Monday, January 13, 2014

ৰস ৰচনা

আঠুৱা

আঠুৱা এবিধ লাগতিয়াল বস্তু। এইবিধ মানুহৰ বেডৰুমত পোৱা যায়। বহুতে কয়, বাহিৰৰ পৃথিৱীত যিমানেই শান্তি-বা-অশান্তি নহওক কিয়, আঠুৱা তলৰ একান্ত পৃথিৱীখনত শান্তি হলেহে জীৱনটো সুখৰ হয়।

আজিকালি এইবিধ বস্তুও প্লাষ্টিকেৰে বনোৱা হয় আৰু কাপোৰৰ দোকানত পোৱা একমাত্ৰ প্লাষ্টিকৰ বস্তু ৰূপে ইয়াৰ সমাজত বৰ সমাদৰ আছে। বুৰঞ্জীৰ পাতত ঘৰতে বোৱা কপাহী সূতাৰ আঠুৱাও বিচাৰি পোৱা যায়। বৰ্তমান সকলো মডাৰ্ণ হোৱাত এইবিধক বুৰঞ্জীৰ পাততে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

লাচিতৰ দিনত আঠুৱা ব্যৱহাৰ হৈছিল নে নাই, সেই সম্পৰ্কে বৰুঞ্জী নিমাত। কিন্তু যুদ্ধত লাচিতৰ জ্বৰ হোৱাটোহে বুৰঞ্জীয়ে কয়। সেয়ে কব পাৰি, হয়তো লাচিতে আঠুৱা ব্যৱহাৰ কৰা নাছিল, বা কৰিলেও ভালকৈ গুজি লোৱা নাছিল!

আটাইতকৈ দামী আঠুৱা কোনে কিনে জানেনে? অসমৰ স্বাস্থ্য বিভাগে। দৰৱ সনা আঠুৱা উচ্চ হাৰত চাপ্লাই কৰাটো অতি লাভ জনক ব্যৱসায়। থলুৱা যুৱক সকলৰ বহুতে এই বেপাৰত সাংঘাটিক লাভ কৰিছে।

পিছে প্লাষ্টিকৰ আঠুৱাত ফুটা কেনেকৈ উলিয়াই বা কি বেজীৰে ফুটা বোৰ কৰে আজিলৈকে অসম মুলুকত কোনেও আৱিস্কাৰ কৰিব পৰা নাই। আনকি আঠুৱাত থকা সৰু সৰু ফুটাৰ সংখ্যা নিৰূপণ কৰা মেচিনো আজিলৈকে উদ্ভৱ হোৱা নাই। অসমীয়াৰ বাবে এনে যন্ত্ৰ আৱিস্কাৰ কৰি অভিলেখ গঢ়াৰ বাট এতিয়াও খোলা আছে। সৰু সৰু বহু ফুটা থাকিলেও কিমান আছে কব নোৱাৰিব পাৰে, কিন্তু অলপ ডাঙৰ চাইজৰ এটা ফুটা থাকিলেও চকু মুদিয়ে আঠুৱাৰ তলত শুৱা মানুহজনে সেয়া নিৰ্ণয় কৰিব পাৰে! সেয়াও আঠুৱাৰ আচৰিত বৈশিষ্ট্য।

কলিযুগ চিনেমাত হনিমুনৰ হিডেন কেমেৰাৰ ভিডিঅ বনোৱাৰ পাছৰ পৰা হনিমুনলৈ ডাঠ আঠুৱা লৈ যোৱাটো অনিবাৰ্য হৈ পৰিছে। ডাঠ, কপাহী কাপোৰৰ আঠুৱাৰ মাজেৰে কেমেৰাৰ দৃষ্টি সৰকিৰ নোৱাৰৰ বাবেই নতুনকৈ বিবাহ কৰা সকলে পুনৰ বুৰঞ্জী প্ৰসিদ্ধ কাপোৰৰ আঠুৱা বিচাৰি ফুৰা বুলি জনা যায়। এইদৰে গোপন কেমেৰাৰ প্ৰৱল প্ৰচলনেহে আঠুৱাৰ কুটিৰ শিল্পটোক পুনৰ জীয়াই তুলিব পাৰিব বুলি কব পাৰি।

