Saturday, January 25, 2014

মিচা ক'লে কি ডাল হব?

নিৰ্মল দৰবাৰত ৰাহুল বাবা
অজয় লাল দত্ত
বাবা, আপোনালৈ কোটি কোটি প্ৰণাম। এই স্বৰেৰে কথা আৰম্ভ কৰা হয় এই দৰবাৰত। দিল্লীত বহে এই নিৰ্মল দৰবাৰ। টিভিত দেখুৱায়। কেতিয়াবা লাইভ, কেতিয়াবা ডিফাৰড লাইভ, কেতিয়াবা বিজ্ঞাপনৰ ৰূপত। নিৰ্মল বাবা বোলা মনমোহক এজনে নিজৰ মোহন ক্ষমতাৰে সকলোকে মুহি থাকে। এই দৰবাৰত ভাগ লবলৈ অহা সকলে আগতীয়াকৈ চেক, ডিমাণ্ড ড্ৰাফট জমা দি বুক কৰিব লাগে আগতীয়াকৈ ছাৰৰ দৰ্শন পাবলৈ, ছাৰৰ দৰবাৰত ভাগ লবলৈ।



মানুহ আহে, কোটি কোটি প্ৰণাম জনাই। কয়, বাবা আপুনি যে কৈছিল, সেউজীয়া চাটনিৰ লগত চিঙৰা খাবলৈ। খালো। তাৰ পাছতে মোৰ সাতজনী ছোৱালীৰ পাছত পুত্ৰ সন্তানৰ মুখ দেখিলো। বাবা, আপোনাক কোটি কোটি ধন্যবাদ। এনেকৈয়ে আশীষ কৰি থাকিব। পিছে মোৰ ভাইৰো তিনিজনী ছোৱালাী, তেওঁৰ বাবেও আশীৰ্বাদ বিচাৰিছো। বাবাই হাত দাঙে, কয়, যোৱা ভাইটিক কবা, গাজৰৰ হালোৱাৰ লগত দৈ গাখীৰ অলপ খাব। ফল পাবই পাব! অ' লগতে আমাৰ স্বীকৃতি-প্ৰাপ্ত দোকানৰ পৰা চামৰাৰ সৰু বেগ এটা বোৱাৰীক লবলৈ কবা, সেইটোৰ প্ৰভাৱত হব লগা ল'ৰা সন্তানটিয়ে আই.আই.টিত চীট পোৱাটো নিশ্চিত হব!

জেনেটিক ইঞ্জিনীয়াৰিঙে ঢুকি পাব নোৱাৰা ঠাইৰ পৰা বাবাৰ চিঙৰা আৰু সেউজীয়া চাটনিয়ে মানুহৰ এক্স ৱাই ক্ৰমজমৰ সৈতে খেলা দেখুৱাই।

বাইয়'টেকনলজিয়ে ঢুকি নোপোৱা ঠাইৰ পৰা গাজৰৰ হালোৱাই দেহত সঠিক সময়ত বিশেষ তথা আশীষপুষ্ট জীন বহন কৰা শুক্ৰানু নিৰ্গত কৰে। ধেমালি কথা। হাইটেক মানে টেকনোক্ৰেটে ঢুকি নোপোৱা কথা। সেয়াইটো বাবাৰ আশীষৰ যাদু। মানিলে ধান, নামানিলে পতান টাইপ, মোটা ফিজ দি এনে মহৌষধ লৈ অহা মানুহৰ বাবে সকলো কথাই যেন সাধু সাধু, কোটি কোটি প্ৰণাম কৰিব নোৱাৰা আমাৰ বাবে সকলো কথাই যেন এলাই বাদু!
ঠিক এনে মহৌষধ লগা হ'ল ৰাহুল বাবাক। মনো আংকলে ডুবোৱা ইমেজ। নৰেন আংকলে মেলিদিয়া অশ্বমেধ ঘোঁৰাৰ দৌৰত এতিয়া ৰাহুল বাবাৰ এচ ইউ ভিয়ে ফেৰ মাৰিব পাৰে নোৱাৰে তাকে চাবলৈ সকলো উতকণ্ঠিত।

