গল্প শিতান - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

গল্প শিতান

Share This
টুৱাৰাম দত্তৰ চুটি গল্পঃ
কুকুৰৰ নেজ

-হেৰি অ’ তই আচলতে গুৱাহাটীত কি কৰ? মানে কাম বোৰ কেনেকুৱা? 
-বিল্ডিংৰ ডিজাইন কৰো। মানে ফাৰ্ম এখন খুলি ল’লো, ৰাজগড় ৰোডতে। আহিবা কেতিয়াবা।
-কাম-কাজৰ ভিৰ কেনেকুৱা? বিল্ডিংৰ ডিজাইন মানে এই যে মষ্ট দীঘল, বিৰক্তিকৰ কেলকুলেছন বিলাক নহয় জানো? এই ধৰ তোৰ ফাউন্দেছন, বিম, খুটা হা? কেনেকৈ লাগি থাকিব পাৰ হা?
-নহলে যে উপায় নাই, এই বিৰক্তিকৰ কাম বিলাকেই টো জীৱিকা এতিয়া। বাকী তোমাৰ খবৰ কোৱাছোন, এম ই এছ ত চাকৰি কৰি কেনেকুৱা লাগিছে? আজিকালি তেজপুৰত নহয়। 
-ভাল, ভাল! মানে ঠিকেই আছে।

কৌশিকে ফোন কৰিছিল বিতোপনক। হঠাৎ বহুত দিনৰ পিছত তাৰ ফোন পাই মনটো ভাল লাগি গ’ল বিতোপনৰ। কলেজত সি বিতোপনৰ সিমান ঘনিষ্ঠ নাছিল। অভিজাত্যৰ গৌৰৱেৰে গৌৰাৱাম্বিত কৌশিকৰ বাবে বিতোপন সিমান লেখৰ বন্ধু নাছিল। গতিকে আজি সি ফোনত তাক তই সম্বোধন কৰিলেও সি কিন্তু তুমি সম্বোধনেৰেই কথা পাতিলে। কিন্তু আজি হঠাৎ কৌশিকৰ ফোন! বিতোপনৰ বাবে এক অৰ্থত অপ্রত্যাশিত। কিয় জানো অজানিতে গুন গুন কৈ ভাল লগা গানৰ কলি এটা তাৰ মুখৰ পৰা ওলাই আহিল।

এইকেইদিন সি ভীষণ ব্যস্ত। এক কথাত মৰিবলৈও সময় নাই। জৈনৰ নতুন প্রকল্প এটাত সি মূখ্য পৰামৰ্শদাতা। আৱাসিক অট্টালিকাৰ প্রকল্প। পূজাৰ আগে আগে জৈনক প্রকল্পটোৰ সমগ্র তথ্য, নক্সা, ডিজাইন হাতত লাগে। তিনি দিন আগতে কলিকতাৰ পৰা আৰ্কিটেক্ট গুপ্তাই প্রাৰম্ভিক নক্সাখিনি মেইল কৰি তালৈ পঠিয়াইছে। সি প্রকল্পটোৰ গাঁথনিগত নক্সা, ডিজাইন প্রস্তুতৰ দায়িত্বত আছে।

লেপটপৰ পৰ্দাত জিলিকি থকা বাৰ মহলীয়া অট্টালিকাটোৰ সন্মুখ দৃশ্যটোত আকৌ এবাৰ চকু ফুৰালে সি। দেখাত অট্টালিকাটো মনোমোহা হৈছে। কিন্তু সন্মুখৰ সেই দুটা খুটাৰ মাজত ব্যৱধান প্রায় ২৫ ফুটৰ ওপৰত হয়। অথচ সংলগ্ন বিমটোৰ গভীৰতা ১৪ ইঞ্চিৰ অলপো বেছি কৰিব নোৱাৰি। কালি সি ফোনযোগে আৰ্কিটেক্ট গুপ্তাৰ সৈতে কেবাবাৰো আলোচনা কৰিছে এই কথাটোক লৈয়ে। হয় সন্মুখৰ সেই দুটা খুটাৰ মাজৰ ব্যৱধান কমাব লাগিব, নহলে বিমটোৰ গভীৰতা বঢ়াব লাগিব। অন্যথা অট্টালিকাটোৰ গাঁথনি মজবুত নহব। কিন্তু দুয়োটা কামৰ কোনোটোৱেই কৰিবলৈ ৰাজী নহয় আৰ্কিটেক্ট গুপ্তা। গুপ্তাৰ মতে অট্টালিকাটোৰ সন্মুখ দৃশ্যটোত প্রভাৱ পেলাব পৰা কোনোধৰণৰ সালসলনি কৰিবলৈ তেওঁ ইচ্ছুক নহয়। বহুত কষ্ট কৰি গুপ্তাই সন্মুখ দৃশ্যটো তৈয়াৰ কৰিছে। এতিয়া গাঁথনি মজবুত কৰাৰ অজুহাতত অট্টালিকাটোৰ সৌন্দৰ্যৰ সৈতে তেওঁ কোনো কাৰণতে আপোচ কৰিব নিবিচাৰে। বিতোপনে গাঁথনিৰ গণনাসমূহ আকৌ এবাৰ কৰি বিকল্প উপায় নিৰ্ধাৰণ কৰক। 

