সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰসংগ

সাম্প্ৰতিক প্ৰসংগ

Share This
# 'অনুভৱ'ৰ আতিশয্য #
সুৰজিত নেওগ


নাজিৰা শিমলুগুৰিৰ ৭-৮ টা কণমানিৰ স্কুলভান খন অপহৰণকাৰী এটাই পিষ্টলৰ গুলী ফুটাই অপহৰণ কৰি চাহবাগিছাৰ মাজেৰে নাগালেণ্ডৰ ফালে লৈ গৈছিল। মুৰত পিষ্টল লগাই থোৱা স্বত্বেও গাড়ীচালক জনে অতি সাহস আৰু উপস্থিত বুদ্ধিৰে গাড়ীখন খাল এটাত পেলাই দিয়াত অপহৰণকাৰীয়ে উপায়বিহীন হৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজৰ আটাইতকৈ ডাঙৰ অষ্টম শ্ৰেণীত পঢ়া ছোৱালী এজনীক লগত লৈ খোজ কাঢ়ি নাগালেণ্ডৰ হাবিৰ ফালে গুচি যায়। গোটেই নিশা হাবিত অকলে কটাই আজি পূৱা সেই ছোৱালী জনীয়ে নিজে খোজ কাঢ়ি আহি ঘৰত উপস্থিত হয়হি আৰু ফলত এই শাসৰুদ্ধকাৰি নাটক খনৰ যৱনিকা পৰে।

যোৱানিশা আৰু আজি পূৱা বিভিন্ন টিভি চেনেলে দেখুওৱা ঘটনা ৰাজিৰ পৰা এয়াই মুটামুটি সত্য বুলি বুজিব পাৰিছো। অপহৃত ছোৱালীজনীয়ে নিজে কোৱা মতে অপহৰণকাৰীটোৱে যোৱানিশা ৭ মান বজাতে তাইক এৰিথৈ গুচি গ'ল আৰু ছোৱালীজনীয়ে ওৰেনিশা তাতে কটাই আজি পূৱা আহি ঘৰ পালেহি। অপহৰণ এতিয়া লাহে লাহে আমাৰ সমাজত এক খেল আৰু ব্যৱসায়লৈ পৰিণত হৈছে। সবিশেষ নজনাকৈও এটা কথা ধাৰণা কৰিব পৰা যায় যে এই অপহৰণকাৰীটো হয় মানসিক বিকাৰগ্ৰস্থ নহয় সহজ ধনৰ লালসাত কৰা এক অসংগঠিত কাৰ্য্য। হলেও গুৰুত্বপূৰ্ণ কথাটো হ'লযে এনে এটা মানুহৰ হাতলৈ অস্ত্ৰ ক'ৰ পৰা আহিল? অথবা অপহৰণ কৰি নাগালেণ্ডৰ কোনো অপহৰণ ব্যৱসায়ৰ লগত জড়িত গোটক সোধাই দিয়াৰ উদ্দেশ্যও হ'ব পাৰে। এইবোৰ কথাৰ উত্তৰ হয়তো কেতিয়াও নুলাব। তৰুণ গগৈ ডাঙৰীয়াৰ বিকশিত অসমত অপহৰণ এতিয়া খেল আৰু লগতে সহজ ধন ঘটাৰ আহিলা...

টি.আৰ.পিৰ পিছত দৌৰা টিভি চেনেলৰ সাংবাদিকৰ মাজত হেতা-ওপৰা লাগিছে; কোনে কেনেকে সেই কণমানি ছোৱালী জনীৰ সাক্ষাৎকাৰ ল'ব পাৰে। ঘেহাই ঘেহাই একেটা কথাকে একেটা দৃশ্যকে বাৰে বাৰে দেখোৱাই থকা হৈছে। ছোৱালীজনীক সোধা দুটামান প্ৰ্শ্ন .. "তোমাৰ তেতিয়া কেনে অনুভৱ হৈছিল?" "বন্দুক ফুটাওতে তোমাৰ ভয় লাগিছিল নে?" ... কেনে উদ্ভৎ প্ৰ্শ্ন ...!! "তোমাক হাবিলৈ লৈ যাওঁতে কেনেকে ধৰি লৈ গৈছিল?" .... বিভিন্ন অৰ্থত হ'ব পাৰে ...!! "সেই মানুহটোৰ লগত গৈ থাকোতে তোমাৰ কি অনুভৱ হৈছিল?".... "ৰাতি তোমাক কিবা খাবলৈ দিছিল নে?"... আদি এশ এবুৰি প্ৰ্শ্ন। সেই কণমানিজনীয়ে হয়তো বুজিয়েই পোৱা নাই অপহৰণ মানেনো কি? তাইৰ কথা কোৱাৰ ধৰণ দেখি (টিভিৰ পৰ্দাত দেখামতে) মোৰ ভাৱ হয় তাই যেন সমস্ত কথাকাণ্ডৰ একো আতিগুৰিয়েই পোৱা নাই... এক বিতত আৰু আচৰ্য্যকৰ ঘটনা। তাইৰ মানসিক অৱস্থাটো কোনেও বুজাৰ চেষ্টা কৰা নাই যেন ভাৱ হয়। সাংবাদিক সকলৰ (তাত থকা) সিমানখিনি দায়বদ্ধতা বা সংবেদনশীলতা আছে বুলিও মনে নধৰে। বেচেৰা টি.আৰ.পিৰ পিছত দোৰিবলৈ চেনেল মালিক আৰু মূখ্য বাতৰি প্ৰস্তুতকৰ্তাৰ কঠোৰ নিৰ্দেশ যে মানিবই লাগিব। চাকৰিৰ কথা আছে !!

এইখিনিতে অসমৰ সকলো টিভি চেনেলৰ (নিজকে অসমৰ থলুৱা বুলি সততে দাবী কৰা) মুখ্য কাৰ্য্যবাহী, মুখ্য বাতৰি প্ৰ্স্তুত কৰ্তা, মুখ্য সম্পাদক সকললৈ অনুৰোধ কৰিবৰ মন গৈছে... "আপোনালোকে আপোনালোকৰ ক্ষেত্ৰ সাংবাদিক সকলক 'অনুভৱ' শব্দটোৰ প্ৰ্কৃত অৰ্থ আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ ওপৰত এক বিস্তৃত জ্ঞান দিয়্ক। অৱশ্যে যদিহে অপোনালোকে নিজে জানে। এই শব্দটোৰ সঠিক অৰ্থ অনুধাৱন কৰি 'অনুভৱ' কৰিবলৈ শিকাওক। নহলে আপোনালোকৰ সাংবাদিকৰ 'অনুভৱৰ' তাগিদা আৰু আতিশয্যত ভুক্তভোগীয়ে 'অনুভৱ' নামৰ ইন্দ্ৰিয়টোৰ সক্ৰিয়তা হেৰুৱাই পেলাব। কিবা 'অনুভৱ' কৰিব পাৰিছেনে বাৰু আপোনালোকে?!!"

No comments:

Post a Comment