পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দিল্লীত নিকা ৰাজনীতিৰ লাই-খুঁটা পুতি আম আদমী পাৰ্টিৰ প্ৰথমটো ৰাজনৈতিক জয়ঃ ২৮খন আসন দখল আৰু ৩০শতাংশৰো অধিক জন-সমৰ্থনেৰে দেশৰ ৰাজনৈতিক ক্ষেত্ৰলৈ আনিলে যোগাত্মক পৰিবৰ্তনৰ বতৰা। 

২. অসমীয়া সংবাদ জগতৰ বটবৃক্ষস্বৰূপ প্ৰবীণ সাংবাদিক তিলক চন্দ্ৰ হাজৰিকা আৰু ব্যংগ সাহিত্যক ন-ৰূপ দিয়া সাহিত্যিক তথা ঔপন্যাসিক ৰমা বেজবৰুৱাক হাস্য-ব্যংগ আলোচনী "গিৰিজনি"প্ৰকাশন গোষ্ঠী বিশাল প্ৰকাশনে প্ৰদান কৰিলে "ৰসৰাজ বঁটা"।



৩. মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত জীৱনৰাম-মুংগীদেৱী জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত হ'ল যশস্বী সংগীত পৰিচালক দশৰথ দাস, অভিনেত্ৰী কৃষ্ণা দাস নাথ আৰু কেমেৰামেন দীনদয়াল বাজাৰিয়াঃ বঁটা প্ৰদান অনুষ্ঠানত অংশ লয় অভিনেতা বিষ্ণু খাৰঘৰীয়া দেৱেও।



৪. মৰিগাঁৱত অনুষ্ঠিত হব অসম বিজ্ঞান সমিতিৰ ৫০ সংখ্যক অধিৱেশনঃ ২০১৫ চনৰ জানুৱাৰীত হব লগা এই অধিবেশনৰ বাবে গঠন কৰিলে আদৰণী সমিতি ।

৫. হোজাইস্থিত অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন মাৰকাজৰ উদ্যোগত অসমৰ বিভিন্ন প্ৰান্তৰ ৮০ শতাংশ নম্বৰপ্ৰাপ্ত ১৩১ গৰাকী আৰ্থিক ভাৱে দৰিদ্ৰ শিক্ষাৰ্থীলৈ মাহেকে ১০০০টকাকৈ বৃত্তি প্ৰদান কৰা হয়। একে অনুষ্ঠানতে কানাডাস্থিত হিউমেন কনচাৰ্ন ইণ্টাৰনেশ্বনেলৰ তৰফৰ পৰাও অসমৰ ৫১গৰাকী মেধাৱী শিক্ষাৰ্থীক বৃত্তি প্ৰদান কৰে। এই অনুষ্ঠানত অংশ ললে ডঃ কুলেন্দ পাঠক, দক্ষিণ কেলিফৰ্নিয়া বিশ্ব-বিদ্যালয়ৰ বিজ্ঞানী হিফজুৰ ৰহমান চিদ্দিকী, ভেটেনেৰী কলেজৰ ডীন এন গোস্বামীকে ধৰি বিশিষ্ট ব্যক্তিয়ে।

৬. সাহিত্যচাৰ্য চৈয়দ আব্দুল মালিকৰ পৰিয়াল ও শুভাকাংখীয়ে ঘোষণা কৰিলে নিজা উদ্যোগত "আব্দুল মালিক সাহিত্য বঁটাৰ প্ৰৱৰ্তনৰ কথাঃ অসম সাহিত্য সভাই প্ৰতিশ্ৰুতি নকৰিলে পালন। এই বৰ্ষৰ বঁটা ইমৰাণ শ্বাহ দেৱক প্ৰদান কৰিব মালিকদেৱৰ মৃত্যু দিৱস ২০ডিচেম্বৰত।

৭. অহা ১৯-২১ ডিচেম্বৰত ঢকুৱাখনাত ডঃ চন্দ্ৰধৰ চমুলা-সোণধৰ খনিকৰ সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাঃ মৌলিক শ্ৰেষ্ঠ নাটকৰ বাবে ঘোষিত হল দহ হাজাৰ টকাৰ প্ৰাইজমানিও।

৮. গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত ১০-১৬ ডিচেম্বৰলৈ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হব ষষ্ঠ গুৱাহাটী চলচ্চিত্ৰ মহোতসৱঃ এছিয়া মহাদেশীয় চলচ্চিত্ৰত এভুমুকি শীৰ্ষক মহোতসৱখনিত দহখন দেশৰ কুৰিখনকৈ অধিক চিনেমা প্ৰদৰ্শিত হব। উদ্বোধন কৰিব প্ৰখ্যাত ছবি পৰিচালক বুদ্ধদেৱ দাসগুপ্তই।

৯. অসমৰ কৃষক বিদ্ৰোহৰ ইতিহাসক লৈ উন্মোচিত হল ডঃ অৰূপজ্যোতি শইকীয়াৰ নতুন গ্ৰন্থ "A Century of Protest: Peasant politics in Assam since 1900": উন্মোচন কৰিলে চিন্তাবিদ উদয়াদিত্য ভৰালীয়ে।

