আজিৰ ভাল খবৰবোৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ ভাল খবৰবোৰ

আজিৰ ভাল খবৰবোৰ

Share This
১. খাম-চিফুং আৰু বড়ো চিখলাৰ বাগৰুম্বাৰ ছন্দেৰে গোলাঘাটত কালিৰে পৰা গোলাঘাট জিলাৰ চিচুপানীৰ বিষ্ণু-বিজয় ক্ষেত্ৰত আৰম্ভ হৈছে ৫৩তম বড়ো সাহিত্য সভাৰ অধিবেশনঃ কেইবাখনো চুবুৰীয়া ৰাজ্যত বসবাস কৰা বড়ো জনগোষ্ঠীয় লোকেও কৰিলেহি অংশগ্ৰহণ৷ প্ৰায় ২৫০ বিঘা মাটিত অনুষ্ঠিত অধিবেশনখনিত প্ৰথম দিনাই প্ৰায় ২০ হাজাৰ লোকৰ সমাগম হোৱা বুলি জানিব পৰা গৈছে৷ বড়ো ভাষাৰ মাধ্যমৰ বাবে পৃথক শিক্ষা সঞ্চালকালয় গঠনৰ উঠিল দাবী৷

২.ৰাজ্যৰ ৭৭খন ভেঞ্চাৰ মহাবিদ্যালয়ৰ ১৬৫০ গৰাকী আৰু ১৫খন ভেঞ্চাৰ আৰু পালি ক্লাছিকেল ইনষ্টিটিউটত কৰ্মৰত ৭৫ গৰাকী শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ সু-খবৰঃ কালি গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷

৩. অসমৰ বিভিন্ন জনগোষ্ঠীয় সমস্যা, সকলো খিলঞ্জীয়াৰ সামগ্ৰিক উন্নয়ন, মাতৃভাষাৰ উত্তৰণ আদি বিষয়ত আন আন জাতীয় সংগঠনৰ সৈতে ঐক্যবদ্ধভাৱে কাম কৰিব অসম সাহিত্য সভাইঃ  সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৈতে গুৱাহাটীত মিলিত হ'ল এক গুৰুত্বপূৰ্ণ বৈঠকত৷

৪. মৰিগাঁও জিলাৰ কপিলী উন্নয়ন খণ্ডত অসম পঞ্চায়ত আইন, তথ্য জনাৰ অধিকাৰ আইন-২০০৫ শীৰ্ষক বিশেষ কৰ্মশালাৰ আয়োজনঃ জন-সচেতনতা বৃদ্ধিৰ বাবে স্বেচ্ছাসেৱী সংগঠন "আস্থা আৰু সতীৰ্থ"ই গ্ৰহণ কৰিলে এই প্ৰশংসনীয় পদক্ষেপ৷

৫. নাওবৈচাত অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সংস্থাই আয়োজন কৰিলে প্ৰকৃতি সুৰক্ষা সজাগতা সভাৰঃ ৰঙানদীৰ পাৰশতজান জলাশয়ক গ্ৰাম্য অভয়াৰণ্য ৰূপে গঢ়ি তুলি প্ৰকৃতিপ্ৰেমীৰ বাবে পৰ্যটনৰ কেন্দ্ৰ কৰি তোলাৰ বাবে জনালে আহ্বান৷

৬. প্ৰখ্যাত বিজ্ঞানী, আহমেদাবাদৰ ফিজিকেল ৰিছাৰ্চ লেব’ৰেটৰীৰ সঞ্চালক, ভাৰতৰ মংগল গ্ৰহ অভিযানৰ উপদেষ্টা ডঃ জিতেন্দ্ৰ নাথ গোস্বামীদেৱক  সপত্নীক সম্বৰ্ধনা জনালে যোৰহাট চৰকাৰী উচ্চতম মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ গুৱাহাটী শাখা সমিতিয়েঃ সন্তানৰ জীৱনত মাতৃৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিলে অসমৰ সু-সন্তানগৰাকীয়ে৷

৭. অধ্যাপক ভুৱন মোহন দাস বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠান কটন কলেজৰ প্ৰেক্ষাগৃহত হ’ল অনুষ্ঠিতঃ "অসমীয়া বিজ্ঞান সাহিত্যলৈ অধ্যাপক ভুৱন মোহন দাসৰ অৱদান" শীৰ্ষক বক্তৃতা প্ৰদান কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতীয়ে৷ এই অনুষ্ঠানতে দাসদেৱে সংগ্ৰহ কৰা ২৩৭খন মূল্যবান গ্ৰন্থও তেখেতৰ পৰিয়ালে কটনকলেজৰ নৃতত্ত্ব বিভাগৰ পুথিভঁৰাললৈ দান কৰে৷

৮. অহা ২৮-৩০ জানুৱাৰীত উত্তৰ লখিমপুৰত অনুষ্ঠিত হব অসম চিকিৎসা সেৱা সন্থাৰ ৪০তম অধিবেশনঃ ৰাজ্যৰ তিনিশ চিকিৎসকে অংশ গ্ৰহণ কৰিবলগীয়া অধিবেশনখনিতে প্ৰকাশ পাব স্মৃতিগ্ৰন্থ "আমছাক’ন-২০১৪"৷ ডঃ পদ্মপাণি আৰু ডাঃ প্ৰতাপ শৰ্মাৰ সৈতে নাগিৰকৰ অন্তৰংগ অনুষ্ঠানৰ লগতে আয়োজিত হৈছে বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াও৷

৯. আউনিআটী সত্ৰৰ উদ্যোগত আয়োজিত অসম ভাওনা সমাৰোহৰ মণিকাঞ্চন ৰংগক্ষেত্ৰ লোকাৰণ্যঃ কেইবাশ ভাৱৰীয়াই উদ্বোধনী অনুষ্ঠানত শিশুপালৰ ভাও লৈ গঢ়িলে অভিলেখ, ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত হ’ল অন্তৰ্ভুক্ত৷

১০. গুৱাহাটীত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় ৰোড কংগ্ৰেছৰ বাৰ্ষিক অধিবেশনত অংশ গ্ৰহণ কৰিলেহি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজেঃ পথ সুৰক্ষা, পথ নিৰ্মাণৰ আধুনিক প্ৰযুক্তি, প্ৰকল্প নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ কৰাৰ বাবে কাৰ্যকৰী আঁচনি, বিশ্ব বেংকৰ ধনেৰে পথ নিৰ্মাণ, লেভেল ক্ৰছিং তথা দুৰ্বল দলঙকে ধৰি বিভিন্ন সমস্যাৰাজিক লৈ দেশৰ বিভিন্ন ৰাজ্যৰ গড়কাপ্তানি সচিব আৰু মুখ্য-অভিযন্তা  সমূহৰ সতে আলোচনা কৰাৰ পৰিও কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷

১১. লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীত্ব আৰু ৰণকৌশল বিষয়ত প্ৰদেশ কংগ্ৰেছে অনুষ্ঠিত কৰিলে বৰ্ধিত কাৰ্যনিবাহক সভাঃ কমেও ১২খন আসন লাভ কৰিব বুলি আশা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, ডঃ চি পি যোশীয়ে দিলে বি পি এফৰে মিত্ৰতা অক্ষুন্ন ৰখাৰ ইংগিত৷

১২. পৰ্যটনস্থলীলৈ পৰিণত কৰাৰ প্ৰয়াস চলিছে নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়কঃ কৃষিমন্ত্ৰী নীলমণি সেন ডেকাই ব্যক্তিগত পুঁজি আৰু চৰকাৰী অনুদান আগবঢ়োৱাৰো সুখৰ খবৰঃ এই বছৰৰ শিৱ পূজা ২৬-২৮ ফেব্ৰুৱাৰীলৈ তিনি দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে পালন কৰাৰ বাবেও চলিছে আয়োজন৷

১৩.
আদালতৰ নিৰ্দেশৰ পাছতো কোঁচ-ৰাজবংশী সকলৰ জনজাতিকৰণৰ বিষয়টোত স্থিতি স্পষ্ট নকৰিলে চৰকাৰেঃ উচ্চ ন্যায়ালয়ে স্থিতি স্পষ্ট কৰিবলৈ চৰকাৰক দিলে দুমাহৰ সময়সীমা৷ 

১৪. দহ বছৰত ভৰি দিলে অসমীয়া দৈনিক বাতৰি কাকত "আজিৰ দৈনিক বাতৰি"য়ে৷

১৫. ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰিলে ক’লা ধনৰ বিৰুদ্ধে বিশেষ পদক্ষেপঃ অহা ৩১ মাৰ্চৰ পৰা ২০০৫চনৰ আগৰ সকলো নোট বেংকে অচল কৰি দিব বুলি কৰিলে ঘোষণা৷ সেয়ে ১ এপ্ৰিলৰ পৰা এই নোটসমূহ বেংকত গৈ বদলাই লবলৈ জনালে আহ্বান৷

No comments:

Post a Comment