টিভিৰ লাইভ সংবাদসেৱীয়ে সেপ নোঢুকাৰ প্ৰতিযোগিতা পাতিছে , অঘোষিত প্ৰতিযোগিতা। পাৰিবনে নৰেন ভাইৰ ঘোঁৰা বান্ধিব ৰাহুল বাবাই, বাবাই পাৰিবনে ঘোঁৰা বান্ধিব, ঘোঁৰাই পাৰিবনে বাবা বান্ধিব.... সকলো একাকাৰ কৰি লাইভ মহতীয়াই নিছে। আহি আছো, আমি বিচাৰিম এটা প্ৰশ্নৰ উত্তৰ, ঘোঁৰাই পাৰিবনে বাবা বান্ধিব, এটা ব্ৰেকৰ পাছত...

চিন্তা নকৰিব, সাংবাদিকৰ ভুল হব নোৱাৰে! একেই চেনেল, একেই সময়ত পুনৰ বাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ঘূৰাই পকাই, পকাই ঘুৰাই দেখুৱাব আপোনাক।

আমি দেখুৱাম এক্সক্লুচিভ, নৰেন ভাইৰ অশ্বমেধ ঘোঁৰাৰ বাবে ঘাঁহ কাটিছে কোনে? কোনে কাটিছে ঘাঁহ। কি ঘাঁহ খায় অশ্বমেধ ঘোঁৰাই, দলঘাঁহ নে বনঘাঁহ। আমি উত্তৰ বিচাৰিম আন্তঃজাৰ্তিক ঘোঁৰা বিশেষজ্ঞ তথা হিউমেন ফৰ এনিমেলৰ প্ৰতিষ্ঠাপক ডাঃ কৰণ আহৌবলিয়াৰ পৰা। আমি দেখুৱাম নৰেন ভাইৰ ঘোঁৰাৰ বিউটি পাৰ্লাৰখন, যত ঘোঁৰাৰ চাল তজবজীয়া কৰি ৰাখিবলৈ দিনে মাত্ৰ ১ লাখ টকাৰ অৰিহণা লোৱা সৌন্দৰ্য বিশেষজ্ঞা গৰাকীৰ সতে আমাৰ ইণ্টাৰভিউ লাইভ এণ্ড এক্সক্লুচিভ কেৱল মাত্ৰ আমাৰ চেনেলত..... 

এনে ৰাজকীয় যো-জা দেখি ৰাহুল বাবাৰ মূৰটো কেনেবা কৰে। আকৌ নিজৰ দুৰ্গৰ মানুহক হেনো হিন্দীতে আবেগৰ কবিতা শুনাই এজন ডঃ কবিয়ে মানুহক নিজৰ ফলীয়া কৰে। উস, ইমান অস্বস্তিকৰ কাৰবাৰ! জাপানী খুড়ালৈ ফোন কৰি, ৰাহুল বাবাই দৰৱ বিচাৰে। জাপানী খুড়াই ইমেজ বনোৱাৰ বাবে ঠিকা লৈছে ৰাহুল বাবাৰ। মাকে ৫০০কোটিৰ পেকেট এটা জাপানী খুড়াক দি দিছে, বোলে ল'ৰাটো চাব!

ডঃ কবিয়ে কবিতা গাইছে,
 "যেতিয়াই আমেথিৰ মানুহৰ হৈছে পেইন,
ৰাহুল বাবা গৈছে স্পেইন!",

 "গেষ্ট হাউচত বাহৰ পাতে কোন,
বিদেশী বিলাসী গাড়ীত আহে কোন,
হাতত দামী বিদেশী ফোন,
নিৰ্বাচনৰ আগে আগে আমেথিলৈ নামে,
কোন পূৰ্ণিমাৰ জোন...?"

সকলো দেখি শুনি জাপানী খুড়াই সংস্কৃতৰ শ্লোক মাতে,
"বোলে জনতা জনাৰ্দন,
জনতাৰ দৰবাৰ পাতা,
সকলোকে এঠাইলৈ মাতা,
তাতেই গৈ ইমেজ বনাব,
মানুহৰ মাজত বহিব আমাৰ মাইনা কন!