বাহিৰৰ আৰ্কিটেক্টৰ লগত এইটোৱেই সমস্যা। সিহতে নিজকে বৰ্হিবিশ্বৰ পৰা অহা কিবা অসাধাৰণ জীৱ বুলি ভাবি লয়। অসমৰ অভিযন্তাই একো নাজানে ধৰণৰ অভিব্যক্তি প্রকাশ কৰে। সি কথাবিলাক জৈনৰ লগতো পাতিছে। জৈনৰ তাৰ ওপৰত অগাধ বিশ্বাস আছে। তেওঁৰ পূৰ্বৰ সাতটা প্রকল্প তাৰ পৰ্য্যবেক্ষণতেই সম্পূৰ্ণ হৈছে।

-হেই বিতোপন! কি কৰি আছাহে?
কৌশিকৰ ফোন আজিও আহিল। আজি দুদিন মানৰ পৰা কৌশিকৰ ফোন তালৈ সঘনাই অহা হৈছে। সি সেইটো সিমান গুৰুত্বপূৰ্ণ বুলি ভবা নাই। তথাপিও কিবা এটা নিশ্চয় আছে।
- কোৱাচোন
- মোক এটা সহায় কৰি দিয়ানা।
- কি সহায়, মানে কেনেকুৱা সহায়, অলপ খুলি কোৱানা।
- মানে আমাৰ বিভাগৰ ফালৰ পৰা দুমহলীয়া বিল্ডিং এটা সাজিব লাগিব। কৰ্মছাৰীৰ বাবে আৱাসগৃহ। এই ধৰা প্রায় ৪০০০ বৰ্গফুট কালি হব প্ৰত্যেকটো ফ্লোৰত। আমাৰ বিভাগৰ পুৰণা নক্সা থাকেই, চিন্তা নাই। তুমি মাথো গাঁথনিৰ ডিজাইনটো তোমাৰ ফাৰ্মৰ দ্বাৰা পুনঃপৰীক্ষা কৰি সঠিক পাইছা বুলি প্রমাণ-পত্র এখন দিব লাগে। ফিজ লৈ চিন্তা নাই। তোমাক প্ৰফেছনেলী পে কৰিম বুজিছা। আচলতে এইবিলাক নোহোৱাকৈয়েও কাম কৰিব পাৰি। কিন্তু আমাৰ দিল্লীৰ মূখ্য বিভাগৰ কথাটো জানাই। ফৰ্মেলি কামবোৰ নকৰিলেই নহয়। নীতি নিয়মৰ ক্ষেত্রত অলপো শিঠিলতা নাই।
- ঠিক আছে তুমি মোৰ ৰাজগড় ৰোডৰ ফাৰ্মলৈকে সৱিশেষ জনাই কোনোবা এজন পঠাই দিবা। 
- কোনোবা এজন মানে? তেজপুৰ বিশ্ববিদ্যালয়ৰ অভিযান্ত্রিক বিভাগৰ অধ্যাপক এজনেই যাব। তুমি তেখেতৰ নাম শুনিছাই চাগে’।
অধ্যাপক বিদৰ্ভ কাকতি। আচলতে তেখেতেই ডিজাইনটোৰ সম্পূৰ্ণ গণনা আৰু পৰীক্ষা কৰিছে। তুমি নিজে কৰিব লগা একো নায়েই। কিন্তু তেখেতৰ চাইনিং অথ’ৰিটি নাইতো, গতিকে তোমাৰ ফাৰ্মৰ দ্বাৰা পুনঃপৰীক্ষাৰ প্রমাণ-পত্র খন জৰুৰী। তুমি এটা কাম কৰিবা, তেখেতৰ হাতত অফাৰ লেটাৰ, বিল, ৰচিদ আদি ফাৰ্মৰ পেডত দি পঠিয়াবা।
- ঠিক আছে। 
কৌশিকৰ মানসিকতা আজি কালি অলপ সলনি হৈছে নেকি? বিতোপনক হিচাপৰ মানুহ বুলি ভবা হৈছে চাগে। তাতে আজি ফোনত তইৰ পৰা তুমিলৈ পৰিৱৰ্তন। হব পাৰে, সময় সলনি হ’ল। অভিযান্ত্রিক সমাপ্ত হোৱাই আজি সোতৰ বছৰ হ’ল। ইমান সময়, ধেমালি নহয়। সোতৰ বছৰত বহুত কিবা কিবি সলনি হয়।

