Thursday, January 9, 2014

মিচা ক'লে কি ডাল হব?

পৰেশ বৰুৱা ককাইদেউলৈ মনৰ বতৰা

অগ্নিভ দত্ত
পৰেশ ককাইদেউ,
পোনতে আপোনালৈ শ্ৰদ্ধা যাঁচিলো। আশাকৰো আপোনাৰ কুশল মংগল ।চাঁওতে চাঁওতে আৰু এটা বছৰ শেষ হ’লহি । এই সুযোগতে আপোনালৈ নৱবৰ্ষ ও মাঘ বিহুৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলো ।

এই খিনিতে আপোনাক এটা কথা কৈ থঁও। ককাইদেউ বুলি সম্বোধন ধৰাৰ কাৰণে বেয়া নাপায় যেন । ব্যক্তিগতভাবে আপোনাৰ লগত মোৰ একো চা-চিনাকি নাই যদিও ল’ৰালি কালৰ পৰা আপোনাৰ নাম শুনি শুনি হয়তো কিবা বৰ আপোন আপোন লাগে,সেই কাৰণেই আপোনাক ককাইদেউ বুলি সম্বোধন কৰিলো ।

ককাইদেউ, এই চিঠি খন আপোনালৈ লিখাৰ উদেশ্য কেবাটাও। আজি বহুবছৰ ধৰি মনৰ ভিতৰতে লাগি থকা খু-দুৱনিৰ কাৰণেহে এই পত্ৰ আপোনালৈ লিখিলো। কিবা বুজি পোৱা নোপোৱা দিনতে হয়তো আপোনাৰ তথা আপোনাৰ সংগঠনৰ নাম প্ৰথম বাৰৰ বাবে শুনিছিলো । কিবা কালক্ৰমে আমাৰ ঘৰখনৰ লগত লেনিন, মাৰ্ক্স, মাও, গুৱেভাৰাৰ চিনাকী মোৰ জন্ম লগ্নৰে পৰা। সৰুতেই এই বীৰ সকলৰ কথা সাধু কথাৰ নিচিনাকৈ শুনাৰ সোভাগ্য হৈছিল ।

এনেকুৱা কিবা এটা সন্ধিক্ষণত আপোনালোকৰ সংগঠনৰ জন্ম তথা উত্থানৰ কাহিনী শুনি হয়তো সেইসময়ত আপোনালোকৰ মাজত একো একো জন লেনিন, মাৰ্ক্স, মাও, গুৱেভাৰাক কল্পনা কৰিব ধৰিলো । সমাজবাদ- সাম্যবাদ সেইবোৰ ভালদৰে বুজিব পৰা হোৱা নাছিলো যদিও মনে মনে কল্পনা কৰিব ধৰিছিলো আমাৰ দৰেই যেন বিষ্ণু, নন্দনহঁতৰো যাতে নিজৰ এটা ঘৰ হয়, আমাৰ দৰেই যাতে সিঁহতে সদায় স্কুল যাব পাৰে । কিন্তু সেই সপোন দেখো আজিও কেৱল সপোন হৈয়ে থাকিল ।আজিও মোৰ বোধগম্য ন’হল কিনো ধৰণৰ সমাজবাদৰ কথা কয় আপোনালোকে। কেনেকুৱানো সমাজ এখন পাম আমি তাৰ কাল্পনিক হ’লেও ৰুপ এটা কেতিয়া কেনেকৈনো দেখিম তাৰো কোনো উত্তৰ আজিও আপোনালোকে নিদিলে আমাৰ দৰে সহস্ৰজনক ।আৰু যে কেতিয়াবা দিব পাৰিব তাৰো একো এটা আশা আজিলৈ নাই দেখা ।

