পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. বৰেণ্য অসমীয়া বিজ্ঞানী ডঃ জীতেন্দ্ৰনাথ গোস্বামীলৈ "বৰ্ষশ্ৰেষ্ঠ অসমীয়া" বঁটা প্ৰদান কৰিলে নিউজ লাইভেঃ টিভি চেনেলটোৰ ষষ্ঠ বৰ্ষপূৰ্তিত আয়োজিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰে, গুৱাহাটীত।

২. অসমীয়া কাব্য জগতৰ অন্যতম এগৰাকী শক্তিশালী কবি ৰবীন্দ্ৰ সৰকাৰলৈ আগবঢ়োৱা হৈছে ২০১৩ বৰ্ষৰ সাহিত্য একাডেমি বঁটাঃ শেহতীয়া কাব্য সংকলন "ধূলিয়ৰী ভৰিৰ সাঁচ" নামৰ কাব্যগ্ৰন্থখনৰ বাবেই ৬০ৰ দশকৰ পৰা অসমীয়া কাব্য সাহিত্যলৈ বৰঙণি যোগাই অহা কবি গৰাকী এই বঁটা আগবঢ়োৱা হৈছে।

৩. গুৱাহাটী মহকুমা নিয়ন্ত্ৰিত বজাৰ সমিতিয়ে ১৮-২৪ জানুৱাৰীলৈকে পালন কৰিছে "ধান ক্ৰয় সপ্তাহ": ইতিমধ্যে অসম ৰাজ্যিক কৃষি-সামগ্ৰী বিপণন পৰিষদে "খাৰিফ বিপণন বতৰ"ৰ অধীনত ১৫ডিচেম্বৰৰ পৰাই ৰাজ্যৰ বিভিন্ন ৪০টা কেন্দ্ৰৰ জৰিয়তে কৃষকৰ পৰা গুণগত মান সম্পন্ন ধান ক্ৰয় কৰা কাৰ্যসূচী চলাই থকাৰ সুখৰ খবৰ।

৪. এইবাৰ অসমীয়াতো মুকলি হ'ল নজৰুল গীতিঃ বাংলাদেশৰ জাতীয় কবি নজৰুল ইছলামৰ গীতৰ ভিডিঅ' এলবাম অসমীয়াত প্ৰস্তুত কৰি মুকলি কৰিলে ৰণদীপ প্ৰডাকচন, লণ্ডনে। আপুৰুগীয়া এই এলবামটি গুৱাহাটীত মুকলি কৰিলে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ আয়ুক্ত স্বপ্ননীল বৰুৱাই। 
৫. বাংলীপাৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ ৩০ সংখ্যক অধিৱেশন সফলতাৰে হ'ল সম্পন্নঃ "সামাজিক মূল্যবোধৰ মনোজ্ঞ আলোচনা" শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ লগতে "নাম নিৰ্মালী" শীৰ্ষক স্মৃতিগ্ৰন্থও হ'ল উন্মোচিত।

৬. বিহপুৰীয়াৰ বৰবালিত অনুষ্ঠিত হ'ল শতাধিক শিশুক সামৰি এক শিশু নাট কৰ্মশালাৰঃ অহা ২৮ জানুৱাৰীত বংশীবদন নাট্য সমাজৰ প্ৰেক্ষাগৃহত শিশুসকলে মঞ্চস্থ কৰিব লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আধাৰত ৰচিত নাট "চম্পাৱতী"।

৭. অহা ১-৯ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হব লগা ক'লা ঘোঁৰা কলা মহোতসৱত প্ৰদৰ্শনৰ বাবে মনোনীত হৈছে চাৰিখনকৈ অসমীয়া চিনেমাঃ জাহ্নু বৰুৱাৰ "অজেয়"কে ধৰি আন তিনিখন ছবি হৈছে "অদম্য","শৃংখল" আৰু "পানী"।

৮. বানে ধোৱা মাটিত সেউজ আন্দোলন গঢ়ি তোলা মৰিগাঁৱৰ জীৱন-জেউতি যুৱ সংঘলৈ ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ে আগবঢ়াইছে ২০১৩-১৪ বৰ্ষৰ শ্ৰেষ্ঠ যুৱ বঁটাঃ জিলা ভিত্তিক যুৱ সমাৰোহৰ আয়োজন কৰি নেহৰু যুৱ কেন্দ্ৰই এই বঁটা প্ৰদান কৰাৰ লগতে ৫৬টা সংঘলৈ খেলৰ সামগ্ৰীও বিতৰণ কৰে।

