গ্ৰন্থ আলোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনা

গ্ৰন্থ আলোচনা

Share This
ড° দীনেশ চন্দ্র গোস্বামী ভৱিষ্যতৰ মানুহ 
-ড° বুলজিৎ বুঢ়াগোহাঁই 

ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত বিশিষ্ট বিজ্ঞানী, জনপ্রিয় বিজ্ঞান লেখক তথা অসম বিজ্ঞান সমিতিৰ প্রাক্তন সভাপতি ড° দীনেশ চন্দ্র গোস্বামীছাৰৰ জীৱন বিষয়ত আলোকপাত কৰি উলিওৱা “ড° দীনেশ চন্দ্র গোস্বামী ভৱিষ্যতৰ মানুহ” শীৰ্ষক এখন গ্রন্থ । গ্রন্থখনৰ সম্পাদনা সমিতিত মুখ্য সম্পাদক হ’ল ড° প্রমোদ চন্দ্র নেওগ , সম্পাদক হ’ল ড° মণ্টু ভূঞা , সদস্য হ’ল ড° দিপুল কলিতা আৰু ৰমেন শইকীয়া।

গ্রন্থখনৰ মুখ্য সম্পাদক ড° প্রমোদ চন্দ্র নেওগে ‘আগকথা’ত এনেদৰে লিখিছে -“…সুস্থ দেহ, সুস্থ মনৰ বাবে যেনেদৰে মানুহৰ খাদ্যৰ প্রয়োজন, তেনেদৰে মানুহৰ ব্যক্তিত্বইও ভাল কামৰ,গুণৰ মোল বিচাৰে । তেনে গুণৰ অধিকাৰীক প্রাপ্য সন্মানৰ যোগ্যতাক ওফৰাব নোৱাৰোঁ। আমাৰ বিচাৰ-বিৱেচনাৰে তেওঁলোকক প্রশংসা কৰোঁ। তেওঁলোকে ভাল কাম কৰাৰ আশ্বাসৰ ভিত্তিত তেওঁলোকৰ বিশ্বাস বাঢ়ে । স্বীকৃতি পায় । সন্মান বুটলিবলৈ নিবিচৰা , প্রচাৰবিমুখ ড° দীনেশ চন্দ্র গোস্বামী ছাৰে নিজে নজনাকৈয়ে, সমাজে তেখেতৰ কৰ্মৰাজিক ইতিমধ্যে স্বীকৃতি দিছে।” 

গ্রন্থখনৰ সম্পাদক ড° মণ্টু ভূঞাই ‘সম্পাদকীয়’ত এনেদৰে লিখিছে “….তেখেতে টৰ্চৰ বেটাৰী সদায় অধিককৈ কিনা দেখো (তেতিয়া আজিকালিৰ দৰে rechargeable LED টৰ্চ ওলোৱা নাছিল)।  

কৌতূহল দমাব নোৱাৰি কথা প্রসংগত এদিন তেখেতক সুধিলোঁ, “ছাৰ, ইয়াততো নিশা বিদ্যুৎ নেযায়, বিদ্যুৎ গ’লেই generator চলায়, মাজত বৰ বেছি আধা মিনিট ব্যৱধান । আপুনি কেলেই ইমান টৰ্চৰ বেটাৰী কিনে ?” তেখেতে অতি সাধাৰণভাৱে দিয়া উত্তৰত ক’লে যে তেখেতৰ আৱাসৰ প্রতিটো ৰূমতেই একোখন টেবুল আৰু বিছনা আছে আৰু প্রতিটোতেই একোটাকৈ টৰ্চ ৰখা হয়, যাতে তেখেতে যি কাম কৰি নেথাকক কিয় , (লিখা বা পঢ়া ) বিদ্যুতৰ বাবে আধা মিনিটো নষ্ট নহয়।বিদ্যুৎ গ’লেই টৰ্চটো জ্বলাই লৈ কাম কৰি থাকে আৰু যেতিয়া generator পোহৰ আহে টৰ্চ নুমাই থয়। এইজনেই ড° দীনেশ চন্দ্র গোস্বামী ছাৰ।ঘনিষ্ঠ শব্দত ক’ব লাগিলে ‘গোস্বামীছাৰ’।

