পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. বিশ্ব পাঞ্জাৰ চেম্পিয়ন হ'ল পাপুল শৰ্মাঃ শাৰীৰিক অক্ষমতাকো নেওঁচি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়াৰ মান উজ্বলালে নগাঁও জিলাৰ কৰচুঙৰ পাপুল শৰ্মাইঃ পঞ্চম শ্ৰেণীতে দুৰ্ঘটনাগ্ৰস্থ হৈ দুয়ো ভৰিৰ চলন শক্তি হেৰুৱাই পেলোৱা পাপুলে পাঞ্জা খেলত মনোনিবেশ কৰে আৰু চলিত বৰ্ষক ২১-২৫নৱেম্বৰলৈ পঞ্জাৱৰ গড় শংকৰত অনু্ষ্ঠিত ৩৩তম বিশ্ব পাঞ্জাত ৭৩ কেজি শাখাত বিশ্ব চেম্পিয়ন হবলৈ সক্ষম হয়। পাপুলৰ এই প্ৰেৰণাময় সফলতাত অসমীয়া সুখ দুখৰ সকলো শুভাকাংখীৰ হৈ জ্ঞাপন কৰিছো অভিনন্দন।
 ক'হিমাত হৰ্নবিল ফেষ্টিভেল উদ্বোধন কৰিলে দেশৰ
ৰাষ্ট্ৰ্পতি প্ৰণৱ মুখাৰ্জীয়ে



২. আজি অসম দিৱসঃ বৰ অসমৰ জনক চাওলুং চ্যুকাফাৰ এই দিৱসটো ৰাজ্যৰ অন্যান্য প্ৰান্তত জাতীয় সংগঠন সমূহে উদযাপন কৰাৰ লগতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে পালন কৰিব গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত, সন্ধিয়া ৪-৩০বজাৰ পৰা আৰম্ভ হব কাৰ্যসূচীৰ।


৩. মুক্তিযোদ্ধা, বুৰঞ্জীবিদ তুলন গোহাঁইলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ লাচিতৰ সহযোদ্ধা বাঘ হাজৰিকাৰ স্মৃতিত প্ৰৱৰ্তিত সমন্বয় বঁটাঃ শিৱসাগৰ নাট্য মন্দিৰত অহা ৯ডিচেম্বৰত অসমৰ ৰাজ্যপালে এই বঁটা প্ৰদান কৰিব।
অসমীয়া ৱিকিপিডিয়াকক সমৃদ্ধ কৰাৰ বাবে আগ্ৰহী
 বেংগেলুৰু নিবাসী অসমীয়াসকল মিলিত হ'ল
ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগেলুৰুৰ চৌহদত,
ৱিকি সম্পৰ্কে অৱগত কৰিছে ডাঃ গীতাৰ্থ বৰদলৈয়ে।

৪. মঙলযানে এৰিলে পৃথিৱীৰ কক্ষপথঃ ৰঙা গ্ৰহ মঙলৰ দিশে সঠিক ভাৱে ধাৱামান হোৱা যানখনৰ সফলতাৰ বাবে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতে চীনকো চেৰাই এছিয়াৰ শীৰ্ষস্থান দখল কৰিব বুলি ইছৰোই টুইটাৰ যোগ্য প্ৰকাশ কৰিছে।

৫. বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত শোধনাগাৰ বিনোদন কেন্দ্ৰত অনুষ্ঠিত হ'ল অখিল ভাৰতীয় কবি সন্মিলনঃ বিভিন্ন প্ৰদেশৰ কবি সকলৰ সতে কবিতা পাঠ কৰিলে পদম্ভূষণেৰে সন্মানিত কবি নীৰজে।

৬. কালিৰ দিনটো বিশ্বতে পালিত হ'ল বিশ্ব এইডছ দিৱস ৰূপেঃ মৰিগাঁৱত জিলা সাংবাদিক সন্থাই আয়োজন কৰিলে সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে দিনজোৰা কাৰ্যসূচীৰ।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম ৰাজ্যিক এইডছ কণ্ট্ৰল ছ'চাইটিয়ে কেন্দ্ৰীয়ভাৱে উদযাপন কৰিলে এই দিৱস।

৭. অসমৰ জনজীৱনৰ কাণ্ডাৰী গোপীনাথ, লক্ষ্মীনাথ, তৰুণৰাম, বিষ্ণুৰাম, ৰঘুনাথ, ভূপেনৰ পঢ়াশালি সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সম্পূৰ্ণ কৰিলে ১২০বছৰীয়া বৰ্ণিল যাত্ৰাৰঃ এই সন্ধিখনতে প্ৰাক্তন ছাত্ৰ সন্থাই নতুন চিন্তাৰে প্ৰাক্তন ছাত্ৰ সমাৰোহৰ আয়োজন কৰি এক নতুন পৃষ্ঠা সংযোজনৰ কৰিছে প্ৰয়াস।

৮. অসম দললৈ বৰ্হিঃ ৰাজ্যৰ খেলুৱৈ আমদানিতকৈ অসমীয়া ক্ৰিকেটৰৰ মান উন্নত কৰাৰ পক্ষে মত পোষণ কৰি সফলতাৰে সম্পন্ন হ'ল অসম ক্ৰিকেট সংস্থাই আয়োজন কৰা আলোচনাচক্ৰৰ, বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়ামত 

