পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. সুকন্নানী ওজাপালিৰ মুকুটবিহীন সম্ৰাট ললিত চন্দ্ৰ ওজাৰ স্মৃতিত স্থাপিত হব ওজাপালি গৱেষণা কেন্দ্ৰ ছিপাঝাৰতঃ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে পৃষ্ঠপোষক ৰূপে আগবঢ়ালে ১৫লাখ টকাৰ অনুদান।
ঢকুৱাখানাত অনুষ্ঠিত হোৱা ড' চন্দ্ৰধৰ চমুৱা আৰু সুন্দৰ খনিকৰ সোঁৱৰণি
সদৌ অসম একাংক নাট প্ৰতিযোগীতাত তৃতীয় শ্ৰেষ্ঠ দল আৰু শ্ৰেষ্ঠ সংগীতৰ
 সন্মান লাভ কৰা প্ৰাঞ্জল বুঢ়াগোহাঁইৰ ৰচিত নাটক ’ঢোল’ ৰ একাংশ

২. উজনি অসমত দুগ্ধ উতপাদনৰ সম্ভাৱনীয়তা অধ্যয়ন কৰিবলৈ আমূলৰ বাবে খ্যাত গুজৰাটৰ ইনষ্টিটিউ অৱ ৰুৰেল মেনেজমেণ্ট আনন্দৰ সৈতে এক বুজাবুজিৰ চুক্তি কৰিলে স্বাক্ষৰঃ উজনি অসমৰ ৰাইজক দুগ্ধ আঁচনিৰে জীৱন নিৰ্বাহৰ পথ মুকলি কৰিবলৈ অইলে গ্ৰহণ কৰিছে এই সামাজিক কাৰ্যসূচী।

৩. ভোগালী বিহুৰ লগত সংগতি ৰাখি এইবাৰে ঐতিহাসিক ৰংঘৰৰ বাকৰিত টাই আহোম যুৱ পৰিষদৰ ৰংপুৰ মেলাৰ চলিছে প্ৰস্তুতিঃ ৩৫১ জনীয়া শক্তিশালী উদযাপন সমিতিয়ে ম'হযুজ প্ৰতিযোগিতাৰ বাবে স্থিৰ কৰিছে বিশ হাজাৰ টকাৰ প্ৰথম পুৰস্কাৰ। প্ৰকাশ পাব স্মৃতিগ্ৰন্থ "চেং-মুন", অনুষ্ঠান  উদ্বোধন কৰিব সাসংসদ বিজয় কৃষ্ণ সন্দিকৈয়ে।


৪. নগাঁও গ্ৰন্থমেলাত উন্মোচিত হ'ল আশিস মজুমদাৰৰ "মন দাপোনৰ ছাঁ" শীৰ্ষক গ্ৰন্থঃ উন্মোচন কৰিলে ইমৰাণ শ্বাহ দেৱে।

৫. সৰ্ব-ভাৰতীয় ফুটবল ফেডাৰেছনৰ বৰ্ষ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা তৃতীয় বাৰৰ বাবে লাভ কৰিলে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে।

৬. আজিৰ পৰা গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ তৰুণ ৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত আৰম্ভ হব নৱম যুৱ, ৫০ সংখ্যক পুৰুষ আৰু ২৬ সংখ্যক মহিলা জুনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপঃ অসমকে ধৰি ২৪খন ৰাজ্যৰ ৭০০ প্ৰতিযোগিয়ে কৰিছে অংশগ্ৰহণ। উদ্বোধন কৰিব ভাৰতীয় ভাৰত্তোলন ফেডাৰেছনৰ সভাপতি তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য।

৭. বজালীৰ সন্তান সাহিত্যিক, কবি কিশোৰ কুমাৰ দাসলৈ ভাৰতীয় দলিত সাহিত্য একাডেমীয়ে দিল্লীত প্ৰদান কৰিলে "ভগৱান বুদ্ধ নেচনেল ফেল'শ্বিপ এৱাৰ্ড": সাহিত্যৰ চৰ্চা আৰু সমাজৰ নিম্ন শ্ৰেণীৰ লোকৰ উত্তৰণৰ বাবে কৰা কামৰ স্বীকৃতি ৰূপে প্ৰদান কৰে এই বঁটা।

৮. ভাৰতীয় চাহ নিগমৰ উদ্যোগত বিশ্বনাথ চাৰিআলিৰ মোনাবাৰীত তৃণমূল ফুটবল উন্নয়ন কাৰ্যক্ৰমৰ উদ্বোধন তথা চাহ নিগমৰ তেজপুৰ কাৰ্য়ালয়ৰ আধাৰশিলা স্থাপন কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। চাহ নিগমে চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিগত দুটা বছৰত ২৪কোটি টকা খৰছ কৰা বুলিও প্ৰকাশ পালে তথ্য।

৯. অসম সত্ৰ মহাসভাৰ জনগোষ্ঠীয় ভাওনা সমাৰোহ সেতুবন্ধ-২০১৩ৰ অহা ২৭-২৯ ডিচেম্বৰত অনুষ্ঠিত হব গহপুৰতঃ তাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। উৰ্দুৰ লগতে বিভিন্ন জনগোষ্ঠীয় ভাষাত পৰিবেশিত হ'ব এইবাৰ বৰগীত।