৯. অহা ২৯ আৰু ৩০ জানুৱাৰীত গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰত কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ সৌজন্যত অনুষ্ঠিত হব "ৰোজগাৰ মেলা-২০১৪": ৰাজ্য চৰকাৰৰ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ে আয়োজন কৰা এই নিয়োগ মেলাত দেশৰ প্ৰায় ৬০টা প্ৰতিষ্ঠানে অংশ লব বুলি জানিব পৰা গৈছে।

১০. আজিৰে পৰা মাজুলীৰ আউনিআটী সত্ৰত আৰম্ভ হৈছে ভাওনা সমাৰোহঃ এহেজাৰ শিশুৱে শিশুপালৰ ৰূপত অভিনয় কৰি সমাৰোহ খনিৰ উদ্বোধনী অনুষ্ঠানত কৰি তুলিছে বৰ্ণিল।

১১. নলবাৰীত উন্মোচিত হ'ল "মামৰে ধৰা তৰোৱালঃ এক বিশ্লেষণ" শীৰ্ষক গ্ৰন্থঃ এই গ্ৰন্থত ডঃ ভাৰতী ভট্টচাৰ্যই মামণি ৰয়ছম গোস্বামীৰ জনপ্ৰিয় উপন্যাসখনিক গভীৰ বাবে এক বিশ্লেষণ কৰা প্ৰয়াস কৰিছে।

১২. নলবাৰীৰ পৰা প্ৰকাশিত ক্ষুদ্ৰ আলোচনী "গজালি"ৰ তৰফৰ পৰা ২০১৩ বৰ্ষৰ "গজালি কাব্য বঁটা" আগবঢ়োৱা হৈছে বিশিষ্ট সাহিত্যিক কৃৰ্তি শিক্ষক তথা কবি অশ্বিনী কুমাৰ শৰ্মালৈ। অহা ২৬ জানুৱাৰীত এই বঁটা প্ৰদানৰ বাবে আয়োজিত হৈছে এক অনুষ্ঠানৰ।

১৩. যোৱা ১৯ জানুৱাৰীত গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত প্ৰশাসনিক বিষয়া তথা কবি পৱন কুমাৰ বৰঠাকুৰৰ চতুৰ্থ কাব্য সংকলন "প্ৰেম ভালপোৱা আৰু অসংবৃত জীৱন" উন্মোচন কৰিলে সাহিত্য অকাডেমী বঁটাপ্ৰাপক কবি হীৰেন্দ্ৰ নাথ দত্তই।

১৪. গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত চলি আছে তৃতীয় ৰাষ্ট্ৰীয় শিশু নাট মহোতসৱঃ গুৱাহাটী শিশু নাট্য বিদ্যালয়ে আয়োজন কৰা এই মহোতসৱত আজি সন্ধিয়া মঞ্চস্থ হব "কিমান আৰু ক্লিক ক্লিক" নামৰ নাটকখনি।

১৫. অহা ১০ ফেব্ৰুৱাৰীত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হব অসম বিধান সভাৰ পাঁচ দিনীয়া বাজেট অধিবেশনঃ অনাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী বিধিৰ মানি পূৰ্ণাংগ বাজেট উত্থাপন কৰিব নোৱাৰিব ৰাজ্য চৰকাৰে, ইয়াৰ পৰিবৰ্তে ১৩ ফেব্ৰুৱাৰীত দাখিল কৰিব লেখানুদান। 

১৬. গণতন্ত্ৰ দিৱসৰ প্ৰাক্-ক্ষণত দিল্লীৰ উপৰাজ্যপালে কৰিলে হস্তক্ষেপ, বাধ্যতামূলক ছুটীত পঠালে ন্যায়িক তদন্তৰ সন্মুখীন হোৱা আৰক্ষী বিষয়াকঃ দিল্লী চৰকাৰৰ মন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ ধৰ্ণাৰ পৰিল সামৰণি। 

১৭. জ্যোতিৰূপাৰ ৩৫তম উত্তৰ পূৰ্বাঞ্চল একাংক নাট প্ৰতিযোগিতাখনি অহা ২৫-৩০ জানুৱাৰীলৈ অনুষ্ঠিত হব গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত।

No comments:

Post a Comment