Sunday, December 8, 2013

মুকলি চিন্তা

গৱেষণা, সমীক্ষাৰ সংখ্যা, পৰিসংখ্যাঃ 
কিমান নাটক আৰু কিমান বাস্তৱ?

অজয় লাল দত্ত
(১)
সৰুতে আমাৰ গাঁৱত কোনো পৰিসংখ্যা বিভাগৰ শিক্ষক/প্ৰৱক্তা নাছিল৷ এতিয়াও নাই৷ পাছতহে কমাৰ্চ কলেজ হোৱাৰ পাছত তাত এই বিষয়টো কলেজত পঢ়োৱা বিষয় বুলি জ্ঞাত হ’লো৷

অংকৰ শ্ৰেণীতে সংখ্যাৰ সতে মোৰ প্ৰথম চিনাকি ৷ তাৰ পাছত এম ই স্কুলত সংহতিৰ সতে৷ তেতিয়া আমি নতুনকৈ সংখ্যাৰ পৰা সংখ্যাৰ সমষ্টিক সংহতি বুলিবলৈ শিকিছিলো৷ মিলন, ছেদন আদি গুল-গুল বনাই মগজুৰ ভিতৰত তাৰ খোপনি দৃঢ় কৰিবলৈ চেষ্টা কৰিছিলো৷ নতুনকৈ অংকৰ ক্লাচত বীজ-গণিতৰ এ প্লাচ বি হ’ল স্কুৱাৰটোৰ ঠাইত নিজৰ নামৰ প্ৰথম আখৰ আৰু ভাল লগা জনীৰ প্ৰথম আখৰটো বঢাই ফৰ্মূলাত পেলাবৰ চেষ্টা কৰাটোৱেই চাগৈ জীৱনৰ প্ৰথম গণিতীয় কূট-কৌশল আছিল!

এইবোৰৰ মাজতে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বাবে প্ৰকল্প নিৰ্মাণৰ এটা সুযোগ আহিল৷ তেতিয়া প্ৰকল্পৰ বাবে মানুহৰ মাজত একোটা বিষয়ৰ ওপৰত থকা সজাগতাৰ উমান লবলৈ মনস্থ কৰিলো৷ গাইডৰ পৰামৰ্শত প্ৰথম বাৰৰ বাবে "সমীক্ষা" চলোৱাৰ বাবে খোজ দিবলৈ আগবাঢ়িলো৷ এই "সমীক্ষা" বোলা কাৰবাৰটো কৰাৰ বাবে প্ৰথমে প্ৰয়োজন কেতবোৰ প্ৰশ্নৰ৷

মোৰ টপিক আছিল ''গৰল ৰোগৰ প্ৰাৰ্দুভাৱ সম্পৰ্কে সজাগতাৰ ওপৰত এক অধ্যয়ন"৷ নবৈ দশকৰ প্ৰথমচোৱালৈকে আয়ডাইজড নিমখৰ ধাৰণা নথকা বাবে আমাৰ গাঁৱতো গৰল ৰোগ মানে গইটাৰ হৈ ডিঙিত একোটা "টেমুনা'' সদৃশ গৰল বহন কৰা মানুহ চকুত পৰা ধৰণৰ আছিল৷ সেয়েহে চালুকীয়া গ্লবেলাইজড ভাৰতৰ এচুকত ধেমাজিত ১৯৯৪চনত, আয়ডাইজড নিমখৰ ব্যৱহাৰে গৰল ৰোগৰ নোহোৱাত সহায় কৰে; এই কথা প্ৰচাৰ কৰাৰ বাবে এই প্ৰকল্প হাতত লৈছিলো৷ সুধিব লগা প্ৰশ্নবোৰ যুগুতাবৰ বাবে প্ৰসংগ পুথি আদি পঢ়ি কিশোৰ এজনে লব লগা "লাগতিয়াল সম্যক" জ্ঞান খিনি গোটাই লৈছিলো৷ প্ৰশ্নবোৰ লৈ লগৰ কেইজনৰ লগত ১০০ঘৰ মানলৈ গৈ প্ৰশ্নোত্তৰ সংগ্ৰহ কৰিছিলো৷ 

