পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. সদৌ অসম ছাত্ৰ সন্থাই প্ৰৱৰ্তন কৰা গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা স্মাৰক বঁটা ২০১৩ ৰ বাবে ডিমা হাছাওৰ হাফলঙৰ লোককৃষ্টিৰ সাধক জইনাচৰণ বাথাৰীলৈ আগবঢ়োৱাৰ সুখবৰ।
পঁশিচ হাজাৰ সমৰ্থকৰ সমুখত শপত ল'লে
ৰাভা হাছংৰ নৱ নিৰ্বাচিত সদস্য সকলে

২. আমিশ ত্ৰিপাঠীৰ শিৱ ত্ৰয়োবিত্তৰ দ্বিতীয় খণ্ড "দ্য ছিক্ৰেট অৱ্ নাগছ" অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিলে বিশিষ্ট অনুবাদক  বিপুল দেউৰীয়েঃ দেউৰীয়ে কৰা প্ৰথম খণ্ডৰ অনুবাদে বিপুল সমাদৰ পোৱাৰ পাছত এই খণ্ডয়ো অনাগত উত্তৰ পূৱ গ্ৰন্থমেলাত অসমীয়া পাঠকে আদৰি লব বুলি আশা প্ৰকাশ কৰা হৈছে।

৩. শিৱসাগৰৰ সদৰ কাজী চৈয়দ আহমদ কবিৰে লাইখুঁটা স্থাপনেৰে সম্প্ৰীতিৰ শ্ৰেষ্ঠতম নিদৰ্শন দাঙি ধৰি অনুষ্ঠিত হৈছিল শিৱসাগ জিলাৰ মঐতিহাসিক মেটেকাৰ "শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰত" সদৌ অসম ভাওনা প্ৰতিযোগিতাৰঃ ৰাজহুৱা ভাৱে দাখিল কৰা আয় ব্যয়ৰ হিচাবতো প্ৰদৰ্শিত হল সমন্বয়ৰ বাণী। ইছলাম ধৰ্মী একাংশ যুৱকে ৰাইজ যোগান ধৰিলে এসাজৰ অন্ন, প্ৰথম আৰু দ্বিতীয় পুৰষ্কাৰৰ ৭দহাজাৰ টকাও এগৰাকী ইছলাম ধৰ্মী লোকেই আগবঢ়াইছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দহোটা দলৰ ভিতৰত যোৰহাটৰ দহোটিয়াৰ বৈকুণ্ঠ শিল্পী সমাজে শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে। 

৪. তেজপুৰত উন্মোচিত হ'ল "অকণিহঁতৰ এমুঠি সাধু আৰু গল্প": লোক সাহিত্যৰ ভঁৰাল চহকী কৰা এই সাধুকথাৰ সংকলনখন প্ৰকাশ কৰি উলিয়াইছে পাৰ্থপ্ৰতীম গ্ৰন্থযাত্ৰাই।

৫. পৰমাণু শক্তিসম্পন্ন অগ্নি-৩ বেলাষ্টিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ কৰিলে ভাৰতেঃ তিনি হেজাৰ কিলমিটাৰ ভেদিব পৰা এই ক্ষেপনাস্ত্ৰ সফল পৰীক্ষণ হয় উৰিষ্যাৰ উপকূলৰ হুইলাৰ আইলেণ্ডৰ পৰা।

৬. স্বৰ্গীয় যতীন্দ্ৰ কুমাৰ বৰগোহাঞি আছিল অসমীয়া মানুহৰ ইতিহাস চৰ্চাৰ বাটকটীয়াঃ নগাঁও জিলা সাহিত্য সভাৰ স্মৃতিচাৰণ সভাত বৰগোহাঞিৰ কৰ্মৰাজিক স্বীকৃতি দি মন্তব্য কৰিলে জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নৰেন কলিতাই।

