পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দিল্লীত বিনামূলীয়া পানী, আশ্ৰয়হীন ফুটপাথবাসীৰ বাবে ৰাতিৰ আশ্ৰয়স্থল নিৰ্মাণ আৰু বিজুলীৰ দাম আধা কৰি শ্লোগানৰ পাছত কামেৰে চানেকি দেখুৱাবলৈ আৰম্ভ কৰা আম আদমী পাৰ্টিৰ চৰকাৰ জয়ী হ'ল আস্থাৰ ভোটতঃ জনহিতৰ কাম কৰাৰ বাবে সুযোগ দিয়াৰ বাবে কংগ্ৰেছে দিলে বাহিৰৰ পৰা সমৰ্থন।
২.কাইলৈৰ পৰা ৬ জানুৱাৰীলৈ অসম সাহিত্য সভাৰ বিশেষ চৰ-চাপৰি অভিবৰ্তনখন অনুষ্ঠিত হব বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ আলোপতি চৰৰ মাজৰ চৰ বজাৰ প্ৰাংগণতঃ ফখৰুদ্দিন আলি আহমেদ সমন্বয় ক্ষেত্ৰ ৰূপে অভিবৰ্তন স্থলীৰ নামাকৰণ কৰাৰ সুখবৰ।

৩. গনিতক সহজ কৰি সহজবোধ্য কৰাৰ লক্ষ্যৰে জনপ্ৰিয় বিজ্ঞান লেখক ভৱেশ মহন্তই লিখি উলিয়ালে "যাদুকৰী অংক" শীৰ্ষক গ্ৰন্থ"। 
গুৱাহাটীৰ বেলতলাস্থিত ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ত এই গ্ৰন্থ হ'ল উন্মোচিত।

৪. নগাঁও পৰ্যটন ভৱনত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উন্মোচিত হ'ল চাও লোকেশ্বৰ গগৈৰ "অসমৰ লোক-সংস্কৃতিৰ তৃতীয় খণ্ড": প্ৰকাশ কৰি উলিয়াইছে ক্ৰান্তিকাল প্ৰকাশনে।

৫. অসমত হ্ৰাস পাইছে প্ৰসূতিৰ মৃত্যুৰ হাৰ ১৫২ পইণ্ট পৰ্যন্তঃ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ সমীক্ষাত প্ৰকাশ পালে বিগত বৰ্ষৰ সফলতাৰ এই তথ্য।

৬. দিল্লীত অধ্যয়নৰত অসমীয়া যুৱতী নিৰ্মিতা শৰ্মাই "চাইৰিল ক্লিফেট" ছদ্মনামত লিখা ফেণ্টাছী উপন্যাস "ছেড'জ লিংগাৰ আনটিল ডাস্ক" প্ৰকাশ কৰিলে পেংগুইনৰ শাখা পেৰট্ৰিজ পাব্লিছিঙেঃ গুৱাহাটী প্ৰেছ ক্লাৱত এই গ্ৰন্থ উন্মোচন কৰিলে সাহিত্য একাডেমী বঁটাৰে সন্মানিত সাহিত্যিক চন্দনা গোস্বামীয়ে।

৭. উত্তৰ পৰীয়া উজনি অসমৰ বাবে শুভ সংবাদঃ অহা ১৫জানুৱাৰীৰ পৰা ৰঙিয়া-ৰঙাপাৰা-ডেকাৰগাঁও পৰ্যন্ত আৰম্ভ হব ব্ৰডগজ ৰল সেৱা।

৮. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ল দিল্লীবাসী অসমীয়া অনুপমা বৰগোহাঁইৰ গ্ৰন্থ "অনুভৱৰ জোঁটনি": এই গ্ৰন্থ অসমীয়া সাহিত্যলৈ এক ইতিবাচক সংযোজন বুলি মন্তব্য কৰিলে ৰত্ন ওজাদেৱে।

৯.  পাটাছাৰকুছিত আনুষ্ঠানিক শিক্ষা লাভ নকৰা ৮৬ বছৰীয়া বৃদ্ধা পুতুলী দেৱীৰ "সোঁৱৰণীৰ ইপাৰ সিপাৰ" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিলে বিশিষ্ট সাহিত্যিক বসন্ত কুমাৰ ভট্টাচাৰ্যইঃ উন্মোচনী ভাষণত তেখেতে গ্ৰন্থ উন্মোচনী সভাক সৰ্বশ্ৰষ্ঠ নান্দনিক উতসৱ বুলি অভিহিত কৰে।

