লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. প্ৰচান্ত ফুকনৰ কথাৰ মূল্য নাই বুলি ক'লে ৰসাল গগৈয়ে। লগতে সুৰ মিলাই কৃষিমণি ডেকাই ক'লে ফুকনৰ কোনটো সঁচা কোনটো মিছা ধৰিবই নোৱাৰি। অচিৰেই গগৈ আৰু ডেকাই ফুকনৰ কথাৰ মূল্য নিৰূপণ আৰু সঁচা মিচা ধৰা পেলাবলৈ বেংকক, থাইলেণ্ড, ইউৰোপ ভ্ৰমণ কৰি এটি দৰকাৰী যন্ত্ৰ কিনি আনি অসম ৰাইজক উপহাৰ দিবলৈ ঠিক কৰা বুলি গোপন সূত্ৰত গম পোৱা গৈছে।

২. অসহায়.কম নামৰ ৱেব চাইটে অসমৰ হাতোৰা পাৰ্টিৰ ভিতৰৰ বহুখবৰ প্ৰকাশ কৰিছে। কইনাধৰালৈ ৰাতি ৰাতি পাহাৰ বগাই যোৱা বিশ্ব শৰ্মাৰ ফটো, বিমান কোঠত নয়ন্তমল্ল আৰু ৰফিকুদ্দিনৰ আদৰণি, নক্ষত্ৰ তাৰকা হোটেলত গেম প্লেন আদি সকলো গোপনীয় খবৰ এই অসহায়.কমে প্ৰকাশ কৰিছে। এই ৱেব চাইটটোৱে অসমীয়া ৱিকিলিকছ ৰূপে অচিৰেই খ্যাতি আৰু ভৰসা লভিব বুলি উদ্যোক্তাই জনাইছে।

৩. পৰেশ নামৰ অসমীয়া এজনৰ নাম ৰসাল পণ্ডিতে "কৰ-এছ" ৰখাই উত্তম বুলি মন্তব্য কৰিছে। বাংলা, ভূটান, ম্যানমাৰ, চীন আদিত ত্ৰিশ বছৰতকৈ অধিককাল  বিদেশ ভ্ৰমণ উপভোগ কৰি "এছ" কৰি থকাৰ বাবেই এই নাম সলনি কৰিব লাগে বুলি ৰসাল পণ্ডিতে মন্তব্য কৰিছে। অলপ পইচা দিলেই "দীৰ্ঘতম বিদেশ ভ্ৰমণ"ত ব্ৰতী হোৱাৰ অভিলেখৰো মালিক "আমাৰ কৰেছদাই" হব পাৰিব বুলিও মতামত দিছে। তাৰ বাবে যোৰহাটৰ অভিলেখ বৰুৱাৰ দোকানত খবৰ কৰিবলৈকো পণ্ডিতে দিহা দিছে।

৪. উত্তৰ প্ৰদেশৰ পৰা এজন শক্তিশালী মানুহ আহি অসমক প্ৰতিনিধিত্ব কৰিব বিচাৰিলে আমি বাধা দিব পাৰো নেকি খাৰখোৱা কেইটাই! এই বুলি প্ৰশ্ন তুলিলে ৰসাল গগৈয়ে। দেখা নাই ২১কোটি ধন, ৬টাকৈ মাৰাণাস্ত্ৰ থকা মানুহ! সেইজনক বাধা দিবলৈ জেক দি তেওঁক বিৰোধীয়ে গছত তুলি গুৰি কটাৰ পাঙ পাতিছে, সেই কথা খাটাং বুলিও তেখেতে অনুভৱ কৰিছে। আনক আপোন কৰি লব পৰাটোহে আচল কথা বুলি মহানুভৱতাৰে ভৰা হৃদয়ৰ পৰিচয় দাঙি ধৰি গগৈদেৱে কয় যে, সিপাৰৰ ভাই সকলক লাখে লাখে ইমান মৰমেৰে আদৰি লোৱাৰ পাছত, যেনিবা সূদূৰৰ ভাই এজনক আপোন কৰি ললোৱেই তাতে কাৰ কান কটা যায়! এই বুলি আমাৰ সাংবাদিকক পেটত খোঁচ মাৰি চাৰে আচল প্ৰশ্নটো কৰাৰ খবৰ পোৱা গৈছে।

৫. এতিয়াৰ পৰা পৃথিৱীৰ কেৱল অসমত পোৱা যাব খৰ্গহীন গঁড়! চোৰাং চিকাৰীৰ আক্ৰমণৰ পৰা বচাবৰ বাবেই অসমৰ হাবি-বন বিভাগে "মাত্ৰ এটা খৰ্গৰ" বাবে বিখ্যাত গঁড়বিধক খৰ্গহীন কৰি ৰখাৰ ক্ৰিয়েটিভ আইডিয়া গ্ৰহণ কৰিছে। আৰু এনে খৰ্গহীন গঁড় চাবলৈ পৃথিৱীৰ সকলো কোণৰ পৰা পৰ্যটক আহিব আৰু অসমত উবুৰি খাই পৰিবই বুলিও আশা প্ৰকাশ কৰিছে। এনে দাৰুন আইডিয়া প্ৰদান কৰাৰ সাহস দেখুওৱা বন-বিষয়াজনক ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবেও মনোনীত কৰা হব বুলি হাবিবন মন্ত্ৰীয়ে জনাইছে।

