হাস্য ব্যংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগ

হাস্য ব্যংগ

Share This
দেৱজিত শইকীয়াৰ কলমত
শ্ৰীমান বনাম শ্ৰীমতী
এক তুলনামূলক বিশ্লেষণ

-এগৰাকী মহিলাই তেতিয়ালৈকেহে ভৱিষ্যতৰ বাবে চিন্তিত থাকে যেতিয়ালৈকে তেওঁ এজন গিৰিয়েক নাপায় ।
-এজন মানুহে তেতিয়ালৈকে ভবিষ্যতৰ বাবে চিন্তিত নহয় যেতিয়ালৈকে তেওঁ এগৰাকী ঘৈণীয়েক নাপায় ।

-এজন সফল মানুহ তেঁৱেই যিয়ে তেঁওৰ ঘৈণীয়েকৰ প্ৰয়োজন পূৰণ কৰি উঠিও ৰাহি হোৱাকৈ উপাৰ্জন কৰে ।
-এগৰাকী সফল মহিলা তেঁৱেই যিয়ে তেনে এজন সফল গিৰিয়েক পায় ।

-এজন পুৰুষৰ সৈতে সুখী হবলৈ তেওঁক আপুনি তেওঁক অকনমান মৰম কৰিব লাগিব আৰু অধিক বুজি পাব লাগিব ।
-এগৰাকী মহিলাৰ সৈতে সুখী হবলৈ আপুনি তেঁওক বহুত মৰম কৰিব লাগিব আৰু বুজি নাপালেও হ’ব । (বুজি পোৱাৰ প্ৰশ্নই নাহে কাৰন স্বয়ং ভগৱানেও বুজি নাপালে গতিকে নাৰীৰ মন বুজিবলৈ আপূনি বা মই কোন ?)

-এগৰাকী মহিলাই এই বুলি ভাবি এজন পুৰুষলৈ বিয়া হয় যে বিয়াৰ পিছত পুৰুষজন সলনি হৈ যাব । দুৰ্ভাগ্য যে তেওঁ সলনি নহয় ।
-আৰু এজন পুৰুষে এই বুলি ভাবি এগৰাকী ছোৱালীক বিয়া পাতে যে বিয়াৰ পিছতো তেওঁ একেদৰেই দৰেই থাকিব, কেতিয়াও সলনি নহয় । দুৰ্ভাগ্য যে তেওঁ সলনি হৈ যায় ।

সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ বিবাহিত পুৰুষে অধিক কামনা কৰে যদিও এজন বিবাহিত পুৰুষ অবিবাহিত পুৰুষতকৈ অধিক কাল জীয়াই থাকে ।

-এজন বিবাহিত পুৰুষে তেওঁ কৰা ভুলটো মনত নৰখাই ভাল, কাৰণ একেটা কথাকে একেখন ঘৰৰ দুজন মানুহে মনত ৰখাৰ কোনো অৰ্থ নাই ( আন গৰাকী তেওঁৰ পত্নীৰ কথা কৈছো)

-যি কোনো তৰ্কৰ শেষ কথাষাৰ পত্নীয়ে কয় ।
-আপুনি যদি তেঁওৰ শেষ কথাষাৰৰ পিছত আকৌ কিবা কয়, তেনেহলে সেইখন আকৌ এখন নতুন তৰ্কৰ সূত্ৰপাত হ’ব।

- পত্নীৰ জন্ম দিন মনত ৰখা আতাইতকৈ সহজ উপায়, তেঁওৰ জন্মদিনটো এবাৰ ভুলবশত পাহৰি চাওক ।

এবাৰ দেউতাকক পুতেকে সুধিলে “দেউতা, তোমাৰ বিয়াত কিমান খৰচ হৈছিল ?” দেউতাকৰ চিধা চিধি উত্তৰ “ নাজানো বোপাই আজিও খৰচ কৰিয়েই আছো”।

মনত ৰাখিবঃ
"A successful marriage requires falling in love many times, but always with the same person." - Mignon McLaughlin

No comments:

Post a Comment