ককাইদেউ, আপোনাৰ তথা আপোনাৰ সংগঠনৰ আমাৰ অসম তথা অসমবাসী ৰাইজলৈ যি সামাজিক অথবা সাংস্কৃতিক বৰঙনি যোগালে তাক নুই কৰাৰ ধৃষ্টতা আপোনাৰ ঘোৰ শতৰুৱেও কৰিব নোৱাৰে। মই অৱশ্যে সেইবোৰৰ ভাল বেয়াৰ বিচাৰ কৰিব নাযাও।

আপোনাৰ সংগঠন হোৱাৰ আগতে কেইজন অসমীয়াই ব্যৱসায় কৰিব জানিছিল ? কিন্তু আজি চাওক কিমান অসমীয়াই ব্যৱসায় বাণিজ্য কৰি অসমখনক আগুৱাইলৈ গৈছে, সঁচা অৰ্থত এইটোৰ কাৰণে মই ব্যক্তিগতভাৱে আপোনাক আৰু আপোনাৰ সংগঠনক ধন্যবাদ দিম । অসমৰ মানুহে তথা আমিবোৰেনো ক’ত কয়লা চিণ্ডিকেট ,আলু -কচুৰ চিণ্ডিকেট, মাছ চিণ্ডিকেট, এইবোৰ শুনিছিলো, এইবোৰবাদেই দিয়ক চিণ্ডিকেট নামটো শুনাই আমাৰ দৰে মানুহৰ মনতেই নাই , কিন্ত্ত কালক্ৰমত এইবোৰ শব্দ আমাৰ সমাজৰ অলংকাৰ হৈ পৰিলগৈ । ক’ম কথানে এইবোৰ, তাৰবাবে আপোনাৰ সংগঠনক ধন্যবাদ দিলে বেয়া নিশ্চয় নেপাব আপুনি। 

ককাইদেউ এটা কথা জানেনে, মোৰ দৰে বহুতৰে হয়তো শৈশৱত আপোনাকৰ কিছুজনৰ কিছুমান বীৰত্বৰ কাহিনী শুনি হয়তো আমাৰ দৰে হাজাৰজনক আপোনালোকৰ ঘোৰ সমৰ্থক কৰি তুলিছিল। আপোনালোকক ওচৰৰ পৰা নেদেখিলেও আপোনালোকক একো একোজন বীৰৰ ৰুপত কল্পনা কৰিব ধৰিলো । আপোনালোকৰ বিষয়ে পেপাৰে পত্ৰই ওলালে তাক গোগ্ৰাসে পঢ়িব ধৰা হ’লো ।কিবা যেন আশা দেখিব ধৰিলো আপোনালোকৰ মাজত ।

আপোনালোকৰ কোনোবা আহত বা নিহত হোৱাৰ বাতৰি পঢ়িলে বা শুনিলে অন্তৰখন কিবা কৰি নিয়া হ’ল । বিশ্বাস কৰে নে নাই নেজানো, উদিপ্ত হাজৰিকা, কবিৰঞ্জনৰ মৃত্যুৰ খবৰ পোৱাৰ দিনা মনে মনে গোটেই ৰাতি কান্দিছিলো ।কিবা আপোনজনক হেৰুৱাৰ দৰে । আপোনালোকৰ কোনোবা গ্ৰেপ্তাৰ হোৱাৰ বা আত্মসমৰ্পন হোৱা জনৰ ফটো দিলে পেপাৰত তণ্ণ তণ্ণকৈ চাইছিলো, হয়তো তেঁওলোকৰ মাজত একো একো জন চে গুৱেভাৰা , কাষ্ট্ৰোক বিচাৰিছিলো ।