১০. বনফুল প্ৰকাশনৰ উদ্যোগত উন্মোচিত হ'ল ডাঃ অতুল বৰগোহাঁইৰ "ইতিহাসৰ পম খেদি ধোদৰ আলিয়েদি" শীৰ্ষক গ্ৰন্থঃ কথোপকথনৰ ৰূপত বুৰঞ্জীপ্ৰসিদ্ধ গ্ৰন্থ ৰূপে এয়া মেদিনী চৌধুৰীৰ "অনন্য প্ৰান্তৰ"ৰ পাছত অসমীয়াত দ্বিতীয়খন এনে গ্ৰন্থ বুলি অভিহিত কৰিলে ডঃ নগেন শইকীয়াদেৱে।

শিশু নাট কৰ্মশালাৰ উদ্বোধনী অনুস্থান, ডেৰগাঁৱত, ফটোঃ পংকজ মহন্তৰ সৌজন্যত
১১. দেৰগাঁৱত কালি আৰম্ভ হ'ল অসম নাট্য সন্মিলনৰ কেন্দ্রীয় শিশু নাট কর্মশালা। উদ্বোধনী অনুস্থানত উপস্থিত থাকে বিশিষ্ট অভিনেতা হৰিপ্রসাদ বৰঠাকুৰ, দেৰগাঁৱৰ সন্মানীয় বিধায়িকা আৰতি কছাৰী হজৰিকা, নর্থ ইষ্ট থিয়েটাৰ একাডেমীৰ সঞ্চালক সীমান্ত ফুকন, পৰিচালক জ্যোতিপ্রসাদ ভূঞা, অসম নাট্য সন্মিলনৰ প্রচাৰ সম্পাদক তথা অভিনেতা প্রশান্ত ফুকন, ছবি প্রযোজক নুৰুল চুলতানকে আদি কৰি কোইবাজনো বিশিষ্ট ব্যক্তি।

১২. চাহ শ্ৰমিকৰ শিশুৰ বাবে স্থাপিত হব আবাসিক বিদ্যালয়ঃ অসম চাহ জনগোষ্ঠীৰ সাহিত্য সভাৰ প্ৰতিনিধিক প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে।

১৩.মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত অহা ১০ ডিচেম্বৰত কেন্দ্ৰীয় ভাৱে ছহিদ দিৱস পালন কৰিব অসম প্ৰদেশ বিজেপিয়েঃ তাতেই অন্ত পৰিব শদিয়াৰ কপাহতলি সত্ৰৰ পৰা ভাৰতীয় জনতা যুৱ মৰ্চাই আৰম্ভ কৰা ৭২০ কিলমিটাৰ অতিক্ৰম কৰা চেতনা যাত্ৰাৰো। পদব্ৰজে অসমৰ ৮টা জলন্ত সমস্যাক লৈ সচেতনতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰিছিল এই কাৰ্যসূচী।

১৫. অহা ৪ আৰু ৫ জানুৱাৰীত সৰুপেটাৰ মিলন মন্দিৰ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰিব নাট্যকাৰ নৰেন পাটগিৰিৰ বহু সমাদৃত নাট "ৰজা আহে": এই আয়োজন অপেচাদাৰী নাট্যানুষ্ঠান "মঞ্চ" সৰুপেটাৰ।

১৬. সৰ্বমুঠ ২৭৭খন চৰ গাঁও সমৃদ্ধ বৰপেটা জিলাৰ চৰ-চাপৰিৰ শিক্ষা ব্যৱস্থাৰ উন্নতিৰ বাবে বৰপেটাতে উচ্চ শিক্ষা লব পৰাকৈ বিশ্ববিদ্যালয় স্থাপনৰ দাবী তুলিলে চৰ-চাপৰি সাহিত্য পৰিষদেঃ বৰপেটা চহৰৰ পৰা চাৰি কিল'মিটাৰ দূৰৈত তেঁতেলীৰতল গাঁৱত প্ৰয়োজনীয় ভূমিও কৰিলে চিনাক্ত।

১৭. সাংবাদিক বিনোদ ফুকনৰ সোঁৱৰণত শ্ৰেষ্ঠ মফচলীয় সাংবাদিকতা বঁটা প্ৰৱৰ্তন কৰিব মৰাণ প্ৰেছ ক্লাৱেঃ অহা ২০১৪ বৰ্ষৰ ২২মেত চিন্তাবিদ কেদাৰনাথ গোস্বামীৰ ৫০তম মৃত্যুবাৰ্ষিকীতে প্ৰদান কৰিব লগা "কেদাৰনাথ গোস্বামী শ্ৰেষ্ঠ সম্পাদক" বঁটাৰ লগতে এই বঁটাও প্ৰদান কৰাৰ কৰিব ব্যৱস্থা।

