ৰস ৰচনাঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰস ৰচনাঃ

ৰস ৰচনাঃ

Share This
যি কম মিছা কম,
 মিছাৰ বাহিৰে একো নকওঁ
দেৱজিত শইকীয়া
মানুহে কয় “মিছা কথাৰ ঠেং চুটি”, পিছে সেইটোও এটা গোকা মিছা। আপুনি কওঁকচোন, মানুহৰ ঠেং থাকে নে ভৰি? আৰু এনে এটা মানুহ মোক দেখুৱাই দিয়কচোন যাৰ মিছা কোৱাৰ বাবে ঠেং চুটি হৈছে?

আচলতে মিছাৰ লগত আমাৰ সম্বন্ধ জন্মৰ আগৰ পৰাই । মোৰ জীৱনত শুনা প্ৰথম মিছা কথাটো আছিল, মোক জন্ম দিয়া ডক্টৰজনৰ মুখত । “নৰ্মেল নহয় ছিজাৰিয়ান কৰিব লাগিব” বুলি মিছাকৈয়ে মাৰ পেটো ফালি মোক লিয়াই আনিলে । নাৰ্চিং হোমত মোৰ জন্ডিজ হৈছে বুলি মিছাকৈয়ে এসোপামান মোক চেলাইন খুৱালে ।

খুৰা এজনে হস্পিতালত দেউতাক সুধিলে “কিমান খৰছ পৰিল?”
দেউতায়েও লেবেল দিবলৈ কৈ দিলে নহয় চাৰি হাজাৰ মান মিছাকৈয়ে বঢ়ায়৷ ঘৰ আহি পাইছো ডাঙৰ দাদাই সুধিলে “মা, মা, ভাইটি কেনেকৈ জন্ম হ’ল?” বেচেৰাক দিলে নহয় মায়ে গোকা মিছা কথা এটি কৈ, “হস্পিতালৰ পৰা কিনি আনিছো মইনা” বুলি । মুঠতে সব মিছা, সব মিছা, সেয়াই মাত্ৰ কেৱল সঁচা


বুট চোবাব নোৱাৰা মোক, ককাই নামঘৰলৈ লৈ যায়, মিছাকৈয়ে এখন প্ৰসাদৰ পাত বেচিকৈ লয় । কান খোৱা আহিব বুলি, শিয়াল আহিব বুলি সৰুতে আইতাই কমখিনি মিছা কথা ক’লে নে? মোক শুৱাব আৰু ভাত খুৱাবৰ সময়ত ? 


স্কুলত নাম লগাবলৈ গৈ দিলে দেউতাই মিছাকৈয়ে মোৰ বয়স কমাই দিলে। স্কুলতো পেট বিষাইছে বুলি মিছাকৈয়ে কম ছুটি ল’লোনে? আৰু যে ক’ত কি মিছা কথা মাতিলো চাৰ বাইদেউৰ আগত হোমৱৰ্ক নকৰাৰ বাবে ।


আৰু পৰীক্ষাত? লগৰ বোৰে মোতকৈ কম মাৰ্কচ পাইছে বুলি ঘৰতকোৱা মিছাবোৰ?
যৌৱন কালত প্ৰেয়সীৰ আগত কম মিছা মাতিলোনে? মিছা শপত কচম কম খালোনে? আৰু বিয়া পাতিবলৈ গৈ ছোৱালীক আগতে কাকো ভাল পোৱা নাই, তোমাকে প্ৰথম ছোৱালী চাইছো বুলি কম গোকা মিছা মাতিছিলোনে ?

মই মৰাৰ পিছতো মানুহে শ্মশানত মই ভাল মানুহ আছিলো বুলি মেলে-মিটিঙে কম মিছা মাতিবনে? মোৰ কথা বাদ দিয়ক মইটো সৰু সুৰা মিছা কথা কোৱা মানুহ, ডাঙৰ ডাঙৰ নেতা, মন্ত্ৰী বিধায়ক সকলৰ কথা ভাবকচোন, কিমান মিছলীয়া । 


বাৰু বাদ দিয়ক মোৰ কথা৷ পিছ বজাৰলৈ গৈ আপুনি বস্তুৰ দাম কিয় কমায় ? কাৰআপুনিও জানে, বেপাৰয়ে মিছাকৈয়ে দাম বঢ়াই কৈছে বুলি । পৱাতে আপোনাৰ ঘৰত গাখৰ দিয়া গুৱালটোৰ পৰা, মাছ-শাক পাচলিৰ বেপাৰটোলৈকে কিমানে আপোনাক মিছা মাতে আৰু কিমানক দিনটোত আপুনি মিছা কথা ক’বলগীয়া হয় সেয়া এবাৰ ভাবি চাইছেনে? লিখি ৰাখিলে ৰেকৰ্ডৰ ওপৰত ৰেকৰ্ড হব! মিছা ক’লে কি ডাল হব!

