লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. পদুম পুখুৰীৰ পাৰত সৰ্বানন্দ প্ৰডাকচনে মুকলি কৰিলে সুকণ্ঠী গায়িকা বিজয়া বাইদেউৰ কণ্ঠত বিহুগীতৰ এলবাম "মোদী তুমি"। "গুজৰাটৰ মিঠা শাক, অসমীয়াৰ মিঠা মাত" শীৰ্ষক গীতটি অতিশয় জনপ্ৰিয় হোৱা বুলি শ্ৰোতাৰ পৰা জানিব পৰা গৈছে। 

এই গীতটো মোদীপ্ৰেমী বহু অসমীয়া নজনা ৰাইজেও ইউটিউবত লাইক কৰাৰ ফলত ই অতি সোনকালেই "কলাবেৰীৰ অভিলেখ" ভংগ কৰিব বুলি আশংকা কৰা হৈছে।


২. বিপাশা বসুৱে মেখেলা চাদৰ পৰিধান কৰি অসমীয়া নৱ-প্ৰজন্মক লাজ দিব বুলি আশংকা প্ৰকাশ কৰি এনে ফেশ্বন শ্ব বন্ধ কৰিবৰ বাবে আল্ট্ৰা মডাৰ্ণ নাৰী সংঘই এদিনৰ অনশনৰ কাৰ্যসূচী ঘোষণা কৰিছে। চুটি কাপোৰেহে সৌন্দৰ্য উজ্বলাই তোলে বুলি আত্ম-বিশ্বাস প্ৰকাশ কৰি বিপাশাই আওপুৰণি মেখেলা চাদৰ পিন্ধি অসমীয়া মডাৰ্ণ নাৰী সকলক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে আৰু এয়া ষড়যন্ত্ৰমূলক বুলিও ক্ষীণাংগী ৰয় নামৰ প্ৰতিবাদী গাভৰুৱে ব্যক্ত কৰিছে।

৩. মূল্যবৃদ্ধিৰ ফলত পিঠা-পনাৰ বাবে চাউল, গুৰ চেনি কিনিব পৰা নাই ৰাইজেঃ এতিয়া মাত্ৰ বহুবল্কী শেন ডেকাই বাতি ভৰাই চিৰা দৈ অসমত  এক টকাতেই খাবলৈ পায় বুলি  বুলি অতি সোনকালেই ঘোষণা কৰিব বুলি ৰাইজে আশা পালি থকা বুলি সচেতন শৰ্মাই ব্যক্ত কৰিছে। আৰু তেখেতৰ পৰা ঠিকনা লৈ "এটকীয়া ভোগালী উদযাপন" কৰাৰ প্লেন কৰাৰ কথাও আমাক জনাইছে।

৪. পঢ়া শুনা মন্ত্ৰীয়ে উন্মোচন কৰিলে ৰসাল গগৈৰ ৰহস্য উপন্যাস "উত্তৰাধিকাৰী": ৰাজনৈতিক ৰহস্য উপন্যাসখনক লৈ হাতোৰা পাৰ্টিৰ মাজত ভীৰ্ষণ কৌতূহলৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। কাহিনীবোৰ আত্মজীৱনীমূলক হয় বুলি ধাৰণা কৰি এই উপন্যাসৰ জড়িয়তেই ৰসাল গগৈ চাৰৰ হাঁহিৰ ৰহস্য উদঘাটন কৰিব পাৰিব বুলি জালুকবৰীয়া  বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে।

৫. অসমীয়া সংগঠন সমূহেও কেজৰীৱালৰ দৰে চান্দা লবলৈ মন কৰিলে চান্দা-বৰঙণি.কম যোগ্য তাক গ্ৰহণ কৰিব পাৰিব। এই ৱেবচাইট যোগে যি কোনো মানুহে যি কোনো সংগঠনলৈ চান্দা দিব পাৰিব। ফেঞ্চি বজাৰত ইয়াৰ এক সংগ্ৰহ কেন্দ্ৰও খোলাৰ কথা সদৰী কৰি সকলো জাতীয় সংগঠনে এই ৱেব-চাইটৰ বেনাৰ মাৰ বান্ধি থিয় দিবলৈ উদ্যোক্তা লক্ষ্মীৰাণীয়ে আহ্বান জনাইছে।

