জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

জীৱনৰ অনুভৱ

Share This
মৃত্যু বাৰু শিল্প, নাই জানো বিকল্প?
ডঃ মাখন লাল দাস
(মোৰ জীৱনৰ আটাইতকে ভয়াবহ দুৰ্যোগৰ নিশাটি৷ কোনো শিশুৰ জীৱনলৈ এনে দুৰ্যোগ যাতে কেতিয়াও নাহে, ঈশ্বৰৰ ওচৰত সেই প্ৰাৰ্থনাৰে)

মানুহ মৰে বুলি শুনিছিলো, পঢ়িছিলো৷ কেতিয়াবা ভাবিছিলো আমাৰমা-দেউতাও এদিন মৰিব নেকি বাৰু? কিন্তু সেই ভাব মনলৈ আহিলেইনিজেই নিজকে আশ্বাস দি কৈছিলো, নাই নাই আমাৰ মা-দেউতা নমৰে৷কিন্তু সেই চিন্তাটোৱে মোৰ শিশু মনটোক প্ৰায়ে আমনি কৰিছিলহি৷

১৯৬৮ চনৰ জানুৱাৰী মাহত তৃতীয় শ্ৰেণীলৈ প্ৰমোচন পোৱাৰ পাছতেদেউতাৰো প্ৰমোচনৰ খবৰ আহিল৷ ৰেচম বিভাগৰ সহ-সঞ্চালক হিচাবেদেউতাক চিলঙলৈ বদলি কৰা বুলি জানিব পাৰি আমি আনন্দতউৎফুল্লিত হৈ পৰিলো৷ তিতাবৰৰ দৰে সৰু ঠাইৰ পৰা একেবাৰে সেইসময়ৰ অসমৰ ৰাজধানী চিলঙলৈ৷ ইমান ডাঙৰ ঠাইত আগতেকেতিয়াও থাকি পোৱা নাই৷ উত্তেজিত হোৱাৰে কথা৷

আমাক দুদিনমান খানাপাৰাৰ ৰেচম পামৰ গেষ্ট হাউচত ৰাখি দেউতাই চিলঙত কৰিবলগীয়া আনুষ্ঠানিকতাখিনি সম্পূৰ্ণ কৰিবলৈ গ’লগৈ৷ তাৰপাছত মাৰ্চ মাহৰ কোনোবা এটা দিনত আমি চিলংপালোঁগৈ৷ দাদাদুজনক বিষ্ণুপুৰৰ চিলং বিদ্যালয়ৰ অষ্টম আৰু ষষ্ঠ আৰু মোক আৰু সৰু ভাইটিক শঙ্কৰদেৱবিদ্যাপীঠত তৃতীয় আৰু প্ৰথম শ্ৰেণীত নাম লিখাই দিলে৷ একেবাৰে সৰু ভাইটি তেতিয়াও স্কুললৈ যাব পৰাহোৱা নাছিল৷ আমিও অতি কম সময়ৰ ভিতৰতে নতুন ঠাইৰ নতুন পৰিবেশৰ লগত খাপ খাই পৰিলো৷

দিনবোৰ ভালদৰেই পাৰ হৈ গৈ আছিল৷ নবেম্বৰ মাহৰ শেষৰ ভাগত দেউতাই আমাৰ বাবে গৰম কাপোৰচিলোৱাৰ যো-জা চলাই আছিল৷ আমাৰ কাপোৰ দেউতাই নিজেই চিলায়৷

এদিন আবেলি কাপোৰ কাটি থাকোঁতে দেউতাই মাক ক’লে,
“মোৰ ওপৰৰ ওঁঠটো অলপ বিষাইছে৷ দাড়ি খুৰাওঁতে শালমন কাট খালে নেকি?”
দেউতাৰ কোনোবা এজন বন্ধু দুদিনমান আগতে ইংলণ্ডৰ পৰা আহিছিল আৰু ইংলণ্ডৰ পৰা অনা ব্লেডএখন দেউতাক উপহাৰ দিছিল৷ মনৰ উৎসাহতে দেউতাই সেই ব্লেডখনেৰে ৰাতিপুৱা দাড়ি খুৰাইছিল৷

