পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আগৰতলাত অনুষ্ঠিত ৫৯সংখ্যক ৰাষ্ট্ৰীয় স্কুল গমছ ১৭ বছৰ অনুৰ্ধ ল'ৰাৰ ফুটবলত অসম দলে মণিপুৰক পৰাস্ত কৰি হ'ল চেম্পিয়নঃ ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ ৰূপে বিবেচিত হল অসম দলৰ মৃছুকা নাৰ্জাৰী।

২. গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া চৌহদৰ কাজিৰঙা প্ৰেক্ষাগৃহত আৰম্ভ হ'ল ৭৪তম ভাৰতীয় ৰোড কংগ্ৰেছৰ অধিবেশনঃ এই ৰাষ্ট্ৰীয় অধিবেশনখন উদ্বোধন কৰিলে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী সৰ্বে সত্যনাৰায়ণে। কেইবাখনো কাৰিকৰী আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ লগতে দেশী-বিদেশী প্ৰতিষ্ঠানে আধুনিক যুগত পথ নিৰ্মাণৰ বিভিন্ন প্ৰযুক্তি তথা আহিলাৰ এক প্ৰদৰ্শনীৰো আয়োজন কৰিছে।

৩. গোলাঘাটৰ মেৰাপানীত অহা ২২-১৪ জানুৱাৰীত অনুষ্ঠিত হব বড়ো সাহিত্য সভাৰ ৫৩তম বাৰ্ষিক অধিবেশনঃ ২৭০খন বিপনীৰে গ্ৰন্থমেলা,  বিভিন্ন প্ৰদৰ্শনী, প্ৰতিনিধি সভা, স্মৃতিগ্ৰন্থ উন্মোচনী, বড়ো সাহিত্যৰ পুথি উন্মোচনী, ৰাংচাৰ সাহিত্য বঁটা-২০১৩, সোমেশ্বৰী ব্ৰহ্ম সাহিত্য বঁটা-২০১৩, মানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম সাংস্কৃতি বঁটা প্ৰদানৰ লগতে আয়োজিত হৈছে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰো। মুকলি সভা উদ্বোধন কৰিব মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে, বিশেষ অতিথিৰূপে ভাগ লব অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহে।

৪. সাহিত্যিক পেঞ্চনাৰ তথা সাংবাদিক ধেমাজিৰ উমেশ চেতিয়ালৈ আগবঢ়োৱা হৈছে ২০১৪ বৰ্ষৰ "গোলোক ৰায়মেধি স্মাৰক কৰ্মযোগী বঁটা": অহা দহ এপ্ৰিলত গুৱাহাটী প্ৰেছ ক্লাৱত এই বঁটা প্ৰদান কৰিব। সত্ৰাধিকাৰজনৰ ৫২তম মৃত্যুদিৱস কালি গুৱাহাটীৰ হাতীগাঁৱত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।

৫. ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোতসৱত অসমীয়া ছবি "অদম্য"ই জিনিলে "স্পিৰিছুৱেল" শিতানত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মানঃ প্ৰথম খন ছবিৰেই এই সন্মান বুটলিলে নৱাগত পৰিচালিকা ববী শৰ্মা বৰুৱাই।

৬. তেজপুৰত অনুষ্ঠিত হ'ব অসমীয়া সাহিত্য সন্মিলনীৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশনঃ তেজপুৰ অধিবেশনখনি অহা বছৰ মাঘ বিহুৰ পৰ্বেই ঐতিহাসিক জয়মতী বাকৰিত অনুষ্ঠিত কৰাৰ বাবে গঠন কৰা হৈছে এখন শক্তিশালী অভ্যৰ্থনা সমিতি।

৭. অতি শীঘ্ৰেই অসমত ৰাজ্য ভাষা আইন কাৰ্যকৰী কৰাৰ দাবী তুলিলে অসম সাহিত্য সভাইঃ মহানগৰীৰ বিভিন্ন প্ৰতিষ্ঠানৰ ইংৰাজী-হিন্দী ভাষাৰ বেনাৰ পোষ্টাৰত ক'লা ৰং সানি ব্যতিক্ৰমী প্ৰতিবাদ কৰিলে সাহিত্য সভাৰ বিষয়-ববীয়াই।

