হাস্য ব্যংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগ

হাস্য ব্যংগ

Share This
কইনাঘৰৰ কেঁচা শৌচাগাৰ আৰু কিছু অভিজ্ঞতাৰ জোৱাৰ
- দেৱজিত শইকীয়া
এৰাব নোৱাৰা পৰিস্হিতিত, সমন্ধীয় এজনৰ বিয়াত দেখা এটা দিবলৈ এবাৰ মই আৰু মোৰ লগৰ এজন গাঁওলৈ ওলালো। দুদিন মানৰ পৰা পেটটোৰ মোৰ লগত তামাম বাদ-বিসম্বাদ চলি আছিল। তথাপি মনৰ জোৰত বিয়া ঘৰ পালোগৈ । গৈ পোৱা মানে বৰযাত্ৰী ওলালেই । গতিকে দৰাৰ মাহী-পেহী দুজনীমানক গাড়ীৰ পিছ চিটত ল’ড কৰি চিধা কইনাঘৰ পালোগৈ ।
কইনাঘৰৰ ভোজত দৰাৰ খুলখালীয়ে দেখুৱা মৰমৰ উৎপাতত মাছে-মঙহে দকচি দিলো। দুই ইন্সি জিভাৰ জুতিত অসন্তষ্ট হৈ ৭ মিটাৰ দীঘল খাদ্যনলীয়ে গিৰ গিৰ গুৰ গুৰ কৰি জাঙুৰ খাই উঠিল । মই বোলো পেটৰ কথা পেটতে থাকক! আনে শুনাৰ আগতেই যি ইয়াত ভৰাই ললো, ইয়াতেই ত্যাগ কৰিযোৱাই মঙ্গল হব । ইমানদূৰ বাট তাতে ৰাতিৰ কথা ।লগৰজনক ক'লো বোলো পিছফালে যাব লাগিছিল । সি ক'লে পাৰিব জানো, মই কলো কিয় নোৱাৰিম, মইতো অকলেই পাৰো! সি বোলে কোনোবা এজনক সুধি ল’ও ৰ’ব । মইবোলো নালাগে নিজেই বিছাৰি যাঁও ব’লা ।

বিয়াঘৰৰ পিছফালেদি বিচাৰি গৈ গৈ বাহঁনিৰ তলত কোনোমতে আৱিস্কাৰ কৰিলোগৈ সেইটো ।লগৰটোৱে ক’লে চেহঃ এইটো কেঁচা দেখোন, মই বোলো কেঁচা পকা যিয়েই নহওক খাবলৈ নালাগে নহয়, খোৱা খিনি ত্যাগ কৰিবলৈ লাগে....চব চলিব!

ভালদৰে এন্ধাৰতে চকু ফুৰাই দেখিলো বস্তুটো বাঁহৰ খুটা দিয়া, বেৰ বুলি শুকান কল পাতৰে ধকা, বাঁহৰে বোৱা চাঙিৰ মাজত এটা গাঁত কৰা আছে। ব্যৱস্থা সিমানেই। লগৰজনে কৰবাৰ পৰা বিচাৰি হালধীয়া মুখ কটা গেলেন এটাত পানী যোগাৰ কৰি দি গ’ল ।

মই সময় নষ্ট নকৰি পজিছন মিলাই বহি দিলো । বহিব হে পালো ফুটাতোৱেদি হো হোৱাই শব্দ কৰি অহা মাইকী মহৰজাকে মোৰ গোপনীয় অংগকে ধৰি দেহৰ সকলো অংশতে বেজি দিব ধৰিলে । ম'হ মাৰি মাৰি মই কামফেৰা কৰি আছো, এনেতে শুনিলো বাহিৰত নাৰী কন্ঠ, মই বোলো হে হৰি কি কৰা যায়? লৰালৰিকৈ মই অলপ গল হেকাৰি দি শেষ কামফেৰা কৰিবলৈ গেলেনটো দাঙি চাই দেখো, চেহ এইটোচোন একেবাৰে পাতল পাতল লাগিছে!  হে হৰি, কতে মৰো, তলিখনত ফুটা আছিল হবলা । বোলো বন্ধুৰ হেল্পলাইন লওঁ। মোবাইল টিপি দেখিলো টাৱাৰ নাই, মই মনতে বোলো সেইটোহে বাকী আছিল আজি ভাগ্যত!

সময় বাগৰিছে লাহে লাহে, মাইকী মহৰ আক্ৰমণ সহিছো, তথাপি উপায়হীন আত্মগোপন এৰিব পৰা নাই। চেহঃ কি হে... ছোৱালীকেইজনীও দেখুন আঁতৰি নাযায়! মইও ওলাব নোৱাৰো ।মৌনতা ভাঙি কিছু সময় পিচত সিঁহতে মাত দিলে বোলে- "মৰিলে নেকি আকৌ ভিতৰত থকাতো? নে গাঁতত পৰিল ওলাইনাহেচোন?"

