পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১.  অসমতো বাঢ়িছে আম আদমী পাৰ্টিলৈ আগ্ৰহ, বিগত সাতটা দিনত যোগদান কৰিলে ১০হাজাৰৰো অধিক লোকেঃ গুৱাহাটীত হব লগা বিশেষ অভিবৰ্তনতে বিশিষ্ট ব্যক্তি ৰঞ্জিত শেখৰ মুছাহাৰী, বৃন্দাবন গোস্বামী, প্ৰখ্যাত ফৰেনছিক বিজ্ঞানী ডঃ পদ্মপাণিয়ে যোগদান কৰিব বুলি ৰাজ্যিক সমন্বয়কে সংবাদ মেলত ব্যক্ত কৰিছে।
বন্ধৰ প্ৰতিবাদত মানস ৰবীনৰ
"বাৰ মাহে তেৰ আন্দোলনৰ দেশ"
শীৰ্ষক গীত পৰিবেশন
২. অসমৰ কৃষি উতপাদনক লৈ বহিঃ দেশত বজাৰ দখলৰ লক্ষ্যৰে গুৱাহাটীত অহা ৮ জানুৱাৰীৰ পৰা আয়োজিত হৈছে প্ৰথম আন্তঃৰাষ্ট্ৰীয় উদ্যান শস্য প্ৰদৰ্শনীঃ ভাগ লব ১৫খনকৈ দেশে, ম্যানমাৰৰ পৰা আহিব ৭৭জনকৈ কৃষকে।

৩. জাহ্নু বৰুৱাৰ পৰিচালনাত চেলুলয়ডত অৰুণ শৰ্মাৰ কালজয়ী উপন্যাস "আশীৰ্বাদৰ ৰং": ৰাজ্য ও শ্বিলঙকে ধৰি মুঠ ২৮টাকৈ ছবিঘৰত মুক্তি পালে "অজেয়"ইঃ পল্টন বজাৰৰ গল্ড চিনেমাত হোৱা প্ৰীমিয়াৰ শ্ব'ত অংশ ল'লে কাহিনীকাৰ, ছবিৰ পৰিচালক আৰু প্ৰযোজক।

৪. অচিৰেই মুক্তি লভিব যোৰহাটৰ জীয়ৰী অমৃতা গৌতমৰ ফিল্ম নাৰ্ছাৰীৰ নতুন ছবি "ছুপাৰী-দ্য কুৱেষ্ট বিগিনছ নাও": আমেৰিকাৰ ৱাশ্বিংটন ডিচিত হোৱা বিশেষ প্ৰদৰ্শনীত ছবিখনে সমালোচকৰ সমাদৰ বুটলাৰ খবৰ পোৱা গৈছে। উল্লেখযোগ্য যে ফিল্ম নাৰ্ছাৰীৰ পূৰ্বৰ নিবেদন "উইথ লাভ ফ্ৰম ছাণ্টা" আৰু "এক ৰাত" নামৰ ছবি দুখনে বিভিন্ন স্থানত প্ৰশংসা লাভ কৰিছে।

৫. নুমলীগড় শোধনাগাৰে ইয়াৰ সামাজিক দায়বদ্ধতা আঁচনি "এন আৰ এল হেল্পিং হেণ্ড"ৰ অধীনত কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলাত বাস কৰা ৫২০ গৰাকী শাৰীৰিকভাৱে অক্ষম ব্যক্তিলৈ প্ৰদান কৰিলে প্ৰতিবন্ধী চিকিতসা সামগ্ৰীঃ গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ পৌৰোহিত্যত এই সামগ্ৰী বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়।

৬. লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্টত গ্ৰীণভেলিক হৰুৱাই কলিকতাৰ এৰিয়ান ক্লাৱে প্ৰৱেশ কৰিলে ছেমিফাইনেলতঃ অহা ৬জানুৱাৰীত এৰিয়ানে আইজল ফুটবল দলৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব। আজিৰ কোৱাৰ্টাৰ ফাইনেলত খেলিব শ্বিলংঙৰ লাজং ক্লাৱৰ বিৰুদ্ধে অসম পুলিচ ব্লুজে।

৭. অসমত শিপাই পৰা বন্ধ অপ-সংস্কৃতিৰ বিৰুদ্ধে সাংগীতিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে জনপ্ৰিয় শিল্পী মানস ৰবীনেঃ গনেশগুৰিৰ উৰণীয়ে সেতুৰ তলত আয়োজিত এই প্ৰতিবাদী সাংস্কৃতিক অনুষ্ঠানত "বাৰ মাহে তেৰ আন্দোলনৰ দেশ" শীৰ্ষক গীতটি পৰিবেশন কৰে। বিশিষ্ট নিৱন্ধকাৰ দেৱকান্ত সন্দিকৈয়েও বন্ধৰ আহ্বান বন্ধ কৰাৰ বিষয়ে ভাষণ প্ৰদান কৰে।

৮. উত্তৰ পূৱ গ্ৰন্থমেলাত পাঠকৰ সতে কথোপকথনত অংশ ললে যুৱ সাহিত্য অকাডেমি বঁটা প্ৰাপক বিক্ৰম সম্পতেঃ অহা বৰ্ষত বাংগালুৰু সাহিত্য উতসৱত উত্তৰ-পূৱ অন্যতম প্ৰধান থীম হব বুলি প্ৰকাশ কৰিলে অন্যতম আয়োজক সম্পতে।

৯. ৰঙানদী-ডিক্ৰং-দ্ৰোপাঙৰ মথাউৰি সৱলীকৰণৰ বাবে কেন্দ্ৰই দিলে ৪১০কোটি টকাৰ অনুমোদনঃ ১১৬৫ কোটি টকাৰে নিৰ্মাণ হব সোৱণশিৰিৰ মথাউৰি।

১০. নাৰায়ণপুৰত দেউৰী জাতিৰ শ্বহীদ লীলাকান্ত দেউৰীৰ সোঁৱৰণত পালিত হ'ল ভূমিপুত্ৰ অধিকাৰ দিৱসঃ তেখেতলৈ "সৌমাৰ সূৰ্য" উপাধি প্ৰদান কৰিলে মৰণোত্তৰ ভাৱে,  কৃষ্ণ মোহন দেউৰীলৈ প্ৰদান কৰিলে চলিত বৰ্ষৰ ভূমিপুত্ৰ অধিকাৰ বঁটা।

১১. এইবাৰ একেলগে ২৫খনকৈ অংকীয়া ভাওনা প্ৰদৰ্শনেৰে চলিব অভিলেখ গঢ়াৰ চেষ্টাঃ শীমন্ত শংকৰ সংঘৰ সংস্কৃতি শাখাৰ উদ্যোগত দৰঙ জিলাৰ মহলীয়াপাৰাৰ ৰামগাঁও বোৰাপথাৰত কাইলৈ এই ভাওনাত এহেজাৰৰো অধিক শিল্পীয়ে অংশ গ্ৰহণ কৰিব।

১২. গুৱাহাটীত উন্মোচিত হ'ল অৱসৰপ্ৰাপ্ত কৰ্নেল মনোৰ্জন গোস্বামীৰ গল্প সংকলন "অক্সফৰ্ড ষ্ট্ৰীটৰ ৰিক্সাৱালাজন": অনুষ্ঠানত অংশ ল'লে অৰুণ শৰ্মাদেৱেও।

১৩. শিল্পী সাহাৰ্যনিধিৰ সাহাৰ্যৰ্থে অহা ৬জানুৱাৰীৰ পৰা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হব দ্বিতীয় অসম নাট মহোতসৱঃ গুণাকৰ দেৱগোস্বামীৰ "মৃগয়া" আৰু শম্ভু গুপ্তাৰ "বাস্তৱ-অবাস্তৱ" নামৰ নাট দুখনি হব প্ৰদৰ্শিত।

১৪. আজি অসমতো পালিত হৈছে লুই ব্ৰেইলৰ জন্মদিনঃ ব্ৰেইলী পদ্ধতিৰ উদ্ভাৱক জনৰ এই জন্মদিৱ গুৱাহাটীত "ছাইট ফাৰ্ষ্ট" সংস্থাৰ সৌজন্যত আয়োজিত হৈছে, এই অনুষ্ঠানত অসমৰ বিভিন্ন স্থানৰ পৰা অহা দৃষ্টি বাধাগ্ৰস্ত শিল্পীয়ে অংশ গ্ৰহণ কৰিব।

১৫. উদযাপিত হ'ল অসম জাতীয় বিদ্যায়ৰ প্ৰতিষ্ঠা দিৱসঃ এই দিৱসতে উন্মোচিত হ'ল বিদ্যালয়খনৰ মেধাৱী ছাত্ৰ প্ৰয়াত বিমান কলিতাৰ ৰচিত গ্ৰন্থ "জাৰজ অভিমন্যু"।

১৬.  দেশত মহিলাৰ সুৰক্ষাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰে'ল, চৰকাৰী বাছ, মেট্ৰ' আদিত দেশজুৰি চি চি টিভি, জিপিএছ আদি স্থাপন কৰাৰ সিদ্ধান্তঃ

১৭. মহানগৰীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত অহা ৭জানুৱাৰীৰ পৰা অনুষ্ঠিত হব "কলা সমন্বয়-২০১৪"।
 ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় আৰ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে দেশ বিদেশৰ কেইবাজনো শিল্পীয়ে দীঘলীপুখুৰীৰ পথপথত চিত্ৰ অংকন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে।

১৮. উন্মোচিত হ'ল ডাঃ চন্দনা কলিতাৰ শিশু গল্প সংকলন "অকণিৰ পৃথিৱীত"।  
উন্মোচন কৰিলে বিশিষ্টি শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীয়ে।

১৯. কাৰ্বি আংলংত চলি থকা চি ই এম গ'ল্ড কাপ ফুটবলত ডিমাপুৰক হকুৱাই চেম্পিয়ন হ'ল মৰ্নিংষ্টাৰ ক্লাৱ।

২০. অবৈধ বিদেশীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰি ৰাজ্যৰ ৮৬টা খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠনে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰিলে লিখিত আবেদন পত্ৰ।

No comments:

Post a Comment