আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
‘মে-ডাম-মে-ফী’ হওক পূৰ্ব প্ৰজন্মৰ সোঁৱৰণ 
আৰু
নতুন প্ৰজন্ম গঢ়াৰ আখৰা

ড° বুলজিৎ বুঢ়াগোহাঁই
‘মে-ডাম-মে-ফী’ৰ শুভেচ্ছা জনালোঁ। আমাৰ অসমৰ সৰ্বাংগীণ উন্নতিৰ বাবে ৰাজ্যখনৰ সকলো জনগোষ্ঠীলোকৰ সমানে উন্নতি হ’ব লাগিব। কোনো এটা জনগোষ্ঠীৰ সামাজিক, অৰ্থনৈতিক তথা ৰাজনৈতিক উত্তৰণৰ বাবে সেই জনগোষ্ঠীৰ ছাত্র-ছাত্রীসকলক আনুষ্ঠানিক শিক্ষাৰ যোগেদি উপযুক্ত মানৱ সম্পদ গঢ়ি তুলিব লাগিব । 
পূৰ্ব পুৰুষলৈ উদ্দেশ্যি প্ৰাৰ্থনা


এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে অসমৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্র আৰু বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ নেতৃত্ব তথা মূৰবী পদত থকা টাই আহোম জনগোষ্ঠীৰ লোকৰ সংখ্যা দিনে দিনে কমি আহিছে আৰু থকাসকলে নেতৃত্ব পৰা আঁতৰি আহিলে তথা অৱসৰ গ্রহণ কৰা পিছত সেই ঠাইবোৰ গ্রহণ কৰিবলৈ আমাৰ টাই আহোম জনগোষ্ঠীৰ উপযুক্ত লোকৰ অভাৱ । 
বিদেশৰ পৰা অহা অতিথিয়ে অংশ লোৱা
স্মৰণিকা উদ্বোধনী অনুষ্ঠান

অসমৰ অনান্য জনগোষ্ঠীৰ তুলনাত টাই আহোম জনগোষ্ঠীৰ ছাত্র-ছাত্রীসকল শিক্ষাৰ ক্ষেত্রত পিছপৰি যোৱা যেন অনুভৱ হয় । টাই আহোম জনগোষ্ঠীৰ ছাত্র-ছাত্রীসকলেও ভালদৰে শিক্ষা গ্রহণ কৰি সমাজ জীৱনৰ বিভিন্ন দিশত অৱদান আগবঢ়াবলৈ আগ বাঢ়ি আহিব লাগিব ।

‘মে-ডাম-মে-ফী’ উদযাপন কৰা সমিতিবোৰে কেৰিয়াৰ সম্পর্কীয় কৰ্মশালা অনুষ্ঠিত কৰি ছাত্র-ছাত্রী তথা অভিভাৱকসকলক বিভিন্ন বিষয়ৰ কেৰিয়াৰ এটি আভাষ দিলে ভাল হয়।
-------------------------------------------------------
মে-ডাম-মে-ফীৰ বিষয়ে সবিশেষ জানিবলৈ অসমীয়া ৱিকিৰ পাতত থকা প্ৰৱন্ধটিলৈ যাবলৈ এই সূত্ৰত ক্লিক কৰিব পাৰে। ৱিকি সূত্ৰ

No comments:

Post a Comment