তাৰ পাছত প্ৰশ্নোত্তৰবোৰ লৈ অহাৰ পাছত গম পালো, এইবোৰক হেনো "ডাটা" মানে তথ্য বুলি কয়৷ মোল বোজা মানুহৰ বাবে, প্ৰচণ্ড ভেলুৱেবল বস্তু হেনু এইবোৰ!

তাৰ পাছত শতাংশৰ খেল আহিল, কথাবোৰ নতুনকৈ বুজিলো৷ এইবাৰ অংকৰ চাৰে, পাই-চিত্ৰত কলা-বগা-ৰঙা দি, বাৰ গ্ৰাফত এইবোৰক প্ৰতিফলিত কৰিবলৈ শিকালে৷ বোলে এইদৰে প্ৰেজেন্ট কৰিলে তথ্য বিশ্লেষণ কৰাত বা বুজাত সহায়ক হয়৷ আৰ্ট পেপাৰ লৈ সেইমতে কৰি প্ৰতিযোগিতাত জিলাস্তৰ পাৰ হৈ ৰাজ্যিক স্তৰ পালোগৈ ৷ এয়াই সমীক্ষা-সংখ্যা -পৰিসংখ্যাৰ সতে মোৰ প্ৰথম খোজ, প্ৰথমটো এফেয়াৰ!
(২)
গুৱাহাটীত হোৱা ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত পোষ্টাৰ প্ৰদৰ্শনীতে ভণ্টি এগৰাকীৰ সতেও চিনাকী হ’লো ৷ তাইৰ নাম আছিল “সংখ্যা সংহিতা”! কথা পাতি জানিব পাৰিলো, দেউতাক পৰিসংখ্যা বিজ্ঞানৰ অধ্যাপক, সেয়ে দুহিতাৰ নামো সংখ্যা সংহিতা ৰাখিছে!
তেতিয়াহে যে এই পাই ডাইগ্ৰাম, বাৰ গ্ৰাফ আদিৰ এটা পদ্ধতিগত অধ্যয়নৰ বেলেগ বিভাগ আছে জানিব পাৰিলো৷ পৰিসংখ্যাও যে এক বিজ্ঞান জানিব পাৰিলো৷ 

পাছলৈ গুৱাহাটীয়া মহা এজন পালো, তেখেত হেনো নতুনকৈ জিলা ঘোষণা হোৱাত স্থাপন হোৱা নতুন অফিচত কাম কৰে, ষ্টেটেচিষ্টেকল ডিপাৰ্টমেণ্ট, সেয়াই হেনো চৰকাৰী পৰিসংখ্যা বিভাগ ৷ 

পাছলৈ দিল্লীলৈ যাওঁতে পৰিসংখ্যা বিজ্ঞানৰ সৰ্বোচ্চ প্ৰতিস্থান ভাৰতীয় পৰিসংখ্যা প্ৰতিস্থান দেখিলো৷ এইদৰেই লাহে লাহে পৰিসংখ্যাৰ বিষয়ে জ্ঞানৰ পৰিসৰ বাঢ়িল, তথা পৰিসংখ্যাৰ গুৰুত্বতা তথা প্ৰয়োগৰ কথা জানিব পাৰিলো৷ পৰিসংখ্যাৰ ওপৰতে দেশৰ বাজেট বনায়, পৰিকল্পনা যুগুত কৰে, আঁচনি বনায় আদি কথা লাহে লাহে বুজি পাবলৈ ধৰিলো৷ গম পালো যে এই পৰিসংখ্যাই দেশৰ নীতি নিৰ্ধাৰণৰ পৰা ধৰি জীৱনৰ প্ৰতিটো খোজতে প্ৰভাৱ পেলায়৷
(৩)
পৰিসংখ্যাক লৈ এটা কৌতুকে পেটৰ নাড়ী সদায়েই ডাল ডাল কৰে৷ সেয়া হ’ল- এবাৰ এজন চিকিৎসকে এজন ৰোগীক অপাৰেচন থিয়েটাৰত সাহস দিছে-“পৰিসংখ্যাই কৈছে এইবিধ অপাৰেচনত ৯৯%ৰোগীৰেই মৃত্যু হয়৷কিন্তু আপুনি চিন্তা কৰিব নালাগে, মোৰ হাতত ইতিমধ্যেই ৯৯জন ঢুকাল, আপুনি এশ নম্বৰ জনহে!”

