পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৱলীৰ দহোটা খণ্ড উন্মোচন কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়েঃ অক্টোবৰলৈকে ৫০ শতাংশ ৰেহাই মূল্যত ৰাইজে বেজবৰুৱা ৰচনাৱলী কিনিব পাৰিব বুলিও প্ৰকাশ কৰিলে সুখবৰ।
অভিলেখ সৃষ্টিকাৰী ভাওনা...

২. অসমৰ পৰ্যটন ক্ষেত্ৰলৈ যোগোৱা অৰিহণাৰ স্বীকৃতি স্বৰূপে সোণাপুৰস্থিত ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্টে ৱৰ্ল্ড ট্ৰেভেল ব্ৰেণ্ডছ-১৩ অনুষ্ঠানত এক ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছেঃ বিশিষ্ট সাংবাদিক বিনোদ ডুৱাৰ হাতৰ পৰা এই বঁটা দ্বাৰকাৰ ৰেডিচন ব্লুত হোটেলত হোৱা অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰিলে স্বত্বাধিকাৰী ত্ৰিদীপ শৰ্মাই।

৩. দেশীয় প্ৰযুক্তিৰ ক্ৰায়জেনিক ইঞ্জিন ব্যৱহাৰ কৰি কৃত্ৰিম উপগ্ৰহ উতক্ষেপনত অৱশেষত ভাৰতে লাভ কৰিলে সফলতাঃ জি এছ এল ভি-৫ নামৰ ৰকেটটোৰে জি চেট-১৪ নামৰ দূৰ-সংযোগী উপগ্ৰহটোৰ সফলতাৰে কক্ষপথত উপনীত কৰি ইছৰ'ৱে উৰুৱালে এই সফলতাৰ ধ্বজ। এই সফলতাৰে এনে প্ৰযুক্তি থকা বিশ্বৰ আগশাৰীৰ ছয় খন দেশৰ ভিতৰৰ এখন ৰূপে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হ'ল।

৪. অসমীয়া ছবি জগতলৈ সুখবৰঃ গল্ড চিনেমা কৰ্তৃপক্ষই অসমৰ বিভিন্ন প্ৰান্ত অচিৰেই স্থাপন কৰিব ২০টাকৈ ডিজিটেল চিনেমাগৃহ। চলিত বৰ্ষতেই তাৰে দহটা চিত্ৰগৃহ সম্পূৰ্ণ হব বুলিও প্ৰকাশ পালে তথ্য।

৫. দেশৰ ২৭খন ৰাজ্যৰ প্ৰায় পাঁচশ খেলুৱৈ তথা কৰ্মকৰ্তাৰ অংশগ্ৰহণেণেৰে আজিৰে পৰা যোৰহাট জিলা খেলপথাৰত অনুষ্ঠিত হৈছে ৩৬ সংখ্যক ল'ৰাৰ ৰাষ্ট্ৰীয় জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাঃ সকলো খেলুৱৈ আৰু কৰ্মকৰ্তাক জাপি আৰু গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে সেই সাজৰেই মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰাৰো কৰিছে সু-ব্যৱস্থা। প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে।

৬. ১৫তম উত্তৰ পূৱ গ্ৰন্থমেলাৰ সফল সামৰণিঃ প্ৰায় দুই কোটি  টকাৰ গ্ৰন্থ বিক্ৰী, ৮০খনতকৈ অধিক গ্ৰন্থৰ উন্মোচনী, প্ৰখ্যাত শিল্পী, সাহিত্যিক, বোলছবিৰ পৰিচালক আদিৰ সৈতে অন্তৰংগ আলাপ, কবি সন্মিলন, সাংস্কৃতিক অনুষ্ঠানেৰে আৰু প্ৰায় দুই লাখ লোকৰ সমাগমেৰে জীপাল হ'ল গ্ৰন্থমেলাৰ মজিয়া।

৭.  অহা ফেব্ৰুৱাৰীৰ শেষৰ ফালে বা মাৰ্ছৰ প্ৰথম সপ্তাহত ভাৰতৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা হব বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছেঃ কমেও পাঁচটা পৰ্যায়ত এপ্ৰিলৰ মাজভাগত এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা আৰু ছিকিম বিধান সভাৰ নিৰ্বাচনো একেলগে অনুষ্ঠিত কৰিব বুলি প্ৰকাশ পালে সম্ভাৱনা।

৮. কোকৰাঝাৰত আৰম্ভ হ'ল ত্ৰয়োদশ বড়োলেণ্ড গ্ৰন্থমেলাঃ বিটিচি শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰন্থমেলাত প্ৰথম দিনাই উন্মোচিত হ'ল আঠ খনকৈ গ্ৰন্থ।

৯. তেজপুৰ বড়ো সাহিত্য সভাৰ অধিবেশনত অংশ গ্ৰহণ কৰি ডঃ কামেশ্বৰ ব্ৰহ্মই  বিদ্ৰোহী সংগঠনৰ বড়ো যুৱক সকলক অচিৰেই মূলসুণতিলৈ উভতি আহিবলৈ জনালে আহ্বান।

