পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অহা সপ্তাহত কমিব পেট্ৰলৰ দামঃ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস আৰু ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ উৰ্ধমান স্থিতিলৈ লক্ষ্য ৰাখি অহা সপ্তাহত ৰাজহুৱা খণ্ডৰ তেল বিপনন কোম্পানীবোৰে লিটাৰে প্ৰতি দুই টকাকৈ পেট্ৰলৰ দাম হ্ৰাস কৰিবলৈ পৰ্যালোচনা সভাৰ আয়োজন কৰিছে বুলি প্ৰকাশ পাইছে সুখৰ খবৰ।
আজি অসমৰ তিৱা জনগোষ্ঠীৱে পালন কৰিছে ভোগালী বিহু।
তদুপলক্ষে ৰাজহুৱা বিলত
সমজুৱাকৈ মাছ ধৰাৰ আনন্দ লোৱাৰ এক দৃশ্য
২. সাধাৰণ জনতাৰ বাবে সুখবৰ কঢ়িয়াই ভাৰতৰ হোলচেলৰ মূল্যবৃদ্ধি ৰ হাৰৰ সূচকাংক বিগত পাঁচ মাহৰ সৰ্বনিম্নত উপনীত হৈছেঃ এই হাৰ ৬.১৬% হোৱা বুলি প্ৰকাশ পোৱাৰ পাছত বজাৰ বিশেষজ্ঞ সকলে এতিয়াও অৰ্থনৈতিক ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে বুলি মত প্ৰকাশ কৰিছে। বজাৰত খাদ্য বস্তুৰ দৰ কমাৰ লগতে এই বাতৰিয়ে শ্বেয়াৰ বজাৰতো  চেনচেক্স ২৫০ সূচকাংক উৰ্ধগামী কৰাৰ সুখৰ খবৰ।

৩. পৃথিৱীৰ সৰ্বাধিক কয়লা উতপাদন কৰা চৰকাৰী কোম্পানী ক'ল ইণ্ডিয়া লিমিটেডে ঘোষণা কৰিলে প্ৰতি শ্বেয়াৰত ২৯ টকাৰ ডিভিডেণ্টঃ ৯০ শতাংশ শ্বেয়াৰ থকা কেন্দ্ৰীয় চৰকাৰে কোম্পানীটোৰ পৰা লাভ কৰিছে ১৬,৪৮৫ কোটি টকাৰ লভ্যাংশ। 

৪. গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আৰম্ভ কৰা হৈছে প্ৰি-পেইড টেক্সি সেৱাঃ পৰ্যটক আৰু বিমান যাত্ৰী সকলৰ সুবিধাৰ বাবে ভোগালী বতৰতে মুকলি হৈছে এই প্ৰি-প্ৰেইড টেক্সি কাউণ্টাৰটো।

৫. মণিপুৰত উদযাপিত হৈছে ২৫তম ড্ৰাইভাৰ দিৱসঃ ভৌগোলিক ভাৱে দুৰ্গম ৰাজ্যখনলৈ সকলো নিত্য প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াই নি জনতাৰ সেৱা কৰাৰ বাবে গাড়ীচালক সকললৈ ধন্যবাদ জ্ঞাপন কৰিলে এই অনুষ্ঠানতে উপমুখ্যমন্ত্ৰী গাইখানগামে। নিজৰ কৰ্মক্ষেত্ৰতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা ২০২জন গাড়ী চালকৰ স্মৃতিত বাৰ্ষিক এই দিৱসটিৰ আয়োজন কৰিছে ট্ৰেঞ্চপৰ্চাৰ আৰু ড্ৰাইভাৰ ফৰামে, সদৌ মণিপুৰ পেট্ৰলিয়াম টেংকাৰ চালক সন্থাৰ সহযোগত।

৬. বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক পলিঅ' মুক্ত দেশৰূপে কৰিব ঘোষণাঃ ২০১১ চনৰ ১৩ জানুৱাৰীৰ পাছত ভাৰতত কোনো শিশু পলিঅ' আক্ৰান্ত নোহোৱাৰ তথ্য আৰু সৰ্বাত্মক পলিঅ' প্ৰতিষেধক অভিযানৰ বাবেই ভাৰতে স্বাস্থ্যখণ্ডত অফিচিয়েলি লাভ কৰিব এই সাফল্য।

৭. দিল্লী চৰকাৰে চৰকাৰী অৰ্থ সাহাৰ্য লাভ কৰা সকলো প্ৰাইভেট সংস্থাক প্ৰস্তাৱিত জনলোকপালৰ নতুন খচৰাৰ অন্তৰ্ভুক্ত কৰাৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থাঃ প্ৰত্যক্ষ বা পৰোক্ষভাৱে চৰকাৰী ধন/সুবিধা লাভ কৰা সকলো চৰকাৰী-বেচৰকাৰী সংস্থাক ৰাজহুৱা সংস্থা ঘোষণাৰে লোকায়ুক্তৰ আওতালৈ আনি সেইবোৰক অধিক স্বচ্ছ কৰি তুলিব বুলি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে ঘোষণা কৰিছে।

৮. দলগাঁৱত গঁড় হত্যাকাৰী চোৰাং চিকাৰী তথা মষ্ট ৱাণ্টেড আব্দুল ৰছিদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সেনাইঃ দলগাঁৱৰ ৰঙাগৰাৰ পৰা সেনাই এটি ৩০৩ ৰাইফল আৰু চাৰিটা গুলীও ৰছিদৰ পৰা জব্দ কৰিছে।

৯. উত্তৰাখণ্ডত বিগত বছৰৰ বিধংসী বানৰ পাছত বন্ধ হৈ থকা  পুনৰ চাৰিধাম যাত্ৰাৰ তিনিটা তীৰ্থ যাত্ৰাৰ পথ অহা 
 এপ্ৰিল মাহৰ পৰা মুকলি কৰিব বুলি জানিব পৰা গৈছে।

১০. ন্যায়াধীশ সকলৰ বিৰুদ্ধে উঠা যৌন  নিৰ্যাতনৰ গোচৰ সমূহক সঠিক ৰূপত ন্যায় প্ৰদানৰ বাবে এক বিশেষ ব্যৱস্থাৰ সৃষ্টি কৰাৰ প্ৰয়োজন বুলি ৰায়দান কৰিলে উচ্চতম ন্যায়ালয়ে।

১১. 
লিটল ইণ্ডিয়া নামৰ ঠাইত হোৱা ব্যাপক হিংসাৰ ঘটনাৰ বাবে চিংগাপুৰ চৰকাৰে হিন্দু উতসৱৰ সময়চোৱাত সেই দেশত সুৰা নিষিদ্ধ কৰি ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

১২. সাৰদা কেলেংকাৰীৰ মূল অভিযুক্ত সুদীপ্ত সেনে কোম্পানীৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি বিক্ৰী কৰি বিনিয়োগকাৰীৰ ধন ঘূৰাই দিবলৈ সন্মত হোৱা বুলি ন্যায়াধীশ শ্যামল সেন আয়োগক জানিবলৈ দিছেঃ তাৰ বাবে কোম্পানীৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ তালিকা দিবলৈ সেনক নিৰ্দেশ দিয়াৰ খবৰ পোৱা গৈছে।

No comments:

Post a Comment