কিন্তু লাহে লাহে মোহ ভংগ হ’ল । আমাৰ দৰে হাজাৰজনে হয়তো আপোনালোকক কল্পনা কৰিছিলো যুদ্ধ ক্ষেত্ৰত যুঁজি থকা আটিল অথচ ভগ্ন দেহৰ কিছুমান দৃঢ় অৱয়ব। কিন্ত্ত আপোনালোকৰ নেতা পালি নেতাৰ নোদোকা নিপোতল দেহাত ব্ৰেণ্ডেদ কপোৰ পিন্ধি টিভিৰ পৰ্দা বা স্বচক্ষে ধৃত বা তথাকথিত আত্মসমৰ্পন কৰা অৱস্থাত দেখিলো তাৰ পাছত বিশ্বাস কৰক মই আৰু কেতিয়াও আপোনালোকৰ মাজত গুৱেভাৰা বা কাষ্ট্ৰোক বিচৰাৰ ধৃষ্টতা কৰা নাই । এই খিনিটো কেৱল দৈহিক অৱয়বৰ কথাহে কলো, মানসিক দৃঢ়তাৰ মাপকাঠিৰ কথাটো নোকোৱাই ভাল ।

আমাৰ সাংস্কিতিক ক্ষেত্ৰখনটো আপোনালোকৰ কম অৱদান নে ? বিহু আদি সংস্কৃতি আপোনালোকে দিয়া সংৰক্ষণাবেক্ষণৰ কাৰণেই জীয়াই আছে বুলিয়েই আপোনালোকে ভাবে নিশ্চয়। সেইবোৰটো বাদেই আপোনালোকে কম সোপা নতুন নতুন সংস্কৃতিৰও জন্ম দিয়া নাই জানো ? পইচা তোলা তথা সহজে ধন ঘটা সংস্কৃতি, মাফিয়া তথা কমিছন খোৱা সংস্কৃতি,বন্দুক সংস্কৃতি আৰু বা ক’ত।

এই খিনি কোৱাৰ বাবে মোক যদি আপুনি শাসক গোষ্ঠীৰ সুৰত কোৱা বুলি কয় তেতিয়া মোৰ একো উপায় নাই বুইছে ককাইদেউ। 


ককাইদেউ আজিৰ দিনটোত মোৰ আৰু আপোনাৰ মাজত আদৰ্শগতভাবে একো মিল নাই যদিও আজিও আপোনালৈ অলপ হলেও শ্ৰদ্ধা আছে বিভিন্ন কাৰণত। এই সুযোগতে আপোনাক এটা অনুৰোধ কৰো, সময় থাকোতেই আপুনি আপোনাৰ স্ংগঠনটোত এক কৰ্ম্ম সংস্কৃতিৰ জন্ম দিয়ক যিটো আপোনাৰ স্ংগঠনৰ চালিকা শক্তি হওক। কিমান দিন আৰু বহিৰাগত ব্যৱসায়ী, বহু-জাতিক কোম্পানিৰ পা পইচাৰে স্ংগঠন চলাব। আৰু আপুনি আপোনাৰ স্ংগঠনত এনেকুৱা যোদ্ধা তৈয়াৰ কৰক যাতে তেওলোক জীৱন যুদ্ধত হাৰি কিবা কাৰণত স্ংগঠনৰ পৰা ওলাই আহিলেও যাতে কয়লা বেপাৰৰ দালালি বা মাছৰ বেপাৰৰ ছিণ্ডিকেট কৰিবহি নেলাগে।

আজিৰ অসম নামৰ ভৌগালিকসীমা টুকুৰাত যদি দৰকাৰী সংস্কৃতি তেনেহলে সেই সংস্কৃতি হব লাগে- কৰ্ম্ম সংস্কৃতি,দুৰ্নীতি নকৰাৰ সংস্কৃতি । আৰু যদি বাদ দিব লগা সংস্কৃতি আছে সেইয়া হব লাগে-চান্দা সংস্কৃতি, মাফিয়া সংস্কৃতি,বন্দুক সংস্কৃতি,বন্ধ সংস্কৃতি আদি। হয়তো সেইটো কৰিব পাৰিলেহে অসমীয়া জাতিটোৰ কিবা ভাল হব। আপুনি জনা বুজা মানুহ গতিকে কথা বিলাক বুজি পাব বুলি ধৰি ললো।

No comments:

Post a Comment