ভোগালী বিশেষ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

ভোগালী বিশেষ

Share This
আমিষ-নিৰামিষৰ জুতি লগা কথা
অজয় লাল দত্ত
(১)

"আমাৰ ই আকৌ মাছ-মাংস নহলে ভাত এটাও মুখতে নিদিয়ে"- অসমৰ ৰাজকুমাৰ বোৰৰ মাকবোৰৰ মুখত সঘন সংলাপ৷ বোলো, ৰাজকুমাৰে কৰে কি? নহয় একো নকৰে, পঢ়া-শুনাত মন-কান নাই, খালী কামৰ ভিতৰত কথাই প্ৰতি মাক দেউতাকক গেঙেৰী মাৰে৷ 

"নহ’লে মাটি বেচ, নহ’লে পিএফ মানে ভৱিষ্যত-নিধিৰ টকা উলিয়াই আন; মোক বাইক লাগে, লেপটপ লাগে, লোকৰ ল’ৰা দেখা নাই৷ কথা নকবি মোক তঁহতে, খালি পঢ় পঢ়"! ৰাজকুমাৰৰ কথাত মাক দেউতাক তাপ মাৰে৷ এনেকুৱা ৰাজকুমাৰ কেইটাৰ বাবে দেউতাকে ধাৰ কৰি হ’লেও মাছ-কণী-মাংস আনে; ল’ৰাই খঙত দলি-মাৰি দিয়ে, পাছত ঘৰৰ মেকুৰী-কুকুৰে খায়! এনেকুৱা নাটক এতিয়া ঘৰে-ঘৰে সুলভ৷ মাক-দেউতাকে দুখ কৰিলে ঘোঁচা এটা মাৰি নাক-মুখ সমান কৰি দিও যেন লাগে ৰাজকুমাৰৰ....কিন্তু কি কৰিব সকলো ৰজাৰ পুতেক!
(২)
"ঐ আজি কি আছে খাবলৈ; ধুৰ আজিও লাই-জাৱৰি শাক, নাখাও বুলিছো নহয়৷ জাননে নাজান, মাছ-মঙহ নহলে ভাত মোৰ পেটলৈ নাযায়৷ তোক কিমানবাৰ কব লাগে?", এই বচন কেইষাৰ মাতি গৰম-ভাতত পানী ঢালি উঠি যোৱা বৰমতাও বৰ সুলভ৷

কাম-বন নাই, দিনটো তাচ-খেলি,মহলা মাৰি, কেৰম, চেচ খেলি সময় কটাই ভাতৰ পাতত সুদা-নিকা বুলি ভাত নেখাই উঠি যায়টো যায়েই৷ লোকেল পানী অকন মাৰি অহা কেতবোৰে আকৌ দিনৰ দিনটো কষ্ট কৰি সেই ভাত মুঠিকে যেনে-তেনে যতনাই ৰখা সৰল মহিলাগৰাকীৰ পিঠিত গৰম পানীও ঢালে৷ এইবিধ বৰমতাৰ সংখ্যাও গাঁৱে-ভূঞে নগৰে চহৰে কম নহয়৷

এই দুবিধ ভোজন ৰসিকৰ প্ৰতিকাৰ সমাজে বিচাৰি উলিয়াব পাৰিলে, সমাজৰ ভাল একাংশ মানুহে (বিশেষকৈ পৰিয়ালৰ লোকে) শান্তি পাব!
(৩)
শংকৰ সংঘৰ নিয়মেৰে পতা মামাৰ বিয়া৷ গাঁৱৰ ঘৰত নিৰামিষ গৰম প্ৰসাদ (মানে ভাত) খুৱায়েই লেঠা মৰা হ’ল৷ পিছে তেজপুৰীয়া কইনাৰ ঘৰত বৰযাত্ৰীৰ বাবে খাহী-ৰান্ধি ৰেডি! ইফালে সংঘৰ নিয়ম মতেই বিয়াখন হব বাবে হোম-যজ্ঞৰ আয়োজন নাই৷ আই-বাপ সকলক সেৱা এটা কৰিব, তাতে সংসাৰ ধৰ্মৰ দিহা আদি দি বিবাহ সমাপন হব৷

