পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. অসমৰ লোকগীতৰ একছত্ৰী সম্ৰাট স্বৰূপ ৰামেশ্বৰ পাঠকৰ শিল্পীসত্বাক শ্ৰদ্ধা জনাই প্ৰৱৰ্তিত বঁটাৰ ২০১৩বৰ্ষৰ বঁটা লোকগীতৰ আন এজন সাধক মণিৰাম বৈশ্যক কালি গুৱাহাটীত প্ৰদান কৰা হয়।
ৰামেশ্বৰ পাঠক সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান,
গুৱাহাটী প্ৰেছ ক্লাৱত

২. ডাইনী হত্যাৰ গোচৰত আজি নগাঁৱৰ এজন অপৰাধীক আদালতে দিলে যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশঃ দৃষ্টান্তমূলক শাস্তি প্ৰদানেৰে এনে হত্যাৰ বিৰুদ্ধে সজাগতা অনাৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰিলে সচেতন মহলে।

৩. গুৱাহাটীত পালিত হল বিশ্ব প্ৰতিবন্ধী দিৱসঃ সুখ্যাতিৰে উত্তীৰ্ণ প্ৰতিবন্ধী ছাত্ৰ-ছাত্ৰীৰ মাজত লেপটপ বিতৰণ কৰাৰ সুখবৰ। প্ৰতিবন্ধী সকলৰ বাবে সংৰক্ষিত চাকৰি সংক্ৰান্তত গোচৰত আদালতত পৰাজয় বৰণৰ পাছত বিত্ত বিভাগে যোগাত্মক পদক্ষেপ লবলৈ ওলোৱাৰো ভাল খবৰ।

৪. মৰিগাঁও জিলাৰ লাহৰীঘাটত স্থাপিত হব অসমৰ প্ৰথমখন মহিলা আই টি আইঃ কালি স্থাপিত হ'ল কলেজখনৰ আধাৰশিলা।

৫. বঙাইগাঁৱৰ সৃজনীগ্ৰামত জিলা সাহিত্য সভাৰ উদ্যোগত আজি কামতা সাহিত্যৰত্ন অম্বিকাচৰণ চৌধুৰীৰ দ্বিতীয় মৃত্যু-বাৰ্ষিকীত পালিত হৈছে স্মৃতি দিৱস।

৬. ডিমৌৰ ৰাজহুৱা খেলপথাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত আৰম্ভ হল গ্ৰন্থমেলাঃ অসমৰ বিভিন্ন পুথি প্ৰকাশক, বিতৰকৰ লগতে বৰ্হিঃ ৰাজ্যৰ প্ৰকাশকেও কৰিছে অংশগ্ৰহণ।

৭. বাটৰ নাটে পালে সংকলনৰ ৰূপঃ বৰপেটাৰ তৰুণ নাট্যকাৰ উতপল দাসৰ বাটৰ নাটৰ সংকলন অভিমন্যু উন্মোচন কৰিলে ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি এছ এন সিনহাই, ইউনিয়নৰ বৰপেটাত উদযাপন কৰা প্ৰেছ দিৱস অনুষ্ঠানত।

৮. ২৪ সংখ্যক পশ্চিম দৰঙ ৰাসোতসৱৰ সফল সামৰণিঃ স্থানীয় লোক-সংস্কৃতিৰ ১৭গৰাকী সাধকক তথা সাহিত্যিকক জনালে ৰাজহুৱা সম্বৰ্ধনাও।

৯. সংসদৰ আগন্তুক অধিবেশনতে উত্থাপিত হব সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ আইনঃ লগতে সংঘৰ্ষপীড়িতৰ পুনঃ সংস্থান বিষয়তো নিৰ্ণয় হব ৰাষ্ট্ৰীয় নীতি।

১০. শেষ নিশাৰ সুৰা আৰু টকাৰ খেলা ৰোধিবলৈ আম আদমী পাৰ্টিয়ে দিল্লীত লগালে ২০০০টা গোপন কেমেৰাঃ এই খবৰে তোলপাৰ লগালে এই খেলেৰে প্ৰতিবাৰে বিজয়ী হোৱা প্ৰাৰ্থী সকলৰ বৰঘৰ।

১১. ভাৰতীয় ক্ৰিকেটাৰ মহিন্দ্ৰা সিঙ ধোনীলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাৰ "জনতাৰ পচন্দ বঁটা":এই বঁটা আগতে পোৱা একমাত্ৰ ভাৰতীয় খেলুৱৈজন হল শচীন টেণ্ডুলকাৰ।

১২. কোচবিহাৰ ট্ৰফী ক্ৰিকেটত গোৱাৰ বিৰুদ্ধে সাব্যস্ত কৰিলে বিজয়ঃ মঙলদৈত চলি আছে এই ট্ৰফীৰ খেল।

১৩. অসমৰ ২২গৰাকী ক্ৰিকেটাৰলৈ ২০১১-১২ বৰ্ষৰ আয়ৰ অংশ মুকলি কৰি দিলে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডেঃ সৰ্বোচ ৫লাখ ৪১ হাজাৰকৈ আয়ৰ অংশ লাভ কৰিছে গকুল শৰ্মা আৰু তাৰ্জিন্দৰ সিঙে। আবু নেছিম আহমেদে লাভ কৰিছে ৫লাখ ১হাজাৰ টকাৰ চেক।

১৪. দৰঙৰ তিনিটা প্ৰান্তৰ তিনি শিক্ষানুষ্ঠানক লৈ ইনাৰ ভিজন নামৰ সংস্থাই গ্ৰহণ কৰিছে এক সংহত কাৰ্যসূচীৰঃ বিদ্যালয় কেইখনৰ চৌহদ ৰাইজৰ সহযোগত নিৰ্মাণ কৰাৰ উপৰিও আৰম্ভ কৰিছে স্পকেন ইংলিছৰ অনুশীলন পাঠদান।

১৫. নগাঁও ইলেক্ট্ৰনিক মিডিয়া এচ'ছিয়েচনৰ সৌজন্যত আয়োজিত প্ৰতিভা সন্ধানী পৰীক্ষাত সফলতা পোৱা শিক্ষাৰ্থী সকলক অহা ৮ ডিচেম্বৰত নগাঁৱৰ শ্বহীদ ভৱনত বঁটা বিতৰণ কৰিবলৈ লোৱাৰ সুখবৰ।

No comments:

Post a Comment