পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. ৰাজ্যখনৰ নতুন ভূমি নীতিৰ খচৰা চূ়ড়ান্ত হোৱাৰ সুখবৰঃ বৃটিছ দিনৰ ভূমি নীতি আঁতৰাই যুগৰ সতে খাপ খোৱাকৈ এই নীতি যুগুতাবলৈ ডাঃ ভূমিধৰ বৰ্মনৰ নেতৃত্বৰ উচ্চ পৰ্যায়ৰ কমিটিয়ে এই খচৰা চূড়ান্ত কৰি মুখ্যমন্ত্ৰীক দাখিল কৰিবলৈ সাজু হৈছে। মহানগৰীত চৰকাৰী মাটি, পাহাৰৰ মাটি আদিৰ পট্টাদান সন্দৰ্ভতো এই ভূমিনীতিয়ে স্পষ্ট নিৰ্দেশনাৰ ব্যৱস্থা কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।



২. দিল্লীত অভিলেখ ভংগ কৰি প্ৰায় ৭০ শতাংশ ভোটদানঃ আম আদমী পাৰ্টিয়ে কংগ্ৰেছক চেৰ পেলাই অন্ততঃ ৩০ শতাংশ জন-সমৰ্থন লাভ কৰিব বুলি সমীক্ষা চলোৱা বেছি ভাগ সংস্থাই নিজৰ প্ৰতিবেদনত প্ৰকাশ কৰিলে আশা।

৩. এন ডি এফ বিৰ সংবিজিত গোটৰ বিৰুদ্ধ তীব্ৰতৰ হব অভিযানঃ বিটিএঢিৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰি অতিৰিক্ত নিৰাপত্তা বাহিনীৰ কোম্পানী মোতায়নৰ পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীয়ে।

৪. কোঁচ ৰাজবংশী জনগোষ্ঠীৰ পিতৃপুৰুষ, ইতিহাসবিদ তথা জাতীয় শ্বহীদ কমতাৰত্ন অম্বিকাচৰণ চৌধুৰীৰ স্মৃতি দিৱস বঙাইগাঁৱৰ বৰপাৰাস্থিত সমাধিক্ষেত্ৰ ৰত্নপীঠত আৰু টাউন হলত অনুষ্ঠিত কৰা হয়ঃ উন্মোচিত হয় "কমতাৰত্ন" নামৰ স্মৃতিগ্ৰন্থ, আৰু সাহিত্যিক অৰুণ কুমাৰ ৰায়ৰ গ্ৰন্থ কোঁচ ৰাজবংশীৰ "প্ৰাচীন কলা-সংস্কৃতিৰ তাতপৰ্য" শীৰ্ষক গ্ৰন্থ আৰু ডঃ নুৰজামালে কৰা চৌধুৰীদেৱৰ সৃষ্টি সংগ্ৰাম সিংহ চিলাৰায় নামৰ হিন্দী অনুবাদৰ চিডিখনো। এই বৰ্ষৰ কমতাৰত্ন অম্বিকাচৰণ চৌধুৰী বঁটা প্ৰদান কৰে কোঁচবিহাৰৰ কোঁচ-ৰাজবংশী ভাষা শিক্ষা সংসদৰ সভাপতি কমলেশ্বৰক সৰকাৰক।

চিগাল গোষ্ঠীৰ নাটখনৰ এটি দৃশ্য
৫. ভূপালত অনুষ্ঠিত হৈ থকা আদি বিদ্ৰোহী নাট্য মহোতসৱত অসমৰ চিগাল নাট্যগোষ্ঠীয়ে মঞ্চস্থ কৰিছে "মধ্য-বৰ্তিনী" নামৰ নাটখন।



৬. বৰপেটাত বহিল লোক আদালতঃ একেদিনাই ন্যায়িক প্ৰক্ৰিয়াৰ সামৰণি পৰিল ৩৫৩৬টা গোচৰৰ।

৭. চণ্ডীগড়ত চলি থকা ৩৮তম জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টনত কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰিলে অসম অস্মিতা চলিহাইঃ অষ্টম বাচনিৰ কৰ্ণাটকৰ শিখা গৌতমৰ বিৰুদ্ধে গ্ৰহণ কৰিব প্ৰত্যাহ্বান।

৮. ছিনথেটিক ট্ৰেকৰ বাবে ৬.৮৭কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী জিতেন্দ্ৰ সিঙে পাঞ্জাৱৰ ছাংৰূপত কৰিল ঘোষণা- "ধ্যানচান্দৰ ভাৰত ৰত্ন প্ৰদানৰ বিষয়ত চৰকাৰে কৰিব পুনৰ বিবেচনা"। 

৯.ভুৱনেশ্বৰত চলি থকা পূৱ মণ্ডল ইণ্ডিয়া একাউটেণ্ট আৰু অডিট ডিপাৰ্টমেণ্টৰ ফুটবল টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰবেশ কৰিলে অসম একাউটেণ্ট জেনেৰেল দল।

১০. বালিপাৰাত কেকোঁসাপৰ দৰদাম কৰি থাকোতেই পালেহি আৰক্ষীঃ এডাল সাপসহ গ্ৰেপ্তাৰ কৰিলে চাৰিজন চোৰাং ব্যৱসায়ীক।

১১. পৃথক ৰাজ্যৰ দাবী তোলা কাৰ্বি পাহাৰৰ উগ্ৰপন্থী সংগঠন কে.এল.এন.এল.এফৰ সৈতে চলিছে কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰী পিচি হালদাৰৰ সৈতে আলোচনাঃ অহা ৯ডিচেম্বৰত পুনৰ দিল্লীত চৰ্দাৰ পেটেল ভৱনত পৰবৰ্তী লানি আলোচনাত এই অস্ত্ৰ-বিৰতিত থকা সংগঠনটোৰ সৈতে হালদাৰ বৈঠকত মিলিত হব। সংগঠনটোৱে অহা ৬ডিচেম্বৰত ১৫তম ছহিদ দিৱস ডেজিগনেটেড শিবিৰতে পালন কৰিবলৈ ওলাইছে।

১২. আমবাগান প্ৰেছ ক্লাৱে আবক্ষ মূৰ্তি স্থাপন কৰিব সুধাকণ্ঠৰঃ প্ৰায় এক লাখ টকা ব্যয়ৰ বাবে কৰিলে ধাৰ্য।

১৩. কাৰ্যনিৰ্বাহকৰ সভা বহিল আলোচনা-পন্থী আলফাৰঃ শান্তি আলোচনাৰ অগ্ৰগতি সম্পৰ্কে কৰিলে পৰ্যালোচনা।

১৪. অসমীয়া পুৰোধা কবি নলিনীধৰ ভট্টাচাৰ্যই ভৰি দিলে ৯৩ বছৰতঃ বুধবাৰে পালিত হল তেখেতৰ জন্মদিন।

১৫. শ্ৰীমন্ত শংকৰ সংঘৰ দৰং জিলা শাখাৰ পাথৰিঘাট অধিৱেশনৰ বাবে হৰিহৰ আতৈ ক্ষেত্ৰত স্থাপন কৰিলে লাইখুঁটাঃ পোন্ধৰ শতাধিক ভক্তই পৰিবেশ নিকাকৰণত দিলে হাত উজান।

No comments:

Post a Comment