৬. এই সপ্তাহতে ৪০ লাখক অসমত প্ৰদান কৰিব ভোটাৰ পৰিচয় পত্ৰ। থলুৱা সকলে পাছতো লোৱাত অসুবিধা নহব বাবে প্ৰথমে ন-অসমীয়া সকলক অগ্ৰাধিকাৰ ভিত্তিত এয়া প্ৰদানৰ কৰিবই লাগিব বুলি ন-অসমীয়া সংস্থাই দাবী তুলিছে।  ৰেচন কাৰ্ড আৰু ৰিক্সাৰ পাৰ্মিট একেলগে কম্বো কৰি দিলে আৰু বহুতো লোকেই ন-অসমীয়া হবলৈ আহিব আৰু ইয়াৰ আন্তৰ্জাতিক ডিমাণ্ড থকাৰ কথাও সংস্থাই আঙুলিয়াই দিছে।

৭. লামডিঙ জংচনক কেন্দ্ৰ কৰি এফ চি আইত চাউলৰ ৰমৰমীয়া বেহা হোৱা সুখবৰঃ অসমীয়া সকলকো এই ৰমৰমীয়া বেপাৰৰ সোৱাদ দিবলৈ বহিৰাগত ব্যৱসায়ী সন্থাক থলুৱা চাউল বেপাৰী সন্থাই আৰ্জি দিয়াৰ গোপন খবৰ।

৮. এতিয়া লোকসেৱা আয়োগত নহয়, খাদ্য সুৰক্ষা আয়োগত সদস্য পদৰ বাবেহে দিছপুৰত লাগিছে উথপথপঃ এই আয়োগত দকচি খাবলৈ পাব আৰু সেয়াও অতি সুৰক্ষিত ৰূপত বুলি জানিব পৰা গৈছে। লোকসেৱা আয়োগত ফোন টেপিঙ, টিভি ৰিপৰ্টিঙৰ পাছত এতিয়া এপিএছচি এৰি খাদ্য আয়োগলৈ ঢাপলি মেলিবলৈ কেইবাজনো সদস্যই মন কৰা বুলি কইনাধৰা সূত্ৰই প্ৰকাশ কৰিছে।

৯. নেতা মন্ত্ৰীৰ পুতলা জ্বলাই জুই ফুওৱাৰ পাছত এতিয়া নতুনকৈ তেল কোম্পানীৰ পুতলাই নতুনকৈ অসমৰ বজাৰ দখল কৰা বুলি জনা গৈছে। সংগঠনে সহজে পুৰিব পৰাকৈ বিশেষ কোম্পানীৰ নাম লিখা প্ৰতিমূৰ্তি অচিৰেই চাহিদালৈ চাই মুকলি কৰি দিয়াৰ কথা প্ৰতিমূৰ্তি নিৰ্মাণ সংস্থাই চিন্তা কৰিছে। পিছে প্ৰতিমূৰ্তিবোৰো চান্দা হিচাবে বিচাৰে আৰু দকা-হকা দি লৈ যোৱা কাৰ্যৰ বাবেই নিৰ্মাণ সংস্থাই এই ক্ষেত্ৰত থমকি ৰব লগা হৈছে বুলি জানিব পৰা গৈছে।

১০. ধুবুৰীত হিন্দু-মুছলিমে ঐক্যতান হৈ বিদেশী সমস্যাৰ স্থায়ী সমাধান বিচৰাত হোজাইত বৰঘৰত খলকনি উঠাৰ উমান পোৱা গৈছেঃ পুৰ অগৰুদ্দিন চাহাবে ধুবুৰীৰ ৰাইজক জাৰি-দিয়া পানী খুৱাবৰ বাবে হেলিকাপ্তাৰলৈ আহিব বুলিও গোপন সূত্ৰই জনাইছে।

No comments:

Post a Comment