নিৰ্বাচিত কবিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নিৰ্বাচিত কবিতা

নিৰ্বাচিত কবিতা

Share This
পথৰুঘাটত ফিডেল কেষ্ট্ৰ’
-অজয় লাল দত্ত

শীতৰ কুঁৱলিফালি শ্বিলঙৰ পাহাৰেদি
নামি আহিছিল ফিডেল,
মুখ ভৰা দাড়ি, হাতত ঘৰুৱা চিগাৰ
পিন্ধনত চে-গুৱেভাৰাৰ টি চাৰ্ট, টুপি,
ডিঙিত চীনে উপহাৰ দিয়া মেগাপিক্সেল কেমেৰা ;
লক্ষ্য তেওঁৰ পথৰুঘাট….


ইতিহাস পঢ়ি তেওঁৰ ভাল লাগিছিল
২৮ জানুৱাৰী, ১৮৯৪
দৰঙৰ বুকুৰ পথৰুঘাট


ডি চি এণ্ডাৰচনে ইংলেণ্ডৰ ৰাণীৰ সেৱাত বঢ়াইছে কৰ
তহচিলদাৰ ভবানী চৰণ ভট্টাচাৰ্যই কৰিছে ঘামৰ দৰ

হাটৰ দিনাই লাগিছে জুই
মেলত জ্বলিছে ৰাইজ;

নুবুজো ইয়াণ্ডাবু সন্ধি
কি উপনিবেশ অথবা কি শোষণৰ ফন্দী
মোৰ দেশৰ মাটিত কোনে কাঢ়ি নিয়ে
ঘামৰ ফচল, মুখৰ ভাত
জীৱন কিহত বন্দী?

সৌৱা ডাক বঙলাত চাহাব-চিপাহী;
সেউজ পথাৰত কৃষক নামিছে
জ্বলিছে ক্ষোভৰ অগ্নি,

দাৱানল হৈ আগ বাঢ়িছে প্ৰজা
ভয়ত কঁপিছে ৰজা

এচ পি বেৰিংটনৰ হুকুম,
আক্ৰমণ আক্ৰমণ
নিৰ্বিচাৰ লাঠি-চালনা,
ৰাইজৰ হাতৰ শিল বৰষুণ,
প্ৰত্যাক্ৰমণ প্ৰত্যাক্ৰমণ

কৰ পৰানো চোঁ মাৰি ওলালহি
বইঠাপাৰাৰ ফুকুলু শ্বেইখ,
বিয়াহপাৰাৰ থগা বৈদ্য


এচ পিৰ মূৰত সোধালে টাঙোন
চিগিল ডিচিৰ ধৈৰ্যৰ বান্ধোন

হেৰ অসমৰ ডায়াৰ,
ফায়াৰ ফায়াৰ…

সেউজ পথাৰত বল তেজৰ ঢল
এশ চল্লিশজনৰ শৱ-দেহ পৰি ৰল ;
আকাশে বতাহে তেজৰ হলাহল…

স্মৃতিৰ ধূসৰ পাতত
পথৰুঘাট বিলীন হ’ল,
২৫বছৰ পাছৰ জালিৱনাবাগহে
ইতিহাসত জিলিকি ৰল৷

সেই পথৰুঘাটলৈকে ফিডেল অহাৰ কথা
শুনিব বুজিব শত শ্বহীদৰ
আত্ম-ত্যাগৰ গাঁথা,

চুই-চাব হেনো শতিকাযোৰা
কৃষকৰ দৈন্যতা
তাৰেই ভেটিত অনাৰ সপোন
বিপ্লৱী জোঁৱাৰ-ভাটা….

হঠাৎ খবৰ আহিল
পথৰুঘাটলৈ ফিডেল নাহিল,

সৰস্বতী পূজাৰ সুন্দৰীৰ ৰূপত

তেওঁ হ’ল মায়াবিষ্ট,
মাজবাটৰ মহানগৰীত ফিডেল নিৰুদিষ্ট ;

বাৰে বাৰে ফোন ঘূৰাই সুধিছোঁ
দেখিছা তেওঁৰ কাণ্ড,
পাইছেনে কিবা খবৰ
হেল্ল হেল্ল’
গুমশুদা তালাচ কেন্দ্ৰ…..

( www.xahitya.org ত ফেব্ৰুৱাৰী ২০১২ত পূৰ্বে প্ৰকাশিত)

No comments:

Post a Comment