Wednesday, December 11, 2013

আজিৰ অনুভৱ

'লংকালৈ যিয়ে যায় সিয়ে ৰাৱন হয়' .... 
কিমান সচাঁ কিমান মিছা ?

-সুৰজিত নেওগ
বহুদিনৰ মুৰত যোৱা নিশা মই পুনৰ এনে এক পৰিস্থিতিৰ সন্মুখীন হলো যেতিয়া আমাৰ ল'ৰাই সোধা এক প্ৰশ্নৰ যথাযথ উত্তৰ দিয়াত খেকো-জেকো লাগিল। প্ৰশ্ন নিতান্তই সাধাৰণ 'দেউতা, পলিটিক্স মানে কি নো ? এই পলিটিকেল পাৰ্টিবোৰে কি কাম কৰে?' একদম চিম্পল প্ৰশ্ন... উত্তৰটো আচলতেই তাতোকৈ সহজ। "ৰাজনীতি হ'ল ধুৰন্ধৰবোৰৰ শেষ আশ্ৰয়স্থল" বুলি থাওকতে তাক বুজাই সোনকালে টোপনি যাব পাৰিলোহেতেন.... কিন্তু...
তেনেকে বুজাবৰ আচলতে মন নগ'ল। কিয় নগ'ল সেইটো মই নিজেই বুজি নাপালো। মোৰ নিজৰে ৰাজনীতিৰ ওপৰত জ্ঞান শূণ্য, তথাপিও ৰাজনীতিৰ সংজ্ঞাটোৰ ওপৰত ভিত্তি কৰি তাৰ কুমলীয়া মনটোত ৰাজনীতিৰ প্ৰতি বিৰাগ বা বিৰুপভাৱৰ সৃষ্টি নকৰাকৈ কি কৰিব পাৰি তাৰেই চেষ্টা এটা চলালো...। এইকিদিন টিভিত বা বাতৰিকাকতত কেৱল দিক্ষীত, কেজৰিৱাল, আম আদমী, কংগ্ৰেছ, বিজেপিৰ ওপৰত যিহে বিস্ফোৰন ঘটিছে ল'ৰাটোৰ প্ৰ্শ্নটোতেই তাৰ শুদ্ধ প্ৰতিফলন ঘটিছে। সি আন একো নুবুজিলেও, আমাৰ গগৈদেউক ভালদৰে চিনি পায়; কাৰণ জ'কাৰ বা বহুৱা কাক কয় সি জানে। টিভিত এই চেলেপু, লাগ-বান্ধ নোহোৱা কথা কোৱা, জৰা-ফুকাত বিশ্বাস ৰখা ৰজাজনক দেখিলেই ১৩ বছৰীয়া তাৰ মুখখনত এক বেকা হাঁহি দেখা পাওঁ...!!

ঘুনুক ঘানাককে ৰাজনীতিৰ বিষয়ে যেতিয়া যৎকিঞ্চিত বুজি উঠো তেনে সময়তে আমাৰ 'হিয়াৰ আমঠু' অগপ দলৰ সৃষ্টি হৈছিল। কংগ্ৰেছ বোলা দল এটা যে আছে সেই কথাটো আন্দোলন কৰি থকা দিনৰে পৰাই বুজিছিলো। আৰু চিপিআই, চিপিএম, এচএফআই বোলা কিবা কিবি আছিল বুলিও তেতিয়াই আন্দাজ কৰিছিলো। পিছত অসমৰ বাহিৰত শিক্ষালাভৰ উদ্দেশ্যে যোৱাৰ সুবাদত সৰ্বভাৰতীয় কাকতত বিজেপি বোলা কিবা ৰাজনৈতিক দল এটা আছে বুলিও তেতিয়া জানিছিলো। লগতে শুনিছিলো টেলেগু দেশম বুলি আমাৰ অগপৰ নিচিনা এটা পাৰ্টিৰ উত্থান হৈছে। এন টি ৰামা ৰাওৰ টিডিপিয়ে হেনো ৮৩ চনৰে পৰা অন্ধ্ৰপ্ৰ্দেশত খলকনি লগাইছে আমাৰ অগপই অসমত লগোৱা নিচিনাকৈ....
অপৰিপক্ক মন মগজুৰে বুজি উঠিছিলো এইবাৰ আমাৰ অসমদেশ খন 'সোনৰ অসম' হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰিব। 'আমাৰ' প্লাইউদ, 'আমাৰ' কয়লা, 'আমাৰ' খাৰুৱা তেল, 'আমাৰ' চাহপাট বেচি আমি অসমত নোপোৱা চাউল, চেনি, আলু, পিয়াজ, শাক-পাচলি, টুথপেষ্ট-ব্ৰাচ, চাবোন, কাপোৰ-কানি গাড়ী, চাইকেল, থেলা সকলো 'আমাৰ' নিজৰ বাবে গোটাই-পিটাই অসমত বসবাস কৰা খাটি অসমীয়া মানুহ খিনি টাটা-বিৰলা-আম্বানী নহলেও একো-একোজন লাখপতি হৈ যাব (তেতিয়াৰ দিনত)।