১০. শ্ৰীমন্ত শংকৰ সংঘৰ উদ্যোগত দৰঙৰ ৰাইজে ৰচিলে দুটাকৈ অভিলেখঃ ৩২খনকৈ অংকীয়া ভাওনা একেসময়তে অনুষ্ঠিত কৰি এছিয়ান অভিলেখ গঢ়াৰ বিপৰীতে ১০০০খন তাল বাদনেৰে গঢ়িলে ৰাষ্ট্ৰীয় অভিলেখ। 

১১. বিলাসীপাৰাত অৰণ্য সুৰক্ষা সামিতিয়ে আয়োজিন কৰিলে "পক্ষী আদৰণি উতসৱ" নামেৰে এক ব্যতিক্ৰমী কাৰ্যসূচীঃ ঐতিহাসিক হাকামা বিলক পক্ষী অভয়াৰণ্য ঘোষণাৰ লগতে সজাগতাৰ বৃদ্ধি লক্ষ্যৰে আয়োজি হল এই অনুষ্ঠানৰ।

১২. নগাঁৱত ছ'চাইটী ফৰ শ্ৰীমন্ত শংকৰদেৱ নামৰ অনুষ্ঠানটোৱে কেইগৰাকীমান প্ৰবাসী অসমীয়াৰ সহযোগত অনুষ্ঠিত কৰিলে "এ ফ্ৰেইণ্ডশ্বিপ ডে" শীৰ্ষক অনুষ্ঠানঃ ৰাজ্যৰ এঘাৰ গৰাকী নীৰৱ শিল্পীক জনালে সম্বৰ্ধনা, শোভাযাত্ৰাত উজ্বিল বৰ্ণাঢ্য শংকৰী সংস্কৃতি।

১৩. তেজপুৰত পদ্ম-বলীন সোঁৱৰণী চৰাৰ উদ্যোগত মায়াই শৰ্মাই লিখা কৰি উলিওৱা উপন্যাস "জীৱন নদীৰ ইপাৰ সিপাৰ" হ'ল উন্মোচিতঃ ২৬৬ পৃষ্ঠাৰ এই উপন্যাসখন  উন্মোচন কৰিলে ডঃ স্বাধীনতা মহন্তই।

১৪. গুৱাহাটীত অনুষ্ঠিত হ'ল সদৌ অসম এনজিঅ' ফ'ৰামৰ প্ৰথমখন ৰাজ্যিক অভিবৰ্তনঃ লগতে স্বেচ্ছাসেৱী অনুষ্ঠানৰ সৱলীকৰণৰ বাবে এক কৰ্মশালাও হয় অনুষ্ঠিত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা সকলো সৰু-বৰ স্বেচ্ছাসেৱী সংস্থাক এক মঞ্চত ঐক্যবদ্ধ কৰাৰ লগতে সামাজিক কামকাজত অধিক দ্বায়বদ্ধ কৰি তোলাৰ বাবে এই ফৰামে কৰ্ম আঁচনি যুগুতাই উলিওৱা বুলি জানিব পৰা গৈছে।

১৫. তেজপুৰত সফল ভাৱে সামৰণি পৰিছে সংবাদ মাধ্যম কৰ্মচাৰী সংঘৰ ৰাজ্যিক অভিবৰ্তনৰঃ অচিৰেই মেডিয়া সংস্থাৰ মালিকপক্ষৰ ধন আৰু তাৰ ব্যৱহাৰৰ বিষয়ে মেডিয়া অডিট আৰম্ভ কৰাৰো তুলিলে দাবী।

১৬. তামুলপুৰত ১৩ সংখ্যক নিখিল বড়ো মহিলা কল্যাণ পৰিষদ চমুকৈ আবৌফৰ অধিবেশনৰ সফল সামৰণিঃ  বড়ো গাভৰুৰ নৃত্য গীতেৰে মুখৰিত হ'ল অধিবেশনস্থলী।

১৭. অনাথ শিশুসকলৰ যতন লোৱা স্নেহালয়ৰ ১৩ সংখ্যক প্ৰতিষ্ঠা দিৱত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়েঃ ঘোষণা কৰিল ২০ লাখ টকাৰ অনুদান।

১৮. বৰপেটাত ৰাজ্যিক অধিবিদ্যা পৰিষদৰ অধিবেশনৰ সামিমঃ গুৰু মহীয়ান সন্মান প্ৰদান কৰিলে কৃৰ্তি শিক্ষক ৰামকৃষ্ণ তালুকদাৰ আৰু কিৰণ চন্দ্ৰ কাকতীক। মুকলি সভাতে উন্মোচিত হ'ল "জ্ঞান প্ৰদীপ" নামৰ স্মৃতিগ্ৰন্থ খনিও।

১৯. অসম সাহিত্য সভাৰ চৰ-চাপৰি অভিবৰ্তনত জন-সমুদ্ৰঃ কবিতা, আলোচনা-চক্ৰৰে মুখৰিত হ'ল আলোপতি মাজৰ চৰৰ ফকৰুদ্দিন আলি আহমেদ ক্ষেত্ৰ।

২০. ৰেল'ৱে দলক পৰাস্ত কৰি বৰদলৈ ট্ৰফী ফুটবলৰ ছেমফাইনেত প্ৰৱেশ কৰিলে ভবানীপুৰ দলেঃ আজি প্থমখন ছেমিফাইনেলত মুখামুখি হব এৰিয়ান ক্লাৱ আৰু আইজলৰ দল।

No comments:

Post a Comment