ইটালিয়ান ভাষালৈ তৰ্জমা কৰি দিয়ে দোভাষীয়ে। জাপানীৰ শ্লোক শুনি আইমাতৃয়ে মূৰ জোকাৰে, মেডিয়া পাৰ্টনাৰ সকলৰ বাবে হাত খৰছৰ বাবে টোপোলা উলিয়াই দিয়ে! মুন্না ভাইৰ আইডিয়া লৈ নিৰ্মল দৰবাৰৰ ওলোটা কৰিবলৈ সিদ্ধান্ত হয়, এইবাৰ আৰম্ভ হয়, জনতা দৰবাৰত ৰাহুল বাবা।


জনতা দৰবাৰত ৰাহুল বাবা, 
বাহিৰত জেড প্লাছ চিকিউৰিটি চাবা। 
ভিতৰলৈ সোমাবলৈ আহে বচা বচা জনতা, 
নাটকৰ মাজেদিয়েইতো পোৱা যাব ক্ষমতা... । 

ৰাহুল বাবা শ্ৰোতা হয়, গাদী পোৱাৰ মহৌষধ জনতাৰ পৰা বিচাৰে। ৰাইজে দি যায় মহৌষধ, বোলে সকলোকে ফ্ৰীতে খাবলৈ দিয়ক, আইডিয়াটো ঠিক আছে লিখি লোৱা। চেক্ৰেটৰীয়ে কানে কানে কয়, লিখাৰ কি দৰকাৰ, ভিডিঅ হৈ আছেটো! টিভিটো মেডিয়া পাৰ্টনাৰ চেনেলত গৈ আছে লাইভ! আপুনি অভিনয়ত ফ'কাচ কৰক বাবা! বোলে সকলোকে চাকৰি দিয়ক, আইডিয়াটো ভাল। সকলোকে মাটি দিয়ক, চেহঃ ভিনদেউকেইচোন মাটি সব লাগে, সকলোকে দিলে ভিনদেউলৈ কি থাকিব, অভিনয়, অভিনয়.... থিক আছে, ভাবিম। ৰাহুলে হাত দাঙে...

লাহে লাহে... ৰাহুল বাবাৰ ভাগৰ লাগে। দৰবাৰ সামৰি ৰূমলৈ যায়। ইটো সিটো চেনেল খুঁচৰি চায়। নাই, লাইভেই দি গল, এতিয়া চাবলৈকো নাই। টিভিত বিজ্ঞাপনৰ ৰূপত নিৰ্মল দৰবাৰ ভাহি উঠে। কোটি কোটি প্ৰণাম দেখি ৰাহুলে ৰ' লাগি চাই। লাহে লাহে নিজেও দৰবাৰলৈ সোমাই পৰে, টোপনিৰ কোলাত বহি....
 তেওঁ প্ৰশ্ন কৰে, বাবা গাদী, বাবা গাদী! চিন্তা নকৰিবা বাচা, মোৰ আশীষ আছে। ৰাহুল নিশ্চিন্ত হয়। কিন্তু কি কৰো বাবা, অন্ততঃ মেনিফেষ্টোত কি লিখো সেইটোতো কওক! নিৰ্মল বাবাই উগাৰ মাৰে, কয়, গুজৰাটৰ সকলো খাকৰা, ফাফৰাকে ধৰি শুনিবলৈ ভয় লগা নামৰ সকলো নমকিন সেউজীয়া চাটনিৰে সৈতে পুৱা গধূলি খোৱা কৰা, নিজৰ বন্ধু, পৰিবাৰ, লগুৱা, লিকচৌ সকলোকে খুওৱাৰ ব্যৱস্থা কৰা। তোমাৰ গাদী নিশ্চিত বাবা!.... ৰাহুলে টোপনিতে বেঙা হাঁহি মাৰিছে, লেলাৱতি বৈ আহিছে। এতিয়া ৰাহুল বাবা সপোনতে গাদীত বহি টোপনি মাৰিছে। ডিষ্টাৰ্ব নকৰিব দেই!

1 comment:

  1. একে উশাহতে পঢ়িলো | তামাম ভাল লাগিল |

    ReplyDelete