১০. অসমত উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে গ্ৰহণ কৰিছে বিশেষ আঁচনিঃ ঘৰৰ ছাদত পাচলিৰ বাগিচাৰ বাবে বহুতৰপীয়া ক্ষুদ্ৰ সেউজঘৰ আৰু প্লাষ্টিকৰ টাব বিতৰণৰ বাবে গুৱাহাটীৰ উলুবাৰীত কাইলৈ আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ। মুখ্য অতিথিৰূপে মুখ্যমন্ত্ৰীয়েও কৰিব অংশগ্ৰহণ।
উপস্থিত থাকিব--
সৌম‌্যদ্বীপ দত্ত, সঞ্চালক, নেচার্চ বেকন, লোহিত ডেকা, আকাশবাণী ডিব্ৰুগড়
ডঃ অৰবিন্দ ৰাজখোৱা, ডঃ বুলজিত বুঢ়াগোহাঁই,
 প্ৰাঞ্জলপ্ৰতিম বৰা, শৈলেন বৰুৱা, আৰু বহুতো


১১. দিল্লীত আম আদমী পাৰ্টিয়ে চৰকাৰ গঠনৰ পথ প্ৰায় প্ৰশস্তঃ ৰাইজৰ পৰা মতামত সংগ্ৰহ প্ৰক্ৰিয়াত চৰকাৰ গঠন কৰি ইস্তাহাৰৰ প্ৰতিশ্ৰুতি পূৰণৰ চেষ্টা কৰিবলৈ প্ৰৱল জনমত জোৱাৰ।

১২. কৰ্মস্থলীত মহিলাক যৌন নিৰ্যাতন (নিবাৰণ, নিষিদ্ধকৰণ আৰু মীমাংসা) আইন ২০১৩ বলবত হৈছে যোৱা ৯ডিচেম্বৰৰ পৰাঃ মহিলা আৰু শিশু কল্যাণ দপ্তৰৰ মন্ত্ৰী কৃষ্ণা তিৰথে জনালে লোকসভাত।

১৩. আজি ৰাষ্ট্ৰীয় ফাইলেৰিয়া দিৱসঃ শিৱসাগৰক এই ৰোগৰ পৰা মুক্ত কৰিবলৈ তিনি দিনীয়াকৈ আয়োজন কৰিছে সজাগতা বৃদ্ধিৰ বাবে এই দিৱসৰ, লগতে ৩০০০কৰ্মীয়ে ৰাইজক প্ৰতিৰোধক টেবলেট সেৱন কৰোৱাৰ বাবে গ্ৰহণ কৰিছে বিশেষ কাৰ্যসূচীও।

১৪. জননেতা শৰত চন্দ্ৰ সিংহৰ অষ্টম মৃত্যু তিথি পালনৰ বাবে চলিছি প্ৰস্তুতিঃ অহা ২৫ডিচেম্বৰত সেই উপলক্ষত দীঘলীপুখুৰীৰ পাৰত প্ৰজ্বলিত হব দুহেজাৰ গচি চাকি।

১৫. কংগ্ৰেছ পাৰ্টিক ন-ৰূপত গঢ়ি তুলিব বুলি প্ৰকাশ কৰিছে পাৰ্টি হাইকামাণ্ডেঃ কেইবাজনো মন্ত্ৰীয়ে দলীয় কাম-কাজৰ চম্ভালিবলৈ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ললে অব্যাহতি। কেইবাখনো ৰাজ্যৰ সভাপতি আৰু পৰ্যবেক্ষক সা-সলনিৰো সম্ভাৱনা প্ৰকাশ।

১৬. নগাঁও গ্ৰন্থমেলাত "বেজবৰুৱাৰ গল্পত গ্ৰাম্য জীৱনৰ চিত্ৰণ আৰু মানৱতাবাদ" শীৰ্ষক আলোচনাচক্ৰ হ'ল অনুষ্ঠিতঃ কল্লোল ফিল্ম ছ'চাইটিৰ উদ্যোগত ভাৰতীয় কথাছবিৰ এশ বছৰ উপলক্ষে এখন চিত্ৰ প্ৰদৰ্শনীও হয় অনুষ্ঠিত।

১৭. আয়ৰ ক্ষেত্ৰত অভিলেখ গঢ়িলে ধুম-৩ ছবিয়েঃ প্ৰথম দিনাই ৩৬.২২ কোটি টকাৰ সংগ্ৰহ কৰি বলিউডৰ ছবিৰ ক্ষেত্ৰত গঢ়িলে নতুন অভিলেখ।
১৮. অহা ২৩ ডিচেম্বৰত দুধনৈত ১৮বছৰৰ পাছত প্ৰথমবাৰৰ বাবে শপত লব নিৰ্বাচিত ৰাভা হাছঙ পৰিষদৰ ৩৬গৰাকী সদস্যইঃ  স্থানীয় ৰাজহুৱা খেলপথাৰত প্ৰায় ৩০হাজাৰ ৰাইজক আদৰবিলৈ বিশাল আয়োজন কৰা হৈছে।

১৯. ধুবুৰীত ৪৭৪খন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাদেশিকীৰণৰ আদেশ দিয়াৰ লগতে ৮৯৯ গৰাকী শিক্ষকৰো চাকৰিৰ প্ৰাদেশিকীকৰণ কৰিলে শিক্ষামন্ত্ৰীয়েঃ লগতে ৬২খন উচ্চ মাধ্যমিক আৰু ৩৯১গৰাকী শিক্ষকৰ চাকৰিও প্ৰাদেশিকীকৰণ কৰাৰ সুখবৰ।

২০. নগাঁও জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত পাঁচ দিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় একতা শিবিৰৰ সফল সামৰণিৰঃ উক্ত শিবিৰত অন্ধ্ৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগৰ, পশ্চিমবংগৰ লগতে অসমৰ মৰিগাঁও, কাৰ্বি-আংলং আৰু নগাঁৱৰ ১৫০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment