সম্পাদকীয় - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকীয়

সম্পাদকীয়

Share This
দিল্লীত নিকা ৰাজনীতিৰ লাইখুঁটাঃ 
ভেটি আৰু ভৱিষ্যত 
দেশৰ পৰম্পৰাৰ ৰূপ লোৱা কদৰ্য ৰাজনৈতিক ব্যৱস্থাৰ বিপৰীতে এক নতুন আশাৰ সঞ্চাৰ কৰি স্থাপিত হৈছিল আম আদমী পাৰ্টি। আন্না হাজাৰেৰ নেতৃত্বত গঢ় লোৱা "ইণ্ডিয়া এগেইনষ্ট কৰাপচন", আন্দোলন আৰু জন-লোকপালৰ দাবীৰ জড়িয়তে এক দুৰ্নীতিমুক্ত ভাৰতৰ সপোন বিলোৱা এক যাত্ৰাৰ যেন এয়া আছিল এক ৰাজনৈতিক ৰূপ। পৰম্পৰাগত ৰাজনৈতিক দল সমূহে সেই সামাজিক আন্দোলনক ধূলিসাত কৰিবৰ বাবে কৰা সকলো চেষ্টা-অপচেষ্টাৰ বিৰুদ্ধে আৰু ৰাজনৈতিক ক্ষমতা দখলেৰে জন-লোকপাল বিল পাছ কৰোৱাৰ লগতে এক নিকা ৰাজনৈতিক ব্যৱস্থা স্থাপনৰ বাবে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল, সেই সামাজিক আন্দোলনৰে একাংশ ৰাইজে। এই সকলে ৰাজনৈতিক দল সমূহৰ কঠোৰ প্ৰত্যাহ্বান মূৰ পাতি লৈ অৰবিন্দ কেজৰীৱালৰ নেতৃত্বত গঢ়ি তুলিছিল এক বিকল্প দলৰ ভেটি। বিগত এবছৰে দিল্লীৰ আলিয়ে-গলিয়ে জন-সচেতনতা বৃদ্ধিৰ জৰিয়তে লালন পালন কৰি তুলিছিল যেন এক নতুন ৰাজনৈতিক শক্তিৰ পোখাকহে।
এই সপ্তাহতে ঘোষণা হোৱা দিল্লীৰ বিধান সভা নিৰ্বাচনৰ ফলাফলে এই পোখাক এক বটবৃক্ষৰ ৰূপত গঢ়ি তোলা দেখা গ'ল। সিদিনালৈকে "কোন আম আমদী পাৰ্টি" বুলি প্ৰশ্ন তোলা দিল্লীৰ মুখ্যমন্ত্ৰীয়ে খোদ অৰবিন্দ কেজৰীৱালৰ সমুখত ২৫হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰি পদত্যাগ কৰিবলৈ বাধ্য হল। এয়া যেন গণতন্ত্ৰত এজাক সচেতন  অথচ সাধাৰণ জনতাৰ শক্তি প্ৰদৰ্শনহে। ২৮জনকৈ সাধাৰণ অখ্যাত মানুহে প্ৰতিদ্বন্দিতা কৰি, বিখ্যাত আৰু কেইবা দশকো গাদী দখল কৰা এজাক ৰাজনৈতিক নেতাক কক্ষচ্যুত কৰি তুলিলে।

এতিয়া আম আদমী পাৰ্টিৰ সফলতাৰ ঢৌ দেখি ইমান দিনে কটু সমালোচনা কৰা, তথা বিৰোধী মন্তব্য আৰু সদা-সন্দেহী ভাৱৰ প্ৰচাৰ কৰা বহু প্ৰতিস্থিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা-সমালোচক-বিশ্লেষক-সাংবাদিকে সুৰ সলাবলৈ বাধ্য হৈছে। আনকি তেওঁলোকে এই "সাধাৰণ মানুহৰ পাৰ্টি" বুলি দাবী কৰা সকলৰ পৰা কেনেকৈ সাধাৰণ জনতাৰ সমস্যাৰ সৈতে সমভাগী হব লাগে, তাৰ পাঠ আন পৰম্পৰাগত ৰাজনৈতিক দল সমূহে লব লাগে বুলিও মত প্ৰকাশ কৰিছে।