গতিকে পৰিসংখ্যাক সম্পূৰ্ণ ৰূপে ভৰসা কৰাটো বাস্তৱত সঁচাই বৰ বিপদজনক হৈ উঠিব পাৰে!

অ’ কৈশোৰ যৌৱনৰ দুৱাৰডলিতে আন এটা ষ্টেটিচটিকচৰ জ্ঞানে মগজু সমৃদ্ধ কৰিছিলহি৷ সেয়া আছিল ডাঙৰ ল’ৰাই দিয়া জ্ঞান৷ এইয়া আছিল নাৰীৰ “ভাইটেল ষ্টেটিচটিকচ”, যাৰ দ্বাৰা সম্যক জ্ঞান মানে আকাৰ, প্ৰকাৰ তথা আকৰ্ষণৰ প্ৰখৰতাৰ উমান পাব পাৰি৷ প্ৰাপ্ত জ্ঞানটো আছিল এনেধৰণৰ-
৩২-২৬-৩২ হ’লে, আকৰ্ষণৰ মধ্যমণি, যেন জোন
৩৪-২৮-৩৪ হ’লে খাও খাও বেলি
২৮-২৬-২৮ হ’লে সৰু সৰু তৰা…. 
(৪)
জীৱনৰ ভিন্ন ক্ষেত্ৰৰ অধ্যয়ন তথা তাৰ পৰিসংখ্যা সৃষ্টিৰ বাবে প্ৰথমে প্ৰয়োজন তথ্যৰ৷ তথ্যৰ বাবে সমীক্ষাৰ৷ সমীক্ষাৰ বাবে প্ৰশ্নৰ৷ কিন্তু বেছিভাগ চৰকাৰী সমীক্ষাৰেই ফলাফল প্ৰকৃত সত্যৰ পৰা বহু দূৰতেই থাকে! ফলত এই পৰিসংখ্যাও একোখন নাটকৰ মঞ্চায়নৰ ধৰণৰহে হয়গৈ সেই কথা ইয়াত আলোচনা কৰিব বিচাৰিছো ৷ তথ্য আহৰণৰ সময়তে ভুল তথ্য অহাৰ বাবেই মূলত এই ভূল পৰিসংখ্যাৰ সৃষ্টি হয়৷ কেইটামান উদাহৰণ-

ক. “ঘৰত পকা লেটিন আছেনে?” বুলি সোধা এটা সাধাৰণ প্ৰশ্নৰ উত্তৰ একেজন মানুহে দুই ধৰণে দিব পাৰে৷ গাঁও পঞ্চায়তৰ সদস্যই সুধিলে “নাই” বুলি ক’লে তাৰ লগত লাগি থাকে পকা লেটিন এটা চৰকাৰী খৰচত অনাময় আঁচনিত পোৱাৰ সম্ভাৱনা৷ 

আৰু একেজন মানুহকেই মিচনেৰী বা ইংলিচ মেডিয়ামৰ স্কুলত সন্তানৰ নাম লগাবলৈ যাওঁতে প্ৰিন্সিপালে সেই একেটা প্ৰশ্নকে সুধিলে কিন্তু সেই একেজন মানুহেই তেওঁৰ অৰ্থনৈতিক অৱস্থাৰ উমান লৈ সন্তানক নাম লগাবলৈ নিদিব বুলি ভয়তে “প্ৰকৃততে নাথাকিলেও” ঘৰত পকা লেটিন থকা বুলিয়েই কব৷ ই এটা ব্যৱহাৰিক সঁচা কথা ৷

ই একেবাৰে এজন সাধাৰণ মানুহক দুজন বেলেগ মানুহে দুটা পৰিস্থিতিত সোধা প্ৰশ্নৰ দুটা বিপৰীত উত্তৰৰ এটা সৰল উদাহৰণে৷

খ. একেদৰে লোক-গণনাৰ ক্ষেত্ৰতো চহৰত বসবাস কৰিবলৈ লোৱা পৰিয়ালৰ মানুহ, ভাড়া ঘৰত থাকি পঢ়া বা চাকৰি কৰা লোকৰ নাম সাধাৰণতে কটা দেখা নাযায়৷ গতিকে স্থায়ী ঠিকনা আৰু বৰ্তমানৰ ঠিকনাত দুয়ো গণনাতে ই থাকে৷ এই কাৰণতেই লোক গণনাত চাগৈ ৩০%তকৈ বেছি মানুহ বিচাৰি পোৱা যাব৷ ৰেচন কাৰ্ড, গেচৰ কাৰ্ড আনকি ভোটাৰ তালিকাটো এই একেটা কাৰকেই প্ৰভাৱ পেলাইছে৷ পেন-কাৰ্ড বা ইউনিক পৰিচয় পত্ৰৰ সাৰ্বজনীন নোহোৱালৈকে এই কাৰকে প্ৰভাবিত কৰি থাকিবই৷ আৰু আমাৰ বিশাল আৰু মহান ভাৰতত এইদিন আহিবলৈ কেইবা যুগো বাকী!

গ. ভাৰতবৰ্ষত ইনকাম টেক্সৰ যিটো প্ৰচলিত ব্যৱস্থা, সেইটো হৈছে নিজে স্বীকাৰোক্তি দিয়া ব্যৱস্থা৷ ইয়াত মানুহে ইনকামৰ সঠিক খবৰ উল্লেখ কৰাটো অতি দুল্লৰ্ভেই৷ দৰমহাৰ পোৱা সাধাৰণ খাটিখোৱা কেইজনৰ টিডিএচৰ বাহিৰে অন্য আমদানিৰ উৎস স্বীকাৰোক্তিত লিখাটো পাপ বুলি ভবা মানসিকতাই দেশত ক’লা ধনৰ ব্যাপক প্ৰসাৰতাত উৎসাহ যোগাই আহিছে৷ ব্যৱসায়ী বা বাহিৰা পইচাৰ আমদানি থকা সকলক এই কাৰ্যত প্ৰফেচনেলৰূপে সহায় কৰাৰ বাবে সংঘবদ্ধ ৰূপত টকাৰ বিনিময়ত সহায় কৰিবলৈ দেশত চাৰ্টাড একাউণ্টেণ্টৰ আইন স্বীকৃত ব্যৱসায় আছেই৷ আৰু আজিৰ তাৰিখত ই অতি লাভজনক ব্যৱসায়ত পৰিণত হৈছে৷ ক’লা ধনক আইনী সুৰুঙাৰে পাৰ্কিং কৰাৰ ঠাই উলিয়াই দিয়া কামতে এই জাত ভাৰাতীয়া প্ৰফেচনেল সদা-ব্যস্ত৷ তাৰোপৰি বেজৰ নাকতে খৰ কথাষাৰৰ কথাৰ জলন্ত উদাহৰণ কৰি গোটেই টেক্সিং ব্যৱস্থাটোৰ সু-ফল ইনকাম টেক্সৰ বিষয়াৰ ঘৰতহে দেখা যায়; টেক্স বিষয়াৰ পৰ্বতোসম দুৰ্নীতিৰ অভিযোগ সদায়েই উজ্বল ভোটাতৰা হৈ দেশৰ আকাশত জ্বিলিকি থাকে৷

