পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি দিল্লীত গণৰাজ্য দিৱসত ৰাজপথত অসমৰ প্ৰতীকপটত প্ৰদৰ্শিত হ'ল সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জীৱন আৰু কৃৰ্তি। দেশৰ বিভিন্ন প্ৰান্ততো পালিত হৈছে ৬৫তম গণৰাজ্য দিৱস।


২. দেশৰ ১২৭ গৰাকী কৃৰ্তিমানলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ পদ্ম সন্মানঃ প্ৰখ্যাত কণ্ঠশিল্পী পাৰবিন চুলতানালৈ পদ্মভূষণ। "আশাদ্বীপ" নামৰ স্বেচ্ছাসেৱী সংস্থাৰে বাধাগ্ৰস্ত শিশুসকলৰ সেৱা কৰা সমাজকৰ্মী মুকুল চন্দ্ৰ গোস্বামী আৰু প্ৰসিদ্ধ চিকিতসক ডাঃ সৰ্বেশ্বৰ চহৰীয়াই জিলিকালে পদ্মশ্ৰী সন্মানৰ তালিকাত অসমীয়াৰ নাম।

৩. দেশৰ মুঠ ৮০৬ গৰাকীৰ ভিতৰত অসম আৰক্ষীৰ ১৭ গৰাকীলৈ এই বৰ্ষৰ ৰাষ্ট্ৰপতিৰ পদকঃ কনিষ্ঠবল জয়ন্ত সোনোৱালক সাহসিকতাৰ বাবে ৰাষ্ট্ৰপতি পদকৰ বাবে বাছনি কৰাৰ সু-খবৰ।

৪. গণৰাজ্য দিৱসৰ প্ৰাক-ক্ষণত নেছ' আৰু আছুৱে দেশৰ সংবিধান সংশোধনেৰে ভূমি, সম্পদৰ অধিকাৰসহ উত্তৰ-পূৰ্বাঞ্চলক বিশেষ সাংবিধানিক মৰ্যদা প্ৰদান কৰিবলৈ আৰু অসম চুক্তিৰ আধাৰত অসমীয়া খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰিবলৈ জনালে আহ্বান।

৫.  ৰাজ্যত শীঘ্ৰেই নদী-জলাশয় প্ৰাধিকৰণ গঠনৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়েঃ ভৰলু আৰু কলং নদীৰ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত বৈঠকত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে পৰিৱেশ আৰু বন বিভাগক দিলে এই নিৰ্দেশ।

৬. আই আই টি গুৱাহাটীৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান "আলচিৰিংগা" অনুষ্ঠিত হব অহা ৩০ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে। ইয়াত উত্তৰ পূৱৰ ৩৫০খন মহাবিদ্যালয়ৰ প্ৰায় ৭০হাজাৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব বুলি সদৰী কৰিলে প্ৰতিষ্ঠানটোৰ জনসংযোগৰক্ষী বিষয়াই। অন্তিম দিনা বলিউদৰ শিল্পী মোহিত চৌহান আৰু শিল্পা ৰাৱে সংগীতানুষ্ঠান পৰিবেশন কৰিব।

৭. জ্যোতিৰূপাৰ উদ্যোগত ৰবীন্দ্ৰ ভৱনত আৰম্ভ হৈছে ৩৫তম বাৰ্ষিক উত্তৰ-পূৱ একাংক নাট প্ৰতিযোগিতাৰঃ উদ্বোধনী অনুষ্ঠানত স্মৃতিগ্ৰন্থ "জ্যোতিৰূপা" উন্মোচন কৰিলে বিশিষ্ট সাংবাদিক কনকসেন ডেকাই।

৮. কালি ২৫ জানুৱাৰী দিনটো পালিত হ'ল ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৰূপেঃ ভোটদান গণতন্ত্ৰৰ বাবে কিমান প্ৰয়োজনীয় তাৰ বাবে নাগৰিক সকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ পালিত হোৱা এই দিৱস গুৱাহাটীতো পালিত হয়, ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰ প্ৰদান কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰিলে ৰাজ্যৰ ৰাজ্যপাল জে বি পাটনায়কে।

৯. অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিবেশনৰ সৈতে সংগতি ৰাখি অহা ৩১ জানুৱাৰীৰ পৰা ছয়দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব মামণি ৰয়ছম গোস্বামী সোঁৱৰণী গ্ৰন্থ উতসৱঃ নেশ্বনেল বুক ট্ৰাষ্টৰ সহযোগত খানাপাৰাৰ ভেটেনেৰী কলেজ খেলপথাৰত এই গ্ৰন্থ মহোতসৱ উদ্বোধন কৰিব অসমৰ কৃষি মন্ত্ৰীয়ে।

১০. দেশৰ বিভিন্ন প্ৰান্তৰ বুদ্ধিজীৱী, শিক্ষাবিদ, গৱেষক, ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অহা ১২-১৩ জুলাইত গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত হৈছে "উত্তৰ-পূৱ ভাৰতৰ গণ মাধ্যমঃ প্ৰত্যাশা আৰু প্ৰত্যাহ্বান" শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ। যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত আয়োজিত হব এই আলোচনাচক্ৰ।

No comments:

Post a Comment