ড° গোস্বামীছাৰৰ বিষয়ে এনে বহু সৰু সৰু কথা বিভিন্নজনে এই কিতাপখনত ৰোমন্থন কৰিছে। এই খণ্ডচিত্রবোৰ নতুন প্রজন্মৰ বাবে অতি প্রয়োজনীয় । আজিকালি প্রায়বোৰ ল’ৰা-ছোৱালীয়ে অনুকৰণ কৰিবলগীয়া আদৰ্শ মানুহ (role model) নাই বুলি আক্ষেপ কৰে । এনে আক্ষেপৰ সত্যতা নোহোৱা নহয়। কিন্তু তথাপিও কিছু নীৰৱ কৰ্মী এই সমাজতেই লুকাই আছে। ড° দীনেশ চন্দ্র গোস্বামী ছাৰ তেনে এজন নীৰৱ কৰ্মী। ড° গোস্বামী ছাৰৰ জীৱন শৈলী নতুন প্রজন্মৰ বাবে এক আদৰ্শ হ’ব পাৰে ।” 

আৰু ঋতুপৰ্ণা ভূঞা দাসৰ ‘বিজ্ঞানগুৰু ড° দীনেশ চন্দ্র গোস্বামীছাৰ’, প্রদীপ নেওগৰ ‘বিজ্ঞানক জনপ্রিয় কৰা মানুহজন’, ড° মুকুল হাজৰিকাৰ ‘ড° দীনেশ চন্দ্র গোস্বামী : সান্নিধ্যৰ সুবাস’, ড° প্রীতিশ চৌধুৰী ‘বিজ্ঞান সাহিত্য আৰু কল্পবিজ্ঞানৰ স্বপ্নদ্রষ্টা ড° দীনেশ চন্দ্র গোস্বামীছাৰৰ সান্নিধ্য’, ড° ৰঞ্জন কুমাৰ দাসৰ ‘ড° দীনেশ চন্দ্র গোস্বামীছাৰ আৰু মোৰ কিছু অনুভৱ সৃষ্টিত এভূমুকি’, ড° প্রমোদ চন্দ্র নেওগৰ ‘গোস্বামীছাৰৰ লগত সহকৰ্মী হিচাপে থকা নিবিড় সম্পৰ্ক’, ড° প্রশান্ত মিশ্রৰ ‘ড° দীনেশ চন্দ্র গোস্বামীক যিদৰে জানো’, ভৱ চেতিয়াৰ ‘ড° দীনেশ চন্দ্র গোস্বামীক মই কেনেধৰণে জানো সৃষ্টিত এভূমুকি’, ধীৰেন্দ্র কুমাৰ গগৈৰ ‘ড° দীনেশ চন্দ্র গোস্বামীৰ সান্নিধ্য আৰু শিক্ষা’, মধুৰ্য্য শইকীয়াৰ ‘ মোৰ ব্যক্তিগত অনুভৱেৰে শ্রদ্ধাৰ ড° দীনেশ চন্দ্র গোস্বামীছাৰ’, কল্যাণী মেধিৰ ‘কবিতা’,ড° দীপালী খাৰঘৰীয়া কলিতাৰ ‘ড° দীনেশ চন্দ্র গোস্বামী : মোৰ এক অনুভৱ সৃষ্টিত এভূমুকি’,সান্তনা শৰ্মাৰ ‘ লক্ষ্য আৰু পৰিকল্পনা +আত্মবিশ্বাস + দৃঢ়তা + সময়নিষ্ঠা = সফলতা = ড° দীনেশ চন্দ্র গোস্বামী’,দীপালী গোস্বামী ভাগৱতীৰ ‘মোৰ শৈক্ষিক জীৱনৰ মধুৰ স্মৃতিৰ আঁৰত ড° গোস্বামীছাৰ’, মঞ্জুলা বৰাৰ ‘প্রেৰণাৰ অন্য এটি নাম ড° দীনেশ চন্দ্র গোস্বামী’,ড° দিপুল কলিতাৰ ‘শ্রদ্ধাৰ গোস্বামীছাৰক যিদৰে জানো’,প্রবীণ কুমাৰ সন্দিকৈৰ ‘এজন ব্যক্তিক্রমী বিজ্ঞানী’,ৰমেন শইকীয়াৰ ‘ড° দীনেশ চন্দ্র গোস্বামীছাৰৰ সান্নিধ্যত’,ঋতুঞ্জয় ভূঞাৰ ‘ নাবিক (কবিতা)’,আমিনুল হক আৰু নিতুল শৰ্মাৰ ‘গোস্বামীছাৰৰ সান্নিধ্য’,মৃন্ময় শৰ্মাৰ ‘এম্বেচেডৰৰ ষ্টিয়েৰিঙত ড° দীনেশ চন্দ্র গোস্বামীছাৰ’,কুলেন কলিতাৰ ‘ড° গোস্বামীছাৰক মই যেনেদৰে পাইছিলোঁ’,অতুল চন্দ্র গায়নৰ ‘গোস্বামীছাৰৰ লগত গছপুলি ৰোপণৰ মিঠা অভিজ্ঞতা’,ড° মণ্টু ভূঞাৰ ‘ইয়াত এখন মৰুভূমি আছিল’,ড° বুবুল কুমাৰ শইকীয়াৰ ‘মোৰ শ্রদ্ধাৰ দীনেশ চন্দ্র গোস্বামীছাৰ’।

