হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১.মৰিগাঁৱত ৩১খন বিদ্যালয়ৰ ডেৰ হাজাৰ শিক্ষাৰ্থীয়ে এদিনো পাঠগ্ৰহণ নকৰাকৈ বহিল সৰ্ব-শিক্ষাৰ অন্তিম সাময়িকী পৰীক্ষাতঃ এই অভিলেখ ৰেকৰ্ড কৰাৰ বাবে বিশ্ব অভিলেখ সংস্থা গীনিজ বুকৰ সতে সচেতন ৰাইজে ই-মেইল পঠোৱাৰো সুখৰ খবৰ। বাক্সা জিলায়ো মৰিগাঁৱৰ সতে এই ক্ষেত্ৰত ফেৰ মৰাৰো আহিছে খবৰ!


অসমলৈকে যাওঁ....
স্বাস্থ্য বিভাগে মৰাৰ পাছতো
অক্সিজেন সেৱা দিয়ে বুলি শুনিছো...
 ২. মৃত্যুৰ পাছতো মহিলাক অক্সিজেন লগাই প্ৰেৰণ কৰিলে উন্নত চিকিতসাৰ বাবেঃ মঙলদৈত দেখুওৱা অসমৰ এনে অত্যাধুনিক চিকিতসা সেৱাৰ নমুনাৰ বাবে সচেতন নাগৰিক সমাজে বেমাৰী মন্ত্ৰীৰ কৰিলে ভূয়সী প্ৰশংসা।

৩. নামনি সোৱনশিৰি নদী-বান্ধক লৈ প্ৰায়বোৰ সংগঠনে ৰাজ্যৰ বাহিৰতো আলোচনাত বহিবলৈ সাজু বুলি কৰিলে প্ৰকাশ। ভাল হোটেলত ভাল পৰিবেশত বহিলেহে ভাল ফল পোৱা যাব বুলি এন.এইচ.পি.চিক আঙুলিয়াই দিয়াৰো গোপন খবৰ। কাৰ্যসূচীবোৰৰ বাবে দীৰ্ঘদিনীয়া স্পনচৰাৰ ৰূপে কোম্পানীটোৱে আগ্ৰহ দেখুৱালেও তাৰ প্ৰতিফল হাতে হাতে পাব বুলি কেইবাটাও সংগঠনে গোপনে ব্যক্ত কৰিছে।
কাম কৰিলে ঘোঁচ পাম,
বকেয়াৰ সলনি হৈ যাব কাম!

৪. অসমীয়া চৰকাৰী কৰ্মচাৰীয়ে অফিচলৈ সময় মতে নাযায়, ভাল দৰে কাম নকৰে, সেইবাবেই ৩৩মাহৰ বকেয়া দিব নোৱাৰি বুলি শপত খালে ৰসাল গগৈ ডাঙৰীয়াই। কৰ্মচাৰীয়ে কাম কৰক, কাম কৰি দিলে ৰাইজে মৰমতে পইচা দিয়েই, তেনে দৰেই বকেয়া সুতে মূলে আদায় কৰক। চাৰৰ টিপচত অসমীয়া ঘোঁচখোৰ বিষয়া সংস্থাই যথেষ্ট প্ৰেৰণাদায়ক বুলি ব্যক্ত কৰিছে।

৫. মূল্যবৃদ্ধিৰ সৈতে ফেৰ মাৰিবলৈ ট্ৰেফিক পুলিচ সন্থাই দহ টকীয়া নোটৰ সলনি অন্ততঃ পঞ্চাশ টকীয়া নোট লাঠিৰ আগত বা হাতত গুজি দিওতে ব্যৱহাৰ কৰিবলৈ ট্ৰাক চালক আৰু হেণ্ডিমেন সন্থালৈ জনালে আহ্বান। এই কাতৰ আহ্বানক সন্থাই সহানুভূতিৰে বিবেচনা কৰাৰ দিলে আশ্বাস।

৬.অসমৰ বান-গৰাখহনীয়াত ৰোধৰ বাবে মাথাউৰি বনোৱাৰ বাবে গুজৰাটৰ ৰাইজে দিয়া সহায় সহযোগৰ প্ৰতি সন্মান জনাই গুজৰাটত বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি বনাবলৈ সহযোগিতা আগবঢ়াব অসমৰ গেৰুৱা কমল পাৰ্টিৰ ৰাজ্যিক পৰিষদে। ২৫০০কোটি টকাৰে এনে প্ৰতিমূৰ্তি স্থাপন কৰি ৪৫০কোটি টকীয়া মংগল অভিযানকো লাজ দিয়াটো আজিৰ তাৰিখৰ অতিশয় জৰুৰী কাম বুলিও মুখ্য সচেতকে ব্যক্ত কৰিছে।

৭. নগাঁৱত শিশু শ্ৰমিকৰ শিক্ষাৰ নামত কোটি কোটি টকাৰ লুণ্ঠন কৰিলে চাৰি এনজিঅইঃ এই সকল সফল অসমীয়া স্বেচ্ছাসেৱীলৈ নিবনুৱা সন্থাই জ্ঞাপন কৰিলে আন্তৰিক অভিনন্দন।

৮. আম আদমীৰ দৰেই লানি পাতি আম আদমীৰ সতেই ভোট দিলে ৰাহুল মাইনাই। শীলা আণ্টিয়ে হিন্দীতে কাক ভোট দিলা বুলি সুধোতে "আপকো" বুলি উত্তৰ দিয়াত আণ্টিয়ে ভয় খোৱাৰ খবৰ। মাইনাই ভুলতে সঁচাকৈ আপ মানে "আম আদমী"ক ভোট দি অহা নাইতো। আম আদমীৰ বতাহত সৰু লৰাটোও উটি যোৱাৰ সন্দেহে এতিয়া শীলা আণ্টিক খুলি খুলি খোৱাৰ গোপন খবৰ।

৯. মহন্তৰ দুয়োখন বিয়াৰ খৰছৰ হিচাব দিলে, গগৈৰ ঘৰৰ এখন বিয়াৰ হিচাব দিব বুলি কইনাধৰাৰ বৰঘৰৰ লগুৱাই এচ এম এছ যোগে জনাইছে। লৰাৰ বিয়াৰ খৰছৰ হিচাব ছাৰৰ ওচৰতো নাই, কৰ পৰা চীতলৰ কলঠি আহিল, কৰ পৰা মুগাৰ কাপোৰ আহিল সেয়া স্বয়ং চাৰ-বাইদেৱেও নাজানে, হঠাত এজনে হিচাব বিচাৰিলে কৰ পৰা দিও বুলি চাৰে ঘৰত দম-দমাই থকাৰ গোপন খবৰ।

১০. খেৰনিত দিন দুপৰতে কিশোৰ হত্যা আৰু শিমলুগুৰিত দিন দুপৰতে অপহৰণ কাণ্ড হোৱাৰ বাবে বিজুলী মন্ত্ৰীক শৰ্মাপন্থী সকলে জগৰীয়া কৰা বুলি জানিব পৰা গৈছে। তেওঁলোকক বিস্বস্ত গুণ্ডা-সংঘই জনোৱা মতে ফুট গধূলিতে লাইট নথকাৰ বাবেই এইবোৰ কাৰ্যও দিন-দুপৰতে কৰিব লগা হৈছে। ৰাতি-বিয়লি এইবোৰৰ পৰিবেশ গঢ়ি দিলে দিন-দুপৰত নকৰে বুলিও লিখিত প্ৰতিশ্ৰুতি থানালৈ ফেক্স কৰাৰ খবৰ আহিছে।

No comments:

Post a Comment