আঠুৱাৰ ব্যৱহাৰ কেইবাটাও। মহৰ পৰা বাচিবলৈ, গোপন কেমেৰাৰ পৰা বাচিবলৈ ইয়াক ব্যৱহাৰ কৰা উপৰিও মাছৰ উজান পৰিলে মাছ ধৰিবলৈ, বা খালত পানী শুকালে আঠুৱা বাবলৈকো ইয়াক ব্যৱহাৰ কৰিব পাৰি। আমাৰ গাঁৱত ইয়াত বিস্তৰ ব্যৱহাৰ হয়। সেয়ে দিনত আৰ্জন, এটা বঢ়িয়া ভোজন আৰু তাৰ পাছত ফস্তিমাৰি শোৱনৰ তিনিওটা কামতে আঠুৱাই বিশেষ ভূমিকা লব পাৰে।

অসমীয়া প্ৰবচনটো আঠুৱাৰ ঠাই আছে। আঠুৱে চাইহে ঠেঙ মেলিব লাগে বুলি এষাৰ প্ৰবচন প্ৰচলিত আছে। পিছে মানুহৰ ভৰিহে থাকে, ঠেং নাথাকে বাবেই মানুহে এই কথাটো কিবা বুজিবলৈ টান পায় বুলিও কব পাৰি। পিছে আজিকালি দলনীৰ কাষত গৰুৰ গোহালীটো আঠুৱা তৰা দেখা যায়। সেয়ে কব পাৰি এই গৰুবোৰৰ বাবেহে এই ঠেং মেলা প্ৰবচনটো আচলতে প্ৰযোজ্য!

আজিকালি আঠুৱা তৰাটো মৰ্ডাণ মানুহৰ বাবে এটা লাজৰ কথা। সেয়ে তাৰ ঠাইত গুডনাইট, কইল আদিৰে সৃষ্টি কৰা ৰাসায়নিক আঠুৱাৰ ব্যৱহাৰ কৰাটো এটা ঢং হৈ উঠিছে। এই ৰাসায়নিক আঠুৱা পাপী মানুহে নেদেখে বুলিও কোম্পানীবোৰে প্ৰকাশ কৰিছে। পিছে বিজুলী বাইদেউ লুকালে এইবিধ আঠুৱা ব্যৱহাৰকাৰীয়ে ত্ৰাহি-মধুসূধন দেখে আৰু বিচনাচাদৰেৰে গা-মেৰাই তত নেপায়।

ৰাজনীতিতো আঠুৱাৰ ব্যৱহাৰ হোৱা বুলি জনা যায়। চিবিআই নামৰ আঠুৱা বিধৰ তলত মূলায়ম নামৰ মহবিধ আবদ্ধ কৰাৰ অনুপম উদাহৰণ ভাৰতৰ ৰাজনীতিত আছে। এনে এটি মহৰ বাবেই চাপৰি বাই হাতৰ মালিক ৰাজনৈতিক দলৰো অসহায় হিজৰাৰ অৱস্থা হোৱাৰ কথাও বাতৰি কাকতে বিশ্লেষণ কৰি উলিয়াইছে।

মুঠতে এবাৰ আঠুৱা কিনক, তাকো কপাহী ঘৰত বনোৱা আঠুৱা। এই অশান্তিময় পৃথিৱীত শান্তিত শুৱক। মডাৰ্ণ হবলৈ চং দিবলৈ গৈ মাহে মাহে লিকুইড কিনি, লাইটৰ বিল দি কোম্পানীবোৰক উদ্ধাৰ কৰাৰ কি প্ৰয়োজন। হাতে মুখে মহখেদা দৰৱ সনাতকৈ কুটীৰ শিল্পক সহায় কৰি কপাহী আঠুৱাৰ তলতে আজি উৰুকাৰ নিশা দকচি খাই ফস্তি মাৰি নুশুৱে কিয়!

ৰাইজলৈ সাৱধান বাণী দিও,  মেজিঘৰৰ ভিতৰত কইল জ্বলাই বিপদ নামাতিব। 

মেলেৰীয়া, এনকেফেলাইটিছলৈ ভয় কৰক

জীৱনৰ ভোগালী ভালকৈ ভোগ কৰক, সেয়ে প্ৰতিদিনেই আঠুৱা তৰক!

No comments:

Post a Comment