Friday, December 27, 2013

হাস্য ব্যংগ

দেৱজিত শইকীয়াৰ কলমত
টেট পৰীক্ষাত আলোক নিৰঞ্জন

::আলোক নিৰঞ্জন, প্ৰেমত বাৰ বাৰ অচফল হৈছে, পৰীক্ষা পাচ কৰা নাই, চাকৰি হঁও হঁওআছে হোৱা নাই, কৰোবাৰ বাট্চা নাই আছে,কাৰোবাৰ মতা কথা নাই চুনে, চব প্ৰব্লেম কেচলুচন আছে বাবাৰ হাতত । আলোক নিৰঞ্জন ।
(পেলেকৰ ঘৰৰ চোতালত কান্ধত মোনা লৈৰঙা লেঙুটি পিন্ধা বাবাৰ হঠাৎ আবিৰ্ভাৱ ঘটিল।বাতি এটাত অলপ চাউল লৈ ভনীয়েক ওলায়আহিল।)
::আলোক নিৰঞ্জন, বাবা ভিক্ষাৰী নাই আছে বেটি, বাবা সাধু আছে সাধনা কৰে । ক’ তোৰকি প্ৰব্লেম আছে ।চুটকি বজাইকিনে ঠিক কৰি দিম ।আলোক নিৰঞ্জন । তোৰ কপাল কহিছে কিতোৰ চনি ঠিক নাই ৰাহু ভি অলপ দিগদাৰ কৰি আছে ।পৰিকচাত যিমান ভাবিবি মাৰ্কচ চিমান নাই পাবি । বাবা একটা তাবিজ দিব ।যি ভি পৰিকচা দিবি এক নম্বৰ হৈ যাবি তইচিন্তা নাই কৰিবি । ভনীয়েকে বোলে বাবা তাবিজটো কিমান দাম পৰিব ?

::আলোক নিৰঞ্জন, বাবা তোৰ পৰা পইচা নলয় বেটি ।আমি মন্দিৰত থকা মানুচ, পইচা কি কৰিব? তই মোক গুৱাহাটি যোৱা ভাড়া তিনচ’ দি দিবি যা। তই লক্ষ্মী আছ’ কপাল ভাল আছে, বাবাই তো ফ্ৰি তাবিজ দি আছে ।

(ভিতৰৰ পৰা আলেখলেখ চাই থকা পেলেকে বোলে আজি বাবাক অলপ জোকোৱা যাওক ।পেলেকে চিধাই আহি সাস্টাঙ্গে পৰি বাবাৰ লেঙুটিত ধৰি ল’লে ।)
::বাবা আপুনি মহান ।ইমান দিনে আপোনাৰ কথা শুনি আছিলো বাবা । মোক উদ্ধাৰ কৰক ।

::ক’ বাটচা তোৰ কি প্ৰব্লেম আছে ? আলোক নিৰঞ্জন,

::পেলেকে বোলে বাবা, মোক টেট ক্লিয়াৰ কৰি দিয়ক ।

::বাবাই বোলে বাটচা এই টেট কি জিনিচ আচে মোক চমঝাই ক’ চুটকি মাৰি কিনে ক্লিয়াৰ কৰি দিম।
::পেলেকে বোলে দিবটো?
::বাবাই বোলে তই মোক সন্দেহ কৰিছ’?

::নাই কৰা বাবা আপুনি মহান বাবা ক্ষমা কৰক ।
::ট’ ক’ কি জিনিচ আছে টেট?

::বাবা ফাৰ্ষ্ট পেপাৰ পেডাগগি আৰু চেকন্ড পেপাৰ জিকে ।
::বাবাই বোলে অলপ চমঝাই ক’ তই যি কহিচ’ মই চমঝা নাই।

::পেলেকে বোলে এ বাবা সেইবোৰ বাদ দিয়ক দুখন পেপাৰৰ পৰীক্ষা আছে মোক মাত্ৰ ১২০ পোৱাই দিয়ক ।
::বাবাই বোলে তাকে কিয় কোৱা নাই গৰু ? ক’হিব লাগে কি, টেট একটা পৰিকচা আছে । সমঝি ল’ তই পাচ কৰি গ’লি । মই তোক এটা তাবিজ দিম, যি তোৰ পৰিকচা ল’ব তাক দেখুবাই কিনে পিন্ধি থাকিবি!
::পেলেকে বোলে বাবা তাবিজ নালাগে, তাবিজ বহুত পিন্ধিলো, আপুনি সৰবজান বাবা, আপুনি মোক পৰীক্ষাতকি কি প্ৰশ্ন আহিব দুটা মান কপাল চাই কৈ দিয়ক ।
::বাবাৰ এইবাৰ চকু কপালত উঠিল । বাটচা এইটো কহিব নোৱাৰি, তই তাবিজ পিন্ধ পাচ হই যাবি, আ ৰুতোৰ কাগজ কলম আন বাবাই জাৰি দিব পাচ হৈ যাবি । বাবাৰ আচিৰবাদ আছে ।

::পেলেকে বোলে বাবা আচিৰবাদো নালাগে কলম জাৰি দিবও নালাগে আপুনি পাৰিব মই জানো, কপালত নোৱাৰিলে নখ বাচনি কৰি হঁলেও মই কোন খন পেপাৰত কিমান নম্বৰ পাম দেখুৱাই দিয়ক ।মুঠতে মোকএতিয়াই পাচ কৰাই দিয়ক। মই ৰিজাল্ট লৈ হে আপোনাৰ লেঙুটি এৰিম ।

::বাবাই বোলে, তই কিয় চমঝা নাই এইটো নোৱাৰি হ’।
::পেলেকে বোলে আপুনি সৰবজান বাবা, মই জানো আপুনি পাৰিব । আপুনি মোক পাচ কৰাই দিবই লাগিব ।আপুনি পাচ কৰাই দিলেহে মই পৰীক্ষা দিম ।ন’হলে মই আপোনাৰ লেঙুটি নেৰো।

::বাবাই বোলে, তই চমঝা নাই
::পেলেকে বোলে নাই বাবা মোক আপুনি মই কোন কেইখন ডিষ্ট্রিকত এপ্লাই কৰিলে চাকৰি পাম আপুনি ক’বই লাগিব।

::বাবা প্ৰায় বেহুচ হঁও হঁও ।ইফালে পেলেকেও লেঙুটি নেৰে সি বোলে নাই বাবা মই জানো আপুনি পাৰিব মোকআপুনি এপইন্টমেন্ট লেটাৰখন নখ বাচনি কৰি দেখুবাই দিলেহে যাব দিম।

::বাবাই গ’ম পালে যে ই বেটাই আজি মোক নেৰিছে। শেষত উপায় নাপাই বাবাই বোলে বাটচা মোৰ লেঙুটিএৰ, এনেই ডায়েবেটিচ থকা মানুহ ভাই টেনচন নিদিবি চিৰিক কৈ লিক হই যাব ।

::পেলেকে বোলে নাই বাবা আপুনি একো ক’ব নোৱাৰিলেও এল.পি.ত কিমান পাৰচেন্টেজলৈকে নামিব তাকে কৈ যাওঁক ।কথা বিষম দেখি বাবাই লেঙুটি পেলেকৰ হাততে এৰি যি দৌৰ দিলে আলোক নিৰঞ্জন ক’ব পাহৰি ত্ৰাহি-মধুসূধন দেখাত লাগিল।....

No comments:

Post a Comment