তাৰ মনত পৰিল,অভিযান্ত্রিকত থাকোতে কেনেকৈ এবাৰ সি কৌশিকক সুবিধাবাদী বুলিয়েই খঙেৰে চোঁচা মাৰি গৈছিল। শেষান্ত বৰ্ষত সিহঁতৰ প্ৰজেক্টৰ দল টোত সি,প্ৰশান্ত আৰু আব্দুল্লাৰ লগত গাইদ বিবেকা ছাৰে কৌশিককো সাঙুৰি দিছিল। সিহঁত তিনিটাৰ কৌশিকক লগত লবলৈ মুঠেই ইচ্ছা নাছিল। অতি কষ্টেৰে প্ৰজেক্টৰ কাম কৰা, তথ্য সংগ্রহ কৰা সিহঁত তিনিটাৰ তুলনাত কৌশিক আছিল পালমৰা স্বভাৱৰ। এদিন তাৰ প্ৰজেক্ট ডায়েৰীখন চুৰ কৰি কৌশিকে পিছ দিনা ছাৰৰ আগত প্ৰজেক্টৰ কামৰ খতিয়ান দিওতে তাৰ খঙে মূৰৰ চুলিৰ আগ পাইছিল। সেইদিনা প্রশান্ত আৰু আব্দুল্লা নথকা হলে কথা হিতে বিপৰীত হ’ল হেতেন।

জৈনে এইবাৰ পূজাত বিতোপনক ইন’ভা কাৰ এখন উপহাৰ দিয়াৰ কথা। কালি জৈনৰ পৰিবাৰেও তাক তেনে এটা ইংগিতেই দিছে। সি হে সুখী নহয়। তাক গাড়ী নালাগে। অল্টো এখন ইতিমধ্যে আছেই। সেইখনৰেই চলি যায়। মিছামিছি এইবিলাক বিলাসী গাড়ী তাৰ পচন্দ নহয়। এনেয়েও তাৰ পচন্দবোৰ অন্যতকৈ অলপ বেলেগ। 

তাক আচলতে সৎ উপায়েৰে ঘটা নগদ পইছা লাগে। তাৰ বহুত সপোন আছে। গঠনমূলক কামেৰে সম্পূৰ্ণ পেছাদাৰীত্বৰে উপাৰ্জিত ধনেৰে গাঁৱৰ একমাত্র ককায়েকৰ ঘৰটো সুন্দৰকৈ, মজবুতকৈ সজোৱা, গাঁৱত এটা লাইব্রেৰী সজোৱা, সি পঢ়ি অহা স্কুলখন ধুনীয়াকৈ সজাই দিয়া অজস্র লানি নিছিগা সপোন। সপোনৰ শেষ নাই।

কৌশিকে পঠাই দিয়া অধ্যাপক কাকতি মানুহজন এদিন আহি তাক সৱিশেষ তথ্যবোৰ দি লগ ধৰিলে। বিতোপনে সসন্মানেৰে অধ্যাপক কাকতিক অভ্যৰ্থনা জনালে। বিশ্ববিদ্যালয়ৰ অভিযান্ত্রিক বিভাগৰ অধ্যাপক তেখেত। স্বাভাৱিকতেই দিব লগা সন্মান আৰু মৰ্য্যাদাখিনি দিয়াত সি অলপো কাৰ্পণ্য নকৰিলে। প্রাৰম্ভিক কথা-বতৰাৰ মাজে মাজে সি অনুভৱ কৰিলে অধ্যাপক কাকতি যেন ভিতৰি ভিতৰি কিছু অস্থিৰ। তেখেতৰ কথা-বতৰাৰ সুৰো অত্যন্ত সাধাৰণ মানদণ্ডৰ। বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক এজনৰ যি ধৰণৰ বৌদ্ধিক,বহল চিন্তাধাৰাৰ আভাষ তেখেতৰ ব্যক্তিত্বত জিলিকি থাকিব লাগে অধ্যাপক কাকতিৰ মুখমণ্ডলত যেন সেয়া দুখলগাকৈ অনুপস্থিত। ক’ৰবাত কিবা এক অস্বস্তিকৰ বৈসাদৃশ্য, আশ্বৰ্য্যকৰ বৈপৰীত্য। হব পাৰে! সকলো ব্যক্তি একে নহব পাৰে। কেৱল বাহ্যিক ভাবাৱেগক আশ্রয় কৰিয়েই অন্তিম সিদ্ধান্তত উপনীত হোৱাটো অনুচিত।