ইফালে খোৱা-ঘৰত চেপা-উত্তেজনা৷ খাওঁ নে নাখাওঁ-মাংস৷ এজনে মাত লগালে, খাই দে বুইছ খাইদে৷ সংঘৰ নিয়মত এটকা চাৰি অনাহে ফাইন৷ চেপা-চেপা মাতেৰে কানে কানে মেচেজটো বিয়পি পৰিল৷ চেহ্ বিয়াখন খাম বুলি ৰাতিখন ঠাণ্ডাত দুশ কিল’মিটাৰ আহিলো দৰাৰ লগত, এতিয়া আকৌ কিহৰ ধৰ্ম-সংকটহে৷

এফালে মোক-খা মোক খা- কৰি থকা সুস্বাদ্যু খাহীৰ ব্যঞ্জন, আনফালে ধৰ্ম সংকটৰ এটকা চাৰি-অনা৷ ৰাইজৰ বেছিভাগেই এটকা চাৰি-অনা ভৰি দিবলৈকে ঠিৰ কৰিলে........"হেৰি খাহী অকন দিওঁনে"
"নালাগে দিয়ক...হেৰি নহয় জোল অকনকে আছে যদি দিয়ক বাৰু, হাড়-চাড় আকৌ নিদিব দেই..." কথাবোৰৰ মাজতে বাহিৰলৈ তৃপ্তিৰ বৰ ধুনীয়া সুগন্ধি এটা ভাঁহি আহিল৷

তাৰপাছত আৰু শংকৰ সংঘৰ মানুহক যতে-ততে টিটকাৰী মৰা আৰম্ভ; চান্স পালেই হ’ল- থ অ’ তহঁতৰ ঘৰত আনকহে খুৱাব নাপায়৷ আনৰ তাতটো দকচি দিব পাৰি, এটকা চাৰি-অনাহে ফাইন, কিনো......বেছি স্পৰ্শকাতৰ সকলক কব নোৱাৰি খেদা মাৰি আহে!
(৪)
অসমীয়াত লিখিছো কাৰণে লিখিছো আৰু দেই৷ মোৰ এজন মূৰব্বী গুজৰাটী, বিশুদ্ধ পেটেল মানুহ৷ ঘৰত পিয়াজো নাখায়৷ কথাই প্ৰতি নিৰামিষ ভোজনৰ গুণগাণ৷ এদিন তেখেতৰ লগত পাৰ্টি এটালৈ গ’লো৷ মঞ্চত শিল্পীয়ে পুৰণী চিনেমাৰ গান গাইছে, তাৰ পাছত মঞ্চত শাস্ত্ৰীয় নৃত্য, তেখেত সেইবোৰ চোৱা-শুনাত ব্যস্ত৷ সেয়ে মই আগতেই আঁতৰি গৈ খায় বৈ ৰেডি৷ সেয়ে লগত খোৱা নহ'ল৷ 
পাছদিনা অফিচৰ এজন সহকৰ্মীয়ে প্ৰফেচনেল ফটোগ্ৰাফাৰে তোলা সকলো ফটো মেইল কৰি পঠালে৷ তিনি-চাৰি জনক মাতি আনিলো, বোলো চাওক আমি কালি যোৱা পাৰ্টিৰ ফটো৷ হঠাত এখন ফটো ওলাল চাৰে চিকেন লৈ থকা দৃশ্য৷ ফটোগ্ৰাফাৰৰো কাকতলীয় টাইমিঙ! মই সুধিয়েই পেলালো, চাৰ আপুনি চিকেন লৈ আছে যে? তেখেতৰ চকু-মুখ ৰঙা-পৰি উঠিল; আন সহকৰ্মী কেইজনৰ আগত লাজো পাইছে৷ পৰিস্থিতি সহজ কৰিবলৈকে ক’লে- "লেটাহু কভি কভি পাৰ্টিমে!"