এই গ্রন্থখনৰ পৰা সকলো শ্রেণীৰ পাঠক তথা ছাত্র-ছাত্রীসকল বিশেষভাবে উপকৃত হ’ব। এনে এখন সুন্দৰ গ্রন্থ পাঠক সমাজলৈ লৈ আগবঢ়োৱা বাবে গ্রন্থখনৰ সম্পাদনা সমিতিক ধন্যবাদ জনাইছোঁ। গ্রন্থখনত থকা লেখাবোৰ হ’ল - ড° বিজয় কৃষ্ণ দেৱ শৰ্মাৰ ‘শ্রীদীনেশ চন্দ্র গোস্বামীৰ বিষয়ে দুআষাৰ’ , ড° ৰমেশ চন্দ্র গোস্বামীৰ ‘প্রেৰণাৰ উৎস ড° দীনেশ চন্দ্র গোস্বামী’ , অভিজিত শৰ্মা বৰুৱাৰ ‘অসমীয়া ভাষাৰ কল্পবিজ্ঞান সাহিত্য আৰু ড° দীনেশ চন্দ্র গোস্বামী’ , সত্যেন্দ্র বৰঠাকুৰৰ ‘বিহংগম দৃষ্টিত ড° দীনেশ চন্দ্র গোস্বামীৰ কল্পবিজ্ঞান সাহিত্য’, ড° ভুৱনেশ্বৰ চহৰীয়াৰ ‘ড° দীনেশ চন্দ্র গোস্বামী : এজন অনুৰাগীৰ দৃষ্টিৰে’ , উৎপল দত্তৰ ‘ভৱিষ্যতৰ লেখক দীনেশ চন্দ্র গোস্বামী ’বন্দিতা ফুকনৰ ‘ড° দীনেশ চন্দ্র গোস্বামী আৰু অসমীয়া জনপ্রিয় বিজ্ঞান সাহিত্য’, বন্দনা দত্ত হাজৰিকাৰ ‘ড° দীনেশ চন্দ্র গোস্বামীৰ সাহিত্যৰাজিৰ অন্যতম অংগ ‘কল্পবিজ্ঞান নাটক’ –বিশ্লেষণাত্মক অধ্যয়ন’ ,ড° মণ্টু ভূঞাৰ ‘ড° দীনেশ চন্দ্র গোস্বামীৰ সৃষ্টিত এভূমুকি ’ ড° নলীন বৰঠাকুৰৰ ‘দীনেশৰ সৈতে দীৰ্ঘদিনৰ যাত্রা’,মুনিন্দ্রনাৰায়ণ গোস্বামীৰ ‘ গৌৰৱান্বিত ব্যক্তি ড° দীনেশ চন্দ্র গোস্বামী’,ড° চন্দ্র শেখৰ শৰ্মা ‘জনপ্রিয় বিজ্ঞান সাহিত্য আৰু এজন নিৰৱ বিজ্ঞান প্রচাৰক’,বীণাপাণি মহন্ত বৰুৱা ‘ এজন প্রকৃত বিজ্ঞানপ্রেমীৰ লগত কাম কৰাৰ আনন্দ’, অভিজিত শৰ্মা বৰুৱাৰ ‘কৰ্মযোগী ড° দীনেশ চন্দ্র গোস্বামী’, বিনয়মোহন শইকীয়াৰ ‘মোৰ শিক্ষাগুৰু গোস্বামীছাৰ’, ড° অন্নজ্যোতি গগৈৰ ‘মোৰ আদৰ্শৰ ব্যক্তি’, ড° মৃণাল বৰ্মনৰ ‘দাদাৰ খোজৰ খতিয়ান’, ড° অমিয়া ৰাজবংশীৰ ‘ড° দীনেশ চন্দ্র গোস্বামীক মই যিদৰে জানো’, ড° কনক চন্দ্র বৰুৱাৰ ‘সহপাঠী বন্ধু দীনেশ চন্দ্র গোস্বামীৰ লগত ব্যক্তিগত সান্নিধ্য’, নৃপেন শইকীয়াৰ ‘ড° দীনেশ চন্দ্র গোস্বামীছাৰ মোৰ আদৰ্শ বিজ্ঞান গুৰু’,যোগানন্দ বৰাৰ ‘ড° দীনেশ চন্দ্র গোস্বামী: এক অনন্য ব্যক্তি’, ড° অমৃত গোস্বামীৰ ‘ নিৰ্ভীক আৰু স্পষ্টবাদী মনৰ গৰাকী ড° দীনেশ চন্দ্র গোস্বামী’, ড° অদিতি বেজবৰুৱাৰ ‘ড° দীনেশ চন্দ্র গোস্বামী – এক অনুকৰণীয় ব্যক্তি’, ড° প্রণয়ী দত্তৰ ‘গোস্বামীছাৰলৈ কৃতজ্ঞতাৰে’, প্রতিভা দেৱীৰ ‘ আধ্যাত্মিকতাৰপৰা বিজ্ঞানী আৰু বিজ্ঞান সাহিত্যলৈ উত্তৰণ : এক বৰ্ণাঢ্য যাত্রা ’,ধীৰেন ডেকাৰ ‘ড° দীনেশ চন্দ্র গোস্বামী – মোৰ অনুভৱ যথাকিঞ্চিৎ’, ছেৰিফউদ্দিন আহমদৰ ‘প্রতিভাধৰ ড° দীনেশ চন্দ্র গোস্বামীদেৱ’,সুৰেন্দ্রনাথ লাউজাৰীৰ ‘মোৰ অনুভৱৰ কথাৰে ব্যতিক্রমধৰ্মী ড° দীনেশ চন্দ্র গোস্বামী মানুহজন’,অনন্তমোহন শৰ্মাৰ ‘গোস্বামীছাৰ আৰু মোৰ অনুভৱ’, অনুশ্রী শৰ্মা বৰুৱাৰ ‘ মোৰ দৃষ্টিত ড° দীনেশ চন্দ্র গোস্বামী’, খনীন্দ্রনাথ তালুকদাৰ ‘বিৰল ব্যক্তিত্বৰ সান্নিধ্যত’, প্রশান্ত কুমাৰ দাস।

পৰিশিষ্টত আছে – চমু জীৱন পঞ্জী,প্রকাশিত গ্রন্থ সম্ভাৰ , লেখকৰ চমু পৰিচয় গোস্বামী ছাৰৰ হস্তাক্ষৰ আৰু আলোকচিত্র। গ্রন্থখন যোৰহাটৰ ‘বেদকণ্ঠ’য়ে প্রকাশনে প্রকাশ কৰিছে। গ্রন্থখনৰ মূল্য ২০০টকা । গ্রন্থখনত মুঠ ২৫৫ পৃষ্ঠা আছে । গ্রন্থখনৰ বেটুপাতৰ শিল্পী উৎপল দত্ত। গ্রন্থখন প্রথম প্রকাশ পাইছে ১৮ চেপ্তেম্বৰ,২০১৩। 

No comments:

Post a Comment