গতিকে আদালতে তদন্ত কৰিলেই স্বীকাৰোক্তিত ঘোষিত আমদানিৰ সতে প্ৰকৃত সম্পত্তিৰ বিশালকায় ব্যৱধানে ন্যায়াধীশৰ মূৰ ঘূৰাই পৰি যোৱাৰ অৱস্থা হবই৷ ইনকাম টেক্সৰ ঘোষিত সম্পত্তিৰ তালিকাৰে তুলি ধৰা পৰিসংখ্যাক হাঁহিয়াতৰ পাত্ৰ কৰিবলৈ অসমৰ উদাহৰণ আৰ এইচ খান, শেহতীয়া আদিল জাফনাৰ আদি নামৰ একোজন মানুহেই যথেষ্ট নহয়নে?

ঘ. কিছুমান ব্যৱসায়ো অতি চমৎকাৰী সফলতাৰে চলি থাকে এনে পৰিসংখ্যাৰ নাটকীয় ফলাফলৰ ওপৰতে৷ কবলৈ বেয়া, তথাপি, ভাইগ্ৰা’ সেৱন কৰাৰ পাছত এজন পুৰুষক যদি ঠিকেই কাম কৰেনে বুলি সুধিলে, ফিডবেকত কোনজন পুৰুষে ভাইগ্ৰাইও তেওঁৰ সমুখত হাৰ মানিছে বুলি মানি লব কওকচোন?

এই পুৰুষৰ নাও ডুবিলেও টিঙৰ পৰা ননমাৰ মনোভাৱৰ “আইৰণি”কে মূলধন কৰিয়ে ভাইগ্ৰা, বা তাৰ অনুৰুপ ধৰণৰ শক্তিবৰ্ধক জাতীয় টেবলেটে ডাক্তৰী প্ৰেছক্ৰিপচনক হেলাৰঙে বাটৰ পৰা আঁতৰাই চকুৰ আগতে বিক্ৰীৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে৷ তাৰ প্ৰমাণ চেলচ্ টেক্সৰ বিভাগৰ তথ্যত নহয়, লোভনীয় বিজ্ঞাপনৰ (ইলেক্ট্ৰনিক তথা আন মাধ্যমতো) প্ৰকোপ দেখিয়েই জলজল পটপতকৈ আপুনিও অনুমান কৰিব পাৰিব৷ ইয়াৰ প্ৰসাৰতা চৰকাৰী আঁচনিতকৈ সৰ্ব-ব্যাপি, দেশৰ অতি দুৰ্গম অঞ্চলতো ইবোৰে সফলতাৰ ধ্বজ্জা উৰুৱাই আছে! 

ঙ. একেই ফৰ্মূলাৰে এমৱে জাতীয় নেটৱৰ্ক ব্যৱসায়ৰ সফলতাও ক্ষেত্ৰতো এনে নাটকীয় পৰিসংখ্যাৰ বিজ্ঞাপনেই মূল৷ এনে নেটৱৰ্কীংত ভৰ্ত্তি কৰাবলৈ অহা যি কোনো মানুহেই আপোনাক ভিডিঅ’ দেখুৱাব, অমুকৰ মানুহে চিংগাপুৰত দুই কোটিৰ চেক লৈ থকা ফটো ভিডিঅ’, লগতে চটিয়াব ৰঙীন সপোনৰ ফাকু গুৰি৷ কিন্তু তেখেতক যদি প্ৰশ্ন কৰে, যে তেখেতে নিজে কিমান টকাৰ চেক পাইছে, সেই কথাৰ পৰা তেওঁ চলে বলে কৌশলে হ’লেও আঁতৰি থাকিব৷ 