ৰাতি বাৰমান বজাত টোপনিৰ পৰা সাৰ পাই দেখোঁ দেউতাই বিচনাত বহি বিষত কেঁকাই আছে৷ ওপৰৰওঁঠটো ফুলি উঠিছে৷ মাই গৰম পানীৰে সেক দি আছে৷ জীৱনত প্ৰথমবাৰৰ বাবে দেউতাক বিষতকেঁকোৱা দেখিলো৷

পিছদিনা পামৰ মেনেজাৰজনৰ সৈতে দাদাহঁত চিভিল হস্পিটেললৈ গৈ ডাক্তৰক দেখা কৰি কিবা দৰব লৈআহিলগৈ৷ দৰব খোৱাৰ পিছতো একো ফল নহ’ল৷ দেউতাৰ গোটেই মুখখন ফুলি আহিব ধৰিলে৷ লগতেপ্ৰচণ্ড জ্বৰ৷ চিলঙতে থকা ডাঙৰ মহাদেউক খবৰ দিয়া হ’ল আৰু তৃতীয়দিনা ৰাতিপুৱাতে দেউতাক চিভিলহস্পিটেলত ভৰ্তি কৰা হ’ল৷

অলপ পাছত গৰম গাখীৰ ফ্লাস্কত লৈ দাদাহঁত হস্পিটেললৈ বুলি ওলাই গ’ল৷ কিন্তু পোন্ধৰমিনিটমান পাছতেদাদাহঁত উভতি আহিল৷ গৈ থাকোঁতে দাদা পিছল খাই পৰাত হাতৰ পৰা ফ্লাস্কটো পকা ৰাস্তাত পৰি যায়আৰু ভিতৰৰ গ্লাচ ভাঙি চুৰমাৰ হয়৷ ভঙা ফ্লাস্কটো হাতত লৈ মা কিছুসময় শিলপৰা কপৌৰ দৰে থৰলাগি বহি থাকিল৷ প্ৰথম হস্পিটেললৈ যাবলৈ ওলাওঁতেই সেই দুৰ্ঘটনা ঘটাটো নিশ্চয় অতি অমঙ্গলীয়া কথাবুলি ভাবি মাৰ মনটো হাহাকাৰ কৰি উঠিছিল৷ আমিও মাৰ কাষত বহি থাকিলো কিছুসময়৷ কিবা এটাঅজান আশঙ্কাই আমাক বাৰে বাৰে আমনি কৰিবলৈ ধৰিলে৷

কাষৰ ঘৰৰ পৰা ফ্লাস্ক এটা আনি পুনৰ গাখীৰ ভৰাই দাদহঁত গ’লগৈ৷ অলপ পাছত গাখীৰত পনীয়াকৈ চাগুদানা সিজাই মোৰ হাতত দি পঠিওৱা হ’ল৷ আমাৰ ঘৰৰ পৰা গেৰিচন গ্ৰাউণ্ডৰ কাষৰ চিভিল হস্পিটেললৈ খোজকাঢ়ি যাবলৈ আধাঘন্টাতকৈও বেছিসময় লাগে৷ সন্ধিয়া হস্পিটেল পাই দেউতা থকা কোঁঠাটো বিচাৰি উলিয়ালো৷ বাৰান্দাৰ একেবাৰে এমূৰত থকা কোঁঠাটো পাই সোমাই গ’লো৷ দাদাহঁত আৰু কোনোবা দুজনমান বহি আছিল৷ মই খোৱা-বস্তুখিনি আগবঢ়াই দিওঁতে দেউতাই সেহাই-সেহাই ক’লে
:মই খাব নোৱাৰিম, তহঁতেই খা৷

মুখ-মণ্ডল ফুলি থকা দেউতাৰ পিনে চাই মই ভাবিবলৈ ধৰিলো,
: দেউতাৰ চাগে কিমান বিষাইছে, কিমানযে কষ্ট পাইছে…