বিতোপনে অধ্যাপক কাকতিৰ দ্বাৰা প্রস্তুত ডিজাইনৰ ৰিপোৰ্টটো চকু ফুৰাই চালে। আৰম্ভণীৰ পৰা শেষলৈকে সম্পূৰ্ণ ৰিপোৰ্টটো গভীৰ মনোযোগেৰে চাই উঠাৰ পিছত তাৰ চকুত ভালেমান ভুল ধৰা পৰিল। কোনো কোনো ঠাইত দুই এটা গণনাৰ ভুল এনেকুৱা যে স্কুল পৰ্য্যায়ৰ ছাত্রৰ পৰাও তেনে ভুল আশা কৰা নাযায়। সি যথেষ্ট হতাশ হ’ল। ভিতৰি ভিতৰি বিৰক্তি অনুভৱ কৰিলে। বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক এজনৰ কামৰ মানদণ্ড এনে নিম্নপৰ্য্যায়ৰ হয় জানো? 

- “ছাৰ আজি ৰিপোৰ্টটো মোৰ ইয়াতে থৈ যাওক। মই এবাৰ নিৰলে মনোযোগেৰে অধ্যয়ন কৰি লব লাগিব”। 
সি বিনম্রভাবে অধ্যাপক কাকতিক অনুৰোধ কৰিলে।
- নাই নাই,মই আজিয়েই তেজপুৰলৈ উভতিব লাগিব। এইটো খুবেই আৰ্জেণ্ট। আপুনি দয়া কৰি সোনকালে প্রমাণ পত্র খন দি দিয়ক। মোৰ সময় বৰ কম প্লীজ।
- নাই, এনেকৈ বিনা অধ্যয়নে মই একো দিব নোৱাৰো।
- আৰে, আপুনি কিয় এনেকুৱা কৰিছে? মিঃ কৌশিকটো আপোনাৰ বন্ধু। আচলতে কি জানে, এইবিলাক এনেয়ে ফৰ্মেলিটি। কোনেও মেলি নাচায়। পিছত ফাইলৰ ভিতৰত পচি থাকিব। চিন্তাৰ একো কাৰণ নাই। আপুনি প্রমাণ পত্রখন দি দিলে দুটা পইচা আপুনিও পাই আৰু মোৰো লাভ হয়।
নাই, বিতোপনক বতাহত ওপঙি অহা পইচা নালাগে। সি যিটো শুদ্ধ বুলি ভাবে সেইটোহে কৰে। অধ্যাপক কাকতিৰ আগত সি স্পষ্ট ভাবেই নিজৰ অপাৰগতা প্রকাশ কৰিলে। অধ্যাপক কাকতিৰ কথাৰ সুৰত শেষৰ ফালে এটা অনুনয়ৰ সুৰ বাজি উঠিল। সি তাৰ স্থিতিত দৃঢ় হৈয়েই থাকিল। কৌশিকে বেয়া পালেও উপায় নাই।

প্রস্তাৱিত প্রকল্পটোৰ অট্টালিকাটোৰ সন্মুখ দৃশ্যটো আৰ্কিটেক্ট গুপ্তাই কিছু সলনি কৰি দিছে। তাৰ নেৰানেপেৰা প্ৰচেষ্টাত অৱশেষত গুপ্তা বাধ্য হ’ল। সি বাৰে বাৰে গুপ্তাক হেঁচা দিলে, সৌন্দৰ্য্যৰ স্বাৰ্থত মানুহৰ নিৰাপত্তাৰ সৈতে আপোচ কৰিব নোৱাৰি। তাতে হবলগীয়া প্রকল্পটোৰ মাটিখিনিৰ গুনাগুনো সিমান সুবিধাৰ নহয়। গতিকে অট্টালিকাৰ গাথঁনিয়ে প্রাৰম্ভিক গুৰুত্ব পাব লাগে। অৱশেষত আৰ্কিটেক্ট গুপ্তা ৰাজী হ’ল। এইবাৰ সি পাইলৰ কামখিনিও এটা বেলেগ ঠিকাদাৰ দলৰ দ্বাৰা গুৰুত্ব সহকাৰে কৰিব। আগৰ প্ৰকল্পটোৰ দলটো সিমান হিচাপৰ নাছিল। এইবাৰ সি এৰি দিয়াত নাই। 

