লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান

১. লোকপাল বিল ৰাজ্য সভাত পাছ হোৱাত আনন্দিত আন্নাই আন্তৰিক ধন্যবাদ জনালে ৰাজকুমাৰ গান্ধীক। সৰু বৰ মাছ সুৰুঙাৰে ওলাই সুবিধা ৰখা এই চৰকাৰী লোকপাল বিল উপহাৰ পোৱাৰ ঐতিহাসিক ক্ষণটোত বাবে ৰাজকুমাৰৰ সপোনৰ ভাৰতবাসীক অভিনন্দন জনালে খোদ চাইনী লিঅনি আইদেৱেও।
২. "বকেয়াৰ কথা নকবা" শীৰ্ষক মঞ্চ সফল নাটে নলবাৰীৰ ৰাসৰ পাছত অসমৰ গাঁৱে ভূঞে খলকনি তুলিব বুলি নাট্যকাৰ ৰসাল গগৈয়ে বিধান সভাক জানিবলৈ দিয়েঃ পইচা যিমান পালেও নাটে, সেয়ে যি কেইটা পাইছা তাৰেই সুখেৰে থকাৰ মিত্যৱয়ী জীৱনৰ পাঠ এইখন নাটকৰ জড়িয়তে দিবলৈ চেষ্টা কৰা বুলি বিধান সভাৰ কেণ্টিনত তেখেতে মন্তব্য কৰিছে।

৩. কেজৰিৱালৰ বিৰুদ্ধে আপত্তিজনক টুইট কৰি গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ চুপ্ৰিম কৰ্টৰ কাষ চাপিলে বিতৰ্কিত লেখিকা তছলিমা কাছৰীণেঃ বহুদিন সংবাদ মাধ্যমলৈ নাহিলে তেখেত কত আছে ৰাইজে কেনেকৈ জানিব বুলিহে এই কেইদিনৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তিক আক্ৰণৰ লক্ষ্যৰে টুইট কৰা বুলি লেখিকাগৰাকীয়ে এগৰাকী বান্ধৱীক জনাইছে। পেপাৰত নাম নাহিলে, শান্তি নাপাই বুলিও মনৰ কথা ব্যক্ত কৰিছে।

৪. অসম চৰকাৰে খৰছ কৰা ধনৰ বাবে অসমবাসীৰ প্ৰতিজনৰ মূৰত ঋণৰ বোজা মাত্ৰ ৮৫৫০ টকাকৈঃ লগতে আপোনাৰ গা়ড়ীৰ ঋণ, ঘৰৰ ঋণ, হায় হায় ইমান ধাৰোৱা হৈ জীৱনটো কেনেকৈ জীয়াই আছে। দুখতে ফুৰ্তি-পানী অকন কিনি দেউলীয়া ৰাজ্য চৰকাৰক অকনমান সকাহ নিদিয়ে কিয়? এইবুলি প্ৰশ্ন তুলিছে ৰঙীন পানী ফেন ক্লাৱে।

৫. কাৰাগাৰৰ অৱস্থা দিনক দিনে তথৈৱছ হোৱা ঘটনাত সন্ত্ৰষ্ট হৈ পৰিছে অসমৰ নেতা-পালিনেতা-বিধায়ক গণঃ লোকপাল বিধেয়ক পাছ কৰাৰ লগে লগে কাৰাগাৰত নিজৰ লগৰ সকলৰ কথা চিন্তা কৰিয়ে মন্ত্ৰীয়ে অন্ততঃ মৌলিক সা-সুবিধা খিনিৰ যা-জোগাৰ কৰি দিয়াটো মানৱীয় কৰ্তব্য বুলি অভিহিত কৰিলে লক্ষ্মীপুত্ৰ বিধায়ক সংস্থাই।

৬. যি কোনো ত্যাগৰ বিনিময়ত বৃহত নদী বান্ধৰ কাম বন্ধ ৰখা হব বুলি জাতীয় সংগঠন সংস্থাই কালি শপত খোৱা বিপৰীতে শান্তিকামনা হাজৰিকাই যি কোনো দানৰ বিনিময়ত তাক পূৰা কৰিব বুলি শপত খোৱাৰ গোপন খবৰ। তেখেতে জাতীয় সংগঠনক কব্জা কৰিব পৰা মায়েঙৰ বেজৰ বাবে লাগিলে কইনাধৰাস্থিত বেজালিৰ ব্ৰেণ্ড এম্বেচেদৰৰ পৰামৰ্শ লব বুলিও দোহাৰে।

৭. চৰকাৰী চিকিতসালয়ত চিকিতসা দিবলৈ অনা কয়দীয়ে প্ৰাণৰ ভয়তে পলান কৰাৰ খবৰ আহিছে শিৱসাগৰৰ পৰাঃ মঙলদৈত মৃত ৰোগীকো চৰকাৰী চিকিতসালয়ত অক্সিজেন দিয়া বুলি খবৰটো পুৰণি চিঙৰা বান্ধি অনা পেপাৰত পঢ়াৰ পাছতে তেওঁ পলায়ন কৰা বুলি খবৰ পোৱা গৈছে।


৮. "মোডীয়ে অসমলৈ আহিবলৈ ভয় কৰে" বুলি ৰসাল গগৈয়ে কৰা কটাক্ষৰ আঁৰৰ কথাষাৰ তেখেতৰ ঘৰৰ কামকৰা ল'ৰাজনৰ পৰা জানিব পৰা গৈছে। মোডীয়ে আহিবলৈ ভয় কৰিবলৈকে চৌদিশে হত্যা, অপহৰণ, বিস্ফোৰণৰ ঘটনা সহজে ঘটিবলৈ দি থকা বুলি আৰু মিছা কলে কি ডাল হব বুলি চাৰে মন্তব্য কৰা বুলিও কাম কৰা লৰাজনে আমাক জনাইছে। লগতে অসমৰ যি কোনো ঘটনাৰ খবৰ কনপোনা গগৈয়ে ফেক-প্ৰফাইল যোগে মোদীৰ পেজত আপডেট কৰি দিয়ে বুলিও জানিব পৰা গৈছে।

৯. অহা কিছু দিনৰ ভিতৰতে হাজাৰ হাজাৰ শিক্ষকক নিযুক্তি, কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্থাপন কৰিব বুলি শিক্ষা দিয়া মন্ত্ৰীয়ে ঘোষণা কৰিছে। তেখেতৰ ঘোষণাৰ সংখ্যায়েও অচিৰেই গীনিজ বুকত স্থান পাব বুলি ৰেকৰ্ডছৰ কৰ্তৃপক্ষই মত প্ৰকাশ কৰিছে।

১০. এতিয়াও অসমত এবিঘা মাটিৰ খাজনা ৫টকাহে বুলি জনাই ৰাজহ মন্ত্ৰীয়ে সকাহ দিলে আলু পিয়াজ মন্ত্ৰীকঃ লগে লগে আলু পিয়াঁজ বিভাগৰ নহৰুল চাহাবে মূল্যবৃদ্ধি কত হৈছে আমাৰ দিনত বুলি গৰগৰাই অহাৰ গোপন খবৰ!

No comments:

Post a Comment