সেই কষ্টৰ কল্পনা কৰি কৰি মোৰ মূৰটো আচন্দ্ৰাই কৰিব ধৰিলে৷ লাহে-লাহে চকুৰে ধোঁৱা-কুঁৱা দেখিবলৈ ধৰিলো৷ মই বাগৰি পৰিবৰ উপক্ৰম হ’ল৷ তাকে দেখি দেউতাই দাদহঁতক সম্বোধি ক’লে৷
:তাক ধৰ৷ অলপ বিচনাখনত শুৱাই দে৷
দাদাহঁতে মোক ধৰি শুৱাই দিলে দীঘল বেঞ্চখনত৷ অলপ সময় তেনেদৰে থাকি প্ৰকৃতিস্থ হোৱা যেন দেখি দেউতাই সুধিলে
: অলপ ভাল পাইছনে?
তাৰপাছত দাদাহঁতক ক’লে
: তাক বাহিৰলৈ লৈ যা৷ হস্পিটেললৈ বেছিকৈ আহিব নিদিবি৷

মই তেজ দেখিলে ভয় খাওঁ বাবে সৰুৰে পৰা মোক ঘৰত কুকুৰা কাটিলে দেউতাই চাবলৈ নিদিছিল৷ কাৰো দুখ বা কষ্ট সহ্য কৰিব নোৱাৰা দুৰ্বল হৃদয় আছিল মোৰ৷ নিজৰ দেউতাৰ কষ্ট দেখি মূৰ ঘূৰাই বাগৰি পৰিব ধৰাটো একো আচৰিত কথা নাছিল৷

দাদাহঁতে মোক বাহিৰলৈ উলিয়াই পঠালে৷ বাৰান্দাত থিয় হৈ দূৰৰ পাহাৰবোৰলৈ চাই চাই ভাবিলো,
: আমাৰ দেউতাও মৰিব নেকি?
মনলৈ ভাবটো অহাৰ লগে-লগে ভয় খাই মই মনে-মনে প্ৰাৰ্থনা কৰিবলৈ ধৰিলো,
: হে ঈশ্বৰ, আমাৰ দেউতাক মাৰি নিনিবা৷ যদি মাৰিব খুজিছা মোকে মাৰি নিয়া৷

খবৰ পাই বৰপেটাৰ পৰা খুড়া, মাহী, আইতা আদি আহি ওলাল৷ শ্বিলঙত থকা প্ৰায় সকলোবৰপেটীয়ামূলৰ মানুহৰ মাজত দেউতা অতি জনপ্ৰিয় আছিল৷ খবৰটো বিয়পি পৰাৰ পাছত খবৰ লবলৈঅহা মানুহেৰে হস্পিটেল ভৰি পৰিবলৈ ধৰিলে৷ মোক বৰকৈ যাবলৈ দিয়া নহ’ল৷ তথাপি মাজে-মাজে গৈথাকিলো হস্পিটাললৈ৷ এদিন এজন ডাক্তৰে আন এজনক কোৱা কাণত পৰিল,
: ষ্টিল চিৰিয়াচ৷
চিৰিয়াচ মানে বুজি পালো, কিন্তু ষ্টিল মানে তীখা বুলি ভাবিলো৷ গতিকে দেউতাৰ অৱস্থা তীখাৰ নিচিনা কঠিন আৰু চিৰিয়াচ বুলি বুজি মাক কথাটো ক’লো৷ মাই একো উত্তৰ নিদিলে৷

তেনেদৰে কেইটামান দিন পাৰ হৈ গ’ল৷ দেউতাৰ অৱস্থাৰ কোনো উন্নতি নহ’ল৷ কাষৰ ঘৰৰ বন্দনানামৰ ছোৱালীজনীয়ে এদিন সুধিলে,
:তোমালোকৰ দেউতাক লৰেটোলৈ নিলে নেকি?
: নাই নিয়া,
মই উত্তৰ দি ভাবিলো, লৰেটো হস্পিটেললৈ (আচলতে নামটো কি মনত নাথাকিল) নিলে কিজানি দেউতাভাল হ’লহেতেন৷ কিন্তু দেউতা চিভিল হস্পিটেলতে থাকিল৷