তেখেত যোৱাৰ পাছত আন কেইজন গোট খালে৷ 
"আৰে তুমটো অচ্ছা পকৰ লিয়া য়াৰ, চাহবকা মুহ দেখনেকা লায়েক হো গয়া থা...."-তাৰ পাছত লগৰ জনে কবলৈ লাগিল, জীৱনত লগ পোৱা আন কেতবোৰ মানুহৰ কাহিনী৷ কণ্ট্ৰি কৰি পাৰ্টি বা মদ খাব লগা হ’লে, কান-চুই শপত খায়, মদ তেওঁ হাতেই নিদিয়ে৷ অথচ কোম্পানীয়ে পে-কৰা পাৰ্টি হ’লে দেখিবা সেইজনৰে গলাধকৰণ কৰাৰ কোব! 

মনে মনে শুনিলো, মনে মনে ভাবিলো, ওৱাহ ইয়াতো সংঘৰীয়া!
(৫)
এজন মানুহ পাইছিলো, ১২০ কেজি মান হব৷ সাগৰৰ মাজত কৰ্মৰত অৱস্থাত৷ গুজৰাটী, সঁচাই পিউৰ নিৰামিষাহাৰী৷ ৰাতিপুৱা শুই উঠি আধা-ঘণ্টাতকৈ বেছি পূজা-পাতল কৰে, তাৰ পাছত কপালত চন্দনৰ বৃহডাকাৰ ফোঁট৷ তাৰ পাছত ব্ৰেক ফাষ্ট, কাজু-আদি দিয়া খীৰ, আপেল, আঙুৰ, সকলো ভাল ভাল ফলাহাৰ, লগতে কেইখনমান পৰঠা ( তাকো তেল কম)৷ (বি.দ্ৰ. সাগৰৰ মাজৰ কৰ্মস্থলীত খোৱাৰ খৰছ কোম্পানীৰ, সেয়ে!)৷ তেওঁৰ আকৌ খং, কেইটামান বস্তকে খোজো মাত্ৰ তাকো ভালদৰে নিদিয়ে, কাম কৰা ল’ৰাকেইজনে৷ খোৱাৰ কথা ওলালেই তেওঁ কয়- "মে খাতা কাহা হু য়াৰ!"
মনে মনে কওঁ- "দেখনেছে পতা চলহি জাতা হ্যে চাৰ!" 

ৰাতিৰ সাজ খাবলৈ আহি আমাৰ ওচৰত নবহে, ঘৃণাৰ দৃষ্টিৰে চায়৷ আমি মাছ-মঙহ খাওঁ, তেওঁৰ হেনো ঘিণ লাগে, সেয়ে নাক কোঁচাই আন টেবুলত বহেগৈ৷ আমিও জোকাবৰ বাবে কেতিয়াবা সেইখন টেবুলতে বহাৰ ভাও দিওঁ৷ গৰম হোৱা যেন দেখিলেই পলাই ফাট মাৰো৷ তেখেতৰ মুখখনহে লাউ-পাত কচুপাত৷ কেতিয়াবা পূজা কৰি থকা অৱস্থাতে কোনোৱে দুৱাৰ খুলি ভূমুকি মাৰিলেও অশালীন গালি পাৰে....

ব্ৰেকফাষ্টৰ সময়তে তেখেত শীতল আৰু সম্পূৰ্ণ নিৰামিষাহাৰী হৈ থাকে৷ তাৰ পাছত যেতিয়াই লগ পাওক...মুখ মেলিলেই জগৰ৷ লগৰ বোৰক কওঁ, আধুনিক যুগত এটা আচৰিত বস্তু ওলাল, সেইটো কম্পিউটাৰ৷ পলকতে যি কোনো কৰি দিব পাৰে, তথাপি তাতো, GIGO চলে, মানে গাৰবেজ ইন, গাৰবেজ আউট! জাৱৰ ভৰালে জাৱৰেই ওলায়৷ 

