৰ কথা মনত ৰাখি হেঁপাহ পলোৱাই দৈ খালে৷ লগতে দুটা কলহ লগত বান্ধি আনি পুৱাই পুৱাই আমাৰ পদূলিত মেলি গোটেই চুবুৰিক বিলাই দিলে৷ পিছ দিনা অভ্যৰ্থনা হ'ল৷ ৰাইজে দৰা-কইনাক একেলগে আশীৰ্বাদ দিলে আৰু বন্ধু-বান্ধৱমিতিৰ-কুটুম্বৰ উল্লাসৰ মাজত বিয়া সম্পন্ন হ'ল৷ বিয়াৰ পিছতে সেই সহকৰ্মীগৰাকীৰ 'মাইনাচে মাইনাচে প্লাছগাণিতিক সূত্ৰটো সঁচাকৈয়ে সাৰ্থক হ'ল৷ জীৱনসঙ্গিনীয়ে দিয়া থোৱা ইণ্টাৰভিউৰ ৰিজাল্ট ওলাল৷ গুৱাহাটী বিশ্ববিদ্যালয়ত সহঃ অধ্যাপকৰ চাকৰিটো পালে৷ লগে লগে আমি জীৱনৰ কিছুমান সিদ্ধান্ত ল'বলৈ সাহস আৰু শক্তি পালোঁ৷ দৰাঘৰীয়াই মোক ক'লে তোৰ লাক ভাল৷ ছোৱালীও পালি,চাকৰিও পালি৷ কইনাঘৰীয়াই তাইক ক'লে তোৰ লাক ভাল৷ সি তোৰ জীৱনলৈ অহাৰ লগে লগে তোৰ চাকৰি হ'ল৷ এনেদৰে আনন্দ আৰু ফূৰ্তিৰ মাজেৰে আমি আহি আহি দুমাহত ভৰি দিলোঁ৷

মাজুলী এতিয়া মোৰ বাবে কেৱল এটা দ্বীপ নহয়৷ মাজুলী মোৰ দ্বিতীয় ঘৰ৷ এতিয়া মোৰ গুৱাহাটীৰ যাত্ৰাতকৈ সহজ আৰু আৰামদায়ক লাগে মাজুলীৰ যাত্ৰা৷ কিন্তু ইয়াৰ কাৰণ কেৱল দ্বিতীয় ঘৰৰ বাবে নহয়প্ৰথম কাৰণ হৈছে চাকৈ-চকুৱাপানী-হাঁহ আদিৰ  প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে নদীৰ বুকুত মেলি দিয়া বৰ বৰ নাওৰ আৰামদায়ক যাত্ৰা আৰু দ্বিতীয়তে মানুহৰ অকৃত্ৰিম মৰম আৰু ভালপোৱা৷ সেয়ে প্ৰথমবাৰ এনেদৰে ব্ৰহ্মপুত্ৰৰ বুকুত নাৱেৰে যাত্ৰা কৰা খুৰী এগৰাকীৰ মুখেৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল "বৰ ভাল দেই ৰাস্তাৰ দৰে ইয়াত থেকেচনিও নাখায় !!!"

1 comment:

  1. বঢ়িয়া৷ ৰসাল বৰ্ণনা৷ ইয়াৰ পাছৰখিনিও ইয়াতে পঢ়িবলৈ পাম বুলি আশা কৰিলো৷

    ReplyDelete