Thursday, January 9, 2014

কবিতা

শ্রমিক
সাগৰ হাজৰিকা

ঠেঁটুৱৈ শীততো
তাৰ হাত ভৰিবোৰ কোঁচ খোৱা নাছিল
কুঁৱলিৰ জালফালি চেঁকুৰিছিল তাৰ জীৱনপথৰৰ দাঁতিত গৰমচোলা পিন্ধি
আদ্দাত মছগুল ভদ্রলোকসকলে
তাচ্ছিল্য কৰিছিল তাক;
জুহালৰ জুইকুৰাই
অবাঞ্চিত জুলুম দিছিল ;
এতিয়া তাৰ হাতভৰিবোৰ কোঁচখাই পৰিছে
কাৰণ উৎসৱ আহিছে
ভদ্রলোকৰ উৎসৱত সি গাব লাগিব
মিছা সুখৰ গান
এতিয়া তাক লাগে
এটা নিমজ নতুন চোলা আৰু
এটা কৃত্রিম হাঁহি......

No comments:

Post a Comment