ডিচেম্বৰ মাহৰ আঠ তাৰিখ৷ সেইদিনা বোধকৰো শনিবাৰ আছিল৷ ৰাতিপুৱা ঘৰত আছিলো মই আৰু সৰুভাইটি৷ হঠাতে খবৰ আহিল দেউতাই আমাক দুটাক চাবলৈ বিচাৰিছে৷ আমি বেগাবেগিকৈ হস্পিটেলপালোঁগৈ৷ দেউতা থকা কোঠাটোৰ দুৱাৰমুখত ইংৰাজীৰে জাননী এখন লগোৱা আছিল৷ ভিতৰে-বাহিৰেবহুতো মানুহ৷ আমি দুৱাৰমুখ পাওঁতেই কোনোবা এজন বাহিৰ ওলাই আহিল আৰু আমাক দেখি ক’লে,
: ভিতৰলৈ যাব নালাগে৷ ব’ল ঘৰলৈ৷
আমি কিবা কোৱাৰ আগতেই তেওঁ আমাক লগত লৈ আমাৰ ঘৰমুৱা হ’ল৷ দেউতাক আমি চাবলৈকেনাপালো, দেউতাইও আমাক নেদেখিলে৷

মনটো উগুল-থুগুল লাগি থাকিল৷ শুনিবলৈ পালো দেউতাক হেনো অক্সিজেন দি আছে৷ দাদাহঁত বোধকৰোসন্ধিয়া উভতি আহিল কিন্তু মা হস্পিটেলতে থাকিল সদায় থকাৰ দৰে৷ সেই গহীন পৰিবেশত একো খাবলৈমন নোযোৱাতো কিবা-কিবি অলপ খাই বিচনাত পৰিলো৷ ডিচেম্বৰ মাহৰ সেই জাৰত লেপৰ তলতসোমাই পৰিলো বোধকৰো আমি চাৰিজন ভাই-ককাই৷ ডাঙৰ দাদা বোধকৰো হস্পিটেলতে আছিল৷ ক’বনোৱাৰাকৈয়ে টোপনিয়ে হেঁচা মাৰি ধৰিলে আটাইকে৷

মাজৰাতি কিবা এক অদ্ভূত শব্দত টোপনি ভাঙিল৷ কোনোবাই যেন বিশেষ সুৰ লগাই লগাই চিঞৰিচিঞৰি কান্দিছে৷ মাতটো চিনাকীযেন লাগিল৷ হয়, সেয়া মাৰ মাতেই হয়৷ মানুহ মৰিলে বিশেষ ধৰণেবিলাপ কৰি কৰি কান্দে বৰপেটাৰ ফালৰ মাইকী মানুহে৷ জীৱনত প্ৰথমবাৰৰ বাবে তেনে বিলাপৰ সুৰশুনিলো৷ মাৰ লগতে আইতাৰ মাত ভাহি আহিল মজিয়াৰ পৰা৷ বুজিবলৈ বাকী নাথাকিল যি ভয়কৰিছিলো তাকে ঘটিল বুলি৷ কি কৰা উচিত একো নাজানি বেৰৰ ফালে মুখ কৰি উচুপিবলৈ ধৰিলো৷তথাপি মনত এটা ক্ষীণ আশা, কিজানি দেউতাৰ একো হোৱা নাই, মাহঁতে কিজানি বেলেগ কিবা কথাতহেকান্দিছে৷ কিন্তু ক্ষন্তেক পাছতে ডাঙৰ দাদাই একেবাৰে সৰু ভাইটি অকণক কোৱা কাণত পৰিল,