১৮. পশিচ হাজাৰ গ্ৰাম্য পথ পকীকৰণৰ সফলতা দাবী কৰিলে গড়কাপ্তানী মন্ত্ৰী অজন্তা নেওগেঃ তেজপুৰত উদ্বোধন কৰিলে পৌৰসভাৰ অত্যাধুনিক মল নিষ্কাশন যান আৰু ষ্ট্ৰীট লাইটৰ মেৰামতি তথা ওখ বিল্ডিঙৰ পৰা আৰ্তজনক উদ্ধাৰ কৰিব পৰা হাইড্ৰলিক চিষ্টেমৰ স্কাই কিং যান।

১৯. দেশৰ প্ৰথমটো বাহন সংগ্ৰাহালয় মুকলি হ'ল হাৰিয়ানাৰ মেৱাট জিলাতঃ ৬০খন বিভিন্ন ধৰণৰ গাড়ী ইতিমধ্যেই হৈছে সংগৃহীত, ৫০ শতাংশ বিনিয়োগ কৰিছে হাৰিয়ানাৰ সাংস্কৃতিক মন্ত্ৰালয়ে।

২০. প্ৰয়াত চেতাৰ বাদক ৰবি শংকৰৰ "দ্য লিভিং ৰু ছেছন পাৰ্ট-২" এলবামৰ বাবে ৫৬ তম গ্ৰেমী পুৰস্কাৰ বাবে মনোনীত হৈছেঃ পাৰ্ট-১ এলবামেও এই পুৰস্কাৰ লাভ কৰিছিল, জীৱনজোৰা সাধনা বঁটাৰেও তেখেতক সন্মানিত কৰা হৈছিল।

২১. আম আদমী পাৰ্টিৰ জয়ত সন্তুষ্ট আন্না হাজাৰেই বিচাৰিলে এই দলৰ দেশজুৰি ব্যাপ্তি।

২২. দুৰ্নীতি আৰু অপ-শাসনৰ বিৰুদ্ধে জনতাৰ ৰায়ঃ চাৰি ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ বিজয়ঃ মুখ-থেকেচা খোৱা কংগ্ৰেছী হাইকামাণ্ডে কৰিলে জনাদেশৰ পৰা শিক্ষা লৈ পুনৰ উত্থানৰ চেষ্টা কৰাৰ ঘোষণা।

২৩. শীলা দীক্ষিতক ২২হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰি অৰবিন্দ কেজৰিৱালৰ ঘোষণাঃ এইবাৰ লক্ষ্য নৰেন্দ্ৰ মোদী ।

২৪. শিমলুগুৰিৰ শিক্ষাৰ্থী অপহৰণ কাণ্ডৰ নায়কক জেললৈ প্ৰেৰণঃ গ্ৰেপ্তাৰ হল দুই সহযোগীও।

২৫. কটন কলেজ এলুমণি এছ'চিয়েশ্বনৰ গঠিত হ'ল নতুন সমিতিঃ ২০জনতকৈ অধিক কাৰ্যনিৰ্বাহক সদস্যৰে ২০১৪-১৬ বৰ্ষৰ বাবে এই সমিতিৰ হ'ল গঠিত।

২৬. শংকৰদেৱ কলাক্ষেত্ৰত সফল ভাৱে সামৰণি পৰিল ৰাষ্ট্ৰীয় সাংস্কৃতিক উতসৱৰঃ ২১খন ৰাজ্যৰ ৯৯ গৰাকী শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা এই অনুষ্ঠানৰ আয়োজিত হল চেণ্টাৰ ফল কালচাৰেল ৰিছ'ৰ্চ এণ্ড ট্ৰেইনিঙৰ উদ্যোগত।

২৭. আজি অনুষ্ঠিত হৈছে মৰিগাঁও কলেজৰ সোণালী জয়ন্তী উতসৱক উদ্বোধনী অনুষ্ঠান।

২৮. বেদেতীত পালিত হল প্ৰকৃতি সংগঠন নেছাৰ্ছ বন্যপ্ৰাণৰ ১৯সংখ্যক প্ৰতিষ্ঠা দিৱস।

২৯. টংলাত ভাৰতীয় ষ্টেট বেংকে অনুষ্ঠিত কৰিলে অৰ্থনৈতিক সাক্ষৰতা শিবিৰ।

৩০. অহা ১৪ ডিচেম্বৰৰ পৰা বৰপেটাত অনুষ্ঠিত হব ২৪সংখ্যক শিৱশংকৰ চেলেঞ্জ ক্ৰিকেট প্ৰতিযোগিতা।

তেৰে মেৰে আলোক কি য়াত্রা (তোৰে মোৰে আলোকৰে যাত্রা, এক  আশাশুধীয়া প্রচেষ্টাৰে প্রস্তুত কৰি উলিওৱা  হিন্দী ভাষাত পোন প্রথম বাৰৰ বাবে ১২টি জ্যোতিসঙ্গীতৰ শ্র্যব্য সঙ্কলন।  কালি সন্ধিয়া এক ভব্য সমাৰোহত বহুজন গুণী জ্ঞানী ব্যক্তিৰ  উপস্থিতিত গুৱাহাটীৰ মাছখোৱা সাঙ্কৃতিক প্রকল্পত উন্মোচিত হয় ।

No comments:

Post a Comment