Sunday, December 22, 2013

আজিৰ অনুভৱ

তাই ওল গুঠিব জানেনে নাজানে...? 
সাগৰ হাজৰিকা

কালি শীতৰ দিন আদৰি গুগোলে দিলে ওল গুঠি থকা এক গুগোল দুদোল। ইয়েই সৃষ্টি কৰিলে এই অনুভৱৰ।
সৰুতে আমি জাৰৰ দিনত প্রায়বোৰ বন্ধুৱে ঘৰতে গুঠা চুয়েটাৰ পিন্ধিছিলো। আৰু আমাৰে মাজৰ সৌভাগ্যৱান কেইজনমানে তেওঁসবৰ প্রেয়সীয়ে পৰিয়ালৰ অগোচৰে গুঠি দিয়া ডিজাইন থকা চুয়েটাৰ পিন্ধি ফিটাহি মৰাৰ সুযোগ পাইছিল।

শীতৰ আগমনৰ লগে লগে আত্মীয় ঘৰৰ পৰা পেহী মাহীহঁতে মৰমৰ উপহাৰ হিচাপে নিজে গুঠা চুয়েটাৰ ,ওলৰ হাতমোজা,ৰঙীন মাফলাৰ আদি পঠিয়াইছিল।শীতৰ এনে মৰমৰ উপহাৰবোৰ আমাৰ বাবে সদায় গৌৰৱৰ কাৰণ আছিল।কোনো কোনোৱে এই ওল গুঠাৰ চখক কুটিৰ শিল্পৰ ৰূপদি আৰ্থিকভাৱে স্বাৱলম্বীও হৈ পৰিছিল।

সময়ৰ পৰিবৰ্তনৰ লগে লগে আমাৰ মাজৰ পৰা এই চখ আৰু কুটিৰ শিল্পৰো অপমৃত্যু ঘটিল।মানুহৰ ৰুচিবোধো সলনি হ'ল ।আজি বজাৰত কমমূল্যতে সুলভ; মেচিনত তৈয়াৰী ভিন্ন ধৰণৰ শীতৰ পোছাক।

ভূটীয়া শৰনাৰ্থীসকলৰ শিবিৰ সমূহত প্রস্তুতকৰা চুয়েটাৰ সমূহে একেবাৰে সহজতে শীতৰ কাপোৰৰ বজাৰখন দখল কৰি ল'লে। আমাৰ ঘৰবোৰত প্রয়োজনহীন হোৱা ওলৰ শলাবোৰ জুইত মাংসপোৰা ,অথবা তপত তেলত মাছ ভজাৰ কামত ব্যৱহাৰ হ'বলৈ ধৰিলে।এতিয়া বছৰি ৩৫০০কোটি টকীয়া শীতৰ বজাৰখন বহিৰাগতৰ দখললৈ গ'ল ।হাতে গুঠা ধুনীয়া চুয়েটাৰবোৰ যেন এক নষ্টালজিয়া হৈ পৰিল............

No comments:

Post a Comment