 মই গল হেকাৰি দিয়াত সিহঁতে কলে "অ' আছে, আছে মৰা নাই!"
এজনীয়ে কৈছে- "খুব খালে চাগৈ!"
 আনজনীয়ে কৈছে" নহয় পেট খালি কৰি লৈছে আকৌ খাবগৈ!
উস ইমান শব্দবান.... উপায়হীন হৈ নিজকে প্ৰবোধ দিছো, মনতে বোলো কৈ থাক ।

এজনীয়ে আৰু ধৈৰ্য্য ধৰিবনোৱাৰিলে ক'লে-"হেৰি ওলাই নাহে কিয় ? কি বিহু দেখাই আছে, যি কৰে সোনকালে কৰক,  আমিও কৰিব যাব লাগে নহয়!
উত্তৰ নিদিলে নহৈছে বুলি সেমেনা-সেমেনিকৈ মই ক'লো- 'বোলো গেলেনটোত ফুটা আছিল । পানী নাই!  বাকী থকা কামফেৰা নকৰাকৈ কি দৰে ওলাম ?"
সিঁহতে ক'লে "আমাৰ কি হব এতিয়া ?"
মই বোলো হেৰা বাহিৰত থকা দুজনী,  তোমালোকে বাঁহনিৰ তলতে কৰা, কবলৈহে পালো, ব্ল ব্ল ব্ল যি কেইটাহে গালি দিলে ।মই ক’লো- 'মোৰো উপায় নাই ময়ো নোলাও"। 

সিহঁতে ক’লে- "আমাক বুৰ্বক পাইছে! ম’বাইলটোৰে লগৰজনক মাতি নিদিয়ে কিয়? আৰু আমি কৰি থাকোতে যদি ম’বাইৰ টৰ্চ জ্বলাই দিয়ে?"
মই কলো-"ম’বাইলত টাৱাৰ নাই, আপোনালোকে বাহিৰতে যি কৰে কৰক, লাগিলে মই সেইটো দলিয়াই দিছো । সিহঁতে ক’লে- "মাত্ৰ ম’বাইল দিলেই নহ’ব গেলেনটোৱো দলিয়াই দিয়ক" ।
চাবলৈ কি আছে,  দিলো বাপ্পেকে ম’বাইল আৰু গেলেনটো দলিয়াই .....। 

তাৰ পিছত আৰু কি নিটাল-নিমাত বাঁহনিৰ তলত ধম ধেত ধেত ধে ধে ধে ধুম ।এজনীয়ে কৈছে অই সোনকাল কৰ, দেখিছই নহয় ফুটা গেলেন,!আনজনীয়ে বৰ কষ্ট কৰি মুখৰ পৰা অষ্ফুত মাত এটা উলিয়াই কৈছে, ওওম !বচ তাৰ পিছত আৰু মাতবোল নাই। মই বোলো অ’ বাহিৰত থকা দুজনী নাই, মাতবোল নাই,   হেৰা বাহিৰত থকা দুজনী বোলো হ’লনে ?নাই মাতবোল নাই । 

পেটে পেটে অলপ ভয়ো লাগিল বাঁহনিৰ তল তাতে ৰাতিৰ কথা ডাইনী যখিনি নহয়টো।  মই এফালৰ পৰা যিমান বোৰ ভগৱানৰ নাম জানো ডাঙৰ ডাঙৰ কৈ মাতিব ধৰিলো । ঈশ্বৰৰ কি ইচ্ছা, হঠাতে খেৰৰ মেজিটোত চকু পৰিল।  মইও যেন হাততে স্বৰ্গ ঢুকি পালো!

শেষ কামফেৰা কৰি বিয়া ঘৰ সোমালো লগৰটোক কথাখিনি ক’লো আৰু ম’বাইল লোৱা ছোৱালী দুজনী বিচৰাত লাগিলো। নাই নাপালো, বাঁহনিৰ তলত আহি টৰ্চ মাৰিও চালো, কিজানি পেলাই থৈ গ’ল নাই, পিছে তাতো নাই হয়তো সিহঁতেও লাজতে নিদিয়াকৈ গুছি গ’ল!  বা বিয়া ঘৰৰ কাৰোবাক দি গ’ল যদিও মই বিছাৰি নাপালো আৰু সমস্ত ঘটনাৰ সাক্ষী, জীৱনৰ প্ৰথম ম’বাইল ন’কিয়াৰ কলা বগা ১১০০টো এনেকৈয়ে কইনাঘৰৰ বাহনি তলত বিসৰ্জন দি আহিলো।

No comments:

Post a Comment