Thursday, December 19, 2013

শ্ৰদ্ধাঞ্জলি

মা : স্বৰ্গীয় সৰোজ দিহিঙ্গীয়া 
ড° বুলজিৎ বুঢ়াগোহাঁই 

মা (স্বৰ্গীয় সৰোজ দিহিঙ্গীয়া) যে এই পৃথিৱীত নাই সেই কথা মোৰ বিশ্বাস নহয় যদিও এই পৃথিৱী পৰা ১৯।১২।২০১০তাৰিখে অজান ঠাইলৈ গুছি গৈছে । ‘মা’ই আমাক এৰি যোৱা আজি (১৯।১২।২০১৩) তিনি বছৰ হ’ল। মোৰ মা অতি সহজ , সৰল , ভদ্র, নম্র আছিল। ‘মা’ই কাৰো অহিত চিন্তা নকৰিছিল । মোৰ আৰু ভণ্টি দুজনী(জুৰি আৰু মিন্তী)ৰ পঢ়াই-শুনাই ডাঙৰ দীঘল কৰাত দেউতাৰ লগতে ‘মা’ই বহুত কষ্ট কৰিলে । কিন্তু , মোৰ ‘মা’ই মই Ph.D. ডিগ্রী পোৱা আৰু চাকৰিত যোগদান কৰা দেখা পাই নগ’ল ,গতিকে মোৰ মনটি বেয়া লাগি থাকে । মা, আপুনি য’তে আছে শান্তিৰে থাকক।

মোৰ শিক্ষয়িত্ৰী সৰোজ বাইদেউৰ স্মৃতিত
-অজয় লাল দত্ত
আমি তেখেতক সৰোজ বাইদেউ বুলি মাতিছিলো। আমাক তেখেতে ধেমাজিৰ নলনিপাম প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান কৰিছিল। সেই বিদ্যালয়তে মোৰ নিজৰ মাতৃও তেখেতৰ সহকৰ্মী আছিল। আৰু মাৰ লগত অকলে থকা সূত্ৰে মই সেই স্কুলৰ পৰা ওলোৱাৰ পাছতো মানে উচ্চতম মাধ্যমিক পঢ়া পৰ্যন্ত স্কুললৈ দৈনিক গৈছিলো। সেয়ে স্কুলৰ আন আন শিক্ষক/শিক্ষয়িত্ৰীৰ সন্তানতকৈ মোৰ সৈতে ছাৰ-বাইদেউ সকলৰ এটা আন্তৰিক সম্পৰ্ক আছিল। শান্ত প্ৰকৃতিৰ বাইদেৱে আমাক খুৱ স্নেহ কৰিছিল।

তেখেতৰ ব্যক্তিত্বৰ আটাইতকৈ উজ্জ্বলতম কথাটি আছিল তেখেতৰ সহজ সৰল জীৱন যাপনৰ শৈলী। খুৱ কম আৰু লাহে লাহে কথা কোৱা বাইদেৱে আমাক সদায়েই সু-পৰামৰ্শ দিছিল আৰু নিজৰ সন্তানৰ দৰেই মৰম কৰিছিল। তেখেতৰ মনত কোনো ধৰণৰ হিংসা-বিদ্বেষৰ ভাৱ কোনো দিনেই নাছিল আৰু সেই কথাটিৰ বাবেই মোৰ মাৰ দৃষ্টিতো তেখেতে আছিল এগৰাকী শ্ৰেষ্ঠ সহকৰ্মী।

তেখেত নিজৰ সন্তান সকলক মানুহ কৰাৰ লগতে আমাৰ গাঁৱৰ কন কন শিশু সকলৰ মাজতো অশেষ জ্ঞানৰ বন্তি জ্বলাই থৈ গ'ল। হঠাত ঘৰতে হোৱা এক দুঘৰ্টনাৰ জৰিয়তেই বাইদেৱে আমাক এৰি থৈ গ'ল।

তেখেত আমাৰ সোঁৱৰণিত সদায়েই সজীৱ হৈ আছে আৰু সজীৱ হৈ থাকিব। বাইদেউ যতেই আছে তাতেই শান্তিৰে থাকক, আজিৰ দিনটোত তাকেই প্ৰাৰ্থনা কৰিছো।

No comments:

Post a Comment