:অকণ, আমাৰ দেউতা মৰিল৷ অকণ আমাৰ দেউতা মৰিল৷ আমি এতিয়া কি কৰিম?
বুলি দুয়ো সাৱটা-সাৱটি কৰি কান্দিবলৈ ধৰিলে৷ সৰুদাদা আৰু আনটি ভাইটিয়েও কান্দোনত যোগ দিলে৷মই বেৰৰ ফালে মুখ কৰি থাকিলো৷ কাৰোফালে চাবলৈ সাহস নহ’ল৷ আমাক সান্তনা দিবলৈ আহিল ডাঙৰখুড়া৷ নাকান্দিবি, নাকান্দিবি বুলি দুবাৰমান কৈ আমাক কন্দা দেখি খুড়াই নিজে হুকহুকাই কান্দিব ধৰাতবাৰিষাৰ ধল অহাৰ দৰে কান্দোনৰ ৰোল উঠিল৷

: এই সৰু-সৰু ল’ৰা পাঁচটাক জাপি দি , আমাক পথৰ ভিখাৰী কৰি ক’ত গুছি গ’ল..
কাষৰ কোঠাৰ পৰা কৰা মাৰ বিলাপ আহি কাণত পৰাত অজান আশংকাত বুকুখন কঁপিবলৈ ধৰিলে৷কল্পনা কৰিলো, আমি বাটে-বাটে ভিক্ষা কৰি ফুৰিছো, ৰাতি গছৰ তলত শুইছো…. ভাবি ভাবি কিমানকান্দিলো হিচাব নাই৷ কোনেও কাৰো ফালে চোৱাৰ সাহস নাই৷

ৰাতিটো তেনেদৰেই পুৱাল৷ ৰাতিপুৱা সকলোকে লৈ যোৱা হ’ল চিভিল হস্পিটেললৈ৷ হস্পিটেলৰ ফালে চাইআকৌ ভাবিলো, 'লৰেটো'লৈ নিয়া হ’লে কিজানি দেউতা ভাল হ’লহেতেন৷

দেউতাৰ দেহটো আনি বাহিৰত শুৱাই দিয়া হ’ল৷ শেষবাৰৰ বাবে দেউতাৰ মুখখনলৈ চালো৷ শান্তিৰে শুইআছে৷ মানুহ মৰিলে বোলে গাৰ ৰং শেঁতা হয়৷ দেউতাৰ ৰংটো দেখোন প্ৰায় একেই আছে৷ এই যেন সাৰপাব৷ এনেকুৱা লাগে৷ কিজানি জীয়াই আছে৷ মানুহবোৰে ভুল কৰা নাইতো?

বিভিন্নজনে আহি ফুলৰ মালা আদি দিলেহি৷ অলপ পাছত দেহটো লৈ যোৱা হ’ল সৎকাৰৰ বাবে৷ লগতঅষ্টম শ্ৰেণীত পঢ়া ডাঙৰ দাদাক লৈ যোৱা হ’ল৷ আমি সৰু হৈ থকা বাবে আমাক শ্মশানলৈ নিনি ঘৰলৈ লৈ অহা হ’ল৷

কেইঘন্টামান পাছত ডাঙৰ দাদা আহি পালে৷ মুখৰ মাত নাই৷ ঠক-ঠককৈ কঁপিছে গোটেই ল’ৰাটো৷কোনোবাই আনি গৰম গাখীৰ এগিলাচ খুৱাই দিয়াতহে অলপ সুস্থিৰ হ’ল৷

ঘৰলৈ আহি গা ধুই বাহিৰত থকা চকী এখনত বহি পৰিলো৷ কাৰো মুখত কোনো কথা নাই৷ মোকচকীত বহা দেখি ডাঙৰ মানুহ এজনে মোৰ ফালে বিশেষ ভাবে চালে৷ মই সুধিলো,
: দেউতাক মৰিলে চকীত বহিব নাপায় নেকি? তেনেকুৱা নিয়ম নেকি?
তেখেতে একো নক’লে যদিও মুখৰ অভিব্যক্তিত বুজি পালোঁ৷ চকীৰ পৰা আঁতৰি মাটিত পাৰি থোৱা কিবাএখনৰ ওপৰতে বহিলো৷

একে ৰাতিৰ ভিতৰতে বহু কথা নিজে নিজে বুজা হৈ গ’লো৷

1 comment:

Post Bottom Ad

Responsive Ads Here

Pages