পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. জীৱনজোৰা সাধনাৰ স্বীকৃতিস্বৰূপে "শব্দ শৈক্ষিক ন্যাসে" প্ৰথম বাৰৰ বাবে "শব্দ সাহিত্য বঁটা-২০১৩" আগবঢ়াইছে গৱেষক পণ্ডিত ডঃ নগেন শইকীয়ালৈঃ অহা ১৮-২৭জানুৱাৰীলৈ অনুষ্ঠিত হব লগা "যোৰহাট গ্ৰন্থমেলা আৰু সাহিত্য উতসৱ-২০১৪"ৰ সামৰণী অনুষ্ঠানতে এই বঁটা প্ৰদান কৰিব বৈষ্ণৱ পণ্ডিত ডঃ নাৰায়ণ চন্দ্ৰ গোস্বামীয়ে।
২. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হোৱা ৰাজ্যিক শিপিনী সমাৰোহ উদ্বোধন কৰি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্যৰ শিপিনী সকলৰ উন্নয়নৰ বাবে ঘোষণা কৰিলে ১০০কোটি টকাৰ আঁচনি।



৩. ওদালগুৰি জিলা কবি সমাজৰ উদ্যোগত কলাইগাঁও প্ৰশাসনৰ সহযোগত আয়োজন কৰিছে এখন বহুভাষিক কবি সন্মিলনৰঃ অনুষ্ঠানৰ দিন ২৯ নৱেম্বৰ।

৪. নগাঁও জিলা দবা সন্থাৰ উদ্যোগত আৰু সদৌ অসম দবা সন্থাৰ সহযোগত নগাঁৱত ১৯-২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হব সদৌ অসম আন্তঃজিলা দবা প্ৰতিযোগিতাৰঃ এই প্ৰতিযোগিতাৰ পৰাই ২০১৪ বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা সমূহৰ বাবে অসম দলটো বাছনি কৰা হ'ব।

৫. বিজয় মাৰ্চেণ্ট ট্ৰফীত ঝাৰখণ্ডৰ বিৰুদ্ধে ১৮-২০ ডিচেম্বৰলৈ চাইবাছত খেলিবলগা ১৬বছৰ অনুৰ্ধ অসম ক্ৰিকেট দলটো কৰিলে ঘোষণাঃ অধিনায়ক হব অভিষেক থাকুৰি, প্ৰশিক্ষক জাভেদ জামান।

৬. অনুষ্ঠিত হল উত্তৰ পূৰ্বাঞ্চলৰ বাতৰি কাকত সংস্থাৰ জৰুৰী বৈঠকঃ বিজ্ঞাপনৰ হাৰ বৃদ্ধি নকৰিলে চৰকাৰী বিজ্ঞাপন বিবৃতি বন্ধ কৰাৰ বাবে গ্ৰহণ কৰিলে কঠোৰ সিদ্ধান্ত।

৭.  বিভিন্ন জনগোষ্ঠীৰ পৃথক ৰাজ্যৰ দাবী আৰু অসমৰ ভৱিষ্যত শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত হল তেজপুৰতঃ পথিকৃত সাংবাদিক-সাহিত্যিক নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ ওজনা দিনত বৰেণ্য ব্যক্তিলৈও সম্বৰ্ধনা জনালে তেজপুৰ প্ৰেছ ক্লাৱে।

৮. পবন কুমাৰ কলিতাৰ দ্বাৰা প্ৰণিত "জগনাথ ধাম" আৰু "মহাপ্ৰভূ জগনাথ" উন্মোচন কৰিলে অসমৰ ৰাজ্যপাল জে বি পাটনায়কে।

৯. গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ উদ্যোগত তথা উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাচাও জিলা প্ৰশাসনৰ সহযোগত ১৪-১৫ ডিচেম্বৰত হাফলঙত আয়োজন কৰিছে "জনকৃষ্টি সমাৰোহ"।

১০. তেজপুৰৰ প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিতসা বিজ্ঞানী সকলৰ সপ্তম অভিবৰ্তনঃ অংশ গ্ৰহণ কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন জীৱ-বিজ্ঞানী ডঃ ডব্লিউ চিবালমূৰ্তিয়ে।
গো-মাংসৰ ৰপ্তানিত বিশ্বৰ শীৰ্ষস্থান দখলৰ দিশে ভাৰতবৰ্ষঃ
১.৮ মিলিয়ন টন ৰপ্তানিৰে গঢ়িছে নতুন অভিলেখ।



১১. এইবাৰ খালী ভৰিৰে ২২ঘণ্টাত ১৮৫ কিল'মিটাৰ দৌৰি বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে অনুশীলন চলাইছে উত্তৰ লখিমপুৰৰ যুৱক বিমল দাসে।

১২. যশস্বী সাহিত্যিক ৰংবং তেৰাঙৰ সম্পাদনত প্কাশ পাব বছৰৰ কাৰ্বি সাহিত্যৰ সংকলনঃ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তথ্য আৰু জনসংযোগ বিভাগে অহা ১ ফেব্ৰুৱাৰীৰ কাৰ্বি নৱবৰ্ষতে এই সংকলন প্ৰকাশৰ বাবে গ্ৰহণ কৰিছে উদ্যোগ।

১৩. নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী নাট্য মন্দিৰত অহা ২০ডিচেম্বৰৰ পৰা আৰম্ভ হব প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা।

১৪. সাপটগ্ৰাম বজাৰত এন ডি এফ বি নিহতৰ ঘটনাৰ ৭বছৰ পাছত হলেও ন্যায়িক তদন্তৰ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

১৫. একালৰ চাহ দোকানী বুলি প্ৰধান মন্ত্ৰী হবনে বুলি কৰা বিৰোধীৰ কটাক্ষক প্ৰত্যুত্তৰ দিবলৈ অহা ২২ডিচেম্বৰত মুম্বাই নৰেন্দ্ৰ মোদীৰ বিশাল সভাত অংশ গ্ৰহণ কৰিব মুম্বাইৰ ১০হাজাৰ চাহ বিক্ৰেতাই।

১৬. উচ্চতম ন্যায়ালয়ে সমকামিতাক অপৰাধ ঘোষণা কৰা বিষয়ত নিৰাশ হোৱা বুলি মন্তব্য কৰিলে ছোনিয়া গান্ধীয়েঃ সংসদত আইন সংশোধনৰ বাবে উদ্যোগ গ্ৰহণৰো দিলে ইংগিত।

১৭. তৃতীয়বাৰৰ বাবে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে ৰমণ সিঙে।

১৮. সৌভাগ্যক্ৰমে ৰক্ষা পৰিল ৰাহুল গান্ধীঃ দিল্লীত ব্যক্তিগত জেট বিমানখন অৱতৰণৰ সময়তে ৰানৱেত আহি ওলাল বায়ু সেনা বাহিনীৰ বিমান।

১৯. দিল্লীত বিজেপিয়ে চৰকাৰ গঠন নকৰে বুলি জনালে উপ-ৰাজ্যপালকঃ এইবাৰ চৰকাৰ গঠনৰ বাবে নিমন্ত্ৰণ আম আদমী পাৰ্টিলৈ।

২০. ডিফুত আৰম্ভ হল চি ই এম গল্ড কাপ ফুটবলঃ নাওকাটাত আৰম্ভ হৈছে বড়োলেণ্ড টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ।

No comments:

Post a Comment