পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. সমন্বয়ৰ বাণীৰে শতাধিক কবিৰ কবিতাৰে তেজপুৰ গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হ'ল বহুভাষিক কবি সন্মিলনঃ  অসমীয়া, বড়ো, বাংলা, নেপালী, হিন্দী, মৈমনচিঙীয়া, ছাদ্ৰী ভাষাত কবিতাৰ চৰ্চা কৰা কবি সকলে কবিতাৰ জৰিয়তে সমাজৰ বিভিন্ন দিশৰ কৰিলে প্ৰতিফলন। 

২. উত্তৰ পূৰ্বাঞ্চলত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্পসমূহৰ বাবে গঠিত হব মনিটৰিং কমিটিঃ আঠোখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠক ভাগ ললে পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ মণ্টেক সিং আহলুৱালিয়াই। প্ৰধান মন্ত্ৰীক সমুখত লৈ বগীবিল দলঙ ২০১৬ চনৰ ভিতৰতে সম্পন্ন কৰা হব বুলি কৰিলে ঘোষণা। শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথ, মেঘালয়, মণিপুৰ, মিজেৰাম সংযোগী ৰেলপথ, মুৰ্কংচেলেকলৈ ব্ৰডগজ সেৱাকে ধৰি কেইবাটাও ৰেল বিভাগৰ প্ৰকল্পৰো কৰিলে পৰ্যালোচনা। অসমত ইষ্ট-ৱেষ্ট কৰিডৰৰ কাম তথা অঞ্চলটোৰ পৰা ৫৫,৫৬১ মেগাৱাট বিজুলী শক্তি উতপাদনৰ বিষয়েও বৈঠকত লাভ কৰিলে গুৰুত্ব।

৩. আন্তৰ্জাতিক সাৰ্বজনীন স্বাস্থ্য আঁচনি ভাৰতবৰ্ষত উত্তৰ-পূৰ্বাঞ্চলতে পাইলট প্ৰকল্পৰ ৰূপত প্ৰথমে ৰূপায়ণ কৰা হব বুলি প্ৰকাশ কৰিলে  পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ মণ্টেক সিং আহলুৱালিয়াই।

৪. "বত্তামীজ দিল" শীৰ্ষক গীতৰ বাবে শ্ৰেষ্ঠ প্ৰগ্ৰামিঙৰ বাবে জিমা (GIMA) বঁটা লাভ কৰিলে অসমীয়া সংগীত ব্যৱস্থাপক ধ্ৰুৱজ্যোতি ফুকনেঃ কালি এক বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা ফুকন দেৱক প্ৰদান কৰাৰ সুখৰ খবৰ।

৫. নলবাৰীৰ চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদৰ উদ্যোগত সফল ভাৱে আয়োজিত হ'ল জন্মেজয় বৰ্মন সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰঃ ৰাজ্যখনৰ তেৰটা দলে অংশ লোৱা প্ৰতিযোগিতাত নলবাৰীৰ পানীগাঁৱৰ সমন্বয় ক্ষেত্ৰই মঞ্চস্থ কৰা নাটক "অপ্ৰত্যাশিত"ই শ্ৰেষ্ঠ নাটৰ খিতাপ লাভ কৰে। শ্ৰেষ্ঠ অভিনেতা, অভিনেত্ৰী ৰূপে বৰপেটাৰ "পোহৰ" নাট্যদলৰ নিতুল পাটোৱাৰী আৰু দীপা দাসে স্বীকৃতি লাভ কৰে।

৬. গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভঃ বৰপেটাৰ বি এইচ কলেজত ইয়াৰ শুভাৰম্ভ হয়।  খেল সমূহ বৰপেটাৰোড ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ সুখৰ খবৰ।

৭. ধেমাজিৰ কাছাৰী ময়দানক ৰাজহুৱা কামৰ বাবে মুকলি কৰি দিবলৈ ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ ৰায়দান কৰি নিৰ্দেশ জাৰি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়েঃ উল্লেখযোগ্য যে ২০০৪ চনত হোৱা স্বাধীনতা দিৱসৰ পেৰেডত ধেমাজি কলেজৰ খেলপথাৰত হোৱা বিস্ফোৰণৰ পাছৰ পৰাই এই খেলপথাৰ খনক প্ৰশাসনে মাত্ৰ গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস পাতিবৰ বাবে পুলিচৰ জিম্মাতে বছৰ বছৰ ধৰি বন্দী কৰি ৰাখিছিল।