১০. আধ্যাত্মিকতাৰে শান্তিৰ সন্ধানত কাৰ্বি পাহাৰৰ চাৰিগৰাকী নাৰীয়ে ৫০০ কি.মি. পথ খোজকাঢ়ি মাকুমত শংকৰদেৱ সংঘৰ অধিবেশনত ভাগ লোৱাৰ বাবে কৰিছে অভিনৱ প্ৰস্তুতিঃ দৈনিক ৫০ কিল'মিটাৰ খোজকঢ়াৰ লক্ষ্যৰে চলিছে প্ৰস্তুতি।

১১. পহিলা জানুৱাৰীত চানমাৰিৰ পদপথত আয়োজিত হ'ল আবেলিৰ কবিতা অনুষ্ঠানঃ ৯৫গৰাকী কবিয়ে কৰিলে কবিতা পাঠ।

১২. চৈধ্য বছৰীয়া অসমীয়া কিশোৰী ছাৰা ছোহেইলে অপশক্তি, বিশ্বায়নৰ বিৰুদ্ধে চাৰি কিশোৰ-কিশোৰীৰ অভিযানৰ ৰোমাঞ্চকৰ কল্প-কাহিনীৰে লিখি উলিয়ালে "দা বুক অৱ ছিক্ৰেটছ"।

১৩. গুৱাহাটীত জনতাৰ দিন ৰূপে পহিলা জানুৱাৰীত পালন কৰিলে শৰত সিংহৰ জন্মদিনক "জনতাৰ দিন" ৰূপেঃ কোনো মুখ্যমন্ত্ৰীয়ে শৰত সিংহৰ দৰে জনকল্যাণৰ কাম কৰা নাই বুলি মন্তব্য কৰিলে বাওঁপন্থী নেতা হেমেন দাসে।

১৪. দেশজুৰি সমাদৃত "আৱাজ এগেইনষ্ট ছেক্সুৱেল ভায়োলেঞ্চ" শীৰ্ষক মিউজিক ভিডিঅ"ৰ বাবে মুম্বাই আন্তৰ্জাতিক চুটি ছবি মহোতসৱত শ্ৰেষ্ঠ সংগীত ভিডিঅ' বঁটাৰে সন্মানিত হ'ল বেংগেলুৰু নিবাসী অসমীয়া ডেকা জিম অংকন ডেকা।

১৫.আজিৰ পৰা তিনি দিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হব নতুন সাহিত্য পৰিষদৰ পঞ্চদশ ৰাজ্যিক সন্মিলন ।

১৬. নাজিৰাত অনুষ্ঠিত হ'ল শিৱসাগৰ জিলা লেখিকা সমাৰোহৰ অধিবেশনঃ ইমৰান শ্বাহদেৱক প্ৰদান কৰিলে "কথাৰত্ন" উপাধি।

১৭. কাৰ্বি ডিমাচা লোক-জীৱনৰ চিত্ৰণেৰে বহু প্ৰচলিত কিংবদন্তি "ৰংফাৰপি ৰংবে"ৰ ওপৰত আধাৰিত উপন্যাস লিখি উলিয়ালে লেখিকা পদুমী গগৈয়েঃ "বীৰাংগনা" শীৰ্ষক এই উপন্যাস গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰিলে বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে।

১৮. উন্মোচিত হ'ল "মালিতা তোমাৰ মোৰ" শীৰ্ষক শ্ৰব্য সফুঁৰাঃ আটাইকেইটি গীতত কণ্ঠদান কৰিছে দেৱীনা কোঁৱৰ শইকীয়াই

১৯. দীঘলীপুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত চলি আছে "টেষ্ট অৱ নৰ্থ ইষ্ট" শীৰ্ষক এখন মেলাঃ ৰন্ধন, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে কাইলৈ অনুষ্ঠিত হব সৌন্দৰ্য প্ৰতিযোগিতা "মিছ বৰ-অসম"।

২০. আজি মুক্তিলাভ কৰিছে জাহ্নু বৰুৱাৰ নৱতম ছবি "অজেয়"ই।

No comments:

Post a Comment