এইজন কম্পিউটাৰতকৈ আচৰিত, মুখেৰে ভক্ষণ কৰে ভেজ, অথচ যি ওলায় প্ৰতিষাৰেই দেখোন ননভেজ৷ মন গ’লেই কাহিনী শুনায়, অত লীলা তত লীলা, অশান্তি লাগে আৰু....তেওঁ নিৰামিষহাৰী, অথচ নাৰীখাদক৷ এইবিধ মানুহৰো প্ৰতিকাৰৰ প্ৰয়োজন৷
(৬)
ভাৰতৰ বেছিভাগ বাণিজ্যৰে শীৰ্ষত থকা মানুহেই- নিৰামিষহাৰী৷ নাখায়তো নাখায়েই, মৰাৰ নামতো পৰুৱা এটাও নামাৰে৷ অথচ লক্ষ্মী দেৱীৰ সেৱক হিচাবে ইজনে সিজন ভাইজী বুলি ফোন এটা কৰিয়েই আলু, পিয়াজৰ দাম বঢ়াই দিয়ে৷ কোটি কোটি মানুহৰ তেজ শোহা দিয়ে৷ এইবিধ আকৌ কেনে নিৰামিষাহাৰী??? 
(৭)
ইণ্টাৰনেটতে কৌতুক এটা চলিয়েই আছিল, কুকুৰাই অক্সিজেন দিয়েনে? কুকুৰাই শীতল ছাঁ দিয়েনে? কুকুৰাই বৰষুণ দিয়াত সহায় কৰেনে? কুকুৰাই ফল-ফুল দিয়েনে? নিদিয়ে৷ তেন্তে আপুনি কুকুৰা নাখায় কিয়? গছ-বনবোৰ খায় যে শেষ কৰে৷ "ইট চিকেন গ গ্ৰীণ", সেউজ পৃথিৱী ৰক্ষাৰ বাবে এতিয়া সকলোৱে কুকুৰাটেই মনোনিৱেশ কৰিব লাগিব যেন লাগিছে৷
(৮)
ইঞ্জিনীৰিয়াঙত থকা সময়তে হোষ্টেলত এজন মেচ চেক্ৰেটৰীয়ে সমীক্ষা চলালে, প্ৰথম বৰ্ষৰ ছাত্ৰৰ সহায় লৈ৷ কিমানে গাহৰি খাব কিমানে কুকুৰা৷ সংখ্যা অনুপাতে বজাৰ কৰি আনি মেচত সিদিনা গাহৰি বনালে৷

ইছলাম ধৰ্মালম্বী কেইজন মান দাদা আছিল তেওঁ লোকে কথাটো মনে মনে বেয়া পালে৷ তেওঁলোকেও গৰু মাংস আনিলে লাখটকীয়াৰ পৰা৷ লান্স টাইমত ডাইনিং হললৈকো আনিলে...ভিতৰি ভিতৰি কিছুৰ উত্তেজনা, কি বা হব, কিবা সাম্প্ৰদায়িক ধৰণৰ কাজিয়া নহয়গৈতো৷ 

অৱশেষত তেনে একো নহল, গাহৰি খোৱাই গাহৰি খালে, গৰু খোৱাই গৰু, কুকুৰা খোৱাই কুকুৰা, তাকো নোখোৱা নিৰামিষাহাৰীয়ে আলু ভাজি! আমি সম্প্ৰীতিৰ দূত কেইজনে তিনিওবিধ খালো...তাকো পৰম তৃপ্তিৰে!

আচলতে স্বাস্থ্য উপযোগী পৰিমিত খাদ্য খোৱাই উচিত৷ সি নিৰামিষেই হওক বা আমিষেই হওক৷ ই এটা ব্যক্তিগত বিষয়, নিজৰ ডিঙি নিজৰ কথা ধৰণৰ৷ ৰীতি-নাতি বান্ধি মানুহৰ সহজাত খোৱাৰ মনটোক বান্ধিবলৈ যত্ন কৰিলে, কেনাহে লগা পৰিলক্ষিত হয়৷ সমাজত ইজনে সিজনৰ খোৱাৰ অভ্যাসক সন্মান কৰি কৰিলেই সম্প্ৰীতিৰে তৃপ্তিৰ ভোজভাত খাব পাৰি৷ খাদ্য লাগিলে আমিষেই হওক, চিন্তা আৰু কৰ্ম নিৰামিষ হওক৷ সেয়াই সমাজৰ বাবে বেছি মংগলজনক!

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages