ৰাষ্ট্ৰীয় গুজৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্ৰীয় গুজৱ

ৰাষ্ট্ৰীয় গুজৱ

Share This
                 হাস্য ব্যংগৰে সত্যৰ সন্ধান
১.
অসমীয়া সুন্দৰী মহিলা সংঘই ইণ্ডিয়ান ৰেকৰ্ড বুকচত নিজৰ নাম লিখিবলৈ সক্ষম হৈছে৷ জানিব পৰা মতে আটাইতকৈ কম বয়সীয়া কাম কৰা কিশোৰী বা মহিলা আৰু আটাইতকৈ কম পইচাতে ৰখাৰ কৃৰ্তিত্বৰ বাবেই এই অভিলেখৰ অধিকাৰী হবলৈ সক্ষম হৈছে গুৱাহাটীৰ এই মহিলা সংঘটি৷ অনাগত দিনত সদৌ অসম ভিত্তিত এনে কামকৰা ছোৱালীক সমবেত সংগীত গোৱাই "বনকৰা দিৱস" উদযাপন কৰি গীনিজ বুকলৈ এই কৃৰ্তি কঢ়িয়াই নিয়াৰ স্থল আছে বুলি যোৰহাটৰ পৰা অভিলেখ বৰুৱাই জনাইছে৷


২.বিল গেটচে ক'লে- ২০৩৫ চনৰ ভিতৰত পৃথিৱীত নাথাকিব কোনো দুখীয়া কংগেছী৷ ভাৰত ভ্ৰমণলৈ আহি গাঁৱে গাঁৱে কংগেছী দালালৰাজ দেখা পাই, তথা পঞ্চায়তীৰাজৰ নামত সৰ্বস্তৰতে দুৰ্নীতিয়ে পোখা মেলা দেখা পাই যোৱাৰ পাছতে এই আশা তেখেতে প্ৰকাশ কৰে বুলি জানিব পৰা গৈছে৷ গেটচৰ এই উক্তিৰ পাছতে দলটোলৈ নতুন নতুন লোকে সদস্য পদৰ বাবে আবেদন কৰিছে আৰু অতি কম সময়তে দালালীৰ জৰিয়তে নিজকে দুখীয়াৰ পৰা ধনীলৈ উন্নীত কৰিবই বুলি শপত গ্ৰহণ কৰিছে৷

. কিমান টকা দিলে টিভি চেনেলত বাতৰি প্ৰকাশ কৰিব পাৰি, সেই প্ৰশ্নকে সাংবাদিকক সোধাৰ ফলত সমালোচিত হ'ল দিল্লীৰ এজন মন্ত্ৰী৷ গোপন লেনদেনৰ কথা এনেকৈ ৰাজহুৱাকৈ সোধাৰ অধিকাৰ কোনে দিলে বুলি সকলো চেনেলে সমস্বৰে দিলে গৰিহণা৷ এই বিষয়ে সাধাৰণ সাংবাদিক নহয়, বিজ্ঞাপন বিভাগ আৰু ওপৰৰ মহলৰ লোককহে সেয়া সুধিব লাগে বুলি প্ৰকাশ কৰিলে ক্ষেত্ৰভিত্তিক সাংবাদিক সন্থাই৷
 
৪. তথ্য জনাৰ অধিকাৰৰ আবেদন দিয়াৰ প্ৰতিযোগিতাৰ পাছত এতিয়া সদৌ অসম সচেতন যুৱ সংঘই আয়োজন কৰিব "পি আই এল প্ৰতিযোগিতা"৷ হকে বিহকে পি আই এল দাখিল কৰি সংবাদ শিৰোনামা দখল কৰা তথা বিভিন্ন বিভাগ, বিষয়া তথা নেতাক হাৰাশাস্তি কৰাত সফল হোৱা সমাজকৰ্মী জনকে চেম্পিয়ন ঘোষণা কৰা হব বুলি সংঘই বিজ্ঞপ্তি যোগে জনাইছে৷

৫. আম খোৱা পাৰ্টিৰ তৰফৰ পৰা সদৌ ভিত্তিত আয়োজিত হৈছে  "মোবাইল কেমেৰাৰে ষ্টিং অপাৰেচন" শীৰষক এক বিশেষ কৰ্মশালাৰ৷ অফিচ, কাছাৰী, পুলিচ আদিত কেনেকৈ মোবাইল কেমেৰাৰে গোপন ভিডিঅ' নিৰ্মাণ কৰি, সেই সকল টকা-খোৱা মানুহক ফচাব পাৰিব, সেই বিষয়ে এই কৰ্মশালাত বিতং শিক্ষা বিতৰণ কৰা হব বুলি আয়োজকে জনাইছে৷ লগতে এই শিক্ষা প্ৰেমিকাৰ সতে অন্তৰংগ মুহূৰ্তৰ বাবে ব্যৱহাৰ নকৰিবলৈকো আগ্ৰহী শিক্ষাৰ্থী সকলক আহ্বান জনাইছে৷

