পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱসত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী তথা সংগঠন সমূহৰ উদ্যোগত পালিত হৈছে শিল্পী দিৱসঃ ধুবুৰীত কেন্দ্ৰীয়ভাৱে আয়োজিত হৈছে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় জ্যোতি দিৱস। গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত জীৱনৰাম-মুংগীদেৱী গোৱেংকা চেৰিটেৱল ট্ৰাষ্ট আৰু জি এল পি ছ'চিয়েল চাৰ্কোলৰ উদ্যোগত আয়োজিত হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰ।
আজি শুভমুক্তি লভিছে অসমীয়া কথাছবি "চিঞৰ"য়েঃ
কালি অনুষ্ঠিত বিশেষ দৰ্শনীত দৰ্শকে উচ্চ প্ৰশংসা কৰা বুলি জানিব পৰা গৈছে।
২. আজি বিশিষ্ট শিল্পী নুৰুল হক আৰু ৰাজেশ্বৰ বৰদলৈক প্ৰদান কৰা হব "শিল্পী বঁটা-২০১৪": অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ৰূপকোঁৱৰৰ স্মৃতিত প্ৰবৰ্তন কৰা এই বঁটা আজি সন্ধিয়া ৰবীন্দ্ৰ ভৱনত পূৰ্বাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰ, ক'লকাতাৰ সহযোগত  হব লগা বৰ্ণাঢ্য কাৰ্যসূচীতে প্ৰাদন কৰিব ৰাজহ মন্ত্ৰী পৃথিৱী মাঝিয়ে।

৩. অসমৰ নতুন প্ৰজন্মক তথা ৩৫বছৰ বয়সৰ অনুৰ্ধৰ যুৱক-যুৱকী প্ৰতিভা বিকাশৰ বাবে বিশেষ অনুষ্ঠান "ৰামধেনু" কেন্দ্ৰীয়ভাৱে ধুবুৰীৰ গৌৰীপুৰত অনুষ্ঠিত হয়ঃ কেন্দ্ৰীয় নেতৃত্বৰ অংশগ্ৰহণে অঞ্চলটোৰ নতুন প্ৰজন্মকো ভাষা-সাহিত্য চৰ্চাৰ বাবে প্ৰেৰণা যোগাইছে।

৪. বৰমাত পালিত হ'ল বৰমা শাখা সাহিত্য সভাৰ সোণালী জয়ন্তীঃ এই উপলক্ষে প্ৰকাশ কৰা মুখপত্ৰ "তৰংগিনী" উন্মোচন কৰিলে বিশিষ্ট সাহিত্যিক সমালোচক ডঃ গোবিন্দ প্ৰসাদ শৰ্মাই।

৫. ঢেকীয়াজুলিত ব্যতিক্ৰমী বিচিত্ৰানুষ্ঠান "শ্যামলী বনত শীতৰ উজাগৰী এনিশা" আয়োজন কৰি আদৰিলে নৱবৰ্ষকঃ উন্মোচিত হ'ল শিশু গীতৰ শ্ৰব্য কেছেট "এমুঠি তৰাৰ জিলিকনি", সমবেত গীতত অংশ ললে ডেৰকুৰি বোৱাৰী আৰু বয়োজ্যেষ্ঠ লোকে ভাগ লোৱাৰ সুখৰ খবৰ।

৬. আজিৰে পৰা আৰম্ভ হৈছে জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীঃ ১৭-১৯ জানুৱাৰীলৈকে তিনিদিনীয়াকৈ এই শিক্ষাৰ মন্দিৰৰ সোণালী জয়ন্তীত সাংস্কৃতিক শোভাযাত্ৰা, "কুৰুক্ষেত্ৰ মহাসমৰ" ভাওনা আদি কাৰ্যসূচীও হৈছে আয়োজিত।

৭. নেহৰুবালিত হোৱা ভোগালী বিহু উতসৱৰ চতুৰ্থ দিনা পুৰণিগুদামৰ কলং কলা-কেন্দৰৰ প্ৰতিষ্ঠাপক, ভাস্কৰশিল্পী চিত্তৰঞ্জন বৰাক প্ৰদান কৰা হয় হীৰেন ভট্টাচাৰ্য বঁটাঃ বঁটা প্ৰদান কৰিলে চিন্তাবিদ ডঃ শিৱনাথ বৰ্মনে।

৮. সংগীত নাট একাডেমীৰ সত্ৰীয়া কেন্দ্ৰৰ উদ্যোগত আৰু বৰপেটা সত্ৰ আৰু শংৰদেৱ কলাক্ষেত্ৰ, বৰপেটাৰ সহযোগত অহা ১৯-২১ জানুৱাৰীত ষষ্ঠ সত্ৰীয়া সংগীত সমাৰোহৰ আয়োজন কৰিছেঃ সত্ৰীয়া সংগীতৰ শৈলীক উজলাই তোলা এই উতসৱ উন্মোচন কৰিব প্ৰখ্যাত শিল্পী সত্যকৃষ্ণ মিশ্ৰদেৱে।

