Tuesday, December 10, 2013

আজিৰ অনুভৱ

আজি শ্বহীদ দিৱস
-অৰূপজ্যোতি সন্দিকৈ
পুনৰ এবাৰ অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদক শ্ৰদ্ধাৰে স্মৰণ কৰিছো । কিন্তু এই শ্বহীদ সকলৰ নামত এগচি চাকি জ্বলাই এটা দিৱস পাতিলেই আমাৰ সকলো দায়িত্ব শেষ হয় নেকি ? এই শ্বহীদসকলে এদিন যিটো উদ্দেশ্য আগত ৰাখি আন্দোলন কৰিবলৈ আহি পুলি/মিলিটাৰিৰ গুলীত মৃত্যু বৰণ কৰিছিল, আজিকো-পতি সেই উদ্দেশ্য পূৰণ নহ'ল । 
আজিৰ দিনটোত শ্বহীদ হোৱা
অসম আন্দোলনৰ
প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ

আজিও চলি আছে সেই আন্দোলন, এই আন্দোলনৰ সমাপ্তি নহয় কিয় ? সেইকথা আমি জানো কেতিয়াবা দকৈ ভাবি চাইছো । অসমৰ এচাম মানুহে কিছু কথা জানিও নজনাৰ ভাও ধৰে, কিন্তু কিয় ? তেওঁলোকৰ অন্তৰত জাতিসত্বা নাই নেকি ? তেওঁলোকৰ অন্তৰে এই শ্বহীদ সকলক সন্মান নকৰে নেকি ?
এই সময়খিনি অসমৰ অসমীয়ৰ বাবে একেবাৰে নিৰাপদ নহয় । আমি প্ৰতিজন অসমীয়াই সজাগ হ'বৰ হ'ল । ঘৰত বহি পেপাৰ খনি পঢ়ি ৰাজ্য খবৰ ৰাখিলেই আমাৰ দায়িত্ব শেষ নহয়, তেনেকৈ আমাৰ অসমৰ বুদ্ধিজীৱীসকলে কোনোবা নিউজ চেনেলৰ ষ্টুডিঅ'ত বহি আলোচনা-সমালোচনা কৰি থাকিলেই আমাৰ সমস্যাবোৰ সমাধান নহয় । আমি সকলোৱে একত্ৰিত হৈ আন্দোলন কৰিব লাগিব, অসমী আইৰ বাবে ৰাজপথলৈ ওলাই আহিব লাগিব ।
হেৰা ডেকাল'ৰা, ফেচবুকত বা চছিয়েল চাইটত কোনো শ্বহীদৰ ফটো লাইক কৰিলেই আমাৰ দায়িত্ব শেষ হৈ নাযায় । আচল শত্ৰুৰ সৈতে যুদ্ধ কৰা তেতিয়াহে বুজিবা শ্বহীদৰ প্ৰকৃত অৰ্থ কি ?

No comments:

Post a Comment