তাৰ এটাই লক্ষ্য, এটাই অৰ্থ যে, সঁচা তথ্যৰ পৰা আঁতৰত ৰাখি আপোনাক সপোন বিক্ৰী কৰিব৷ যি সেই ভায়াগ্ৰাৰ বেপাৰৰ দৰেই সৰ্ব-ব্যাপি আৰু অন্যতম সফল ৰুপে কোম্পানীবোৰে হাজাৰ হাজাৰ কোটি টকা তুলি লৈ গৈছে৷ সেয়াও আমাৰ ৰঙাফিটাৰ “অফিচিয়েল পৰিসংখ্যা”ই ঢুকি নোপোৱা বিধৰ৷

চ. টিভিত এটা বিজ্ঞাপনে চৰকাৰী খৰচত সঘনাই ভুমুকি মাৰে, যে চৰকাৰী পৰিসংখ্যা বিভাগে তথ্য আনিবলৈ যোৱা বিষয়াৰ পৰা একো নুলুকুৱাব৷ এই তথ্য অতি গোপনে ৰখা হব, ইত্যাদি৷ তাৰ পাছতে দেখুওৱা হয় যে, ইয়াৰ ওপৰতে ভিত্তি কৰি দেশৰ পৰিকল্পনা, বাজেট, আঁচনি আদি ফৰ্মুলেট কৰা হয়৷ ইয়াৰ ওপৰতে ভিত্তি কৰি, বিশ্ব বেংকৰ পৰা বাহ্ বাহ্ লোৱা তথা নতুন ঋণ আদি লোৱা “আন্তঃৰাষ্ট্ৰীয় মাল্টি-বিলিয়ন ডলাৰৰ” কথাবোৰ নিৰ্ণীত হয়৷ 

এই সাধাৰণ বুলি ভবা আপোনাক সোধা প্ৰশ্ন সমূহৰ উত্তৰৰ ওপৰতs যিমান টকাৰ গ্ৰাণ্ট বা লেনদেন হয় সেই পৰিমানৰ শূণ্যৰ সংখ্যা শুনিয়েই সাধাৰণ মানুহৰ মূৰ-ঘূৰাই পৰি যাব লগা ধৰণৰ৷ 

কিন্তু এনে তথ্য আহৰণৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত যে সঠিক উত্তৰ পোৱা যায় সেয়া সন্দেহ জনক৷ যেনে আপোনাৰ ঘৰত থকা সোণৰ পৰিমান কিমান? কিমান ধন আছে, কিমান মাটি আছে৷ আপোনাৰ জনমুৰি আয়, অৰ্থনৈতিক অৱস্থাৰ গণনাৰ বাবে এনেবোৰ প্ৰশ্ন কৰিলে, উত্তৰ দিওতাই সঁচাই শুদ্ধ উত্তৰ দিয়েনে? 

গতিকে এনে পৰিসংখ্যাই সমাজখনৰৰ প্ৰকৃত ৰূপক সঁচাই প্ৰতিফলিত কৰিব পাৰিছে বুলি আপুনি ভাবিব পাৰেনে? 

ছ. ৰাষ্ট্ৰীয় আলোচনী ইণ্ডিয়া টুডে আৰু কচম্-পলিটানে বছৰৰ মূৰত “ভাৰতীয়ৰ যৌন জীৱনৰ সমীক্ষা” কৰে আৰু সেই সংখ্যাৰ বিক্ৰীৰে ভাল ইনকাম কৰে৷ বিগত কিছু বছৰৰ পৰা মহানগৰৰ নতুন প্ৰজন্মৰ ওপৰত সমীক্ষা চলাই “বিস্ফোৰক” তথা “মুখ-ৰোচক” কথা বতৰাৰে পৃষ্ঠাবোৰ ভৰাই তোলে৷ 