৮. ধিঙত অহা ২৯-৩১ জানুৱাৰীলৈকে আয়োজিত হৈছে গ্ৰন্থমেলাঃ সামাজিক-সাংস্কৃতিক গোষ্ঠী ভেনাচ গ্ৰুপ আৰু জ্যোতিশিখা সংঘৰ যৌথ উদ্যোগত আয়োজিত হোৱা এই গ্ৰন্থমেলাতে আয়োজিত গৈছে আলোচনাচক্ৰও।

৯. অহা ২৩ জানুৱাৰীত গোলাঘাট পৌৰসভাই গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগহত প্ৰদান কৰিব গোলাঘাট জ্যোতি বঁটাঃ মুখ্যমন্ত্ৰীয়ে এই বঁটা প্ৰদান কৰিব সমাজ জীৱনলৈ যোগোৱা অৰিহণাৰ বাবে সমাজকৰ্মী উমেশ লহকৰক।

১০. নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলক একত্ৰিত কৰাৰ লক্ষ্যৰে জিলাখনত "নগাঁও ডিষ্ট্ৰিক্ট প্ৰিণ্ট মিডিয়া এছ'চিয়েছনে" গঢ়ি  তোলাৰ বাবে আৰম্ভ কৰিছে প্ৰস্তুতিঃ মিডিয়া ট্ৰাষ্টৰ কাৰ্যবাহী ন্যাসৰক্ষী ডঃ আবু হানিফাই এই উদ্দেশ্যে অনুষ্ঠিত প্ৰতিনিধিত্বমূলক সভাত পৌৰোহিত্য কৰে।


১১. ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু ধেমাজি সাংস্কৃতিক কেন্দ্ৰ সহযোগত গণতন্ত্ৰ দিৱস উপলক্ষে মঞ্চস্থ হব "চন্দ্ৰকান্ত": নাটকখনিৰ নাট্যকাৰ হেমন্ত বৰপাত্ৰগোহাঁই আৰু পংকজ চেতিয়াৰ পৰিচালনাত এই নাট ২৬জানুৱাৰীৰ সন্ধিয়া ৬-৩০ বজাৰ পৰা ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হব।

১২. দৰঙৰ বোনমাঝা সাহিত্য সভাই উদযাপন কৰিলে ৰূপালী জয়ন্তীঃ মুলি সভাত অংশ গ্ৰহণ কৰি কৰি অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহ দেৱে ক'লে- "সত কৰ্মৰ বাবে কাৰো নিৰ্দেশৰ প্ৰয়োজন নাই"।

১৩. কোম্পানীৰ ফেক্টৰী চৌহদত  অসমীয়া ভাষা ব্যৱহাৰ কৰিলে জৰিমনাৰ ব্যৱস্থা কৰি জনৰোষৰ সন্মুখীন হোৱা অমৃত চিমেণ্ট নামৰ কোম্পানীটোৱে  অৱেশেষত সংবাদ মেল পাতি ৰাজহুৱাকৈ কৰিলে ক্ষমা প্ৰাৰ্থনাঃ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈছিল এই সংবাদমেল।

১৪. এইবাৰ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ডঃ ৰঘুৰাম ৰাজনৰ স্বাক্ষৰ সম্বলিত তথা টকাৰ নতুন প্ৰতীক থকা নতুন পাঁচশ টকীয়া নোট ৰিজাৰ্ভ বেংকে কৰিলে মুকলিঃ ২০১৩ বৰ্ষটোও এই ছিৰিজৰ নোটত ছপা থাকিব বুলিও ৰিজাৰ্ভ বেংকে বিজ্ঞপ্তি যোগে প্ৰকাশ কৰিছে।

১৫. অৱশেষত এনডিএফবি সংবিজিত গোটৰ সদস্যক মষ্ট ৱাণ্টেড ঘোষণা কৰিলে অসম আৰক্ষীয়েঃ ১৫ জন শীৰ্ষ নেতাৰ খবৰৰ বাবে ঘোষিত হ'ল ৯৫ লাখ টকাৰ পুৰস্কাৰ।

No comments:

Post a Comment