আগতে বিৰূপ প্ৰচাৰ কৰি থকা টিভি চেনেল সমূহেও হঠাত বিধায়ক নিৰ্বাচিত হোৱা বুলি অনুভৱ কৰা এই অখ্যাত সমাজকৰ্মী সকলৰ ইতিহাস, জীৱন আদিৰ পোষ্টমৰ্টেম কৰিবলৈ লৰা-ঢপৰা লগাইছে। আনকি ডাঙৰ ৰাষ্ট্ৰীয় নেতা বা মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰত্যাশী প্ৰাৰ্থীৰ সতে প্ৰাইভেট জেটত ইণ্টাৰভিউ লোৱা টিভিৰ সাংবাদিকে এতিয়া এইসকল আম আদমী বিধায়ক কৰ পৰা ওলাল, তাৰ সন্ধানত দিল্লীৰ গলি-মহোল্লা একাকাৰ কৰি ফুৰিছে। সফলতা লাভৰ পাছত হোৱা এনে পোষ্টমৰ্টেম, আৰু সফল ব্যক্তিৰ আঁৰৰ কাহিনী বিচাৰি টিভিৰ সাংবাদিকৰ দলে এইদৰে সাধাৰণ মানুহৰ মাজলৈ অহাৰ ঘটনা ৰাজনৈতিক ক্ষেত্ৰত এয়ে প্ৰথম বুলিও বিবেচিত হৈছে।

এতিয়া দিল্লীত সৃষ্টি হোৱা ত্ৰিশংকু তথা ওলোমা বিধান সভাত বিজেপি দলে যদিও সহযোগীৰ সতে ৩২খন আসন লাভ কৰিছে, তথাপি অৰবিন্দ কেজৰীৱালৰ দৰে বিৰোধী নেতাক সমুখত লৈ, দুৰ্নীতিবিৰোধী আন্দোলনৰ পৰা সৃষ্টি হোৱা এজাক বিৰোধী বিধায়কক সমুখত বহাই বিধায়ক-কিনা-বেচাৰে চৰকাৰ গঠন কৰিবলৈ সাহস কৰা নাই। আগতে এইদৰে সংখ্যাগৰিষ্ঠতা নোপোৱা অৱস্থাতো বেলেগ বেলেগ ৰাজ্যত, বা কেন্দ্ৰত চৰকাৰ গঠন কৰা বিজেপি দলে এইবাৰ নৈতিকতাৰ পাঠ আওৰাব লগীয়া হোৱাৰ দৰে পৰিস্থিতিত দিক্-বিদিক্ হেৰুৱাব লগীয়া হৈছে। কংগ্ৰেছক ক্ষমতাচ্যুত কৰাৰ লগতে বিজেপিকো শাসনৰ গাদীৰ পৰা নিৰস্ত কৰিবলৈ সক্ষম হোৱা আম আদমী পাৰ্টি প্ৰকৃততেই নিজৰ লক্ষ্য আৰু উদ্দেশ্যত সফল হৈছে। আৰু এটা কম দিনৰ ভিতৰেত জন-আন্দোলনৰ জড়িয়তে গঢ় লোৱা পাৰ্টি ৰূপে দেশৰ লগতে বিশ্বৰ ইতিহাসত এক নিকা ৰাজনীতিৰ জোৱাৰ অনা পাৰ্টি ৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ অভিলেখ স্থাপন কৰিছে।

যদিও ২৮খন আসনেৰে আম আদমী পাৰ্টিয়ে দ্বিতীয় সৰ্ব-বৃহত পাৰ্টিৰ স্থান পাইছে, কিন্তু আন আন কিছু পৰিসংখ্যাকো বিশ্লেষকে আওকান কৰিব পৰা নাই। আম আদমী পাৰ্টিয়ে আন বিশ খন আসনতো দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ৫খন আসনত অতি কম সংখ্যক ভোটৰ ব্যৱধানতহে পৰাজিত হৈছে। আৰু মাত্ৰ ৫২৭৮টা ভোট লাভ কৰা হলেই হয়তো আৰু পাঁচখন আসন এই পাৰ্টিয়ে জয় কৰিব পাৰিলেহেতেন।

আম আদমী পাৰ্টিয়েই একমাত্ৰ পাৰ্টি যৰ পৰা তিনিগৰাকী মহিলা প্ৰাৰ্থী এইবাৰ দিল্লীৰ বিধান সভালৈ বিধায়িকা ৰূপে নিৰ্বাচিত হৈছে। আন কোনো পাৰ্টিতে মহিলা প্ৰতিদ্বন্দী জয়ী নহ'ল। এগৰাকী আগশাৰীৰ নেত্ৰী চাজিয়া ইলমি মাত্ৰ চাৰিশৰো কম ভোটত পৰাজিত হোৱাৰ বিপৰীতে এইবাৰ নতুনকৈ প্ৰৱৰ্তন "ওপৰৰ কোনো জনেই পচন্দৰ নহয়" বুলি ভোটদান কৰিব পৰা ব্যৱস্থাত সেইটো পচন্দত পাঁচশৰো অধিক ৰাইজে সেই সমষ্টিতে ভোটদান কৰাটো অতিশয় উল্লেখনীয়। 

