পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. মংগলদৈত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসত সৃষ্টি হ'ল ৰাষ্ট্ৰীয় অভিলেখঃ কেইবাহাজাৰো মহিলাই সমস্বৰে পৰিবেশন কৰিলে "চিৰ চেনেহী মোৰ ভাষা জননী"।


২. গুৱাহাটী প্ৰেছ ক্লাৱত সত্যজিৎ বৰঠাকুৰৰ "আউট অৱ কণ্ট্ৰল" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰিলে বিশিষ্ট সাংবাদিক ৰাধিকা মোহন ভাগৱতীয়ে।

৩. আজি দিল্লীত মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে অৰবিন্দ কেজৰীৱালেঃ আম আদমী পাৰ্টিৰ ছয়জনকৈ কেবিনেট মন্ত্ৰীৰ সৈতে ৰামলীলা মৈদানত প্ৰায় এক লক্ষ সাধাৰণ জনতাৰ সমুখত এই শপত গ্ৰহণ অনুষ্ঠানতে ৰাইজকো ঘোঁচ নিদিয়া আৰু নোলোৱাৰো শপত বাক্য পাঠ কৰালে কেজৰীৱালে।

৪. লণ্ডনৰ চেণ্টাৰ ফৰ ইক'নমিকছ এণ্ড বিজনেছ ৰিচাৰ্ছৰ প্ৰতিবেদন প্ৰকাশ পালে ২০২৮ চন পৰ্যন্ত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনৈতিক শক্তি ৰূপে মূৰ দাঙি উঠাৰ সম্ভাৱনা।

৫. চৰকাৰী উদাসীনতাৰ বিপৰীতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপঃ একাদশ মৃত্যবাৰ্ষিকী উদযাপনৰ লগতে লোকগীতৰ সম্ৰাজ্ঞা প্ৰতিমা বৰুৱা পাণ্ডেৰ সোঁৱৰণত প্ৰদান কৰিলে স্মাৰক বঁটা জইনাচৰণ বাথাৰীক।

৬. কাইলৈ অসম অসামৰিক সেৱা, অস আৰক্ষী সেৱাকে ধৰি ২৪১টা পদৰ বাবে এ পি এছ চিৰ পৰীক্ষাত বহিব ৭০হাজাৰ প্ৰাৰ্থীঃ পৰীক্ষাত বহিৰাজ্যৰো পাঁচ সহস্ৰাধিক প্ৰাৰ্থীয়ে পৰীক্ষাত বহিব বুলি প্ৰকাশ পাইছে সংবাদ শিৰোনামা।

৭. অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পদোন্নতিসহ সালসলনিঃ পাৰ্থসাৰথি মহন্ত আৰু মিহিৰ গোস্বামীক আই পি এছ পৰ্যায়লৈ দিলে পদোন্নতি।

৮. আৰম্ভ হ'ল বিশ্বনাথ উৎসৱ ২০১৩: তিনিদিনীয়া এই উৎসৱৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিলে শিল্পী চেতনা দাসে। 

৯. স্থাপিত হ'ল তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ চৌহদত জনজাতি ছাত্ৰ সকলৰ বাবে এক ছাত্ৰাবাসৰঃ ৫০লাখ টকা ব্যয় হব লগীয়া এই ছাত্ৰ নিবাসৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰহে।

১০. তিনিদিনত ১৭লাখ টকাৰ বিক্ৰী উত্তৰ পূৱ গ্ৰন্থমেলাত, তৃতীয় দিনালৈ ৩০হাজাৰ গ্ৰন্থপ্ৰেমীৰ সমাগম হোৱাৰ সুখবৰ।

১১. তৃতীয় দিনা উত্তৰপূৱ গ্ৰন্থমেলাত উন্মোচিত হ'ল ডঃ ধৰণীধৰ গোস্বামীৰ গল্প সংকলন "সন্ধিয়াৰ গান", ডঃ পূৰ্ণ ভট্টাচাৰ্যৰ "সপোন শইচ হ'লে ভাল" কবিতা সংকলন, গীতিকাৰ বুবুল বৰাৰৰ গীতৰ সংকলন "অলকানন্দা ওঁঠৰ হাঁহি যেন শেষ"। 

সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিলে সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু অসম সাংবাদিকতা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।

No comments:

Post a Comment