৮. তেজপুৰ গ্ৰন্থমেলালৈ পাঠক লেখকে দিছে বিপুল সহাঁৰিঃ বড়ো ভাষাৰ গ্ৰন্থ "ফেলেংগী চাওগাড়ী"ৰ বাবে যুৱ সাহিত্য অকাডেমি বঁটা লাভ কৰা চামচুমৈ খুংগ্ৰী বসুমতাৰীয়ে অংশগ্ৰহণ কৰিলে অন্তৰংগ আলাপত। উন্মোচিত হ'ল নাৰায়ণ গোস্বামীৰ "বসুন্ধৰাক ভালপাওঁ বাবে", নগেন চন্দ্ৰ শৰ্মা, বীৰেন্দ্ৰ চন্দ্ৰ শৰ্মা আৰু মামণি শৰ্মাৰ "কুঞ্জ বৰ্ণালী", ৰূপেশ্বৰ বৰুৱাৰ "পত্ৰ দস্তাবেজ জীৱনৰ" আৰু ডঃ দোলন কোঁৱৰৰ "বিহুগীতঃ এক অৱলোকন" শীৰ্ষক চাৰিখনকৈ গ্ৰন্থ ।

৯. কামৰূপ জিলা চৰ-চাপৰি সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনখনি অহা ২৮-৩০ মাৰ্চত অনুষ্ঠিত কৰাৰ বাবে চলিছে বিস্তৃত আয়োজনঃ এই উপলক্ষে এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ বাবেও গ্ৰহণ কৰিছে উদ্যোগ।

১০. বিগত ২০১০ চনত ইউৰোপ আৰু তাৰ আশেপাশে থকা গীৰ্জা সমূহত বলাতকাৰ আৰু শিশুক যৌন নিৰ্যাতনৰ অপৰাধত পোপে দুবছৰত ৩৮৪জন ধৰ্মযাজকক বহিস্কাৰ কৰিছেঃ এই তথ্য ভেটিকান চিটীৰ পৰিসংখ্যাৰ পৰা সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে।

১১. আমেৰিকাৰ সৰ্বোচ্চ শিক্ষকতাৰ সন্মান "ৰবাৰ্ট ফষ্টাৰ চেৰী বঁটা"ৰ বাবে নিৰ্বাচিত হৈছে ভাৰতীয় মূলৰ মাৰ্কিন অধ্যাপিকা ডঃ চন্দ্ৰশেখৰঃ তেখেত বৰ্তমান মিছৌৰি বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান আৰু জ্যোতি বিজ্ঞানৰ অধ্যাপক ৰূপে কৰ্মৰত হৈ আছে।

১২. পাঠশালাত কলিতা জনগোষ্ঠীৰ সন্মিলনৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে চলিছে প্ৰস্তুতিঃ অহা ৩০-৩১ জানুৱাৰীত হব লগা এই অধিবেশনতে "অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ  আত্ম-পৰিচয়ৰ সংকট" শীৰ্ষক আলোচনাচক্ৰও হৈছে আয়োজিত।

১৩. ডেৰাডুনত অনুষ্ঠিত ইউনিভাৰ্ছেল ৰংগ মহোতসৱত নুমলীগড়ৰ ঝংকাৰ কলা কেন্দ্ৰৰ সাফল্যঃ নৃত্যশিল্পী পূজা বৰদলৈয়ে অৰ্জন কৰিলে জুনিয়ৰ শ্ৰেষ্ঠ কৰিঅ'গ্ৰাফাৰৰ ৰাষ্ট্ৰীয় বঁটা।

১৪. বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভাত প্ৰস্তাৱ গ্ৰহণ, অনুপ্ৰৱেশৰ সমস্যা সমাধান নোহোৱালৈ অসমৰ ভূমি বাংলাদেশলৈ হস্তান্তৰৰ কৰিব বিৰোধিতাঃ হিন্দু বাংলাদেশীক শৰণাৰ্থী ৰূপে গণ্য কৰাৰো ৰাখিলে প্ৰস্তাৱ।

১৫. আজিৰ পৰা গুৱাহাটীৰ জজ খেলপথাৰত আৰম্ভ হৈছে মিডিয়া টি-২০ প্ৰতিযোগিতাঃ আজি প্ৰতিযোগিতাখন উদ্বোধন কৰিছে ক্ৰীড়ামন্ত্ৰী অজিত সিঙে, অংশগ্ৰহণ কৰিব ১৪ টা সংবাদগোষ্ঠীয়ে।

No comments:

Post a Comment