৯.  অসম সাহিত্য সভাৰ উদ্যোগত আৰু চাপৰ শাখা সাহিত্য সভাৰ সহযোগত জননেতা শৰত সিংহৰ স্মৃতিত অনুষ্ঠিত হ'ল ইমৰাণ শ্বাহদেৱৰ সভাপতিত্বত এক স্মৃতিচাৰণ সভাঃ উন্মোচিত হ'ল "কপোত নীড়" নামৰ স্মৰণিকাৰো।

১০. কাৰ্নেগী মেলন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ভাৰতীয় মূলৰ মাৰ্কিন বিজ্ঞানী সুব্ৰা সুৰেশ চীনৰ সন্মানীয় চাইনিজ একাডেমী অৱ চায়েঞ্চলৈ বিদেশী সদস্য ৰূপে নিৰ্বাচিত হৈ ইতিহাস সৃষ্টি কৰিছেঃ চেন্নাইত জন্মলাভ কৰা বিজ্ঞানী জনে "নেন' মেকানিকেল চেল গাঁথনি" ক্ষেত্ৰৰ গৱেষণালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেই তেখেতক এই সদস্য পদেৰে সন্মান জনোৱা হৈছে।


১১.  চল্লিশ বছৰে কৰা অকৃত্ৰিম সেৱাত সন্তোষ লভি ৰাজকোটৰ কংগ্ৰেছী নেতা গজৰাজ সিঙ জাদেজাই মৃত্যুৰ সময়ত জীৱনৰ সমস্ত আৰ্জন ৬০০কোটি টকাৰ সম্পত্তি তেওঁৰ ভৃত্য বিনুভাই জয়পালৰ নামত দান কৰি যোৱাৰ তথ্যই লাভ কৰিলে সংবাদ শিৰোনামা।

১২. ডিফুত ইমৰাণ শ্বাহ দেৱে উন্মোচন কৰিলে লেখক নৰেন দত্তৰ গল্প সংকলন "দৰদী আত্মা": ডিফুৰ সিংহাসন হোটেলত হোৱা এই অনুষ্ঠানত উন্মোচিত হোৱা গল্প সংকলনখনিৰ প্ৰকাশক এম আৰ এইচ প্ৰকাশন।

১৩. বৃন্দাবনত পৰিণত নলবাৰীৰ ঐতিহ্যপূৰ্ণ শ্ৰী শ্ৰী জয়হৰি পিতাৰ থানঃ ১০৮টি কৃষ্ণৰ ৰূপত চাবলৈ বিগত কুৰি বছৰৰ দৰেই গৰখীয়া সেৱাৰ অনুষ্ঠান  চাবলৈ সমবেত হ'ল হাজাৰ হাজাৰ ভক্ত।

১৪. নিবিদা সংক্ৰান্তীয় গোচৰত গ্ৰহণ কৰা পক্ষপাতদুষ্ট ভূমিকাৰ বাবে শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অজিত বৰদলৈক গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়েঃ জিলা পৰিষদৰ সভানেত্ৰীকো সোঁ-শৰীৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰাৰ দিলে নিৰ্দেশ।

১৫. নদীদ্বীপ মাজুলীৰ শ্ৰীশ্ৰী আউনিআটী সত্ৰত অহা ২২ জানুৱাৰীৰ পৰা অনুষ্ঠিত হব ভাওনা সমাৰোহঃ সামাজিক সচেতনতা, ডাইনী হত্যাৰ বিৰুদ্ধে আৰু আধ্যাত্মিক চিন্তা প্ৰসাৰৰ উদ্দেশ্যেই এই সমাৰোহৰ আয়োজন কৰা বুলি সংবাদ মাধ্যমক জনালে সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী।

১৬. নলবাৰী সোনেকুছি গাঁৱত ভাগৱত ফুৰোৱাত গ্ৰন্থখন মেৰিওৱা গামোচা এখন নিলামত ক্ৰয় কৰিলে ৪১,৫০০ টকাতঃ লোকবিশ্বাস অনুসৰি এই গামোচাখন ৰাখিলে ঘৰত অপায় অমংগল দূৰ হয় বুলি মাঘৰ বিহুৰ এই বিশেষ গামোচাখন এইদৰে নিলামত বিক্ৰী কৰাৰ ব্যৱস্থা কৰি আহিছে।

No comments:

Post a Comment