পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ব্যাস সংগীতৰ ওজা বীৰেন্দ্ৰ শৰ্মালৈ বকুল বন বঁটাঃ বিশিষ্ট লোকশিল্পী, দৰঙী কলা-কৃষ্টিৰ বিশিষ্ট সাধক জনলৈ বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতিত আগবঢ়োৱা বাৰ্ষিক বঁটা আগবঢ়োৱাব বুলি জনাইজে বকুল বন ন্যাসে।
ভোগালি বিহু উপলক্ষে মৰিগাঁৱৰ আঁহতগুৰিত মহ যুঁজৰ দৃশ্য
আলোকচিত্ৰঃ বিক্ৰমজিত কাকতি
২. অহা ৭ ফেব্ৰুৱাৰীত অসমৰ ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে অনুষ্ঠিত হব নিৰ্বাচনঃ ২১ জানুৱাৰীত জাৰি হব জাননী, মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হব ২৮ জানুৱাৰী।

৩. অহা ১০ ফেব্ৰুৱাৰীত বিধান সভা অধিবেশনঃ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী বিধি প্ৰয়োগ হোৱাৰ আগে আগে পাছ কৰিব লগীয়া লেখানুদান পাছ কৰাৰ বাবে ৰাজ্য চৰকাৰে আহ্বান কৰিছে  এদিনীয়া এই অধিবেশনৰ।

৪. কাইলৈৰ পৰা তেজপুৰ গ্ৰন্থমেলাঃ তেজপুৰ সাহিত্য সভাৰ সৌজন্যত আৰু জিলা প্ৰশসনৰ সহযোগত আয়োজিত এই গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন কৰিব সাহিত্যিক অৰূপা পটংগীয়া কলিতাই।

৫. ভোগালী বিহুত পৰম্পৰাগত খেল-ধেমালিয়ে মুহিলে হাজাৰ হাজাৰ লোকৰ মনঃ মৰিগাঁৱৰ আঁহতগুৰিত ৰণত নামিল ৪০হাল গোনা ম'হ, তীৰ্থ নগৰী হাজোত ৭ঘণ্টা ধৰি চলিল ৫ শতাধিক বুলবুলি চৰাইৰ তয়াময়া যুঁজ, শিৱসাগৰৰ ৰংঘৰৰ বাকৰিতো বৰ্ণিল আয়োজন, ডিব্ৰুগড়তো আকৰ্ষণীয় কুকুৰা যুঁজে ৰঙ চৰালে ভোগালী বহু উদযাপনৰ।

৬. অহা ফেব্ৰুৱাৰী মাহৰ পৰা অসমত প্ৰবৰ্তন হব খাদ্য সুৰক্ষা আইনঃ কেন্দ্ৰীয় চৰকাৰৰ লোকপাল আইনৰ আধাৰত অচিৰেই অসমতো লোকায়ুক্তৰ নিযুক্তি দিব বুলি ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে।

৭. অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলাঃ বৰ্তমানৰ গোভা ৰজা দীপসিং দেউৰজাই পৰম্পৰাগত এই মেলাৰ আয়োজন কৰিছে। জোনবিল মেলাত পাহাৰৰ মামা-মামী সকলে ভৈয়ামৰ লোক সকলৰ সৈতে বিনিময় প্ৰথাক পুনৰ উজ্জীৱিত কৰিবহি এই মেলাতে। সমূহীয়া মাছমৰা, গোভা ৰজাৰ ৰাজদৰবাৰ আদিৰ লগতে আয়োজিত কাৰ্যসূচী চাবলৈ অতিথি ৰূপে অসম চৰকাৰৰ মুখ্য সচিব জীতেশ খোচলা, কেইবাজনো মাৰ্কিন দূতাবাসৰ বিষয়াও আহিব বুলি জানিব পৰা গৈছে। লগতে "জোনবিল" নামৰ এখনি স্মৃতিগ্ৰন্থও প্ৰকাশৰ কৰিছে যো-জা।

৮. চিবিআইক কেন্দ্ৰীয় চৰকাৰ প্ৰদান কৰিলে বিত্তীয় স্বতন্ত্ৰতাঃ এই নতুন নিয়মমতে চিবিআইৰ সঞ্চালকে  লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ সচিবৰ মৰ্যদা, লগতে ১০ কোটি টকা পৰ্যন্ত অনুমোদন নোলোৱাকৈ খৰছ কৰাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰো।

