পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. অহা ৩০ডিচেম্বৰৰ পৰা অনুষ্ঠিত হব ৫২ সংখ্যক ভাৰতৰত্ন গোপীনাথ বৰদলৈ ফুটবল টুৰ্ণামেম্টঃ বৰদলৈ ট্ৰফীত ১০টা আগশাৰীৰ দলে অংশ লোৱাৰ কথা, ফাইনেল খেল অহা ৯জানুৱাৰীত।

২. অসমৰ প্ৰতিখন জিলাতে স্থাপন হব চৰকাৰী বি এড কলেজঃ ব্যক্তিগত বি এড কলেজৰ চৰকাৰীকৰণৰ নকৰি নতুন এনে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন কৰাৰ উদ্যোগ লব বুলি বিধান সভাক জনালে অসমৰ শিক্ষা মন্ত্ৰীয়ে।

৩. মহাপঞ্জীয়কৰ জাননীৰ পাছত অসমৰ আৰম্ভ হৈছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰণৰ কামঃ ১৯৫১চনৰ নাগৰিকপঞ্জীৰ চলিছে ডিজিটাইজেশ্বনৰ কাম, অহা বছৰৰ নৱেম্বৰৰ পৰা প্ৰ-পত্ৰ পূৰণৰ চলিব কাম, ডি ভোটাৰেও আবেদন কৰিব পৰাৰ থাকিব ব্যৱস্থা।


৪. ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ বাবে প্ৰেৰিত হব শিমলুগুৰিৰ সাহসী ছাত্ৰী গুঞ্জন শৰ্মাৰ নামঃ অসমৰ বিধান সভাই গ্ৰহণ কৰিলে প্ৰস্তাৱ।


৫. অসম নাট্য নাট্য সন্মিলনৰ বৰপেটা শখাৰ ৰত্নপীঠ মাণ্ডলিক নাট প্ৰতিযোগিতাখন অহা ২২ডিচেম্বৰত স্থানীয় তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত হব অনুষ্ঠিত। সুলেখিকা তথা প্ৰতিমা পাণ্ডে বৰুৱা বঁটা প্ৰাপক ফুল কুমাৰী কলিতালৈ আগবঢ়োৱা হব "বৰপেটা নাট্যৰত্ন" উপাধি।


৬. বিগত বছৰ সমূহৰ দৰেই অহা ৮, ৯ ফেব্ৰুৱাৰীত ঐতিহাসিক স'ৰাগুৰি চাপৰিৰ আজান পীৰ দৰগাহত অনুষ্ঠিত হব জিৰায়তঃ উন্মোচিত হব "স'ৰাগুৰিৰ আজান" শীৰ্ষক বাৰ্ষিক মুখপত্ৰও। লগতে আয়োজিত হৈছে সদৌ অসম ভিত্তিত প্ৰাইজমানী জিকিৰ প্ৰতিযোগিতা।


৭. উন্মোচিত হ'ল মন্ত্ৰী তথা সাহিত্যিক নীলমণি সেন ডেকাৰ নতুন গ্ৰন্থ "আৰ্কাইভৰ নথিত ভূপেন হাজৰিকা": বহুতো আগতে প্ৰকাশ নোহোৱা কথাৰ উমান দিব এই গৱেষণাধৰ্মী গ্ৰন্থখনে।


৮. অসমীয়া সাহিত্য সন্মিলনীয়ে উদযাপন কৰিলে চৈয়দ আব্দুল মালিক স্মৃতি দিৱস গুৱাহাটীতঃ অসমীয়া সাহিত্যত মালিক দেৱৰ স্থান বেজবৰুৱাৰ পাছতে বুলি মন্তব্য কৰিলে ডঃ হীৰেণ গোহাঁই দেৱে।


৯. অসমীয়া ই-তথ্যকোষ প্ৰগতিপেডিয়াৰ বিষয়বস্তু, লিখনি আৰু ইউনিকড টাইপিঙ সম্পৰ্কীয় এক প্ৰশিক্ষণ কৰ্মশালা কাইলৈ ডিব্ৰুগড় জিলা গ্ৰামোন্নয়ন অভিকৰণৰ জাগৃতি গোটৰ প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত হৈছে। 

১০. নগাঁৱত উন্মোচিত হল কবি লক্ষেশ্বৰ শৰ্মাৰ কবিতা পুথি "অস্তিত্বৰ সময়"।

১১. ছোনিয়া গান্ধীক দেশৰ মাতৃ আখ্যা দিয়া বৈদিশক মন্ত্ৰী ছলমান খুৰশ্বিদৰ বিপক্ষে ক্ষুন্ন নাগৰিকে তৰিলে উচ্চ নায়ালয়ত আবেদনঃ উচ্চ ন্যায়ালয়ে খাৰিজ কৰা আবেদন লৈ উচ্চতম ন্যায়ালৰ কাষ চাপিব বেলতলাৰ লুইত কুমাৰ বৰ্মনে।

১২. লাহৰীঘাটৰ কুশতলীত ৰাষ্ট্ৰীয় ই-প্ৰশাসন যোজনাৰ সজাগতা সভাত বাটৰ নাট প্ৰদৰ্শনেৰে সজাগতা সৃষ্টি কৰাৰ সুখবৰ।


১৩. নাৰায়ণপুৰৰ শিক্ষক লক্ষেশ্বৰ শইকীয়াৰ চুইচাইড নোটৰ ভিত্তিত "যি কম সঁচা কম" শীৰ্ষক ডি ৱাই ৩৬৫ চেনেলৰ কাৰ্যসূচীৰ অনুষ্ঠান পৰিচালিকাৰ বিৰুদ্ধে ৰুজু হল গোচৰঃ এই অনুষ্ঠানযোগে লোকচক্ষুত সন্মানহানিৰ বাবেই আত্মহত্যাৰ পথ বাচি লোৱাৰ উঠিছে অভিযোগ। লেকাম নাইকীয়া ঘোঁৰাৰ দৰে টিআৰপিৰ স্বাৰ্থত ৰিয়েলিটি শ্ব পাতি তাৰ প্ৰভাৱৰ ব্যক্তি বা সমাজৰ ওপৰত কেনে হব অনুধাৱন নকৰা সকলৰ বিৰুদ্ধে এয়া এক সকিয়নী হব বুলি সচেতন মহলে প্ৰকাশ কৰিছে সন্তোষ।

No comments:

Post a Comment