দিল্লীত এইবাৰ নিৰ্বাচিত হোৱা ৮জন কংগ্ৰেছ বিধায়কৰ ৫জনেই মুছলিম অধ্যুষিত সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বুলি সংবাদ মাধ্যমে তথ্য দাঙি ধৰিছে। তাৰ বিপৰীতে আম আদমী পাৰ্টিৰ হৈ প্ৰতিদ্বন্দিতা কৰা ইছলাম ধৰ্মালম্বী এজনো প্ৰাৰ্থী জয়ী হোৱা নাই। তথাপিও যথেষ্ট সংখ্যক ইছলামধৰ্মী ভোটাৰে কংগ্ৰেছৰ বিপৰীতে আম আদমী পাৰ্টিকো ভোটদান কৰাৰ খবৰ বিশ্লেষক সকলে সদৰী কৰিছে।

উল্লেখনীয় যে অনুসূচিত জাতি-জনজাতিৰ বাবে সংৰক্ষিত ১২টা সমষ্টিৰ ৯টাতেই আম আদমী পাৰ্টিৰ প্ৰাৰ্থী বিজয়ী হৈছে। বিভিন্ন অঞ্চল/ প্ৰদেশৰ পৰা আহি দিল্লীত বস্তি পাতি বসবাস কৰা লোক সকলে একঘেয়ামীকৈ একেটা দলকে ভোটদান কৰাৰ পৰম্পৰাও এইবাৰ ধুলিসাত হৈছে বুলি ৰাজনৈতিক বিশ্লেষক সকলে ভাষ্য প্ৰদান কৰিছে। সেয়ে শিক্ষিত বা সচেতন লোক সকলৰ উপৰিও সমাজৰ বিভিন্ন স্তৰৰ লোকে নিকা ৰাজনীতিৰ পক্ষে ভোটদান কৰাৰ ফলত এই পাৰ্টিয়ে এক তৃতীয়াংশতকৈ অধিক জনমত লাভ কৰাৰ তথ্য আহিছে।

ওলোমা বিধান সভাৰ পৰিপ্ৰেক্ষিতত পুনৰ নিৰ্বাচন হ'লে অনাগত লোকসভা নিৰ্বাচনৰ লগতে এই নিৰ্বাচন হ'লে মোডী বতাহৰ সতে বিজেপিয়ে নিজৰ নাওঁ পাৰত লগাব পাৰিব বুলি বিবেচনা কৰিছে। সেয়ে উচ্চ নৈতিকতাৰে অলপ ত্যাগৰ মনোভাৱ প্ৰদৰ্শনে বিধানসভা তথা লোকসভা দুয়োটা নিৰ্বাচনতে লাভজনক পৰিগণিত হব বুলি আশা প্ৰকাশ কৰিছে। কংগ্ৰেছী বিধায়ক সকলৰ সভাই বিনাচৰ্তে আম আদমী পাৰ্টিক সমৰ্থন দিয়াৰ প্ৰস্তাৱ দিছে, আৰু চৰকাৰ চলাই আম আদমী পাৰ্টিয়ে ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি পালনৰ চেষ্টা কৰা উচিত বুলি মত পোষণ কৰিছে। 

আম আদমী পাৰ্টিয়ে নিকা ৰাজনীতিৰ পক্ষেহে জনমত লাভ কৰা বুলি দোহাৰি কাকো সমৰ্থন নিদি বা কাৰো সমৰ্থন নোলোৱাৰ স্থিতিৰে স্পষ্ট বহুমতৰ বাবে পুনৰ নিৰ্বাচনৰ বাবে দিল্লীবাসীৰ কাষ চপাৰেই ইংগিত দিছে। পৰিসংখ্যায়ো তেওঁলোকক ৰাইজে পুনৰ স্পষ্ট বহুমত দিয়াৰ সম্ভাৱনাকেই দৰ্শাইছে যদিও এই সিদ্ধান্তই আম আদমী পাৰ্টিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিস্তাৰ কৰাত এখোজ পিছুৱাইহে নিব বুলিও সচেতন মহলে ব্যক্ত কৰিছে।

যি কি নহওক, এক নিকা ৰাজনৈতিক বিকল্পৰ সন্ধান দিবলৈ ওলোৱা অৰবিন্দ কেজৰীৱালৰ নেতৃত্বত আম আদমী পাৰ্টিক অভাৱনীয় সমৰ্থন দি দিল্লীবাসীয়ে নজিৰ সৃষ্টি কৰি যেন পুতিলে এক নৈতিকতাৰ ৰাজনীতিৰ লাইখুঁটা। ইয়াৰে আলম লৈ অনাগত দিনত দিল্লী আৰু সৰ্ব-ভাৰতীয় স্তৰত এক যোগাত্মক ৰাজনৈতিক পৰিবৰ্তনৰ বতাহ সৃষ্টি হবই বুলি আশা পোষন কৰা হৈছে। আৰু সেই বতাহক ধুমুহালৈ ৰূপান্তৰ কৰাৰ দ্বায়িত্ব সচেতন যুৱ-প্ৰজন্মই গ্ৰহণ কৰিব লাগিব, সেয়াও নিশ্চিত।

No comments:

Post a Comment