অবৈধ বাংলাদেশী খিনিটোক আমাৰ নিজৰ চৰকাৰ অগপ ই খেদি পঠিয়াবই। গতিকে এইবোৰে অতদিনে কৰি থকা কাম-কাজবোৰ খালি হ'ব আৰু তেতিয়া 'আমাৰ নিজৰ' মানুহখিনিয়ে সেইবোৰ কৰি স্বাৱলম্বী হ'ব। ইতিমধ্যে আমি চেগা-চোৰোকাকৈ শাক-পাচলী অধিক দামত হলেও বিক্ৰি কৰা কেইজনমান 'স্বাৱলম্বী' ডেকাক দেখিছিলোৱেই। কোনো কোনো খাটি খোৱা, শ্ৰ্মজীৱি ডেকাই আকৌ হাতত কেচি তুলি লৈ চুলি কটাও দেখিছিলো। আকৌ কোনোৱে মুৰত নতুন গামোচা একোখন মাৰি বিহাৰী ৰিক্সাৱালাটোক ধমকি দি তাৰ ৰিক্সাখন লৈ ২ টকাৰ ঠাইত ৪ টকাত ভাড়াও মাৰিছিল। মুঠতে এক সোনোৱালী অসমী আইৰ 'সপোনৰ' পিছে পিছে সকলোৰে তিনঠেঙীয়া দৌৰ...।
 এইবোৰ কথা আমি তেতিয়া বেলেগ বেলেগ ৰাজ্যৰ পৰা অহা আমাৰ সহপাঠী সকলৰ আগত অতি গৌৰৱেৰে কৈছিলো। তাহাঁতিও সাধু কথা শুনা দি শুনিছিল...।

সপোন ভাঙি ঠানবান হৈ কঠোৰ বাস্তবলৈ ঘুৰি আহিবলৈ বেছি সময় নালাগিল। পিছলৈ লাজতে আমাৰ সহপাঠী সকলক কৈছিলো যে সেই কথাবোৰ সচাকৈয়ে সাধু আছিল আৰু সাধু/আখ্যান বোৰ কেতিয়াও সচাঁ নাছিল..!! যি কি নহওক, কালৰ সোতত অগপ, টিডিপি, প্ৰফুল্ল, এন.টি.আৰৰ কি দশা হ'ল সেয়া আমি সকলোৱে দেখিলো। যদিও ৰাজনীতিৰ বিষয়ে বিশেষ একো এতিয়াও নুবুজিলো তথাপিও কিবা যেন বহু কথাই নিজে নিজেই বুজি উঠিলো। এতিয়া আকৌ আম আদমী, কেজৰিৱাল, কোনো কোনোৰ মতে অখিল এণ্ড এ পলিটিকেল চলুউচন আদি অতুৎসাহি কথা-বতৰাবোৰ দেখি-শুনি আমাৰ ক্ষুদ্ৰ মগজুৰ সীমিত জ্ঞানেৰে চালে ভয়হে খাও দেখোন... আবেগ বিবৰ্জিত ভাৱে চালি-জাৰি চালে কি দেখো? টিডিপি, অগপ, এন.টি.আৰ, চন্দ্ৰবাবু নাইডু, প্ৰফুল্ল মহন্ত আদিৰ পিছত আম আদমী, কেজৰিৱালৰ নাম লিখা আছে নেকি বাৰু? আপোনা সকলৰ মনত আছে কিজানি, এসময়ত সমগ্ৰ ভাৰতবৰ্ষত বহুল ভাৱে প্ৰচলিত হৈছিল মনমোহন সিঙৰ ব্যক্তিগত অতি উচ্চমানৰ 'বাইঅ'দাটা' খন ...ঠিক এতিয়া যেনেকে চলিছে কেজৰীৱালৰ আই আই টি বেকগ্ৰাউণ্ডৰ বায়দাটা খন...!!!

মোৰ আচলতে চিন্তাটো বেলেগ। শ বছৰীয়া পুৰণি 'লংকালৈ যিয়ে যায় সিয়ে ৰাৱন হয়..' বোলা আমাৰ আপ্তবাক্যশাৰী আমি চিৰদিনলৈ হেৰুৱাই পেলাম নেকি? এই চিন্তাটোৱেহে মোক খুলি খুলি খাইছে .... !!!

No comments:

Post a Comment