৬. বেংগুলুৰু চহৰত ফ্ৰী-কৈ ৱাই-ফাই সুবিধা জনসাধাৰণ প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে ব্যৱস্থা কৰিছে৷ এই সুবিধাৰ ফলত অহা বছৰ বেংগুলুৰুত পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অতিশয় বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে৷ ক্লাছতো ফেচবুকৰ সতে টাইম পাছ কৰাৰ সুবিধা আন কোনো চহৰতে চৰকাৰে নিদিয়াৰ কথাটোত বাকী চহৰৰ কিশোৰ-কিশোৰী সকলে অসন্তুষ্টি প্ৰকাশ কৰিছে৷ এইদৰে ইণ্টাৰনেট ফ্ৰীকৈ দিবলৈ ললে ৰিলায়েঞ্চ, ভোডাফোন আদিয়েও কেজৰীৱালৰ দৰে কাম এৰি ধৰ্ণাত বহিবহি লাগিব বুলিও সম্ভাৱনা প্ৰকাশ পাইছে৷

৭. অতি কম কাপোৰ পিন্ধি কেনেকৈ পাটৰ কাপোৰৰ মূল্যবৃদ্ধিৰ সৈতে অসমীয়া নৱ-প্ৰজন্মই ফেৰ মাৰিব পাৰিব তাৰ বাবে ৰূদ্ৰাক্ষ-মালা ফেশ্বনে গুৱাহাটীত পাতিলে এখন ফেশ্বন শ্ব৷ তাতে নতুন প্ৰজন্মৰ বাবে আকৰ্ষণীয়কৈ বিজতৰীয়া বিহুৰো আয়োজন কৰাৰ খবৰে ৰাইজৰ মাজত খলকনি তুলিছে৷ এতিয়া যুৱ পৰিষদৰ ফালৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱ প্ৰাংগণত আঠুকঢ়াই সম্বৰ্ধনা জনাবৰ বাবে আয়োজক-আহ্বায়কক বিচাৰি ফুৰা বুলি জানিব পৰা গৈছে৷

৮. চাব্বিশ জানুৱাৰীৰ অহাৰ লগে লগেই গাড়ী বিশেষকৈ নেন আৰু আন আন প্ৰাৰম্ভিক শ্ৰেণীৰ গাড়ী বিক্ৰীৰ হাৰ আচৰিত ভাৱে বাঢ়িবলৈ ধৰিছে৷ বিশ্লেষকে জনোৱা মতে বাইকৱালাক তই-মই কৈ শ্ৰীমতী-পৰিয়ালৰ আগতে সাম্ভাব্য সন্ত্ৰাসবাদীৰ ৰূপত কৰা দুৰ্ব্যৱহাৰৰ ফলতে মানুহে আৰু অসমত বাইক নচলাও বুলি কানত ধৰিছে৷ পুলিচৰ প্ৰেৰণাতে মানুহে এতিয়া গাড়ী কিনাৰ সপোন খেদিবলৈ বাধ্য হৈছে৷ কথাটো টঙ ধৰিব পাৰি গাড়ী বিক্ৰী মাৰ্কেটিং এক্সিকিউটিভ সংঘই অসম পুলিচলৈ গণতন্ত্ৰ দিৱসৰ বিশেষ শুভেচ্ছা জ্ঞাপন কৰিছে বুলি জানিব পৰা গৈছে৷

৯.
ৰাজ্য সভাৰ নিৰ্বাচনৰ বাবে বিধান সভাৰ বিধায়কক সকলক হৰ্ছ ট্ৰেডিঙ কৰাৰ বাহিৰে কোনো উপায় নাই বুলি প্ৰকাশ পালে সংবাদ শিৰোনামা৷ বিধায়ক কিনা বেচাক জন্তুৰ কিনা-বেচাৰ সৈতে ৰিজোৱা বাবে পেপাৰে বিশেষ অধিকাৰ ভংগ কৰিছে, লগতে মাননীয় লোকৰ  মানৱ অধিকাৰো ভংগ কৰিছে বুলি অভিযোগ তুলিলে সচেতন শৰ্মাই৷ এই বিষয়ে গোচৰ তুলি নিজেও সংবাদ শিৰোনামা বুটলিব বুলি শৰ্মাই গোপনে প্ৰকাশ কৰিছে৷
 
১০. বড়ো সকলৰ বাবে বিশেষ সঞ্চালকালয় খুলিব বুলি জানিব পাৰি, বিসম্বাদী সকলৰ বাবেও বিশেষ সচিবালয় খুলিব লাগে বুলি দাবী কৰিলে ছিণ্ডিকেট হাজৰিকাই৷ এই সচিবালয়ে যুৱ অসমীয়া ব্যৱসায়ী সকলক মাছ, কণী, আলু, পিয়াঁজৰ ইমপৰ্ট আৰু গৰু, অগৰু আদিৰ এক্সপৰ্ট বিজনেচৰ ওপৰত বিশেষ সহায় কৰিব পৰা কৰিব লাগে৷ লগতে থলুৱা ব্যৱসায়ী সকলক এইদৰে সহজে কোটিপতি তথা সুন্দৰী যুৱতীৰ পতি হব পৰাৰ বাট দেখুৱা লাগে বুলিও হাজৰিকাই মত প্ৰকাশ কৰে৷

No comments:

Post a Comment