হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১ অসম আৰক্ষীৰ সুবিধাৰ্থে সদৌ অসম হ্ত্যাকাৰী সংস্থাই গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থাঃ যি কোনো হত্যাকাণ্ডৰ পাছত মৃতদেহ থানাৰ চৌহদৰ সমুখত বা চহৰৰ মাজ-মজিয়াৰ ডাষ্টবিনতে বিচাৰি পোৱাৰ বাবে গ্ৰহণ কৰিছে শলাগনীয় ব্যৱস্থা। এনেয়ে তেলপুৰি হাবাথুৰি খোৱাৰ প্ৰয়োজন কি বুলি সংস্থাই লগতে মন্তব্যও কৰিছে।

২. নাগাওঁ ৰাজনীতি গোৱালি, নেখেলো নিৰ্বাচন খেলালি, এতিয়া  নবনাও চৰকাৰ, কি কৰ্ কৰ! নাখাও ভাত খুৱালি, এতিয়া নিগিলো কি কৰ্ কৰ বুলি অসমীয়া ফঁকৰা যোজনাটি দিল্লীত আম আদমী পাৰ্টিয়ে হিন্দীলৈ অনুবাদ কৰি লোৱাৰ গোপন খবৰ!

৩. আজি মানৱ অধিকাৰ দিৱস উপলক্ষে বংগৰ মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ পদত থকা গাংগুলী চাৰৰ বিৰুদ্ধে উঠা মানৱীয় যৌন-আতিশয্যৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত মানৱীয় কাৰণত তেখেতেক গাদী এৰিবলৈ এক মানৱীয় টুইট তৃণমূলৰ সাংসদ বীৰেণ কাইয়ে কৰা বুলি জানিব পৰা গৈছে।

৪. মায়ঙৰ বেজালিৰ ব্ৰেণ্ড এম্বেচেদৰ ৰসাল গগৈক হাইকামাণ্ডে মোদীক ৰোধিবলৈ কৰা বিশেষ প্ৰতিৰক্ষা সমিতিৰ দ্বায়িত্ব অৰ্পণ কৰিছে। গগৈ চাৰে বিশ জনীয়া মায়েঙীয়া বেজৰ সঁজাতি দল এক কুইণ্টল তাবিজ সহ লৈ দিল্লীলৈ যাবলৈ ওলোৱা বুলি কইনাধৰা ভৱনৰ পৰা জানিব পৰা গৈছে।

৫. মিজোৰামক ভাৰতৰ এক আদৰ্শ ৰাজ্য ৰূপে স্বীকৃতি দি এক ভাৱিব নোৱাৰা ঘোষণা কৰি পেলাইছে ৰাহু গান্ধীয়ে। মিজোৰামক ৰাজীৱ গান্ধীৰ সপোনৰ ৰাজ্য আৰু লাল থান হাওলাই সেয়া সুন্দৰকৈ বাস্তৱায়িত কৰিছে বুলিও প্ৰশংসা কৰিছে আৰু ৰাজীৱছ ড্ৰীম ষ্টেট বুলি বিশেষ মৰ্যদা প্ৰদান কৰিছে।

৬. সমগ্ৰ নিখিল ভাৰত হাতোৰা কংগ্ৰেছৰ কৰ্মী সকলে ঝাড়ু বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ হাই-কামাণ্ডে নিৰ্দেশ দিছে। সকলোৰে ঘৰত ইটালিয়ান ভেকুৱাম ক্লীনাৰ কিনিবলৈ দিয়া পৰামৰ্শৰ লগতে কাৰেণ্ট নোহাৱা অসমত চাইকেলৰ পেডেল পাৱাৰ ব্যৱহাৰ কৰি এনে যন্ত্ৰ ব্যৱহাৰ কৰাৰ বাবেও নিৰ্দেশনা জাৰি কৰিছে।

৭. মৌচুমী বতাহৰ পাছতে মোদী নামৰ এজাক বতাহে কেইবাখনো ৰাজ্যত প্ৰৱল ৰাজনৈতিক ঘূৰ্ণীৰ সৃষ্টি কৰা বুলি জানিবলৈ পোৱা গৈছে। জনপথ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জাৰি কৰা জাননী মতে অহা এবছৰ এই বতাহে সকলো লণ্ডভণ্ড কৰাৰ প্ৰৱল সম্ভাৱনা দেখা গৈছে। 

৮. দগবিজিয় সিঙে লিখিব আত্ম-জীৱনী, ঘৰৰ পৰা স্থান হেৰুৱালে, কেনেকৈ জগতত কতো স্থান নাপায়, ভাল মানুহৰো কেনে দুৰ্গতি হয়, মুখৰ কথাৰ বাবেই কেনে নগুৰ নাকটি হয়, সকলো অনুভৱ "ভৌ ভৌ জীৱন" শীৰ্ষক গ্ৰন্থত লিপিবদ্ধ কৰিছে বুলি জানিব পৰা গৈছে।

৯. ৰসাল গগৈ চাৰ ৰাজনীতিলৈ নহা হলে অসমৰ জংঘলত টাইগাৰ উডছৰ স্থান গগৈচাৰেই ললে হেতেন বুলি মন্তব্য কৰিলে গুঞ্জন দত্তই। "গল্ফাৰ গগৈ প্ৰতিভা" শীৰ্ষক গ্ৰন্থৰ উন্মোচন কৰি শিৱসাগৰৰ আমতলত তেখেতে এই কথাও সদৰী কৰে।

১০. ছুপাৰকপ গীল চাহাবক "অসমৰ শ্বহীদ বনোৱাৰ ইতিহাস" নামৰ বুৰঞ্জীমূলক গ্ৰন্থ প্ৰণয়ন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ সুখৰ খবৰঃ আজিৰ ছহিদ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত গীল ফেন ক্লাৱে এই কথা সদৰী কৰিছে।

No comments:

Post a Comment