এনে সমীক্ষাত যদিও একোটা বাকচত নাম নিলিখাকৈ দিয়া প্ৰশ্নোত্তৰবোৰ গোপনীয় ৰূপত ৰখাৰ আশ্বাস দিয়া হয়, তথাপি এনে সমীক্ষাত সঁচা কথা কোৱা লোকৰ সংখ্যা খুবেই কমেই যেন অনুভৱ হয়৷ নিজে নকৰা কিছু কামৰ বিষয়েও আহি বন্ধু-বৰ্গৰ আগত জহাই ভাল পোৱা মানুহে এনে গোপন প্ৰশ্নোত্তৰৰ পাতত ফ্ৰাষ্টেচন উজাৰি অতিৰঞ্জিত কথা লিখাৰেই সম্ভাৱনা বেছি থাকে৷ 

মুখা-মুখিকৈ সুধিলে এনে বিষয়ত শুদ্ধ উত্তৰ পোৱাটো দূৰৈৰ কথা সকলো ধোৱা-তুলসীৰ পাত ওলাব, অথচ গোপন প্ৰশ্নোত্তৰত অভিসাৰী মানসিকতাৰ বিকৃত ৰূপটো উদঙাই দিয়াৰ প্ৰকোপটো লগাতকৈ বেছি হব৷ কিন্তু সংস্কাৰ, নীতি-নিয়ম, সমাজৰ সমুখত এনে অতি-কল্পনাবোৰৰ ৰূপায়ন বাস্তৱত প্ৰকৃততেই বেছি ভাগেই নকৰে, কিন্তু তাকে তথ্যৰ ৰূপত এনে মুখৰোচক সমীক্ষা কৰি তাৰ বিক্ৰীৰে নতুন অভিলেখৰ পৰিসংখ্যা গঢ়াতোহে সঁচা হৈ পৰে৷

জ. সমাজ বিষয়ক এনে নাটকীয় সমীক্ষাৰ ভণ্ডামীৰ আন এক স্বৰূপৰ কথাও উল্লেখ কৰিব বিচাৰিছো৷ এখন কলেজৰ অধ্যক্ষই অতি ক্ষোভেৰে ক’লে- আজিকালি জানানে পিএইচডিৰ টপিক কি লৈ ডক্টৰেট লৈ আহিছে? “ৰেলৰ আলিৰ দুয়োপাৰৰ দুখন গাঁৱত খাদ্যাভাসৰ তুলনামূলক বিশ্লেষণ”!

“আপুনি আলু কেইদিন খায়, কচু কেইদিন খায়?গাহৰি খায় নে কুকুৰা খায়…” এনে ধৰণৰ প্ৰশ্নোত্তৰ, তাৰ পদ্ধতিগত বিশ্লেষণ, পৰিসংখ্যাৰ সৃষ্টি, তাৰ পৰা সামাজিক সূত্ৰৰ উন্মোচন, ফলত পিএইচডি ডিগ্ৰী লৈ চাৰ বহি আছে”৷ 

“বিজয়ীজনে বেলেগ কাম নকৰে, যি কৰে তাকেই বিজয়ী হোৱাকৈ কৰে” কথাক সত্য কৰি মনোমত বিষয়ত তথ্যৰ সৃষ্টি, পৰিসংখ্যাৰে বিশ্লেষণেৰে জগত জয় কৰাৰ কাহিনী, নাটক আদিৰ মঞ্চায়ন আপোনাৰ চৌপাশেও চাগৈ হৈয়েই আছে!

গতিকে এনে নাটকীয় পৰিসংখ্যাত বিশ্বাস কৰিলে আমাৰো অৱস্থা সেই অপাৰেচনৰ টেবুলত শুৱাই লোৱা ৰোগীজনৰ দৰেই হব! সেয়াহে নিশ্চিত ৷
দেশ শাসনৰ সফলতাৰ ঢাক-ঢোলো এনে নাটকীয় পৰিসংখ্যাৰেই ৰঙীন উপস্থাপনহে, প্ৰকৃত ছবি নিশ্চয় নহয়!

No comments:

Post a Comment