৭. মৰিগাঁৱৰ প্ৰবীণ শিল্পী অশোক ডেকাউ ২৮বছৰৰ বিৰতিত পুনৰ গৰকিলে ষ্টুডিঅ'ৰ মজিয়াঃ  ৬৫ বছৰ বয়সত মুকলি কৰিলে দুটাকৈ শ্ৰব্য সঁফুৰা "ডেউকা" আৰু "ভাল লাগে"।  "ভাল লাগে" এলবামটোক বৃদ্ধ কালৰ চমক আখ্যা দিলে গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডঃ সূৰ্য দাসে।

৮. দুঃসাহসিক কলা-কৌশল প্ৰদৰ্শন কৰি হাজোৰ ভূপেন দাসে গঢ়িলে অভিলেখঃ সদৌ অসম আৰক্ষী সন্থাৰ সৌজন্যত এছিষ্ট ৱৰ্ল্ড ৰেকডছৰ প্ৰমাণ পত্ৰ অনুষ্ঠানত দাসে লাভ কৰিলে প্ৰমাণ পত্ৰ। লগতে আৰক্ষী বিষয়া ৰত্নেশ্বৰ নেওগে পণ্ডিচেৰীত অনুষ্ঠিত থিতাতে দেখুওৱা কলা প্ৰতিযোগিতাত ১২০গ্ৰাম চিচা এক মিনিট ভক্ষণ কৰি অভিলেখ গঢ়াৰ বাবে তেখেতকো প্ৰমাণ পত্ৰ প্ৰদান কৰে।

৯. গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ভাৰত্তোলন প্ৰতিযোগিতাত অসমৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈ মনালিচা সোনোৱালে জয় কৰিলে ৪৮কেজিৰ শাখাত সোনৰ পদক।

১০. কবিতাৰে জীপাল হ'ল ৰংঘৰৰ বাকৰিঃ জাতীয় মুক্তি সংঘৰ কবিতাৰ অনুষ্ঠানত ভাগ ল'লে শতাধিক কবিয়ে, জোনমণি দাসৰ সম্পাদনাত প্ৰকাশিত হ'ল নিৰ্বাচিত কবিতাৰ সংকলন "শংখধ্বনি" ।

১১. চাৰি ৰাজ্যৰ দৰে পতন ৰোধিবলৈ অসমত কংগ্ৰেছৰ নিৰ্বাচন কেন্দ্ৰিক বৰ্ধিত কাৰ্যনিৰ্বাহক ২৮ ডিচেম্বৰতঃ প্ৰণৱ গগৈক প্ৰক্ষেপ কৰি মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে নতুন বিসম্বাদী কুচ-কাৱাজেও পালে সংবাদ শিৰোনামা।

১২. গহপুৰত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আলু খেতি আৰম্ভ কৰাৰ সুখবৰঃ চৰকাৰে যোগান ধৰা উন্নত জাতৰ আলুৰে এইবাৰ পথাৰ ভৰি পৰিব বুলি প্ৰকাশ পালে আশা।

১৩. এইবাৰ কেৱল সংখ্যালঘু প্ৰাৰ্থীৰে নিৰ্বাচন নেখেলে এ আই ইউ ডি এফেঃ সমষ্টিয়ে সমষ্টিয়ে জনগোষ্ঠীয় প্ৰাৰ্থীৰ সন্ধান কৰি সৰ্ব গ্ৰহণযোগ্য পাৰ্টি ৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰ সুখবৰ।

১৪.মঙলদৈত অহা ২৯ডিচেম্বৰৰ পৰা ১৫বছৰ অনুৰ্ধ সকলৰ বাবে অমৰজিত শৰ্মা সোঁৱৰণী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা হৈছে আয়োজিত।

১৫. 
বৰপেটাৰ বহৰিৰ গোমাফুলবাৰীত আৰম্ভ হৈছে প্ৰাইজমানী ২০-২০ ক্ৰিকেটঃ গৌৰৱোজ্জ্বল ৪২বৰ্ষ গৰকা স্থানীয় অমৰজ্যোতি ক্লাৱে কৰিছে এই আয়োজন ।

No comments:

Post a Comment