পাব্লিচিটিৰ বাবে বা বিজ্ঞাপনত কোম্পানীবোৰৰ হৈ অভিনেতা –অভিনেত্ৰী সকলে কম মিছা কথা কইনে?7 দিনত ফেয়াৰ এন্ড লাভলী ঘঁহি আপুনি বাৰু এয়াৰ হোষ্টেজৰ দৰে বা ফ্লিম ফেয়াৰ এৱাৰ্ড লৈ পাইছেনে? অমিতাভ বচ্চনে বাৰু হাজমোলা খাইনে আৰু গায়ত্ৰীৰ পেট ইমান বেয়ানে যে লিভচিন নাখালে একো হজমেই নহয়?


আচলতে মানুহৰ জীৱনটো চলি থাকে মিছাৰ ওপৰতেই । এই ধৰক পুৱা আপোনাৰ শ্ৰীমতৰ লগত কাইজীয়া লাগি মনটো বেয়া হৈ আছে, লগৰ বন্ধু এজনৰ ফোন আহিল, বোলে কেনে আছ? মস্তি..... কৈ দিলে নে পুৱাই পুৱাই মস্তিত আছো বুলি মিছা কথাষাৰ।

ধৰক আপোনাৰ আজি অফিছলৈ যাবলৈ মন যোৱা নাই, এপ্লিকেশ্চনত লিখিব লাগিব, জ্বৰ হৈ আছে বা শ্ৰীমতৰ বেমাৰ, বা ৰুটিন মেডিকেল চেক আপ । সঁচা কথা লিখি দিবচোন “এনেই মন ন’গল বুলি”। আপোনালৈ অহা ফোনটো কাৰ বুলি শ্ৰীমতয়ে সুধিলে কৈ চাবচোন, মোৰ লগৰ ধুনিয়া ছোৱালী এজনৰ বুলি । মোবাইলৰ কচম, মোবাইল এফালে, চিম আনফালে হ’বলৈ বেচি পৰ নালাগিব, জানি থওক

ঘৰতে বহি আড্ডা দি থাকোতে যদি অপ্ৰয়োজনীয় এজনৰ ম’বাইল বাজে মিছাকৈয়ে কৈ নিদিয়েনে মিটিঙত ব্যস্ত আছো, পিছত কৰিব বুলি । গুৱাহাটত থকাজনক, আপুনি তেজপুৰত থাকোতেই নগাঁও পালোহিয়ে আৰু অলপ সময় পিছত পাই আছোগৈ বুলি নকয়নে?

বাৰু আপোনাক কোনোবাই নিমন্ত্ৰ জনালে আপোনাৰ যাবলৈ মন নাই, আপুনি শ্ৰীমতৰ অসুবিধা বুলি মিছাৰ আশ্ৰয় নলয়নে ? এৰাব নোৱাৰা পৰিস্হিতিত আপুনি গ’ল আৰু আলহীৰ ঘৰত দিয়া চাহকাপ আপোনাৰ পচন্দ হোৱা নাই, তথাপি আপুনি নকয় জানো বৰ ধুনীয়া হৈছে বুলি মিছা মাতি? ধৰক লগৰ এজনৰ বিয়াত আপুনি যাব নোৱাৰিলে, পিছত লগ পালে তেওঁক মিছাকৈয়ে কিবা এটা অজুহাত দেখুৱাই নে নাই?

আচলতে কি জানে মিছাৰ আশ্ৰয় নোলোৱাকে বা সত্য কথা কৈ আপুনি ৫ মিনিটো চলিব নোৱাৰে । মিছা কথা ক’ব পৰাটোও এটা আৰ্ট, যি মিছা কৈ ধৰা পৰে তেনে মিছলীয়াক ধিক্কাৰ ।

প্ৰকৃততে মিছা মতাত সিদ্ধহস্ত হবলৈ একো ডিগ্ৰীৰ প্ৰয়োজন নহয়,কিতাপ পঢ়াৰ প্ৰয়োজন নাই। মুঠতে মিছা বোৰ আমাৰ জিভাৰ আগতেই থাকে, ভাবিবলৈ মগজুৱে কষ্টই নাপায় ।

আৰু বহু মিছা কথা ক’বলৈ থাকিয়ে গ’ল । সময় সুবিধা পালে আকৌ কেতিয়াবা মিছা কথা কম, আপোনাৰ শপত (মিছাকৈয়ে খাইছো)!  পিছে যি কম মিছা কম মিছাৰ বাহিৰে একো নকওঁ । কাৰসৰুৰে পৰা মানে জন্মৰে পৰা জীৱনত ইমান হকে বিহকে মিছা শুনিলো, মিছা মাতিলো, এতিয়ানো সঁচা মুখৰ পৰা ওলায় কিদৰে ?


সদৌ শেষত  আমি সকলোৱে কোৱা শীৰ্ষ পাঁচটা মিছা কথা আপোনালোকলৈ আগবঢ়ালো৷
. মোৰ ভাল, আপোনাৰ?
২. ৫ মিনিট আহি আছো ৰ’বা
৩. তোমাক আজি সঁচাই তামাম ধুনয়া লাগিছে ।
. ধন্যবাদ, পিছে গিফ্ট নানিলেও হ’লহেঁতেন ।
. মই কেতিয়াও মিছাকথা কৈ পোৱা নাই, আৰু নকওঁ
ধন্যবাদ৷

No comments:

Post a Comment