জৈনে পূজা এভাগ পাতিছে। নিজৰ ঘৰতে। সপৰিয়ালে তাক মাতিছে। বিতোপন নোযোৱাৰ কথাই নাই। কলিকতাৰ পৰা আৰ্কিটেক্ট গুপ্তাও অহাৰ কথা। গাড়ীখন ভঙাগড়ৰৰ উৰণীয়া সেতুৰ তলতে ৰখাই সি ফুটপাথেৰে পায়চাৰি কৰি আছে। পৰিবাৰ মেঘালী বিগবাজাৰত সোমাইছে। কিবা এটা কিনিব। জৈনৰ পৰিয়ালৰ বাবেও কিবা এটা সৰু উপহাৰ লৈ লব। 

- অ’ এইটো অকন নহয়নে? পান দোকানীটোৰ কাষত জৰ্দা পাগুলি পাগুলি মুখ ৰঙা কৰি আপোন মনে ৰৈ থকা সাধাৰণ চেহেৰাৰ প্রায় ডেৰকুৰি বছৰীয়া ডেকাজনক তাৰ চিনাকী চিনাকী যেন লাগিল। বিতোপনৰ একে গাঁৱৰে হয়। অকন! হয় সি ঠিক ধৰিছে।
- ঐ অকন।
- বিতু দাদা। কি খবৰ? ভাল আপোনাৰ। বহুত দিনৰ পিছত।
- ভাল ভাল। কছোন তোৰ খবৰ-বাতৰি। ক’ত থাক আজিকালি?
- তেজপুৰত, মানে মিছামাৰীৰ ওচৰৰ এম ই এছত ঠিকাৰ কাম কৰা ঠিকাদাৰ এজনৰ তলতে কিবাকিবি কৰি থাকো। আজি বছে মানে ঠিকাদাৰে ক’লে ব’ল গুৱাহাটীৰ পৰা এপাক ফুৰি আহিম। বাচ! আহি গ’লো।
- অ’ তই তেতিয়াহ’লে তোৰ বছৰ লগতহে আহিছ।
- হয় হয়। ৰ’ব দাদা সৌ ক’লা ৰঙৰ গাড়ী খনৰ কাষত মানুহজন দেখিছে, হাতত যে, ছিগাৰেট এটা লৈ আছে, তেওঁৱেই মোৰ ঠিকাদাৰ বছ।
হাত খন ডাঙি অকনে দূৰৈৰ মানুহজনলৈ চাই আঙুলিৰে ইংগিত দিলে। বিতোপনে অকনৰ হাতৰ আঙুলিৰ দিশেৰে চাই পঠিয়ালে। পৰম বিস্ময়ত তাৰ দুচকু বহলকৈ মেল খাই আহিল। অকনে ঠিকাদাৰ বুলি কোৱা মানুহজন দেখোন দুদিনমান আগতে তাক লগ ধৰিবলৈ অহা বন্ধু কৌশিকৰ সন্মানীয় অধ্যাপক কাকতি। ই কেনেকৈ হব? অধ্যাপক কাকতি মানে অধ্যাপক নহয় ঠিকাদাৰহে নেকি? দূৰৈৰ পৰা কাকতিয়ে বিতোপনক দেখি মুখ ঘুৰাই যেন লুকাবলৈহে যত্ন কৰিলে।

বিতোপনহঁত থিয় হৈ থকা ঠাইখিনিৰ ওচৰতে খাবলৈ নোপোৱা, ছাল-ছিগা ফপৰা কুকুৰ দুটামানে কিবা টোপোলা এটা টনা-আজোৰা কৰি আছে। মেঘালী এতিয়াও উভতি অহা নাই। অকনে দোকান খনৰ পৰা তামোল এখন আনি তাৰ হাতত গুজি দিলে।

- বাৰু অকন! কছোন এই কুকুৰবোৰৰ নেজবোৰ কেতিয়াবা চিধা হয়নে?
-এস, দাদাইও যে কথা কয় আৰু! কুকুৰৰ নেজ কেনেকৈ চিধা হব? কেতিয়াবা দেখিছে জানো? কেতিয়াও নহয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages