সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ
বৃত্তিমুখী শিক্ষা আঁচনি 
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়, 
ছাত্র-ছাত্রীসকলে আই.টি.আই., পলিটেকনিক তথা ইঞ্জিনীয়াৰিং কলেজত নাম ভৰ্ত্তি নকৰাকৈও ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’ৰ “বৃত্তিমুখী শিক্ষা আঁচনি”ত বৃত্তিমুখী শিক্ষাত নাম ভৰ্ত্তি কৰি নিজৰ জীৱিকা নিশ্চিত কৰিব পাৰে। 

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রস্তুত কৰা বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্রমসমূহ হ’ল - 

ক) কৃষিভিত্তিক বিষয়সমূহ (Agro-based Subjects):
১) শস্য উৎপাদন (Crop production),
২) উদ্যান কৃষি(Horticulture) ,
৩) অন্তৰ্দেশীয় মৎস্য পালন (Inland Fisheries) ।

খ) অভিযান্ত্রিক আৰু প্রযুক্তি জ্ঞানভিত্তিক বিষয়সমূহ (Engineering & Technology based Subjects):

১) ঘৰুৱা বৈদ্যুতিক সঁজুলি চোৱাচিতা আৰু মেৰামতি কৰা (Maintenance and Repair of Electrical Domastic Appliances),
২) ৰেডিঅ আৰু টেলিভিচন চোৱাচিতা আৰু মেৰামত কৰা (Repair and Maintenance of Radio and T.V. Receiver),
৩) স্বয়ংচালিত যাবাহন প্রযুক্তিবিদ্যা (Auto Engineering Technology),
৪) শক্তিচালিত কৃষি ঔদ্যোগ যন্ত্রপাতিৰ চোৱাচিতা আৰু মেৰামত কৰা (Maintenance and Repair of Power Driven Farm Machinary)।

গ) বাণিজ্যভিত্তিক বিষয়সমূহ (Commerce-based Subjects):
১) গণিতিক বিদ্যা আৰু হিচাপ পৰীক্ষা (Accountancy & Auditing),
২) কাৰ্য্যালয় সহকাৰী (Office Secretaryship), 
৩) কাৰ্য্যালয় পৰিচালনা (Office Management), 
৪) কম্পিউটাৰ প্রযুক্তি (Computer Technique) । 

ঘ) গাৰ্হস্থ্য বিজ্ঞানভিত্তিক বিষয়সমূহ (Home Science-based Subjects): ১) বয়ন চানেকি (Textile Designing), 
২)ব্যৱসায়িক পোছাক প্রস্তুতকৰণ আৰু চানেকি (Commercial Garment Making and Designing)। 

ঙ) ক’লাভিত্তিক বিষয়সমূহ (Humanities-based Subjects): 
১) বাণিজ্যিক কলা (Commercial Art) । 

ছাত্র-ছাত্রী তথা অভিভাৱকসকলে বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্রমসমূহৰ বিষয়ে সৱিশেষ জানিবৰ বাবে গুৱাহাটীৰ বামুনীমৈদামত অৱস্থিত ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’ৰ কাৰ্য্যলয়ত খবৰ কৰিব পাৰে। সংসদৰ বেৱচাইটতো হ'ল- www.ahsec.nic.in

1 comment:

  1. The scene of vocational education in the higher secondary school of Assam is not at all encouraging. This news article posits the dismal state: http://articles.timesofindia.indiatimes.com/2013-05-11/guwahati/39186215_1_vocational-courses-higher-secondary-education-council-ahsec

    Government of India has come up with a new idea called NATIONAL VOCATIONAL EDUCATION QUALIFICATION FRAMEWORK under the leadership of National Council for Skill Development. Can anybody share more light on the current status in Assam?

    ReplyDelete