৯. প্ৰৱাসত কৰ্মৰত সকলৰ ৩.৬০ লাখ লোকে ডাক যোগে কৰিলে ভোটাধিকাৰ সাব্যস্ত এইবাৰৰ মধ্যপ্ৰদেশৰ নিৰ্বাচনতঃ পিছে নিৰ্বাচনী আয়োগে তাৰে ২লাখ ভোটহে গণনাৰ বাবে গ্ৰহণ কৰাৰ খবৰ পোৱা গৈছে।

১০. ডিব্ৰুগড় গ্ৰন্থমেলাত ৯০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱাৰ ভাল খবৰে লাভ কৰিলে সংবাদ শিৰোনামা।

১১. ডিব্ৰুগড় গ্ৰন্থমেলাত উন্মোচিত হ'ল আৰক্ষী বিষয়া নৱ কুমাৰ বৰাৰ বিহুগীতৰ চিডি "মোৰ ধন বাখৰ", উন্মোচন কৰিলে সাহিত্যিক ডঃ নগেন শইকীয়াই।

১২. ৰাজস্থানৰ বিধান সভা নিৰ্বাচনত ভোটদান কৰিল ৭৪.৩৮ শতাংশ জনতাইঃ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ বসুন্ধৰা ৰাজে আৰু অশোক গেহলটৰ ভৱিষ্যত বন্দী হ'ল বেলট বাকচত। 

১৩. অসমীয়া সাহিত্য জগতৰ পুৰোধা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ডঃ গোবিন্দ প্ৰসাদ শৰ্মাক টিহুৰ বৌদ্ধিক মহলে সম্বৰ্ধনা জনাবৰ বাবে চলাইছে প্ৰস্তুতিঃ আয়োজক সমিতিয়ে অহা ২৭ ডিচেম্বৰত এই সম্বৰ্ধনা সভাৰ আয়োজন কৰিছে বুলি জানিব পৰা গৈছে।

১৪. নগাঁও জিলাৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী "সুন্দৰম"ৰ ব্যৱস্থাপনাত উৰিগাঁৱৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হ'ল নাট্যকাৰ পুতুল শৰ্মা ৰচিত নাট "মানুহ-অমানুহ": ধৰ্মীয় সাম্প্ৰদায়িকতাবাদৰ কু-অভিপ্ৰায়ক সমাজৰ চকুলৈ তুলি ধৰি এই নাটখনি পৰিচালনা কৰিলে প্ৰবীণ নাট্যকৰ্মী জিতেন বৰাই।

১৫. মাকাও অ'পেন গ্ৰাঁ প্ৰি গ'ল্ড টুৰ্নামেণ্টৰ মহিলাৰ ছিংগলছত খিতাপ দখল কৰি ভাৰতীয় নাৰীসত্তাৰ ধ্বজ উৰুৱালে উদীয়মান বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে।

১৬. ৰেল'ৱেৰ হৈ খেলা কৰণ ঠাকুৰে বিচিচিআইৰ ২৫বছৰ অনুৰ্ধ চি কে নাইডু ট্ৰফীৰ ইতিহাসত ১০টা উইকেট লাভ কৰা প্ৰথম গৰাকী খেলুৱৈ ৰূপে গঢ়িলে অভিলেখ।

১৭. আই চি চিৰ শেহতীয়া ৰেংকিংত টেষ্ট দলৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছে ভাৰতীয় ক্ৰিকেট দলেঃ এদিনীয়াৰ শীৰ্ষ দহ ক্ৰিকেটাৰৰ তালিকাত স্থান পালে শিখৰ ধাৱানে।

১৮. আৰ্জেণ্টিনাৰ লা-ৰিঅ'জা চহৰত প্ৰত্ন-তত্ব বিভাগে আৱিস্কাৰ কৰিলে পৃথিৱীৰ প্ৰথমটো ৰাজহুৱা শৌচাগাৰঃ ২৪০নিযুত বছৰ পুৰণি পৃথিৱীতো এই ব্যৱস্থা আছিল বুলি ধাৰণা কৰি পৌৰাণিক মানৱৰ আধুনিকতাৰ নতুন সমল কৰিলে প্ৰকাশ।

১৯. প্ৰকাশ পালে শিৱসাগৰ জিলাৰ আৰ্থ-সামাজিক জাতিভিত্তিক লোক পিয়লৰ খচৰা তালিকাঃ www.pnrdassam.nic.in ৰ জড়িয়তেও এই তালিকা ৰাইজে চাব পাৰিব আৰু ওজৰ-আপত্তি থাকিল ২১দিনৰ ভিতৰত জনাব পাৰিব ।

২০. একতাৰ বাণী কঢ়িয়াই কলাইগাঁৱত আঘোণৰ পথাৰত ডেৰ শতাধিক যুৱকে একেলগে ধান কাটি, ৰংমনে সোণগুটি চপাই দেখুৱালে আদৰ্শ।

২১.সফল নায়কত পৰিণত হ'ল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক টংকেশ্বৰ ৰাভাঃ নিৰ্বাচনী ফলাফলৰ সফলতাক লৈ আনন্দিত হৈ পৰিছে ৰাভা হাছং নিবাসী ৰাইজ।

No comments:

Post a Comment