৬. দিল্লীত লাজপট নগৰত অৰুণাচলৰ কিশোৰ এজনক চুলিৰ ডিজাইনৰ বাবে কৰা ককৰ্থনাৰ ফলত হোৱা কাজিয়াতে দোকানীয়ে মৰিয়াই মৰা বুলি দুখজনক খবৰ পোৱা গৈছে। এতিয়া মাত্ৰ নাৰী নিৰ্যাতনেৰে নহয়, কিশোৰ হত্যাৰ বাবেও দিল্লী বিশ্বৰ সমুখত উজ্বলি উঠিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰিছে দিল্লীৰ ডাবাঙ ব্যৱসায়ী সন্থাই।

৭. তদন্তকালত আচামীক আৰক্ষীয়ে পলাতক ঘোষণা কৰি কেচ থাপি-থুপি থব নোৱাৰিব বুলি গুৱাহাটী হাইকৰ্টে দিলে ৰায়। পলাতক ঘোষণাৰে কেচ-থাপি-থুপি থোৱাৰ ব্যৱসায়টো বন্ধ কৰাত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসমীয়া তদন্তকাৰী এচ আই সন্থাই। মূল ইনকামটো এইদৰে হঠাত আঁতৰাই দিলে  কেনেকৈ ঘৰ চলাব বা ফ্লেটৰ বাকী ধন কেনেকৈ দিব বুলি প্ৰশ্ন তুলিছে এচ আই সন্থাৰ গৃহিনী সংঘই। কৰ্টৰ এনে হস্তক্ষেপে বিষয়া সকলৰ সংসাৰ বিঘ্নিত কৰিব বুলিও সকলো দেখি বতৰ বিজ্ঞান কেন্দ্ৰই সম্ভাৱনা প্ৰকাশ কৰিছে।

৮. ৰেল বিভাগে গুৱাহাটীত ২১০টা ঘৰ চুলাই ঘাটি বুলি উচ্ছেদ কৰি গঢ়িলে নতুন অভিলেখ। আৱকাৰী বিভাগে তেওঁলোকৰ দোকানত ৰেল বিভাগে হাত দিলে কেনেকৈ হব বুলিও আৱকাৰী আৰক্ষী সন্থাৰ সদস্য খগেন গগৈয়ে ক্ষোভ প্ৰকাশ কৰিছে। আৰু তেনে কেচ পালে তেওঁলোককহে ইনকাম কৰাৰ সুবিধা দিব লাগে বুলিও মত প্ৰকাশ কৰিছে।

৯. মাত্ৰ দহহাজাৰ কোটি টকাৰ মালিক আছিল আছাৰ-ৰাম বাপু। ইমান টকা থাকিও যদি মানুহ জেললৈ যাব লাগে, তেন্তে টকা-পইচা থকাৰ কি অৰ্থ থাকিল বুলি বাপুৰ সহযোগীয়ে টিভিত ক্ষোভ প্ৰকাশ কৰিছে। ইমান টকা থাকিও যদি এই দেশত যদি চিষ্টেমচো মেনেজেই কৰিব নোৱাৰি, তেনে চিষ্টেম সঁচাই ৰাহুলদাই কোৱাৰ দৰেই সলাই পেলাব লাগে বুলিও তেওঁ মত প্ৰকাশ কৰিছে।

১০. মধ্যপ্ৰদেশৰ এজন শ্ৰম আয়ুক্তৰ ঘৰত উদ্ধাৰ হ'ল ষাঠি কোটিৰ সম্পত্তি। ইমান শ্ৰম কৰি ইমান সম্পত্তি গোটোৱাৰ বাবে এই শ্ৰম আয়ুক্ত জনক শ্ৰেষ্ঠ বিষয়াৰ পুৰস্কাৰ দিব লাগে বুলি মন্তব্য কৰিছে দিগ-বিজু সিঙে। তেওঁ কয়, মানুহক প্ৰতিভা বিকাশৰ সুবিধা দিয়াটোৱেই চৰকাৰৰ লক্ষ্য, আৰু সেই সুবিধা গ্ৰহণ কৰি দেশৰ দহজনকো প্ৰেৰণা যোগাবলৈ চৰকাৰে পদক্ষেপ লবই লাগে। নিজৰ ঘৰ নিৰ্মাণ কৰি  লোৱাটোও জানো ভাৰত নিৰ্মাণলৈকে অৰিহণা নহয় বুলি দিগ-বিজু সিঙে প্ৰশ্ন তুলিছে। 

No comments:

Post a Comment