৯.হাজোৰ আছু আৰু উন্নতি সভাই আয়োজন কৰা মণিকূট উতসৱ তথা উৰুচ মেলাত উদুলি-মুদুলি হৈছে তীৰ্থনগৰী হাজোঃ সমন্বয়ৰ মহান আদৰ্শক বিশ্বৰ সমুখত তুলি ধৰা এই উতসৱৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে অমস সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহৰ লগতে আছুৰ নেতা, প্ৰশাসনিক বিষয়া, অসমীয়া অভিনেত্ৰী তথা সামাজিক, সাংস্কৃতিক কৰ্মী সকলে।

১০. ডিফুত নগা হো হো আৰু কাৰ্বি আংলং শান্তি সমিতিয়ে অনুষ্ঠিত কৰিলে বৈঠকঃ উল্লেখযোগ্য যে কেপিএলটি আৰু ৰেংমা নগা প্ৰটেকচন ফৰ্চৰ হত্যালীলাৰ পাছত এতিয়া ২৬৭০ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰি আছে আশ্ৰয় শিবিৰত। অসম চৰকাৰে দুয়োটা জনগোষ্ঠীলৈ বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ।

১১. এইবাৰ ১০১ বছৰত ভৰি দিলে নগাঁৱৰ নেহেৰুবালিৰ ভোগালী উতসৱেঃ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা, জুবিনৰ গীত-মাতেৰে উজলা সাংস্কৃতিক সন্ধিয়াৰে এই উতসৱৰ হ'ল সফল সামৰণি।

১২. গোলাঘাটত সফলভাৱে সামৰণি পৰা ১৮তম উত্তৰ পূৱ ভাৰত মুকলি টেনিছ প্ৰতিযোগিতাত গুৱাহাটীৰ নাজিয়া আহমেদে দ্বি-মুকুট অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ সুখৰ খবৰ।

 ১৩. মৰু ৰাজ্য ৰাজস্থানৰ জয়শালমীৰত উদ্ধাৰ হ'ল ডাইন'ছৰৰ পদচিহ্নঃ  ৰাজস্থান বিশ্ববিদ্যালয়ৰ গৱেষক অধ্যাপক ডঃ আৰ কে পাণ্ডেয়ে চিনাক্ত কৰা এই খোজক বিদেশী গৱেষক সমাজেও স্বীকৃতি প্ৰদান কৰিছে।

১৪. বিশ্ব বেংকৰ গ্ল'ৱেল ইক'নমিক প্ৰছপেক্টৰ প্ৰতিবেদনত ২০১৪-১৫ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ উন্নত হোৱাৰ লগতে ই ৬% হব বুলি প্ৰকাশ কৰিলে সম্ভাৱনীয়তা।

১৫. অহা ২০ জানুৱাৰীত সদৌ অসম পুথি সন্মিলনে পালন কৰিব ৭২তম প্ৰতিষ্ঠা দিৱসঃ নলবাৰী জিলাৰ দেহৰ বলোৱা এম ই স্কুল প্ৰাংগনত হব লগা এই অনুষ্ঠানত মুখ্য অতিথিৰূপে জলসম্পদ মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে অংশ লব।

১৬. লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব প্ৰয়াসীৰ আবেদন গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে, শেষ দিন ১৮ জানুৱাৰীঃ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ উদাহৰণ দাঙি ধৰি কলিয়াবৰৰ বাবে গৌৰৱ গগৈৰ লগতে খুড়াক দীপ গগৈয়েও কৰিছে আবেদন, গুৱাহাটীতো আবেদন দিছে গোপীনাথ বৰদলৈদেৱৰ দুই পুত্ৰই।

১৭. কোকৰাঝাৰত লোকসভালৈ বুলি নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দিতা কৰিব মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়েঃ আম আদমী পাৰ্টিৰ সৈতে জড়িত হব বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত শেহতীয়াকৈ এই খবৰে পাইছে কিছু ৰাজনৈতিক গুৰুত্ব।

No comments:

Post a Comment